টাইম নাই !

টাইম নাই !

author-image
Asomiya Pratidin
New Update
টাইম নাই !

মৃদুল কুমাৰ সন্দিকৈ

২৪ ঘণ্টাই এদিন। সলনি হোৱা নাই সময়ৰ হিচাপ। কম-বেছি হোৱা নাই এটা দিনৰ সময়। তথাপিও আমাৰ এতিয়া অভাৱ হয় সময়ৰ।

মানুহৰে মানুহক সময় দিবলৈ সময়ৰ অভাৱ। পৰিয়াল-স্বজন,আত্মীয়-কুটুম্বৰ বাবে হাতত নাথাকে সময়। আমি অনুভৱ নকৰা সঁচা কথা এটা এয়া।

পূৰ্বতকৈ সকলোবোৰ সহজলভ্য হৈ পৰিছে এতিয়া। হাতত ইমান সময় থকাৰ পিছতো এনে কিয় অভাৱ হয় সময়ৰ ? কিয় আমি কাৰোবাৰ বাবে অকণমান সময় দিব নোৱাৰা হৈ পৰিছো। পিতৃ-মাতৃৰে এতিয়া নিজৰ সন্তানৰ বাবে সময়ৰ অভাৱ।

‘টাইম নাই’- এয়া আধুনিক জীৱনৰ বাবে টেগ লাইন হৈ পৰিছে। অথচ আগতে মানুহে মানুহক,ঘৰৰ সদস্য,পৰিয়াল-স্বজনক,বন্ধু-বান্ধৱক সময় দিব পাৰিছিল। সুখত বা দুখত খবৰ ল’বলৈ সো-শৰীৰে গৈছিল। তেতিয়াতো কোনেৱো কোৱা নাছিল ‘সময় নাই’ !

আজি সময়হীন আধুনিক জীৱনৰ গৰাকীসকলৰ বাবে এই কাহিনী। হয়তো কোনো কোনোৱে এই কাহিনী সামাজিক মাধ্যমত শুনিছে। তথাপিও এই কাহিনী ক’বলৈ লোৱা এক উদ্দেশ্য আছে। কাহিনীৰ সাৰাংশ বুজা জনে বুজিব সেই উদ্দেশ্য।

বোধগাম্য হোৱা জনে ক’বলৈ টান পাব কাৰোবাক সময় নাই বুলি। কাহিনী ৪জন বন্ধুৰ। এখন মহাবিদ্যালয়ৰ ৪ অন্তঃৰংগ বন্ধু আছিল- প্ৰবীণ,মনিষ,সন্তোষ আৰু নবীন। কলেজৰ অন্তিমটো দিনত চহৰখনৰ ভাল হোটেলখনত তেওঁলোক মিলিত হৈছিল।

কলেজীয়া জীৱন শেষ। সময়ে তেওঁলোকক ক’লৈ লৈ যায় কোনোও নাজানে। ইমান দিনৰ পাছত আকৌ তেওঁলোকে লগ হ’ব সেয়াও অনিশ্চিত।

৪বন্ধুৱে অন্তিম দিনটোত আৱেগিক হৈ পৰিছিল। পাৰ্টী,হাঁহি-ফূৰ্তি সকলো চলিছিল। তাৰ পাছত এজন বন্ধুৰ এক অদ্ভূত প্ৰস্তাৱ আহিল- তেওঁলোকে মাজৰ সময়খিনিত লগ পাওক বা নাপাওক ৪০ বছৰৰ পাছত সেই হোটেলখনতে ১জানুৱাৰীৰ দিনটোত লগ পাব আকৌ। সেই হোটেলখনলৈ,সেই দিনটোত যি শেষত আহে,সেইদিনা তেঁৱেই দিব লাগিব হোটেলৰ সকলো ব্যয়।

৪জন বন্ধুৱে মানি ল’লে সেই প্ৰস্তাৱ। সময় বহুত বেছি যদিও মনত লিখি ল’লে এই দিনটোৰ কথা। তাৰ পাছত তেওঁলোক গুচি গ’ল ঘৰা-ঘৰি।

এদিন-দুদিনকৈ পাৰ হ’ল সময়। সেইদিনা আছিল ১জানুৱাৰী। চহৰৰ সেই হোটেলখনৰ চেহেৰাই সলনি হৈ গৈছিল। আচলতে সলনি হৈ পৰিছিল সমগ্ৰ চহৰখন।

এখন বিলাসী গাড়ী আহি সেই স্থানত ৰৈছিলহি। অপৰিচিত হোটেলখনৰ সন্মুখত ৰৈ মানুহজন নিশ্চিত হৈছিল-সেইখন হোটেল পূৰ্বৰ সেই হোটেলখন হয় নে নহয় !

