মৃদুল কুমাৰ সন্দিকৈ
আত্ম সমালোচনা অতিকৈ প্ৰয়োজনীয়। নিৰপেক্ষ আৰু যুক্তিগত আত্ম সমালোচনাই এটা অনুষ্ঠানক আৰু ওপৰলৈ তুলি নিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰজাঘৰীয়াৰ অনুষ্ঠান নহয়।
এই অনুষ্ঠানটোৰ সৈতে জড়িত লোক সকলে সদায় অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰে। কিছু অপ শক্তিয়ে বা এচাম সুবিধাবাদী লোকে দীৰ্ঘদিন ক্ষমতাৰ গাদীত বহি থাকিবলৈ বহু নকৰিবলগীয়া কাম কৰে।
শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিবলগীয়া বহু কাম আছে। সেই কামৰ পৰামৰ্শৰে শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱ সকলৰ মাজত এটা দীঘলীয়া লিখাই দৃষ্টি আকৰ্ষণ কৰিছে। এই লিখা কোনে প্ৰস্তুত কৰিছে তাৰ কোনো পৰিচয় নাই। লিখাটোৰ শিৰোনাম দিয়া গৈছে - ''গনতান্ত্ৰিক ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীন পৰিৱেশৰ এক বিশ্লেষাত্মক পৰ্যালোচনা''।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি প্ৰাথমিকৰ প্ৰতিজন ভকতৰ পদকমলত এই লিখা অৰ্পন কৰা হৈছিল। শেহতীয়াকৈ সৃষ্টি হোৱা শংকৰদেৱ সংঘ কেন্দ্ৰিক বিতৰ্কৰ পাছত যে এই লেখা প্ৰস্তুত কৰা হৈছে সেয়া নিশ্চিত।
লিখাটোত ক্ষোভ আছে, কিন্তু লিখাটোত যুক্তিৰ ভৰ বেছি, আৱেগৰ স্থান নাই। ইয়াত উল্লেখ কৰা মতে সংঘৰ জন্মৰ লগত বহু ভকতৰ আত্ম সন্মান, দুখ বেজাৰ আবেগিকতা জড়িত হৈ আছে।কিন্তু দেখিবলৈ পোৱা গৈছে এটা অপশক্তিৰ কবলত পৰি প্ৰায় ডেৰ দুই দশকৰ পৰা ক্ৰমান্বয়ে সংঘই ৰূপ সলাবলৈ লৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ অনুষ্ঠান। দক্ষতা আৰু পাৰদৰ্শিতা থাকিলে, আধ্যাত্মিক জ্ঞানপুষ্ট সকলহে প্ৰকৃত ভকত। এই লিখাটোতেই প্ৰশ্ন তোলা হৈছে সোণাৰাম চুতীয়াৰ পাছত কেইজন বৈষ্ণৱ পণ্ডিত ওলাল। শংকৰদেৱ সংঘত ভকত পণ্ডিতৰ অভাৱ নাই, বৰং এই সকলক বিতাড়িত কৰি কেৱল ক্ষমতাৰ লিপ্সাৰে যোগ্য ব্যক্তিক আঁতৰাই বাট নিষ্কন্টক কৰা হয়।
