অসহায় হৈ পৰিছে শংকৰজ্যোতি !

অসহায় হৈ পৰিছে শংকৰজ্যোতি !

New Update
অসহায় হৈ পৰিছে শংকৰজ্যোতি !

মৃদুল কুমাৰ সন্দিকৈ

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা বিৰুদ্ধে উত্থাপিত অভিযোগৰ দাগ আছুৰ গাত ইতিমধ্যেই লাগিছে। সেয়ে তেঁও অভিযোগমুক্ত নোহোৱালৈকে পদবী এৰাৰ পৰামৰ্শ দিছে আছুৰে সতীৰ্থ নেতা আৰু জ্যেষ্ঠজনে।

কিয়নো এনে অভিযোগ কাৰোবাৰ বিৰুদ্ধে আছুৰ মজিয়াত থাকোতে উত্থাপন হ’লে অৱ্যাহতি দিয়া বা বহিস্কাৰ কৰাই নিয়ম। শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক হৈ থকাৰ এই সময়চোৱাত তলৰ পৰ্যায়ৰ বহু ছাত্ৰ নেতাৰ ক্ষেত্ৰত অনুশাসনৰ নামত এয়াই কৰা হয়।

এতিয়া খোদ তেঁওৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এই দাবী আছুৰ ভিতৰতে উত্থাপন হোৱাটোৱেই স্বাভাৱিক। কাৰ ক্ষেত্ৰত কি কৰা হৈছিল সেইবোৰ কথা শংকৰজ্যোতি বৰুৱাই যদি পাহৰি পেলাইছে তেনেহ’লে এইকেইটা অনুশাসনমূলক ব্যৱস্থা লোৱা উদাহৰণ তেঁও মনত পেলাওক।

উদাহৰণ- ১ : তদানীন্তন কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিব্য মেধিক এবছৰলৈ অৱ্যাহতিৰ শাস্তি দিয়া হৈছিল। কিয়নো তেঁও নেতৃত্বৰ অনুমতি অবিহনে ৰাজ্যপালক নিমন্ত্ৰণ কৰি সাংগঠনিক অনুশাসন ভংগ কৰিছিল।

উদাহৰণ-২ : শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাৰ তদানীন্তন উপদেষ্টা মনোজ দাসক বিহা হৈছিল বাধ্যতামূলক অৱ্যাহতিৰ শাস্তি। কিয়নো তেঁওৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল জিলা ছাত্ৰ সন্থাৰ অধিবেশনত পৰ্যবেক্ষকক দুৰ্ব্যৱহাৰ কৰা।

উদাহৰণ-৩ : লখিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ তদানীন্তন সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে সীমান্ত নেওগ আৰু প্ৰয়াত স্বৰাজ শংকৰ গগৈক ৩মাহৰ বাবে দায়িত্বৰ পৰা অপসাৰিত কৰা হৈছিল। এই দুই ছাত্ৰ নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল আছুৰ বিহুত হঠাতে উপস্থিত হোৱা এজন বিধায়কক জাপি, গামোছাৰে সম্বৰ্ধনা জনাইছিল।

উদাহৰণ-৪ : গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ তদানীন্তন সভাপতি বিশ্বজিত গগৈ আৰু সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়াক বিহা হৈছিল এবছৰৰ অৱ্যাহতিৰ শাস্তি। তেঁওলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল আছুৰ কাৰ্যালয়ত স্থানীয় মন্ত্ৰী-বিধায়কেৰে উৰুকাৰ ভোজ খাইছিল। যিজন নেতাই এই ভোজ খাবলৈ মন্ত্ৰী- বিধায়কক নিমন্ত্ৰণ কৰিছিল গৈ তেঁও শংকৰজ্যোতি বৰুৱাৰ ঘনিষ্ঠ হোৱাৰ হেতু কোনো শাস্তি লাভ কৰা নাছিল।

উদাহৰণ-৫ : তদানীন্তন বাক্সা জিলাৰ আছুৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ পাঠকক দায়িত্বৰ পৰা অৱ্যাহতি দিয়া হৈছিল। পাঠকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল সুতলৈ দিয়া টকা বিচাৰি দাবী-ধমকি, ৰাজহুৱা স্থানত জুৱা খেলা আদি।

উদাহৰণ-৬ : সদৌ নলবাৰী জিলাৰ উপদেষ্টা অক্ষয় ডেকাক পদবীৰ পৰা ৪ মাহলৈ অৱ্যাহতি। তেঁওৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল ৰাজনীতিক নেতাক মাতি আনি আছুৰ কাৰ্যালয়ত অংশ লোৱা।

উদাহৰণ-৭ : সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনক বাধ্যতামূলক অৱ্যাহতি। তেঁওৰ বিৰুদ্ধে অভিযোগ আছিল এগৰাকী যুৱতীৰ সৈতে সু-সম্পৰ্ক।