হোটেলখনৰ ভিতৰলৈ সোমাই যাওতে এজন ৱেটাৰে তেওঁক পৰিচয় সুধিছিল। মানুহজনে তেওঁৰ নাম কোৱাত ৱেটাৰজনে এখন বিশেষ টেবুললৈ আঙুলিয়াই কৈছিল- এই টেবুলখন আপোনালোকৰ বাবে আপোনালোকৰ বন্ধু প্ৰবীণে বুক কৰি থৈছে।

তেওঁৰ নাম আছিল মনীষ। তেওঁ গৈ সেই টেবুলখনত বহিছিল। কিছু সময় পাছতে আহি পাইছিল সন্তোষ আৰু নবীন। তিনিওৰে মাজত আড্ডা জমি উঠিছিল। পুৰণি সময়বোৰ ঘূৰি আহিছিল নষ্টালজিক হৈ।

হোটেলৰ ৱেটাৰজনে তেওঁলোকক খোৱা বস্তু দি গৈছিলহি সময়ে-সময়ে। তিনিও অপেক্ষা কৰি আছিল প্ৰবীণলৈ। ইমান দেৰি প্ৰবীণ নহাৰ বাবে খঙো উঠিছিল।

ৱেটাৰজনে আহি তিনি বন্ধুক সুধিলেহি-দুপৰীয়াৰ আহাৰৰ সময় হৈছে। দিব নেকি। আৰু কিছু সময় অপেক্ষা কৰা সিদ্ধান্ত ল’লে তেওঁলোকে।

তেতিয়াও প্ৰবীণ আহি নাপালে। অৱশেষত দুপৰীয়াৰ আহাৰ তিনিওজনে গ্ৰহণ কৰিলে। প্ৰবীণৰ অনুপস্থিতি তেওঁলোকে অনুভৱ কৰিছিল সেই সময়ত। কিন্তু প্ৰবীণ নহাত মনীষে হোটেলৰ ৱেটাৰজনক মাতি বিল কিমান হ’ল সুধিলে।

ৱেটাৰজনে জনালে- হোটেলৰ সমস্ত ব্যয় প্ৰবীণে পৰিশোধ কৰিছে। সকলো দিয়ো প্ৰবীণ কিয় নাহিল সেই কথাহে তিনিও নুবুজিলে।

হোটেলখনৰ পৰা আড্ডা দি দিয়ে তিনি বন্ধু বাহিৰলৈ ওলাই আহিল। বাহিৰত এজন যুৱক তিনিও বন্ধুৰ ফালে আগবাঢ়ি আহিল। নমস্কাৰ বিনিময় কৰি যুৱকজনে পৰিচয় দিলে। কিবা অসুবিধা পালে নেকি সুধিলে।

যুৱকজন প্ৰবীণৰ পুত্ৰ বুলি জানি তিনি বন্ধুৱে একেমুখে সুধিলে-কিয় নাহিল প্ৰবীণ। প্ৰবীণৰ পুত্ৰই কৈ গ’ল নহাৰ কাহিনী। ক’লে-৩মাহৰ পূৰ্বে দেউতাকৰ মৃত্যু হৈছে। মৃত্যুৰ পূৰ্বে এই দিনটোৰ বাবে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

কিবা কাৰণত তেওঁৰ মৃত্যু হ’লে কি কৰিব লাগিব সেই কথাও পুত্ৰক কৈ গৈছিল। সকীয়াই দিছিল তেওঁৰ অনুপস্থিতিত যাতে তিনি বন্ধুৱে লগ কৰি আনন্দ মুহূৰ্ত পাৰ কৰা সময়ত যাতে এই দুঃখবৰ নাপায়।

প্ৰবীণৰ পুত্ৰই কি কৰে তিনি বন্ধুৱে জানিব বিচাৰিছিল। তেওঁ জনাইছিল ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া তেওঁ। দেউতাকৰ সেই ইচ্ছা পূৰণ কৰিবৰ বাবে ৩দিনৰ আগতে সেই চহৰখনলৈ আহিছে।

কথাবোৰ জানি তিনিও বন্ধুৱে চকুপানী ধৰি ৰাখিব নোৱাৰিলে। লগ পাবলৈ ৪০ বছৰ কিয় অপেক্ষা কৰিব লগা হ’ল সেই প্ৰশ্ন নিজকে কৰিলে। তাৰ আগতেও তেওঁলোকে তেওঁলোকৰ বাবে অলপ সময় উলিয়াব পাৰিলেহেঁতেন।

সেই উপলব্ধিৰে দুখ মনেৰে তিনি বন্ধু গুচি গ’ল ঘৰ অভিমুখে। হোটেলখনৰ সন্মুখতে বহু সময় ৰ’ল প্ৰবীণৰ পুত্ৰ। ৪০ বছৰ আগতে ৪জন বন্ধুৱে লগ হোৱা হ’লে দেউতাকেও তেওঁলোকৰ সৈতে এই মুহূৰ্ত্ত উপভোগ কৰিলেহেতেঁন।

বহু কথাই দোলা দি গ’ল প্ৰবীণৰ পুত্ৰৰ মনত। ব্যস্ততাৰ দোহাই দি সময় নাই বুলি কোৱা মানহবোৰৰ বহু ইচ্ছা এনেকৈয়ে অপূৰ্ণ হৈ ৰৈ যায়। কোন কেতিয়া এই সংসাৰৰ পৰা গুচি যাই তাৰ নিশ্চিয়তা নাই।

কন্যাদান,ৰক্তদান মহৎদান। এতিয়া সময় দানো এনে এক মহৎ দানে হৈ পৰিছে মানুহৰ বাবে। এটা বয়সত মানুহ নিঃসংগ হৈ পৰে। পুত্ৰ-কন্যা,আত্মীয়-স্বজন,বন্ধু-বান্ধৱৰ পৰা অকণমান সময় বিচাৰে।

Also Read: আমাৰ নতুন ঠিকনা- 'ৰাজীৱ ভৱন' !

TIME