বৰ্তমান সংঘত যিকোনে সমস্যা সমাধান কৰিব পৰা এই জনে পণ্ডিত বুলি আঙুলিয়াই দিবলৈ পণ্ডিতেই নোহোৱা হ'ল। বৌদ্ধিক জ্ঞানপুষ্ট বুদ্ধিজীৱিৰ অভাৱ হৈছে সংঘত। আন এক গুৰুত্বপূৰ্ণ অভিযোগ এই পত্ৰ সদৃশ লিখাটোত উল্লেখ থকা মতে সংঘৰ বৰমুৰীয়া সকলে গুৰুজনাৰ বিপ্লৱী সত্তাক আঙ্গুষ্ঠ প্ৰদৰ্শন কৰি আতহাস্যৰে ব্ৰাহ্মন্যবাদৰ ওচৰত নতশিৰে শৰনাপন্ন হৈছে।
বুজাই হয়তো বুজিছে কাৰফালে আঙুলি উঠিছে। এইবোৰ কিহৰ কাৰণত কিহৰ লোভত হ'বলৈ পাইছে। তোষামোদ পদলেহনে কোনো কি স্বাৰ্থৰে কাম কৰিছে তাৰ ইংগিত দিছে। যি সকলে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ কোনো আজি নাই।আছে তেওঁলোকৰ পিছৰ প্ৰজন্ম।
সংঘৰ ইতিহাসে কয় এই অনুষ্ঠানটো গঢ়িবলৈ বহু সদস্য বা সংগীয়ে নিজৰ বংশ, পৰিয়াল, ধন-সম্পত্তি, বন্ধু-বান্ধৱ ত্যাগ কৰি ওলাই আহিছে।সংঘৰ মজিয়াত এতিয়া বিষয়-বাবক লৈ হেতা ওপৰা লাগে।
এনেবোৰ কথা সংঘৰ বাহিৰৰ মানুহে কোৱা নাই । সংঘৰ সহজ সৰল ভকতক আভুৱা ভৰাই স্বাৰ্থ সিদ্ধিৰ কাৰণে কোনোবাই কাৰোবাৰ কান্ধত বন্দুক থৈ গুলী ফুটাইছে। সেই সকলৰ প্ৰতি আহ্বান জনাইছে এই লিখাৰ জৰিয়তে- ''ৰঙা দলিচাত বহি নিজৰ ভৰিৰ তলৰ পৃথিৱী পাহৰি যোৱা সকলে অতি শীঘ্ৰেই মূলসূঁতিলৈ আহিবলৈ সেৱা ধৰিছো। অন্যথা এই প্ৰক্ৰিয়াৰে সংঘক ধ্বংসৰ পৰা ৰাখিব নোৱাৰিব।মায়া-মোহ, কামনা-বাসনা, দম্ভ-অহংকাৰ, ক্ষমতাৰ লোভ, যশস্যাৰ লোভ যদি এৰিব নোৱাৰে ধ্বংস অনিবাৰ্য''।
এই লিখাটোৰ উদ্দেশ্য আছিল সংঘক যাতে কোনোৱে দুৰ্বল আৰু ভাগ ভাগ কৰিব নোৱাৰে তাৰ বাবে এক সজাগতাৰ সৃষ্টি কৰা। আঁসোৱাহবোৰ দূৰ কৰিবলৈ ভকত-বৈষ্ণৱৰ মাজত মৈত্ৰী ভাৱ জগাই তোলা। সংঘৰ কথা বেয়াকৈ আলোচনা হ'লে সংঘৰ প্ৰতি শ্ৰদ্ধাশীল ভাৱ থকা অসংঘৰ মানুহৰো ভাল নালাগে।
সেয়েহে লিখাটোত অনুৰোধ কৰা হৈছে যে বৰ্তমান শংকৰ সংঘৰ প্ৰতি আপোনাৰ ধাৰণা কি, সংঘলৈ আপোনাৰ অৱদান কি সেই কথা হৃদয়ংগম কৰি লিখাটো পঢ়াৰ পাছত যিটো হোৱাটচএপ নম্বৰৰ পৰা লিখাটো আহিছিল সেইটোলৈ মতামত দি এক জনমত গঢ়ি তোলা।
