শেষ বাণী...

শেষ বাণী...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

কাৰোবাৰ মৃত্যুৰ পূৰ্বে ঘৰখনৰ পৰিৱেশেই বেলেগ হৈ পৰে। নিশ্চিত মৃত্যুক সন্মুখত লৈ পৰিয়াল তথা আত্মীয়-স্বজনক বহুলোকে বহু দিহা পৰামৰ্শ দি যায়। এই মূহুৰ্তবোৰ অতি আৱেগিক হৈ পৰাতোৱেই স্বাভাৱিক।

মৃত্যুৰ শয়নত থাকি এই ধৰণৰ দিহা পৰামৰ্শ দিয়া বহু দৃশ্য আজিও সজীৱ হৈ আছে। কেতিয়াবা কোনোবা বিশেষ আত্মীয়জনক এবাৰ চাব খোজাৰ হাবিয়াস, কেতিয়াবা নিজ সন্তানক কাষলৈ মাতি অস্পষ্ট ভাষাৰে কৈ যোৱা কথাবোৰ ৰৈ যায় জীৱনৰ বাবে।

এনে দৃশ্য হয়তো আপুনি দেখিছে, মৃত্যু নিশ্চিত বুলি অনুমান কৰিব পাৰি বৰপুত্ৰক মাতি আনিছে। বিচনাৰ কাষত বহোৱাই লৈ মাতৃক ভালদৰে চোৱা-চিতা কৰিবলৈ, ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে পৰিয়ালটোৰ দায়িত্ব ল'বলৈ কৈ গৈছিল।

শেষ সময়ত কৈ যোৱা এই কথাবোৰে মানুহক বেলেগ ধৰণে ক্ৰিয়া কৰে। এনে দৃশ্যও দেখাৰ অভিজ্ঞতা নিশ্চয় বহুতৰে আছে, বিয়া দিয়া মৰমৰ জীয়ৰী কেতিয়া আহিব বুলি পৰিয়ালক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰিছে।

জীয়ৰী অহাৰ পাছত তেওঁৰ হাতেৰে এচামুছ পানী খাব বিচাৰিছে। তাৰ পাছতেই চিৰ নিদ্ৰাত তেওঁ শুই পৰিছে। সেই সময়ত সেই স্থানত উপস্থিত থকা পৰিয়াল তথা আন লোকৰ বাবে সেয়া হৈ পৰে এক অপাৰ বিস্ময়।

মানুহে আলোচনা কৰে- জীয়েকৰ বাবেই ৰৈ আছিল, জীয়েকৰ হাতেৰে পানী এঢোক খাইহে তেওঁ গ'লগৈ। তাতেই জীয়েকৰো লুকাই থাকে সন্তুষ্টি। জীৱন-মৃত্যুৰ এই যাত্ৰাত এয়া চিৰশ্বাস্বত- আহিলে যাবও লাগিব।

ঠিক এইধৰণৰ অভিজ্ঞতাই সজীৱ কৰিব পৰা এটা ভিডিঅ'। সেই ভিডিঅ'টোৰ কিছু বক্তব্য শুনি মূহুৰ্তৰ ভিতৰতে আপোনাকো লৈ যাব তেনে এক পৰিৱেশলৈ। সেই জগতখনক বিচৰণ কৰি ভিডিঅ'টোত কোৱা কথা কেইটাৰ ভাৱাৰ্থ উপলব্ধি কৰাৰ প্ৰয়াস কৰোতেই দুখন মুখে ভুমুকি মাৰিব।

তাৰেই এখন এগৰাকী মাতৃৰ মমতাময়ী মুখ আৰু আনখন এগৰাকী অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ এক সতৰ্ক দৃষ্টি। ভিডিঅ'টোৰ কথা দুই এজনে কৈছিল। সেই কথাত ৰাজনৈতিক উদ্দেশ্য বা স্বাৰ্থ নাছিল। আছিল এক মহৎ জীৱনৰ মহৎ উপলব্ধি।

ভিডিঅ'টো প্ৰত্যক্ষ কৰি এজনে হৃদয়ংগম কৰিছিল- জাতিটোৰ প্ৰতি তেওঁৰ ইমান দায়বদ্ধতা যে মৃত্যুৰ শীতল কোলাত চিৰ নিদ্ৰা ল'বলৈ গৈ থকাৰ আগমূহুৰ্ততো তেওঁক মনত ৰাইজকলৈহে চিন্তা।

