মৃদুল কুমাৰ সন্দিকৈ
চুপ! দেখিলেও, নেদেখাৰ ভাও জুৰিব। শুনিলেও নুশুনা বুলি ক'ব। কিবা ভুল দেখিলে ইয়াৰ প্ৰতিবাদ বা সমালোচনা কোনো কাকো নকৰিব। আমোদ দিয়া এচাম মানুহ আছে, সেইচামে আপোনাক আমোদ দিব আৰু আপুনি এইবোৰ জটিলতাৰ পৰা আঁতৰি হাঁহি হাঁহি সময়বোৰ অতিবাহিত কৰক।
সকলোতে এতিয়া সস্তীয়া, ক্ষন্তেকীয়া আৰু প্ৰদৰ্শন ধৰ্মিতাৰ বেমাৰ লম্ভিছে। কৰিবলগীয়াবোৰ কৰাৰ সলনি প্ৰয়োজনহীন বিষয়বোৰক লৈ আমি অধিক ব্যস্ত হৈ পৰাৰ পৰিৱেশ এতিয়া।
এনেকৈ কি হ'ব। সাময়িক প্ৰাপ্তিৰ অনুভৱে স্থায়ী প্ৰাপ্তি আৰু সৃষ্টিৰ বুনিয়াদ ধ্বংস কৰি গৈ আছে আৰু গৈ থাকিব। আমিবোৰ নীৰৱ দৰ্শক হৈ সেই সময়ৰ বোবা সাক্ষী হৈ ৰৈ যোৱাৰ বাদে অন্য একো পথ নাই।
যিফালেই চাই তাতেই স্থুল আৰু প্ৰয়োজনহীন কাৰবাৰ কিছু সংঘটিত হৈ আছে। সেই প্ৰৱণতাৰে বন্দী হৈ আমি কেতিয়াবা গালি পাৰি পাৰি হ'লেও সেইবোৰকেই গুৰুত্ব দিবলগীয়া হৈ আহিছে।
সৰু ল'ৰা-ছোৱালীবোৰে আজিকালি খেলিবলৈ এৰিছে। কান্দিলে আগৰ দৰে বিস্কুট, চকলেট দিলে সন্তুষ্ট নহয়। মাকে হাতত নিজৰ মোবাইলটো গুজি দিলে চুপ হৈ ৰয়। ইউটিউব খুচৰি কাৰ্টুন আনকি ফেচবুকৰ ৰীলো ২-৩ বছৰীয়া ল'ৰা-ছোৱালীবোৰে নিজেই মোবাইলত বিচাৰি চাব পৰা হৈছে। চহৰতে নহয়, গাঁৱতো সেই একেই দৃশ্যই সুলভ।
প্ৰগতি-উন্নয়নৰ বৰষুণ এতিয়া সকলোতে হয়। প্ৰতিশ্ৰুতিৰ ঢল বয়। সঁচা অৰ্থত এইবোৰ উন্নয়ন নে সেয়াহে ক'ব পৰা নাযায়। উন্নয়নৰ ধাৰাবাহিক পাৰিকাঠামো কৰবাত ভাগি গ'ল। কেৱল চমক। চৌদিশে চকু চাট মাৰি যোৱা এই চমকৰ মোহিনী বাণে আমাৰ সকলোকে ৰঙীণ চশমা পিন্ধাই দিছে। আমি আমাৰ চাৰিওফালে ৰঙীন পৃথিৱী দেখি আছো।
সুৰাসক্তৰ বিৰুদ্ধে এফালে অভিযান। ভাল কথা। আনফালে সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ গাঁৱে-ভূঁঞে বিলাই দিয়া হৈছে। সেয়াও ভাল কথা। ৰাজহ নহ'লে দেশ নচলে। সুৰাপায়ী সকলে একমাত্ৰ শ্ৰেণী যি কেতিয়াও সুৰাৰ মূল্যবৃদ্ধি, সুৰাত অতিৰিক্ত কৰ জাপি দিলে প্ৰতিবাদ নকৰে বা কৰিব নোৱাৰে।
আমাৰ চৌপাশে কি ঘটি আছে। এবাৰ ভাৱকচোন। আন নালাগে নিজেই চকুৰ আগত দেখি থকা ঘটনাবোৰ নিজৰ ধৰণেই বিচাৰ বিশ্লেষণ কৰি চাওকচোন। অনুভৱ হয়নে আমি কোন দিশে গৈ আছো, কি কৰি আছো...