শংকৰদেৱ সংঘলৈ প্ৰত্যাহ্বান ইয়াৰ আগতেও আহিছিল। সম্ভৱত ২০১৮ চনত পুনৰ ক্ষমতাত বহিবলৈ একাংশই গাৰ জোৰেৰে সংঘৰ সংবিধান সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই সময়ত সংঘৰ মাজত এনেকৈয়ে একাংশ ভকত-বৈষ্ণৱে চিন্তা কৰি ইযাৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়ি তুলিছিল।
আনকি ইয়াক লৈ প্ৰভাত দাসে এখন কিতাপো লিখিছিল। সংঘৰ ভাবমূৰ্তিৰ প্ৰতি সচেতন লোক সকলে কাকত-আলোচনীত এইবোৰ চৰ্চা হোৱাতো বিচৰা নাছিল। প্ৰকাশিত গ্ৰন্থ সংঘৰ লোক সকলৰ মাজতেই প্ৰচলন কৰা হৈছিল। বাহিৰৰ মানুহে সেইবোৰ কথা গ'মেই নাপাইছিল।
এই লিখাৰো উদ্দেশ্য হয়তো একেই। যি গৰাকীয়ে এই লিখা লিখিছিল তেওঁ স্পষ্ট কৰি দিছে পদাধিকাৰ, প্ৰধান সম্পাদক হোৱাৰ অভিপ্ৰায় তেওঁৰ নাই। উদ্দেশ্য এটাই যিটো পুখুৰীৰ পৰা তেওঁলোক সকলোৱে পানী খাইছে সেই পুখুৰীত নামি পুখুৰীতো পৰিষ্কাৰ কৰিবলৈ আগবাঢ়িছে। এই বৃহতৎ পুখুৰীতো পৰিষ্কাৰ কোনোবাই অকলে কৰিব নোৱাৰে। যাৰ সামৰ্থ আছে তেওঁলোকক পুখুৰীত নামিবলৈ আহ্বান জনাই কোৱা হৈছে এয়া নৈতিক দায়িত্ব।
প্ৰশ্ন তোলা হৈছে কাৰোবাৰ বিৰুদ্ধে। কেইবাৰ আধ্যাত্মিক ভাষণ দিছে। কিমান প্ৰাথমিকত নাম প্ৰসংগ কৰিছে, ধৰ্ম দৰ্শনৰ ওপৰত সমাজ সংস্কাৰক লৈ কিমান কিতাপ লিখিলে।
ভকতে খন্দা সেই পুখুৰীটোত এচামে পানী ঘোলা কৰিছে। স্বীকাৰ কৰি লৈছে সংঘত দুৰাৰোগ্য ব্যাধি সংক্ৰমণ হৈছে। মূলৰ সদস্য হ'বলৈ আগতে বহু গুণৰ প্ৰয়োজন আছিল। যিকোনো ব্যক্তিয়ে হওঁ বুলিলেই মূলৰ সদস্য হ'ব নোৱাৰিছিল। এতিয়া হেনো বেলেগ কৰিলে।
এবাৰ মূলৰ সদস্য হোৱা সকলে মূলৰ সদস্যই হৈ থাকিব পাৰে। এনেকুৱা অভিজ্ঞতাও হৈছে এজন ভকতে আন এজন ভকতক ধমকি শুনাই কৈছিল- ''ঐ, তহতে যদি মোক এইবাৰ মূলৰ সদস্য কৰি নপঠিয়াও অহাকালিৰ পৰা মই বেলেগ এটা মাইক ফুকিম''। অৰ্থাৎ মূলৰ সদস্য হ'বলৈ নাপালে সংঘৰ পৰা ওলাই যাব। সেয়েহে জ্যেষ্ঠ ভকত জনক সন্মান কৰি কনিষ্ঠ ভকত জনে প্ৰতিনিধি সভাত উপস্থিত নাথাকি জ্যেষ্ঠ জনক মূলৰ সদস্য হোৱাৰ বাট মুকলি কৰি দিছিল।
