মৃদুল কুমাৰ সন্দিকৈ
একান্তই ব্যক্তিগত বোলা এই ধাৰণাটোৰ এতিয়া মূল্যহীন হৈ পৰিছে ক্ৰমশঃ। সামাজিক মাধ্যমৰ কৃপাত আমি এখন খোলা কিতাপ হৈ গৈ আছো। তাৰ পাৰ্শ্বক্ৰিয়াই বহুতৰ জীৱনত প্ৰভাৱ পেলাইছে আৰু বহুতৰে জীৱনত প্ৰভাৱ পেলাব।
কিয় আমি আমাৰ একান্ত ব্যক্তিগত বিষয়বোৰ নিজস্ব কৰি ৰাখিব পৰা নাই। কিয় এইবোৰৰ পাছত আমি পৰি সেইবোৰ ৰাজহুৱা কৰাৰ এক অপ্ৰয়োজনীয় তৃপ্তি লাভ কৰা ৰোগত আক্ৰান্ত হৈছো।
ইয়াৰ পৰাতো কাৰোৱেই একো লাভ নহয়, বৰঞ্চ লোকচান হয়। কি সামাজিক মাধ্যম, কি সংবাদ মাধ্যম সকলোৰে গাত এতিয়া এই বেমাৰ। বন্ধ কোঠাৰ ভিতৰত কোনে কি কৰিলে তাক লৈ আমি ইমান আগ্ৰহী হৈ পৰিছো।
সেই মনস্কতাই আমাক কি পৰ্যায়লৈ ঠেলি দিছে বা কি ধৰণে আমাৰ ব্যক্তিগত জীৱনবোৰ ক্ষতিসাধন কৰিছে কেতিয়াবা আমি ভাবি চাইছোনে? একান্ত ব্যক্তিগতহীন জীৱন কেতিয়াও সুছন্দ জীৱনৰ বাবে সুখকৰ হ'ব নোৱাৰে।
ভুল মানুহে নকৰে নেকি? কোনো ক'ব পাৰে জীৱনত কেতিয়াও কোনো ভুল কৰা নাই বুলি? সেই ভুলৰ শুধৰণি কৰিবলৈ এতিয়াচোন কোনোৱেই সুযোগে নিদিয়ে। তেনে সুযোগ পালে সকলো এনেদৰে জঁপিয়াই পৰে যে জীয়াই থকাতোয়ে বহুতৰ বাবে টান হৈ যায়।
সামাজিক মাধ্যম বিষাক্ত হৈ পৰিছে। এচামে সেই বিষ নিজেই নিজৰ বাবে সেই মাধ্যমত ঢালি লৈছে, আন এচামে তেনে সুযোগ পালেই ইয়াক অধিক বিষময় কৰি তুলিছে।
ভোগবাদে আমাক সস্তীয়া কৰি পেলাইছে। ব্যস্ততাহীন ব্যস্ততা আৰু সহজ ধনৰ মোহত বন্দী আমি। সকলো থকাৰ পাছতো নথকাৰ দুখত অসুখী হৈছে মানুহ। শিক্ষিত হৈও অশিক্ষিত হৈ পৰিছে জীৱশ্ৰেষ্ঠ।
ক'ৰ পৰা ক'লৈ গুচি যায় জটিলতাবোৰ। যি জটিলতাত নাই সৰলতা।এগৰাকী মহিলাৰ আত্মহত্যা। আত্মহত্যাৰ কাৰণ ভাইৰেল হোৱা এখন একান্তই ব্যক্তিগত ফটো। মহিলাগৰাকী এটা ৰাজনৈতিক দলৰ নেত্ৰী আছিল।
সেই দলৰে আন এজন যুৱ কৰ্মকৰ্তাৰ সৈতে তেওঁৰ সেই বিশেষ ফটোখন কোনে ভাইৰেল কৰিলে সেই কাহিনীয়ে কৈ গ'ল সাম্প্ৰতিক সময়ৰ ৰাজ্যৰ ৰাজনীতিৰ কিছু নেদেখ কথা।
চাকৰি, ঠিকা দিম বুলি প্ৰলোভনেৰে যুৱ নেতাজনে ধন সংগ্ৰহ কৰিছিল। কিন্তু কাম কৰি দিব পৰা নাছিল। দিব পৰা নাছিল চাকৰি। ধন ওভতাই বিচাৰিছিল ধন দিয়া চক্ৰই। ধন দিয়া সকলো ক্ষমতাধাৰী মানুহ। শ্বিলঙত মন্থন হৈছিল, ধন কেতিয়া দিব প্ৰতিশ্ৰুতিৰ বিনিময় হৈছিল।
সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। বন্দুকধাৰী গ'ল ধন উলিয়াবলৈ। মহিলা নেত্ৰীগৰাকী ভাড়াঘৰতেই থাকিছিল এই যুৱনেতা। আইফোন আৰু অন্যান্য কিছু সামগ্ৰী যুৱ নেতাজনৰ পৰা কাঢ়ি নিছিল বন্দুকধাৰী দলে।