যিজনে এই ভিডিঅ'টো চাইছে তেওঁ সেই মহিমাময়ী নাৰীক চিনিছে। ভিডিঅ'টোত কেৱল তেওঁ। কিন্তু অনুমান কৰিব পাৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত তেওঁৰ খবৰ ল'বলৈ কোনোবা গৈছে।

সেই অসুস্থ গাৰেই তেওঁ গাইছে এটা গীত- মানুহে মানুহৰ বাবে। কোনোৱে তেওঁক গাবলৈ দিয়া নাই এই গীত। কিন্তু তেওঁ কাৰো কথা শুনা নাই। গীতৰ কিছু শব্দ তেওঁৰ মুখত ফুটি উঠা নাই। তথাপিও তেওঁ গাই গৈছে সেই গীত।

কোনোবাই তেওঁক ''হ'ব বাইদেউ হ'ব'' বুলি কৈছে। তেওঁ কৰ্ণপাত কৰা নাই এইবোৰলৈ। তেওঁ এই গীতটো সেইখিনিলৈ গাইছে যিখিনিলৈকে গালে সেই গীতৰ ভাৱাৰ্থ বুজি পাব পাৰি। তেওঁ গাই গৈছিল-মানুহ যদিহে নহয় মানুহ,/দানৱ কাহানিও নহয় মানুহ,/মানুহ যদিহে নহয় মানুহ,/দানৱ কাহানিও নহয় মানুহ,/যদি দানৱ কাহানিবা হয়েই মানুহ,/লাজ পাব কোনেনো কোৱা সমনীয়া...

শয্যাগত সেই নাৰীয়েই আছিল সুদক্ষিনা শৰ্মা। কেৱল মানুহৰ চিন্তায়েই এখন সুন্দৰ পৃথিৱীৰ সপোন দেখি সাংস্কৃতিক ক্ষেত্ৰখনত আজীৱন বিচৰণ কৰা এই নাৰী। এগৰাকী আজন্ম শিল্পী।

গীতৰ শেষত তেওঁ কৈছে- ''হিমন্ত, তুমি মানুহৰ নিচিনা কাম কৰা বাবা''। ইয়াৰ পাছত তেওঁ কি কৈছিল সেয়া ভিডিঅ'টোত নাই। এয়া ৰাইজৰ বাবে কাম কৰিবলৈ সুদক্ষিনা শৰ্মাই জনোৱা আহ্বান আছিল।

মৃত্যুৰ কিছুদিনৰ পূৰ্বে কৈছিল এইদৰে সুদক্ষিনা শৰ্মাই। সেয়া তেওঁ এগৰাকী মমতাময়ী মাতৃ সুলভ আচৰণ আছিল। এয়া তেওঁৰ অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ এক বাণী আছিল। ইয়াক ৰাজনীতি নাই। আছে আন্তৰিকতা আৰু বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত সময়ৰ অনুৰনন।

মৃত্যুৰ পূৰ্বে সুদক্ষিনা শৰ্মাই কৈ যোৱা এই কথাষাৰ ওপৰত উল্লেখ কৰা সেই মৃত্যুমুখী মানুহবোৰৰ শেষ কথাৰ দৰেই নহয়নে। যিবোৰ কথাই মানুহক আৱেগিক কৰি তোলে, ভৱাৰ অৱকাশ দিয়ে। পাৰ্থক্য ইয়াত এটাই, আনবোৰৰ শেষ বাণী এটা পৰিয়াল বা আত্মীয়-স্বজনৰ মাজত সীমাবদ্ধ থাকে কিন্তু সুদক্ষিনা শৰ্মাৰ এই বাণী আছিল ৰাইজ আৰু ৰাইজৰ স্বাৰ্থত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা আগ্ৰহ, বিশ্বাস প্ৰতিফলিত হোৱাৰ লগতে সুদক্ষিনা শৰ্মাৰ এই বাণীত আছে সতৰ্কতাৰ সুৰ।

শেষ বাণী...
অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in