প্ৰসংগঃ ৰাহুল চেত্ৰী

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ বহু কথা আলোচনা হ'ল। কোন দোষী, কোন নিৰ্দোষী তাৰ হিচাপো বহুত হ'ল।

author-image
Asomiya Pratidin
New Update
প্ৰসংগঃ ৰাহুল চেত্ৰী

মৃদুল কুমাৰ সন্দিকৈ

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ বহু কথা আলোচনা হ'ল। কোন দোষী, কোন নিৰ্দোষী তাৰ হিচাপো বহুত হ'ল। সেই কাণ্ডৰে জড়িত প্ৰতিজন অভিযুক্তই তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগক সত্যতা প্ৰমাণিত হ'লে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে যাতে কোনোৱে অনাগত দিনত এই ধৰণৰ কাম কৰিব নোৱাৰে।

ৰাহুল চেত্ৰী নামৰ ছাত্ৰ জনক সেই কাণ্ডৰে জড়িত বুলি আৰু ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড হিচাপে বিভিন্ন খবৰ, সমালোচনা প্ৰচাৰ কৰা হৈছে। ডিব্ৰুগড় বিশ্ব বিদ্যালয়কৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে এই সমগ্ৰ ৰেগিং কাণ্ডক নেতৃত্ব দিয়াৰ পৰিৱেশ সঁচাকৈয়ে সৃষ্টি কৰিছিলনে?

ছাত্ৰ গৰাকীয়ে কোৱা কথাবোৰ, লিখা চিঠিবোৰৰ যুক্তিবোৰ সম্পূৰ্ণ অমান্য কৰি এই কথা ন দি ক'ব পাৰি যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে ৰাজনীতি সনা পিতিকা হৈ গৈছে।

যি গৰাকী ছাত্ৰ সেই ৰেগিং কাণ্ডৰ বলি হৈছিল সেই ছাত্ৰ গৰাকীয়ে কাৰোবাক লিখিত বা মৌখিক ভাৱে কেতিয়াবা কৈছে নেকি যে ৰাহুল চেত্ৰী নামৰ প্ৰাক্তন ছাত্ৰ জনে তেওঁক ৰেগিঙৰ নামত অত্যাচাৰ কৰিছে?

এনে হ'ব পাৰে নেকি সুযোগ সন্ধানী ৰাজনীতিৰ বিভিন্ন মহলে ইয়াক মূলধন হিচাপে লৈ নিজৰ ৰাজনীতিক সুৰক্ষাৰো ৰাহুল চেত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰাৰ এক সু-পৰিকল্পিত ষড়যন্ত্ৰ শীতল মস্তিষ্কৰে ৰচনা কৰিছে।

পুনৰ কও,ৰাহুল চেত্ৰী দোষী তেওঁ দিব পৰা আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰা হওক। কিন্তু কা- বিৰোধী আন্দোলনক নেতৃত্ব দি চৰ্চালৈ অহা কোনোবা এটা সমষ্টিত ভৱিষ্যতৰ নিৰ্বাচনী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰাৰ অৱকাশ থকা ৰাহুল চেত্ৰীক কোনো পক্ষই ৰাজনৈতিক হত্যা কৰা এই চক্ৰান্তই কিন্তু ছাত্ৰ সমাজৰ এনে প্ৰত্যাহ্বানৰ বিপৰীতে ব্যক্তি স্বাৰ্থৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰিব।

ৰাহুল চেত্ৰী পলাই আছিল। ৰাহুল চেত্ৰীয়ে ভুল কৰিছে। কিন্তু ৰাহুল চেত্ৰীয়ে সেইদিনা সেই পদ্মনাথ গোঁহাঞি বৰুৱা হোষ্টেলৰ পৰা ওলাই যোৱা বুলি নিৰাপত্তা বিষয়াই কোৱাৰ পাছতো তেওঁৰ নাম বাৰে বাৰে এই কাণ্ডৰ সৈতে জড়িত কৰি যি প্ৰচাৰ চলোৱা হৈছে সেই প্ৰচাৰত কিবা নহয় কিবা উদ্দেশ্য নিহিত হৈ থাকিবই লাগিব।

সামগ্ৰিক প্ৰেক্ষাপটত ৰাহুল চেত্ৰীক বেয়া মানুহ আৰু এই কাণ্ডৰ বাবে জগৰীয়া কৰিও এনেবোৰ দিশ চালি জাৰি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিয়নো আজিৰ তাৰিখত ৰাজনীতিৰ স্বাৰ্থ সিদ্ধই কৰিবৰ বাবে কোন কিমান পৰ্যায়লৈ নামিব পাৰে তাৰ কোনো নিশ্চিয়তা নাই।

সেয়া লাগে আজমলেই হওক বা আন কোনোবাই হওক। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি বদৰুদ্দিন আজমলে ইমান ডাঙৰ কথা ক'ব পৰাৰ পাছত আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। কাৰণ গুজৰাটৰ নিৰ্বাচন। অথচ বৰ্ষাশ্ৰী নামৰ ছোৱালী জনীয়ে এটা বিপ্লৱৰ কবিতা লিখাৰ বাবে কিমান দিন তেওঁক কাৰাগাৰত বন্দী কৰি থোৱা হ'ল সেই হিচাপে আজি কোনোবাই নকৰিলেও সময়ে এদিন বিচাৰ কৰিব।

ডিব্ৰুগড় ৰেগিং কাণ্ডৰ অভিযুক্তই উচিত শাস্তি পাওঁক। কিন্তু ইয়াক লৈ কোনো পক্ষই ৰাজনীতি কৰাৰ প্ৰৱণতা পৰিত্যাগ কৰক। ৰাহুল চেত্ৰীৰ ভুল হ'লে ৰাহুল চেত্ৰীত শাস্তি দিয়ক। কিন্তু ৰাহুল চেত্ৰীক মোহাৰা বনাবলৈ কোনোবাই কৰা চেষ্টা আমাৰ বাবে গ্ৰহণযোগ্য নহয়।

যি সকলে ৰাহুল চেত্ৰীৰ সন্ধান দিব পাৰিলে ৫০ হাজাৰ টকা দিয়াৰ ঘোষণা কৰিছিল সেই সকলে আজমলৰ ক্ষেত্ৰত নিমাত কিয়। আচলতে আমি সকলো বুজি পাইয়ো একো বুজি নাপাওঁ। ছা পোহৰৰ মাজতেই ৰৈ যায় সকলো। আমি নিমিত্ত মাঁথো। মানুহে কৈ দিয়ে আমি হাহাকাৰ কৰি সেই আৱেগৰ বশৱৰ্তী হৈ জঁপিয়াই পৰো। কি সঁচা কি মিছা ধৰিবই নোৱাৰো!

আৰু পঢ়ক: নিৰ্বাচনৰ মাজতে বিশাল ৰেলী! মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

assam dibrugarh ragging