সেই গুণ্ডা বাহিনীৰ হাতত পৰিল যুৱনেতাজনৰ মোবাইলত থকা তেওঁ আৰু মহিলা নেত্ৰীগৰাকীৰ অন্তৰংগ ছবি। আৰম্ভ হ'ল ব্লেকমেইল। সামাজিক মাধ্যম পালেগৈ সেই ফটো। তাৰপাছত এক কৰুণ পৰিণতি। এটা জীৱনৰ নি:শেষ।
লাহে লাহে চৰ্চালৈ আহিল আন কিছু নাম। কুলদ্বীপ, দ্বীৱন আদিৰ নাম। চৰ্চালৈ আহিল এজন প্ৰাক্তন বিজেপিৰ মন্ত্ৰীৰ নামো। এই সকলোবোৰৰ নাম সাঙোৰ খাই পৰাৰ পাছত ই হৈ পৰিল এক হাই প্ৰফাইল পৰিঘটনা।
অনুৰাগ চলিহা নামৰ সেই যুৱনেতাজনে চাকৰিৰ ঠিকাৰ ক'লা বজাৰ গঢ়িছিল। ইন্দ্ৰানী তহবিলদাৰে হয়তো সেইবোৰ জানিছিল বা নাজানিছিল। কোনোবা অসীম চক্ৰৱৰ্তীয়ে প্ৰেৰণ কৰা অভিমুন্য দাসৰ সৈতে এই অভিযোগৰ আঙুলি ইজনৰ পাছত সিজনলৈ উঠিল।
লাজে অপমানে জীৱনৰ গতি ৰুদ্ধ কৰি দিলে ইন্দ্ৰানীয়ে। বিলাসী জীৱন কটোৱা অনুৰাগহঁতৰ মুখা খোল খালে। আঁৰ কাপোৰ খহিল সেই সকল লোকৰ যিবোৰ দিনত দেখাৰ দৰেই স্বচ্ছ নহয়। ক'ৰ পৰা কাহিনী হৈ ক'ত পালেগৈ। এনেকৈয়ে চলিছে ৰাজনীতি। ভিতৰি-ভিতৰি বৈ আছে বহু অদৃশ্য সূঁতি।
কিয় আমি ইমান অশৃংখল হৈ পৰিছো? সকলোতে শৃংখলিত সীমাৰেখা নাই। যিটো থকা উচিত। সেই সময়ৰ আঁচোৰ পৰিছে এই ঘটনা প্ৰৱাহত। আমি কেৱল উন্মাদ হৈছো ধন-সম্পত্তি আৰু ক্ষমতাৰ নামত।
মানুহতকৈ দেখোন ইতপ্ৰাণীৰেই জীৱন ভাল। সেই জীৱন চৰ্যাত নাই কাৰো প্ৰতি অনিষ্ট কৰাৰ প্ৰৱণতা। নাই বিশ্বাসহীনতা। সেই জীৱনৰ বোধগম্যতাই জীৱনক সহ্য কৰিবলৈ শিকাই আৰু মানুহৰ জীৱনৰ বোধগম্যতাই মানুহক অসৎ কৰি পেলায়।
জীৱনৰ গতিশীল যাত্ৰাত কেৱল মায়া, যিবোৰ কেৱল ছায়া। সুখৰ প্ৰবোধ বিচাৰি ক্ষন্তেকীয়া মৰিচিকাৰ পানীত খেদি ফুৰিছো আমি। কি আছে এই জীৱনৰ? কি হৈছে মানুহৰ? সৰ্বত্ৰে স্খলিত সময়ৰ চেকা পোহৰাবলৈ কাৰো আজৰি নাই । কোনো যাত্ৰা নাই। লক্ষহীন বাটৰ পথিক হৈ দৌৰিছো ইফালে-সিফালে। ইজনে-সিজনৰ লেং মাৰি আগবঢ়াৰ প্ৰতিযোগিতাত নামিছো।
কাৰোবাৰ ভুল হৈ গৈছে। তাৰপাছতো আছে আন কাৰোবাৰ ভুল। সেই সকলো ভুল দেখিও আমিও কৰিছো আৰু কিছু ভুল। নিজকে সৎ আৰু আনক অসৎ বুলি প্ৰতিষ্ঠা কৰিবলৈ যুদ্ধত নমাৰ সময় এয়া। সকলো উদঙাই পৃষ্ঠা ভৰাই সামাজিক মাধ্য়মত নিজকো উদঙাই দিয়া বুৰ্বক আমি।
এতিয়া ভুল মানেই প্ৰয়াচিত্ত কৰিবলৈ কাৰোবাক সুযোগ আৰু সুবিধা দিয়া ইচ্ছা কাৰো নাই। তেনেকৈয়ে আৰম্ভ হয় এটা ঘটনাৰ পৰা এটা কাহিনী। লাহে লাহে প্ৰসাৰিত হৈ এই কাহিনীয়ে যেতিয়া গোপন অধ্যায়বোৰ উদঙাই দিয়ে তেতিয়া এনে লাগে এই জীৱন জিন্দাবাদ নহয়, এনেকুৱা জীৱন বৰবাদহে হয়।
Also Read: এজন শিক্ষকে কৈ গ'ল বহু কথা, আছে বহু ব্যথা...