মোৰ চাহকাপত চেনি নিদিব...

মোৰ চাহকাপত চেনি নিদিব...

New Update
মোৰ চাহকাপত চেনি নিদিব...

এতিয়া ঘৰলৈ আলহী আহিলে গৃহস্থই প্ৰথম সোধে- চাহত চেনি খাই নহয় ? বেছিভাগ আলহীয়ে উত্তৰ দিয়ে- মোৰ চাহকাপত চেনি নিদিব বা চেনি কমাই দিব। গৃহস্থই এই কথা সুধিবলৈ পাহৰিলেও সচেতন আলহীয়ে কোনোবাই চাহ একাপ খাওক বুলি যাচিলে, আগতেই কৈ দিয়ে- চাহত মই চেনি নাখাঁও দেই।

চুগাৰ বা মধুমেহে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সৰু- ডাঙৰ সকলোৱে যিকোনো মূহূৰ্ততে এই ৰোগত আক্ৰান্ত হৈ খাদ্যভ্যাসেই সলনি কৰিব লগা হৈছে। এই ৰোগ এতিয়া লাইফষ্টাইল ডিজিছ হৈ পৰিছে।

সেয়েহে চেনি খোৱাতো বহু লোকে এই ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে কমাই বা এৰি দিয়ে। চিকিৎসকেও এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক দিয়া এটা প্ৰাথমিক পৰামৰ্শ- চেনি, মিঠাই খাব নোৱাৰিব, নিয়মিত খোজ কাঢ়িব লাগিব।

মধুমেহ ৰোগত আক্ৰন্ত হোৱা লোকসকলৰ আকৌ মিঠাই খোৱাৰ হাবিয়াস বাঢ়ে। চেনি খাব নোৱাৰা হোৱাত তেওঁলোকৰ মিঠাই খোৱা মুদা পৰে। চেনি নাখালেও আন এক বিকল্প উৎসৰ পৰা মিঠাই খাব পাৰে কিন্তু এই ৰোগত আক্ৰান্ত লোকসকলে।

অসমত অতি নীৰৱে এক কৃষি বিপ্লৱ কৰি আছে কেইজনমান লোকে। তাৰে এজন পংকজ কলিতা। প্ৰথমে এটা মটৰ নিৰ্মাণ প্ৰতিষ্ঠানত কাম কৰিছিল তেওঁ। পিতৃৰ চিকিৎসাৰ বাবে ২০০৭ চনত তেওঁ গৈছিল ভেল্লোৰলৈ। তাতেই তেওঁ দেখিছিল-  গছৰ পাত চাহ আৰু কফিত ডুবাই কিছু লোকে খাইছিল। সেই পাতবিধ নো কি তাৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িছিল।

তেওঁ জানিব পাৰিছিল- এনেদৰে চাহত এই গছৰ পাত ডুবাই খালে চাহকাপৰ সোৱাদ মিঠা হয়। সেই গছবিধৰ নাম তেওঁ গম পালে। তুলসীৰ দৰে গুণসম্পন্ন এই গছবিধৰ নাম ষ্টেভিয়া। অসমীয়াত ইয়াক মধু তুলসী বুলি কয়। সেই গছবিধৰ মূল বাসস্থান দক্ষিণ আমেৰিকা। পাৰাগুৱে, ব্ৰাজিল আদি দেশত জনগোষ্ঠীয় লোকসকলে এই গছবিধৰ পাত খাই আহিছে বহু পুৰণি কালৰ পৰা।

দক্ষিণ ভাৰতত তেতিয়াই সেই গছবিধৰ খেতি কৰা হৈছিল। অসমলৈ ঘূৰি আহি বিভিন্ন স্থানত যোগাযোগ আৰু প্ৰশিক্ষণ লৈ পংকজ কলিতাই অসমতো ষ্টেভিয়া বা মধু তুলসীৰ খেতি কৰিবলৈ ল’লে। চৰকাৰী সাহাৰ্য অবিহনে তেওঁ এই উদ্যোগ লৈ বহু স্থানত এতিয়া এই খেতি কৰি আছে।

ষ্টেভিয়াৰ এখন ভাল বজাৰ আছে। ইয়াৰ ঔষধি গুণৰ সন্দৰ্ভত ইতিমধ্যে বিশ্বজুৰি গৱেষণা হৈছে। প্ৰথমে ছুইডেনৰ এজন বিজ্ঞানীয়ে কিহৰ কাৰণে নো এই গছবিধৰ পাত মিঠা হয়, সেই বিষয়ে গৱেষণা আৰম্ভ কৰিছিল। তাৰ পাছত জাৰ্মানীৰ দুজন ৰসায়ন বিজ্ঞানীয়ে সেই গছৰ পাতত থকা গ্লাইক’চাইড পৃথক কৰিবলৈ সক্ষম হৈছিল।