ভুল আমাৰ নিজৰ। হাতত সময় নাই বুলি কোৱা আমিবোৰেই মোবাইলটো হাতত লৈ ফেচবুক, ইউটিউব খুলি এনেবোৰ দৃশ্যকে চাই নাথাকোনে। কোনোবাই কেঁচাই কেঁচাই জিকা, ভোল, লাও খাই ভিডিঅ' বনালে। সেই ভিডিঅ'বোৰে মিলিয়ন লোকে হেঁচা ঠেলা কৰি চাওঁ। অথচ প্ৰয়োজনীয় এক খবৰ বা লেখা, ভিডিঅ' চাবলৈ মানুহেই নাই!
নোৱাৰিলে হাহিয়তৰ পাত্ৰ হ'বলৈ যিকোনো কাম কৰিব নালাগে। আগৰ সেই কথাবোৰ এতিয়া মানুহে নামানে। গানৰ সুৰ, লয়, তাল সকলো নষ্ট কৰি ৰাজহুৱা স্থানত বহুতে গীত গাবলৈও যায়। স্পষ্টকৈ কথা ক'ব নোৱাৰা জনে সংগীতৰ মায়াজাল ৰচাৰ প্ৰচেষ্টা কৰে।
অনুৰোধো আহে তেওঁ গীত গাব লাগে বুলি। সেই বেসুৰা গীতবোৰেই শুনি আমি বিৰাট স্ফূৰ্তি পাঁও। মূৰ জোকাৰি হাত চাপৰি বজাও। তাৰ পাছৰখিনিৰ দায়িত্ব সংবাদ মাধ্যমৰ। আমুকৰ গীতৰ শৰাই বুলি সেই দৃশ্যবোৰ ভাইৰেল কৰে। তাৰ পাছত আমি দায়িত্ব পালন কৰি সেইবোৰকেই উৰাই ঘূৰাই চাওঁ।
দুদিন মানলৈ এইবোৰেই চলে। যতে ততে মোবাইলে মোবাইলে বাজে- অ' ডাঙৰীয়া ধান এদোন ধাৰলৈ দিবানে দুপৰীয়া। কি যে তৃপ্তি। বেয়া, বেসুৰা গানকলৈও কিমান যে আমাৰ হেঁপাহ আৰু উৎসাহ।
গীত গোৱাতকৈ যদি প্ৰয়োজনীয় কথা কেইটামানেই ক'লেহেতেন তেওঁ। স্থানীয় প্ৰতিনিধি হিচাপে স্থানীয় সমস্যাবোৰ আলোকপাত কৰি তাৰ সমাধান যদি বিচাৰিলেহেনেত। এইবোৰ কৰাৰ সুযোগ তেওঁ ল'ব নাজানে বা নুখুজে।
বিনোদন দি সস্তীয়া জনপ্ৰিয়তা গোটাই গদ গদ হৈ ঘোষণা কৰে তেওঁৰ বোলে গীত বহু মানুহে শ্বেয়াৰ কৰে। সেইটোহে এতিয়া মেইন। বেসুৰা মাত নুফুটা জনপ্ৰতিনিধিৰ প্ৰশংসাত আমি পঞ্চমুখ। ৰজা-প্ৰজা সকলোৱে হাত চাপৰি বজাই স্ফূৰ্তি কৰিছো। তাতকৈ আৰু লাগিছে কি?
ৰুচিবোধ বুলি শব্দ এটা আছে। নিজস্বতা বুলি কিবা এটা মানুহৰ থাকিব লাগে। নহ'লে এই সস্তীয়া প্ৰদৰ্শনধৰ্মী বেমাৰবোৰে আমাক সংক্ৰমণ কৰি গৈয়েই থাকিব।
কোনেনো কাক ক'ব ৰজাইও যেতিয়া ভাল পায়, প্ৰশংসা কৰে, আগতকৈ গান ভাল হৈছে বুলি কয় । সেয়াও ক'ম প্ৰাপ্তি নে তেওঁৰ বাবে? এই আমেজৰ ভাগ আমিও পাইছো আমাকো দিছে। পিছে সেই অগায়ক জনক কবলৈ মন যায়- অ' ডাঙৰীয়া, গীত এটি গোৱাতকৈ সমষ্টিৰ সমস্যাবোৰৰ কথাকে কোৱাচোন দুপৰীয়া...
আৰু পঢ়ক: গেৰুৱা ৰঙক কৰা অপমান সহ্য কৰা নহ'বঃ 'পাঠান' ছবি বিৰোধিতাৰে গুৱাহাটীত প্ৰতিবাদ