আনকি প্ৰতিনিধি সভালৈগৈও ওচৰতে থকা আত্মীয় এঘৰত তেওঁ শুই আছিলগৈ। সেই ব্যাধি লাহে লাহে বাঢ়িহে গ'ল। ২০১৯ চনৰ মৰিগাঁও অধিৱেশনত হেনো মূলৰ সদস্য হ'বলৈ লৰা-ঢপৰা লাগিছিল। সংবিধানত লিখা অনুসৰি পদাধিকাৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব নোৱাৰে।
কিন্তু সেই সাংবিধানিক নিয়ম হেনো তাত মানি নচলে। পদাধিকাৰ প্ৰাৰ্থীয়ে গোপনে বিশ্বাসযোগ্য ভকতৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায়। অধিৱেশবোৰৰ ব্যয় বাঢ়িছে। জাক জমকতা পূৰ্ণ পৰিৱেশে বিৰাজ কৰে। মন বিলাসীতাপূৰ্ণ হৈছে। জিলাই জিলাই বৃহৎ বাজেটেৰে অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰতিযোগীতা চলিছে। আন জিলাতকৈ নিজৰ জিলাৰ অধিৱেশন সৰ্বশ্ৰেষ্ঠ কৰিবলৈ চেষ্টা কৰে।
মূল উদ্দেশ্যতকৈ এইবোৰ কামৰ প্ৰতি ধাউতি বেছি হৈছে। বাহ্যিক আড়ম্বৰতা ই ছানি ধৰিছে। সংঘৰ লক্ষ্য, উদ্দেশ্য কৰবাত যেন হেৰাই গৈছে। শংকৰী বিদ্যালয়, শংকৰী সংগীত বিদ্যালয়, শংকৰদেৱ বিশ্ববিদ্যালয় এইবোৰলৈ চিন্তা কৰিবলৈ আজৰি নাই, ধনৰ অভাৱ।
চিঠিত লিখা কথা এইবোৰ। ভকত বৈষ্ণৱৰ উদ্দেশ্য কৰি লিথা সেই বিস্ফোৰক চিঠিত সঁচাকৈয়ে আত্মসমালোচনা হৈছে। যদুকুলৰ দৰে অৱস্থা হ'বগৈ নেকি বুলি চিন্তা কৰিছে। মূল সংঘই যদি জাক জমকতাৰে অধিৱেশন পাতিব পাৰে প্ৰাথমিকে কিয় নোৱাৰিব? প্ৰশ্ন কৰা হৈছে এইবোৰতকৈ প্ৰাথমিকবোৰক স্বাৱলম্বী হ'ব পৰা কৰ্মসূচী কিয় তৈয়াৰ কৰি দিব পৰা নাই বৰমূৰীয়া সকলে?
সাহিত্য, সাংস্কৃিত চৰ্চা, প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰস্তুতি আদি দিশবোৰ লাহে লাহে গুৰুত্বহীন হৈছে নেকি? অধিৱেশন অনুষ্ঠিত হওঁক। জাক-জমকতাৰে পাতক।ইয়াৰ বাবে ভকতে দিয়া দান বৰঙণি যথেষ্ঠ নহয় নেকি?
আনক ঘৰত বিয়া খাবলৈ গৈ সংস্কাৰ হ'বলগীয়া ভকতে এনেবোৰ অনুষ্ঠানৰ বাবে অনা সংঘৰ লোকৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিলে সেই ধনৰ সংস্কাৰ হ'ব নালাগে নেকি? লোকৰ পিঠাৰে বিহু পাতিলে যদি অপৰাধ নহয়, লোকৰ ঘৰলৈ বিহু খাবলৈ গ'লে অপৰাধ কেনেকৈ হ'ব?