আমাৰ বাবে এই গছৰ পাত ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতা লৈ এতিয়াও সজাগতা অহা নাই। পংকজ কলিতাই নিজা উদ্যোগত এটা কোম্পানী খুলি বহু ক্ষুদ্ৰ খেতিয়কক ইয়াৰ খেতিৰ সৈতে জড়িত কৰাইছে। WUBITU AGRITECH নামৰ এই কোম্পানীটোৱে সেই উৎপাদিত মধু তুলসী খেতিয়কৰ পৰা সংগ্ৰহ কৰি দেশ- বিদেশলৈ ৰপ্তানি কৰে।

কিহৰ বাবেনো মধু তুলসী বা ষ্টেভিয়া মানুহৰ দেহৰ বাবে উপযোগী, ইয়াকলৈ বহু গৱেষণা হোৱাৰ অন্তত পোহৰলৈ অহা তথ্যবোৰ অতি সম্ভাৱনাময়। বিশ্বজুৰি এখন বিশাল বজাৰ ইতিমধ্যে গঢ় লৈ উঠিছে। বিজ্ঞানীসকলে গৱেষণাত পোৱা তথ্য অনুসৰি মধু তুলসী মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বাবে অতি উপযোগী।

ইয়াক এই দুই ৰোগৰ অমৃত আখ্যা দিব পাৰি। কিয়নো মধু তুলসীয়ে দেহত তেজৰ শৰ্কৰাৰ পৰামাণ নিয়ন্ত্ৰিত কৰি ৰাখে। ই বেক্টেৰিয়া ৰোধক আৰু এন্টি অক্সিজেন হিচাপেও কাম কৰে। ছালৰ উজ্জ্বলতা, হাড় আৰু দাঁতৰ বাবে ই উপযোগী।

প্ৰকৃতিয়ে দিয়া এয়া এক মিঠাৰ উৎস, চেনিৰ বিকল্প। ইয়াৰ বৈজ্ঞানিক নাম ষ্টেভিয়া ৰেবাউ ডিয়ানা। চেনি আৰু ষ্টেভিয়া যদি তুলনা কৰা হয়, তেনেহ’লে দেখা যাই- ষ্টেভিয়াত চেনিতকৈ ২০০ৰ পৰা ৩০০ গুণ মিঠাৰ সোৱাদ আছে। ইয়াৰ পাতত ৯.০১ শতাংশ ষ্টেভিঅ’ চাইদ আৰু ৩.০৮ শতাংশ ৰেবাউ ডিঅ’ চাইদ পোৱা যায়।

গৱেষণাৰ আন এক তথ্য অনুসৰি বিশুদ্ধ ষ্টেভিয়াৰ পাতত গ্লাইক্লেমিক ইনডেক্স শূণ্য। ইয়াৰ অৰ্থ হৈছে- এই মিঠাই দেহত গ্লুক’জৰ মাত্ৰা বৃদ্ধিত প্ৰভাৱ নেপেলায়। আনহাতে চেনিৰ জি আই ৬৫। ইয়াৰ উপৰিও ষ্টেভিয়াত কেল’ৰি শূণ্য। বিপৰীতে প্ৰতি দুই চামুচ চেনিত থকা কেল’ৰিৰ পৰিমাণ হৈছে ৩২।

চেনি বা কৃত্ৰিম মিঠাৰ কোনোটোৱেই আমাৰ দেহৰ বাবে উপযোগী নহয়। কিন্তু ষ্টেভিয়াৰ মিঠাই দেহৰ কোনো ক্ষতি নকৰে। কাৰ্ব’হাইড্ৰেট আৰু ক’লেষ্টৰেলৰ মান শূণ্য হোৱাটো ইয়াৰ এক উল্লেখযোগ্য দিশ। এতিয়া বহুজাতিক কোম্পানীসমূহেও ষ্টেভিয়া ব্যৱহাৰত গুৰুত্ব দিছে। শীতলপানীয়, বিস্কুট আদিৰ প্ৰস্তুতত এই মধু তুলসী ব্যৱহাৰ কৰিবলৈ লৈছে।

