ৰাম-ৰাম-ৰাম...

ৰাম-ৰাম-ৰাম...
Published on
Updated on

আমাৰ মুখত আছে ৰাম! ৰামে আমাক সাহস দিয়ে! এই ৰাম নাম উচ্চাৰণ স্বতঃস্ফূর্তভাৱে কৰো আমি। সুখতো, দুখতো আমাৰ মুখত থাকে এই শব্দ।

দুখৰ মুহুৰ্তত আমি কও- ''হে ৰাম ৰক্ষা কৰা''। বা কেতিয়াবা প্ৰভুৰ সহায় বিচাৰি একাধিকবাৰ উচ্চাৰণ কৰা হয়- ''ৰাম ৰাম''। তেনেকৈয়ে এই আৰাধ্যজন আমাৰ জীৱনৰ সৈতে সংপৃক্ত হৈ আছে।

ই এক আশ্বাসৰ শক্তি। বিশ্বাসৰ নাম। পৰম পুৰুষ ৰামৰ জন্মস্থান অযোধ্য়া বুলি বিশ্বাস কৰাতো জন বিশ্বাসৰ পৰা বিয়পি পৰা এক জনশ্ৰুতি। তাক মানি লোৱা আৰু সেই জন্মস্থানত এটা ৰাম মন্দিৰ স্থাপনৰ এক দীৰ্ঘ পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ পথত।

সভ্যতা-সংস্কৃতি আৰু ধৰ্মীয় আবেগৰ এই প্ৰক্ৰিয়া সংঘাতপূৰ্ণ আছিল। মোগল শাসকৰ নিজা ধৰ্মীয় বিশ্বাস আৰু মছজিদৰ তলত ৰামৰ জন্মস্থান হেৰাই যোৱা কাহিনী ৰাজনৈতিক ইচ্ছ্যু হৈ পৰিছিল।

ৰামক ৰাজনীতিলৈ টানি আনি, ধৰ্মীয় আবেগৰ জৰিয়তে নতুন শাসনৰ পাতলি মেলা সকলৰ বাবে ৰাম মন্দিৰ অযোধ্যাত স্থাপন এক ৰাজনৈতিক প্ৰতিশ্ৰুতি হৈ পৰিছিল। সেই প্ৰতিশ্ৰুতি পূৰণৰ আইনী বাধা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আঁতৰ কৰি দিয়াৰ পাছত অযোধ্যালৈ পুনৰ ৰাম ঘূৰি আহিব!

বিজেপিৰ ৰাম মন্দিৰ এজেণ্ডা এতিয়া হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে ঐতিহাসিক ক্ষণ হৈ পৰিছে। ৰামৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ ২২ জানুৱাৰীৰ অনুষ্ঠানটো সৰ্বত্ৰে বিশ্বজুৰি ৰামক অযোধ্যাত সংস্থাপিত কৰা এক উৎসৱলৈ ৰূপান্তৰ কৰিছে। এই কাম কৰিবলৈ যাঁওতে ৰাজনৈতিক ৰহনা সনা নাই যেন লাগিলেও পৰোক্ষভাৱে ই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ প্ৰতিজ্ঞা লোৱা সকলৰ যে জয় সেয়া বুজাই ক'ব নালাগে। এয়াও এক ৰাজনৈতিক বিজয়ৰ আধাৰ।

ৰাম মন্দিৰ স্থাপন, ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা, বিশাল আয়োজন, আন বহুতো চমকে সাধাৰণলোকক চুই গৈছে। ৰামময় হৈ পৰিছে দেশ। ৰামভক্ত সকল উৎসাহিত হৈ পৰিছে ৰামক অযোধ্যাত ঘূৰাই পায়।

ইয়াৰ গইনাৰে কোনোবাই দিয়া কিছু আদেশ, নিৰ্দেশ বা অনুৰোধ কিন্তু ৰামৰ দৰ্শনৰ বিপৰীতে হৈছে। প্ৰজাৰ প্ৰতি ৰামৰ দায়িত্ববোধত সাৰ্বজনীন মংগলবোধ আছিল।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনা মাছ-মাংস বিক্ৰী বন্ধৰ পক্ষত চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ মতে সেইদিনা এই শুভ কাৰ্য সম্পাদন নোহোৱালৈকে ইয়াৰ বিক্ৰী কৰা নিষেধ। এই সিদ্ধান্ত বা নিৰ্দেশ হোটেল-ৰেষ্টুৰেন্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। কাৰণ মুখ্যমন্ত্ৰীৰ মুখৰ কথাই এতিয়া নিৰ্দেশ।

ৰামৰ নামত এনে সংকীৰ্ণতা কিয়? কোনে কি খাব তাতো এনে প্ৰতিবন্ধতাৰ জানো প্ৰয়োজন আছিল? প্ৰকৃততে ৰাম ভক্তসকলে এনেয়ো মানিব লগা নীতি-নিয়ম মানি চলিব। তেওঁলোকৰ লগতে সকলোকে এই বাধ্য বাধকতাৰ মাজত আৱদ্ধ কৰাৰ অৰ্থ কি?

ৰামক উপাসনা নকৰা লোকো থাকিব পাৰে। তেওঁলোকৰ ধৰ্মীয় চেতনাত ৰাম প্ৰতি পবিত্ৰতা থাকিলেও উপাস্য বা সাধনাত পৃথক পৰম্পৰা থাকিব পাৰে।

এয়া জানো সঠিক হৈছে? ধৰ্মীয় উৰ্দ্ধত ৰামক প্ৰতিষ্ঠা কৰা হৈছে।ৰাম ৰাজ্যৰ লক্ষৰে ৰাজনীতিৰ বাতাবৰণ সৃষ্টিত গুৰুত্ব দিয়ক। এনে হঠকাৰী নিৰ্দেশ ৰামৰ স্বকীয়তাত আঘাত হানিব। কিন্তু কোনে তেওঁলোকক বুজাব এইবোৰ সাধাৰণলোকৰ অনুভৱৰ কথা। তেওঁলোকে যিভাৱে তাকে কৰে। এইবোৰ দেখিও ক'ব লগা হয়- ৰাম-ৰাম-ৰাম। ইয়াৰ বাদেনো কৰিব পাৰো কি আমি...

ৰাম-ৰাম-ৰাম...
চৰকাৰে গোটাই দিয়া পেহী-মাহীৰে ৰাহুলৰ হাঁহি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in