এই নাটকৰ নাট্যকাৰ কোন ?

এই নাটকৰ নাট্যকাৰ কোন ?
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

আজিকালি সাধাৰণ মানুহবোৰো বহুক্ষেত্ৰত সাধাৰণ হৈ থকা নাই। আগৰ দৰে সাধাৰণ মানুহৰ চকুত ধূলি দি সকলো কাম কৰিব নোৱাৰি। হাজাৰ চেষ্টা কৰিলেও তেনে ভুল সহস্ৰজন লোকৰ চকুত ধৰা দিয়েই।

বিশাল ফুকন আৰু চুমি বৰা- তাৰ্কিক বৰাৰ গ্ৰেপ্তাৰৰ পাছত সৰ্বসাধাৰণে এতিয়া আৰক্ষীৰ ভূমিকাকলৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। যিবোৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে আৰক্ষীয়েও দিব পৰা নাই। এই বিষয়বোৰ অধিক চৰ্চা হোৱাৰ লগে লগে অৱশ্যে মূল বিষয়বোৰক গৌণ কৰাৰ এক প্ৰপোগণ্ডা সফল ৰূপায়ণ হৈছে।

আৰক্ষীৰ চকুত ধূলি দি চুমি বৰা ক’ত আছিল ? সেই তদন্ত নিশ্চয় আৰক্ষী বা তদন্তকাৰী দলে কৰিছে। চুমি বৰাই সংবাদ মাধ্যমক যোৰহাটৰ ঘৰত লুকাই থকা বুলি কোৱাৰ কথা কিমান সত্য ? সমগ্ৰ ঘটনা প্ৰবাহ এক ৰহস্যঘন নাটকৰ দৰে হৈ পৰিছে।

আৰক্ষীৰ প্ৰতি মানুহৰ সন্দেহ বাঢ়ি গৈ আছে বহু কাৰণত। যিবোৰ সন্দেহৰ যুক্তি আছে। এখন যেন চিত্ৰনাট্য প্ৰস্তুত কৰি চুমি – তাৰ্কিকৰ আত্মগোপন আৰু আত্মসমৰ্পণৰ প্ৰক্ৰিয়াটোত স্বচ্ছতা নাই। খোদ আৰক্ষী অধীক্ষকে যেতিয়া প্ৰথমাৱস্থাত ইয়াক আত্মসমৰ্পণ নে গ্ৰেপ্তাৰ আখ্যা দিব তাকলৈ বিমোৰত পৰা পৰিলক্ষিত হৈছিল।

আটক কৰা বা গ্ৰেপ্তাৰ কৰা অভিযুক্তক বিলাসী হোটেলত ৰাজ আতিথ্য প্ৰদান কৰা উদাহৰণ বিৰল। কিন্তু চুমি-তাৰ্কিকৰ ক্ষেত্ৰত এয়াই কৰা হ’ল। ডিব্ৰুগড়ৰ জিমখানাৰ বিলাসী কোঠাত বিশ্ৰাম কৰিবলৈ দি পুৱাৰ ব্ৰেকফাৰ্ষ্ট আৰক্ষীৰ সৈতে গ্ৰহণ কৰাৰ সুযোগ দিয়া হ’ল দুয়োকে।

আৰক্ষীৰ চকুত ধূলি দি পলাই থকা এই নাটকখনৰ আঁৰতো নাট্যকাৰৰূপত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ভূমিকাৰ কথা ইতিমধ্যে বহুলভাৱে চৰ্চা হৈছে। তাৰ পাছত আৰক্ষীৰ এই আতিথ্যই সেই সন্দেহক আৰু কিছু পূৰ্ণতা দিলে। ক’ৰবাত দুয়োকে এনে ৰক্ষণাবেক্ষণ দিয়াৰ নামত দৰদাম চলিল নেকি বুলি মানুহে প্ৰশ্ন কৰিছে।

তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত দুয়োকে থানালৈ অনা হৈছিল। ডিব্ৰুগড় সদৰ থানাত লক-আপৰ ভিতৰত থকাৰ অৱস্থাত দুয়োৰে ফটো ভাইৰেল হ’ল। যাৰ বাবে আকৌ চুমি-তাৰ্কিকৰ লক-আপৰ ভিতৰৰ ফটো কেনেকৈ, কোনে তুলিলে সেই প্ৰশ্ন উত্থাপিত হৈছে।