উদাহৰণ-৮ : সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি/ সাধাৰণ সম্পাদকক পদবীৰ পৰা অৱ্যাহতি। এই দুই নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল শাখা ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মাংগলিক অনুষ্ঠানত লুৰীণজ্যোতি গগৈৰ পদাৰ্পণ।

উদাহৰণ-৯ : সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটমনি চৌধুৰীক অৱ্যাহতি। তেঁওৰ অপৰাধ বা তেঁওৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা তথ্য ফাদিল।

শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক হৈ থকা এই কাৰ্যকালত লোৱা এইবোৰ অনুশাসনমূলক সিদ্ধান্তৰ উদাহৰণ। এতিয়া সেই অভিযোগৰ আঙুলি খোদ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে। তেঁওৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই কঠোৰ সিদ্ধান্ত ল’ব নোৱাৰিব কিয় ? কেৱল এটাই জানো অভিযোগ তেঁওৰ বিৰুদ্ধে ?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিবলৈ তেঁও কাৰ অনুমতি লৈ গৈছিল। কোনোবা যুৱতীয়ে উত্থাপন কৰা অভিযোগবোৰ এতিয়া তেঁওৰ স্তাৱকবাহিনীয়ে নস্যাৎ কৰিব খুজিলে নহ’ব। আনৰ ক্ষেত্ৰত তেঁও এনে সিদ্ধান্ত লৈ থৈছে।

এতিয়া অভিযোগ কেৱল এগৰাকীৰ পৰা আনুষ্ঠানিকভাৱে আহিছে। আন বহুতৰ হাতত থকা এই ধৰণৰ তথ্যবোৰ ব্যক্তিগত বুলি এৰাই চলিলেও সেইবোৰ প্ৰকাশ পালে তেঁওৰ হৈ ওকালতি কৰা সকলে মুখ লুকুৱাবলৈ ঠাই বিচাৰি পাবনে ?

আব্দুলক আগত ৰাখি ব্যৱসায় কৰিছে কৰক। কিন্তু আছুক সম্বল কৰি লৈ ধৰ্ণা- প্ৰতিবাদী কাৰ্যসূচী লৈ জাতিক বিক্ৰী কৰি ব্যৱসায়, ঠিকাদাৰী কৰাতো জানো উচিত হৈছে ? কমিছনৰ অংকত ঠিকা লৈ কাক, কি ঠিকা দিছে সেই তালিকাও মানুহে মজুত ৰাখিছে।

যিজন মানুহে নলবাৰীত আয়োজিত ৰাভা দিৱসৰ নামত কোনো এক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা ধনো আত্মসাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেঁও কেনেকৈ সৎ আৰু দায়িত্বশীল জাতীয় নেতা হ’ব পাৰে ? এইবোৰ কথা মিছা বুলি যদি তেঁওৰ ঘনিষ্ঠসকলে ভাবে, তেন্তে ২০২৪ত আয়োজন কৰা ৰাভা দিৱসত অইলে দিয়া ৩লাখ টকাৰ কাহিনী আছুৰ আন নেতাসকলৰ পৰা সবিস্তাৰে জানিব পাৰিব।

পদবী এৰি নিদি খামোচ মাৰি ধৰি থকাৰ আঁৰত এনে বহুবোৰ কাৰণ আছে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ হোৱাটছ এপ গ্ৰুপত ইতিমধ্যে কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলে ব্যক্ত কৰা প্ৰতিক্ৰিয়াৰ পৰা ভৱিষ্যতৰ ফলাফলৰ উমান পাইছে তেঁও। তথাপিও চকী ৰক্ষাৰ চেষ্টা চলি আছে। তেঁওক অৱ্যাহতি দিলে বা বহিস্কাৰ কৰিলে আছু উজনি-নামনিভাগত বিভক্ত হ’ব বুলিও পৰিকল্পিত ভাবুকি ভৰা প্ৰচাৰ চলাইছে।

পিছত এই প্ৰচাৰৰ বিৰুদ্ধাচৰণ কৰাৰ নাটকো ৰচিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অহা তেঁওৰ অনুগামী আছুৰ নেতাৰ সৈতে মন্থন বৈঠকতো বহিছে। উৰা মাৰি ডিব্ৰুগড়লৈ গৈ ঘনিষ্ঠজনৰ মন্ত্ৰণা আৰু আন সহায় ল’ব লগা হৈছে, কিয়নো তেঁও এইবাৰ বৰ অসহায় হৈ পৰিছে !

Also Read: তেঁও সাধাৰণ সম্পাদক হৈ থকাৰ যোগ্য নে ?

ALL ASSAM STUDENT UNION SANAKARJYOTI BARUAH