অধিৱেশনবোৰ অনুষ্ঠিত হোৱাৰ পাছত অৰ্থ সংগ্ৰহ, ৰাহি পূঁজি, জমা পূঁজিৰ হিচাপ দাখিল কৰাক লৈ ইখনৰ পাছত সিখন জিলা অৰ্থাশোচ্ত পতিত হ'বলগীয়া হৈছে। সেইবোৰ বাঢ়ি গৈছে। তাৰমানে কি হৈছে। পত্ৰত উল্লেখ থকাৰ মতেই অন্যান্য গঠনমূলক কামত অগ্ৰসৰ বুলিবলৈ ফুটুকাৰ ফেন হৈছে।
এতিয়া যেন মূলৰ সদস্য হ'ব নাপালে জীৱন বৃথাহে হয় তেনে ধাৰণা হেনো গঢ় লৈ উঠিছে। সংঘৰ মজিয়াত গোপনে হ'লেও এইবোৰ কথাৰ আলোচনা চলিছে। মাটিৰ তলৰ শিপা মূলে খামুচিব পৰা নাই। গছৰ টিঙত উঠি বহুতৰ মন নাচিছে।
বিশ্ব বিদ্যালয়ৰ ক্ষেত্ৰতো একেই দশা। ইয়াৰ পৰিচালনা প্ৰক্ৰিয়া, পাঠ্যক্ৰম, অৰ্থ যোগান সকলোতে বেমেজালি লাগিছে। কিয় ভকতে এই মহান অনুষ্ঠানলৈ দিনে এটকাকৈ দিবলৈ ৰাজি হোৱা নাই তাৰ কাৰণ কোনোবাই পৰ্যালোচনা কৰিছেনে? ভকতে পইচা নিদিয়ে। কিয় নিদিয়ে। তাৰ কাৰণ পৰ্যালোচনা কৰাৰ আহ্বান জনাইছে।
বৰ্তমানৰ নেতৃত্বৰ প্ৰতি বিতৃষ্ণাৰে মন ভৰি পৰিছে।থ্ৰিফট এণ্ড ক্ৰেডিট কোপাৰেটিভ ছচাইটি কি অৱস্থাত আছে।কেৱল এইবোৰ কথাক লৈ আৱেগ সৃষ্টি কৰিলে নহ'ব। আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ বুনিয়াদ গঢ়িব পৰা নাই। প্ৰাথমিকবোৰ জীয়াই ৰাখিবলৈ সম্পাদকে নিজৰ গাঁঠিৰ ধন ভাঙি নবীকৰণ কৰাৰ উদাহৰণো আছে।
এইবোৰ পত্ৰত পঢ়াৰ কথা। পত্ৰৰ ভাষা বৰ চোকা। কেন্দ্ৰিয় পৰিচালনা সমিতিত চোৰাং চোৱা লগাই প্ৰাথমিক সংঘৰ ভকতৰ মতামত লবলৈ কোৱা হৈছে। আগ পিছ নগনি নিজৰ কৰ্ম দক্ষতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা সকলক জোকৰ মুখত চূণ দিছে এই পত্ৰত।
কোৱা হৈছে চৰকাৰতকৈ বেছি শক্তি ভকতৰ। আঙুলি বেঁকা কৰি ঘিউ উলিওৱাৰ দৰে ভকতৰ পৰা দান সংগ্ৰহ কৰা হৈছে নেকি সেই কথাও উল্লেখ আছে। স্ব ইচ্ছাই, উদাৰচিত্তেৰে ধন কিয় দিয়াব পৰা নাই সেয়া চিন্তনীয়।
এই কথাবিলাক কোনোবাই নসাৎ কৰিব পাৰিবনে? সকলো ঠিকে আছে বুলি ভাবিছে কিন্তু ঠিকে নাই। যদুকালৰ বংশৰ দৰে সংঘৰ ভকত বৈষ্ণৱ। এখন জিলাই নিমন্ত্ৰণ কৰি অনুষ্ঠিত কৰা অধিৱেশনৰ আদৰণি সম্পাদকজনে অধিৱেশনৰ হিচাপ দাখিল নকৰাকৈ সংবিধান চেৰাই প্ৰধান সম্পাদক হ'ব খুজিলে। প্ৰশ্ন তাতেই। কিয় তেওঁ ভাবি ল'লে তেওঁৱেই উপযুক্ত।
তেওঁৰ লবী যদি ক্ষমতালৈ নাহে তেনেহ'লে বিশ্ববিদ্যালয়ৰ কাৰণে টকা আনিব নোৱাৰে। এই ধাৰণা কিয় বিয়পালে।জিয়াই থকা দিনলৈকে তেওঁলোকে গাদীত স্থায়ী হৈ বহি থকা হেনো দস্তাবেজ লিখা হৈছে। আৰু কিমান দিনৰ পাছত কোৰ্পাৰেটিভ ছচাইটি বেংক হ'ব?