অগ্নাশয়ত ইনচুলিন উৎপাদন বৃদ্ধি কৰা, উচ্চ ৰক্তচাপ কমোৱা আদি গুণসমূহ আছে ইয়াত। পংকজ কলিতাৰ লগতে নলবাৰীৰ আন এজন উদ্যোগী যুৱক সোণধন ডেকাই অসমত এইবিধ উদ্ভিদৰ খেতি প্ৰচাৰ আৰু প্ৰসাৰত নীৰৱে লাগি আছে।

এই খেতিৰ বাবে পানী জমা নোহোৱা ওখ মাটিৰ প্ৰয়োজন হয়। উজনি অসমত এই খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে যদিও বৰ্তমান ৰাজ্যখন ১৪৮ জন মান খেতিয়কে এই খেতি কৰি আছে। পংকজ কলিতা আৰু সোণধন ডেকাহঁতে খেতিয়কসকলক যাৱতীয় প্ৰশিক্ষণ আৰু ইয়াৰ পুলি যোগান ধৰে।

ৰাজ্যত অতি শীঘ্ৰে তেওঁলোকে ষ্টেভিয়া এছট্ৰেকছন ইণ্ডাষ্ট্ৰী এটাৰ চেষ্টাও কৰি আছে। তেতিয়া দৈনিক ৬০০ৰ পৰা ১,০০০ কেজি ষ্টেভিয়াৰ শুকান পাতৰ আৱশ্যক হ’ব। বাণিজ্যিক ভিত্তিত এই খেতি কৰিলে খেতিয়ক উপকৃত হোৱাৰ লগতে স্বাস্থ্যৰ প্ৰতিও সমান্তৰালভাৱে সজাগতাৰ আন্দোলন গঢ় লৈ উঠিব।

অসমত উৎপাদিত মধু তুলসীৰ পাউদাৰ, শুকান পাত আৰু ৰস ক্ৰয় কৰে বহিঃ ৰাজ্যৰ গ্ৰাহকে। অনলাইনযোগে জৈৱিকভাৱে উৎপাদন কৰা মধু তুলসী বেছিভাগে বিক্ৰী হয় মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আদিলৈ। এতিয়া তেওঁলোকে বছৰি ৬ৰ পৰা ৭টন মধু তুলসী বা ষ্টেভিয়া শুকান পাত উৎপাদন কৰি আহিছে।

ষ্টেভিয়াৰ বৰ্তমানৰ বজাৰ পৰিসৰ দিনক দিনে বাঢ়িছে। ২০২২ত সেয়া ৫৯৭.২মিলিয়ন ডলাৰ আছিল। ২০২৯ত এই বজাৰৰ পৰিসৰ ১০১৬.৫ মিলিয়ন ডলাৰ হ’বগৈ বুলি অনুমান কৰা হৈছে। ২০৩২ত ষ্টেভিয়াৰ বজাৰে ৫.৯ মিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিব বুলি বজাৰ বিশেষজ্ঞসকলে পূৰ্বানুমান কৰিছে।

অসমত কৃষি বিভাগ বা আন সংশ্লিষ্ট বিভাগে এতিয়াও ষ্টেভিয়া খেতিত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। পংকজ কলিতা আৰু সহযোগীসকলে তাৰ পাছতো একক উদ্যোগেৰে প্ৰশংসনীয়ভাৱে এই খেতিক আগুৱাই নিছে।

ৰাজ্য চৰকাৰে নীৰৱে কাম কৰা এনে লোকসকলক উৎসাহিত কৰিবলৈ উদ্যোগ ল’ব লাগে। প্ৰকৃত অসম গৌৰৱৰ অধিকাৰী এইসকলক লোকহে। তেওঁলোকে কৃষকসকলক এই খেতিৰ বাবে সকলো ধৰণৰ পৰামৰ্শ আৰু সহায়- সহযোগ কৰি আহিছে। আগ্ৰহীসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে।

এতিয়াও ৰাজ্যৰ ৯৫ শতাংশ লোকে নাজানে মধু তুলসী কি আৰু ইয়াৰ ব্যৱহাৰ। এনে দিন আহি আছে সৰ্বব্যাপী ইয়াৰ ব্যৱহাৰ হ’ব। আলহী ঘৰলৈ গ’লে গৃহস্থই চাহত মিঠা খাই নে বুলি সুধিলে আলহীয়ে উত্তৰ দিব- মিঠা খাওঁ , চেনি নাখাওঁ। আছে যদি ষ্টেভিয়া দিয়েই বনাব চাহ...।

Also Read: দুটা কুকুৰৰ বাবে এটোপাল চকুপানী...

Stevia