এগৰাকী অভিযুক্তৰ এনে ফটো ভাইৰেল হোৱাতো আইন বিৰুদ্ধ। ই মানৱ অধিকাৰো ভংগ কৰে। ইয়াকলৈ অধিবক্তাই আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ লিখিলে। এনেবোৰ বিতৰ্কৰ মাজতে দেখা গ’ল যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল, সেই ফটোত দেখা পোৱা গৈছিল চুমি বৰা থকা লক-আপত তলাই মৰা নাছিল।

এইবোৰ বিষয়ে আৰক্ষীক সন্দেহৰ আবেষ্টনীৰ মাজলৈ আৰু ঠেলি দিলে। আৰক্ষী সঞ্চালক প্ৰধানে চুমি বৰাক লক-আপত থকা সময়ত তলা মাৰি থোৱা বুলি প্ৰতিপন্ন কৰিবলৈ এখন ফটো তেঁও সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিলে।

কিন্তু ভাইৰেল হোৱা ফটো আৰু আৰক্ষী সঞ্চালক প্ৰধানে সামাজিক মাধ্যমত দিয়া ফটোৰ মাজত বহুকেইটা কথা লক্ষ্যণীয় হৈ ৰ’ল। যিখন ফটো ভাইৰেল হৈছিল সেইখন ফটোত লক-আপৰ তলাই মৰা নাছিল। হয়তো বিতৰ্কৰ পাছত লক-আপৰ তলা মাৰি আৰক্ষী সঞ্চালক প্ৰধানলৈ পৃথক ফটো স্থানীয় আৰক্ষীয়ে প্ৰেৰণ কৰিলে।

ভাইৰেল হোৱা ফটোখনত চুমি বৰাই দুই হাত খামুচি ফটোৰ বাবে লক-আপৰ ভিতৰত প’জ দিছিল। আনহাতে ডিজিপি জি পি সিঙে আপলোড কৰা ফটোখনত লক-আপৰ এডাল লোহাৰ ৰদত হাতেৰে খামুচি ধৰি আছিল চুমি বৰাই।

ইয়াৰ পৰাই স্পষ্ট হয় যে এই সমগ্ৰ কৰ্মকাণ্ড স্বাভাৱিক নহয়। আনহাতে গ্ৰেপ্তাৰৰ পাছত তেঁওক জিমখানালৈ নি এটা নিৰ্দিষ্ট সংবাদ মাধ্যমৰ সাংবাদিকক সাক্ষাতকাৰৰ ব্যৱস্থা কৰি দিয়া হ’ল। কি স্বাৰ্থত, কাৰ নিৰ্দেশত এয়া কৰা হ’ল সেয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেও সাঁথৰ হৈ ৰ’ল।

মুখ্যমন্ত্ৰীয়ে চুমি- তাৰ্কিক জিমখানালৈ নিয়া, এটা সংবাদ মাধ্যমক সাক্ষাতগ্ৰহণৰ সুবিধা আদি প্ৰসংগবোৰৰ তদন্ত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অপৰাধী বা অভিযুক্তৰ ক্ষেত্ৰত এইবোৰ সুবিধা ওপৰৰ পৰা নিৰ্দেশ নাথাকিলে তলৰ বিষয়া- আৰক্ষীয়ে কৰাৰ সাহস নাই।

ইফালে সংবাদ মাধ্যম আৰু একাংশ জ্যেষ্ঠ সাংবাদিকৰ ভূমিকাক লৈও প্ৰশ্ন উঠিছে। গুৰু-গোসাই নমনা বুলি সাংবাদিকৰ প্ৰতিও সৰ্বসাধাৰণ ক্ষুণ্ণ হৈছে। আগতীয়াকৈ চুমি-তাৰ্কিকৰ আত্মসমৰ্পণৰ খবৰ দিয়া সকলৰ বিৰুদ্ধে উত্থাপিত হৈছে তেঁওলোকৰ সৈতে সনা-পিতিকাত থকাৰ অভিযোগ।

অৱশ্যে এই অভিযোগবোৰ সত্য অণ্বেষণ কৰা সকলে কৰাৰ দৰেই অনলাইন ট্ৰেডিঙৰ প্ৰচাৰ চলোৱা সকলোকো তদন্তৰ আওতালৈ অনাৰ প্ৰতি অভিযোগো উঠিছে। সেই অভিযোগ- প্ৰতি অভিযোগৰ মাজতে চুমি – তাৰ্কিক কেন্দ্ৰিক খবৰবোৰ এখন চিত্ৰনাট্যৰ দৰে হৈ পৰিছে। সাধাৰণ মানুহে কিন্তু বুজি উঠিছে-  এইবোৰ দেখোন নাটকৰ দৰে হৈ পৰিছে...

এই নাটকৰ নাট্যকাৰ কোন ?
মই এৰিলো আছুঃ আহিল খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in