নমামি ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি শাওনৰ শুক্লা একাদশীত অনুষ্ঠিত কৰা সৰ্বাধৰ্মৰ প্ৰাৰ্থনাত সংঘই যোগদান নকৰিলে হেনো সুধাই নেৰা অৱস্থা। আজি সংঘৰ অৱস্থাৰ কথা ক'বলৈ গৈ সংঘক কিহৰ লগত ৰিজালে এই পত্ৰত সেই কথা উল্লেখ নকৰিলেও বুজাই বুজিব।
সংঘৰ কোনোবা উচ্চ পদাবীধাৰীয়ে বোন্দা মেকুৰীয়ে বৰ ঘৰৰ চুকত মাছৰ কাৰণো জোপ লোৱাৰ দৰে জোপ লৈ আছে। অৰ্থৰ বাবে আদৰ্শক জলাঞ্জলী দিয়া হৈছে। সংঘৰ এজন ভকতৰ আয় বৈকুণ্ঠ গামী হওঁতে কাঠ সংস্কাৰ কৰিবলৈ দুজন ভকতেই নাছিল। অনা সংঘৰ মানুহে লাগি মেলি চিতাত উঠালে তেওঁক।
জ্বলি থকা শৱটোত খোচ মাৰি থাকোতে এজনে কটাক্ষ কৰিলে- ''চণ্ডাল হৈ খোচনি মাৰি ধৰিলো আমি দৈ, কলহটো ভাঙিব তেওঁলোকে''। সেই আক্ষেপ কিয়। নতুন প্ৰজন্মক এক সংকটৰ মাজত কিয় এৰিব খোজা হৈছে। সংঘ-অনাসংঘৰ মাজত মৈত্ৰীৰ কিয় পোষকতা কৰা হোৱা নাই।
শংকৰী সংগীত হ'ব লাগে বুলি আদালতৰ কাষ চপা হৈছে। সত্ৰীয়া নৃত্যই স্বীকৃতি পালে। কেচ মোকৰ্দমা কৰা হৈছে। কিন্তু পৰৱৰ্তী সময়ত কৰুণাকান্ত কলিতা আৰু হৰিপ্ৰসাদ হাজৰিকাৰ পাছত আন সকল টোপনি গ'ল।
শংকৰী সংগীত পৰীক্ষা পৰিষদখনৰ স্বীকৃতিটো আজিলৈকে নহ'ল। এইবোৰ কাম কিয় তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকেটো ভকত বৈষ্ণৱক কয় তেওঁলোকৰ হাত দিছপুৰলৈ দীঘল।
ৰূপান্তৰৰ জখলাত সংঘই ভৰি দিছিল। বহু পৰিবৰ্তন হোৱাৰ সম্ভাৱণা আছিল। যোগেশ্বৰ বৰদলৈ, গোলাপ মহন্ত, নীলকান্ত বৰা, কনক হাজৰিকা আদিয়ে বহু কাম কৰিছিল।
গুৰুজনাৰ লুপ্তপ্ৰায় গীত-মাতবোৰ উদ্ধাৰ কৰি চৰ্চা কৰিছিল। আজিকালি ভুৱা পণ্ডিতেৰে হেনো মূল সংঘ ভৰি আছে। সংঘত ঘটিৰাম-বাতিৰাম ভকতৰ কাম নোহোৱা হৈছে।নাম প্ৰসংগ কৰিব জানক নাজনক কথা নাই। বেংকত ধনৰ বৃহৎ টোপোলা মজুট থাকিলে তেওঁক আনি সংঘৰ বিষয় বাব দিয়া হয়।
এইবোৰ বাৰু কথা মিছা নেকি? ডক্টৰেট ডিগ্ৰী নহ'লে ঘূৰিয়েই নাচাই বহুতে। এনেবোৰ কথা সংঘৰ ভকতে এতিয়া চৰ্চা কৰিছে। ইয়াৰ সমাধানৰ কথাও ভাবিছে। প্ৰাথমিক, আঞ্চলিক জিলাই আবেগৰ বশৱৰ্তী নহৈ মূললৈ উপযুক্ত লোকক নিৰ্বাচন কৰি পঠোৱাৰ কথা পাতিছে।
বৈষম্য দূৰ কৰিবলৈ উপযুক্ত নীতি আৰু বিধানৰ ব্যৱস্থা কৰাৰ কথা কৈছে। দায় সৰা বুদ্ধিৰে কথা কৈ থাকিলে নচলিব এতিয়া । ইতিমধ্যে ধৰা পৰি গৈছে সেই সকল। উপযুক্ত জনক উপযুক্ত স্থানত দায়িত্ব দিব লাগে। নতুনত্ব আনিবলৈ পদক্ষেপ ল'ব লাগে।
ভকতক পনবন্দী কৰি ৰখা কামবোৰ, সিদ্ধান্তবোৰ সলনি কৰি প্ৰধান সম্পাদক, পদাধিকাৰে নিজ খুচি মতে উঠি ৰজা, বহি ৰজা যাতে হব নোৱাৰে তাৰ প্ৰস্তাৱ দিয়া হৈছে। বাহিৰে ৰংচঙীয়া ভিতৰে কোৱাভাতুৰী হ'ব নালাগে সংঘ।
ক্ষমতাৰ বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়া অতিকৈ প্ৰয়োজন হৈছে সংঘত। সংঘৰ ভকত সকলেই যদি এই কথা অুভৱ কৰিছে তেন্তে কিবা এটা পৰিৱৰ্তন নিশ্চয় আশা কৰিব পাৰি।মিছা কথা জানো লুকুৱাই ৰাখিব পাৰি সদায়। এই চিঠিৰ উপৰিও আন এখন চিঠিৰ কথাবোৰ এই মূহুৰ্তত উল্লেখ কৰাৰ প্ৰয়োজন।
পত্ৰ নং ০৪/৯৩/২২/৬২০২ । ২ নৱেম্বৰ ২০২২ত সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক বাবুল বৰাই লিখিছিল এই জৰুৰী পত্ৰ। সকলো জিলাৰ সভাপতি, সম্পাদকক সম্বোধন কৰি লিখা পত্ৰত উল্লেখ কৰিছিল যে, ৩১-১০-২০২২ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপৰ উপস্থিতিত টাই আহোম যুৱ পৰিষদৰ লগত হোৱা আলোচনাৰ অন্তত সংঘৰ বিষয় ববীয়াৰ তৰফৰ পৰা দিয়া মতামত সম্পৰ্কীয় বাতৰি প্ৰত্যক্ষ কৰি এই জৰুৰী যুটীয়া বৈঠক ৮ নৱেম্বৰত দিনৰ ১০.৩০ বজাত আয়োজন কৰা হৈছে।
মূলত আহোম জনগোষ্ঠীক ক্ষমা খোজাৰ বাবেই এই জৰুৰী বৈঠক আহ্বান কৰা হৈছিল। বৈঠকত দুটাকৈ প্ৰস্তাৱ লোৱাৰ পাছতো যিজন লোকে তেনে কোনো কথা আলোচনাই হোৱা নাই বুলি ক'ব পাৰে তেওঁ কি কৰিব নোৱাৰে...
আৰু পঢ়ক: সংঘ জানো 'ক্লাৱ ঘৰ'?