ট্ৰেডিং কেলেংকাৰীৰ গোচৰ, চুমি- বিশালৰ কি খবৰ...

ট্ৰেডিং কেলেংকাৰীৰ গোচৰ, চুমি- বিশালৰ কি খবৰ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

চৰ্চাৰ শীৰ্ষত আছিল বিশাল ফুকন, চুমি বৰা। অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে প্ৰায়বোৰ সংবাদ মাধ্যমত বাতৰিৰ শিৰোণাম দখল কৰিছিল। বিশাল- চুমিকেন্দ্ৰিক সঁচা- মিছা বহু খবৰ বিয়পি পৰিছিল। লাহে লাহে সেইবোৰ তল পৰিল।

সংবাদ মাধ্যম আঁতৰি আহিল এই খবৰবোৰৰ পৰা। মানুহেও নোপোৱা হ’ল বিশাল- চুমিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ট্ৰেডিঙৰ নামত সংঘটিত হোৱা গোচৰবোৰৰ তদন্তৰ সবিশেষ। ইতিমধ্যে ৰুজু হোৱা ৪১টা গোচৰ ৰাজ্য চৰকাৰে হস্তান্তৰ কৰিছে চি বি আইক।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা। ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২০২৪ গোচৰটো প্ৰথমে তদন্তৰ দায়িত্ব দিয়া হৈছিল চি আই ডিৰ দ্বাৰা গঠিত এছ টি এফক। এই গোচৰত বিশাল- চুমি, তাৰ্কিকক ডিব্ৰুগড় সদৰ থানা আৰু বৰবৰুৱা থানাত মুঠ ৪বাৰকৈ সোধা-পোছা কৰা হৈছিল।

তেঁওলোকৰ সৈতে সম্পৰ্ক থকা বহুলোকক আৰক্ষী জেৰা চলাইছিল। সাঙোৰ খাইছিল বহু বৰ বৰ লোকৰ নাম। তেনে কিছু লোকক সোধা-পোছা কৰা হ’ল নে সেয়া আঁৰতে ৰ’ল। তদন্তকাৰী বিষয়াই বিশাল-চুমিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত জব্দ কৰি থৈছে ৮খনকৈ গাড়ী।

ইয়াৰে দুখন ফৰচুনাৰ (এখন তাৰ্কিক)ৰ, এখন টাটা ছাফাৰী, এম জি হেক্টৰ দুখন, কিয়া এখন আৰু বীট এখনৰ লগতে এখন মটৰচাইকেল। এই বীটখনতে পলাই ফুৰিছিল চুমি- তাৰ্কিক। তেঁওলোকৰ সৈতে নাম সাঙোৰ খোৱা জিংকি মিলিয়ে লাভ কৰিলে জামিন।

চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাৰ আজিও সন্ধান পোৱা নাই আৰক্ষীয়ে। অসম চৰকাৰে চি আই ডিৰ হাতলৈ হস্তান্তৰ কৰা গোচৰসমূহৰ ভিতৰত আছে- পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰ নং ০২৮৮/২০২৪, ডিব্ৰুগড় থানাৰ গোচৰ নং ০৩৫৪/ ২০২৪, ৩৫২/২০২৪, ভঙাগড় থানাৰ গোচৰ নং ১৩০/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫৩৩/২০২৪, শিলচৰ থানাৰ গোচৰ নং ০৭৮৯/২০২৪, নগাঁও থানাৰ গোচৰ নং ০৮৫৯/ ২০২৪ আদি।

ইয়াৰ উপৰিও আজাৰা থানাৰ ১৮৪/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৪০/২০২৪, গীতানগৰ থানাৰ গোচৰ নং ০১৭৪/২০২৪, বৰহোলা থানাৰ গোচৰ নং ০০২৮/২০২৪, বিজনী থানাৰ গোচৰ নং ০০৭৪/২০২৪, মুচলপুৰ থানাৰ গোচৰ নং ০১০২/২০২৪, হাইলাকান্দি থানাৰ গোচৰ নং ২০১/২০২৪, তমাৰহাট থানাৰ গোচৰ নং ০০৫৫/২০২৪ গোচৰো চি বি আইলৈ হস্তান্তৰ কৰা হৈছে।

কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৩৪/২০২৪, শিৱসাগৰ থানাৰ গোচৰ নং ০১১৩/২০২৪, দেৰগাঁও থানাৰ গোচৰ নং ১৮৪/ ২০২৪, ধুবুৰী থানাৰ গোচৰ নং ৩১০/২০২৪, চি আই ডি চাইবাৰ থানাৰ গোচৰ নং ০০১২/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮২/২০২৪, ৰঙাপৰা থানাৰ গোচৰ নং ৬৬/ ২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৫/২০২৪, লক্ষীপুৰ থানাৰ গোচৰ নং ২২৪/ ২০২৪, মিছামাৰী থানাৰ গোচৰ নম্বৰ ০০৯০/২০২৪, পুলিবৰ থানাৰ গোচৰ নং ০০৯২/ ২০২৪ নম্বৰৰ গোচৰৰো দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোক।

এই ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত দীপাংকৰ বৰ্মনৰ সন্ধান নাই এতিয়াও। চি বি আয়ে গোচৰসমূহৰ তদন্তৰ দায়িত্ব লোৱাৰ পাছত এই ট্ৰেডিং কেলেংকাৰীৰ অনুসন্ধানে অন্য এক মাত্ৰা লাভ কৰিব বুলি বহুতে ভাবিছে যদিও চুমি- বিশালৰ বিৰুদ্ধে ৰুজু কৰা গোচৰটোৰ ক্ষেত্ৰত চি আই ডিয়ে অনুসন্ধান প্ৰক্ৰিয়া বহুখিনি আগুৱাই নিছিল।

বিশাল ফুকনৰ গোচৰত ৩৭টা একাউণ্ট ইতিমধ্যে জব্দ কৰি নিষ্ক্ৰিয় কৰিছে আৰক্ষীয়ে। এই একাউণ্টসমূহত লেন-দেন কৰা ধনৰ পৰিমাণ ১৫০ কোটিৰো অধিক হ’ব। ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫৪/২০২৪ গোচৰত চি আই ডিয়ে মুঠ ১২৭জন লোকক সোধা-পোছা কৰিছিল। ইয়াৰ ভিতৰত সাক্ষীও আছে।

এই গোচৰত মুঠ ৭জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। বিশাল ফুকনে এই ট্ৰেডিঙৰ নামত কিমান ধন সংগ্ৰহ কৰিছিল সেই হিচাপো আৰক্ষীয়ে ইতিমধ্যে কৰিছে। জানিব পৰা মতে প্ৰায় ৬০ কোটিৰো অধিক ধন বিশালে সংগ্ৰহ কৰিছিল।

ইয়াৰে কিছু ধন ঘূৰাই দিয়া তথ্যও আৰক্ষীয়ে লাভ কৰিছে। ট্ৰেডিঙৰ নামত ৰাজ্যত সংঘটিত সকলো কেলেংকাৰী মিলাই হাজাৰ কোটি টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে। সেয়েহে চি বি আয়ে তন্ন-তন্নকৈ অনুসন্ধান কৰাতো প্ৰয়োজন হৈ পৰিছে।

ৰাজ্য চৰকাৰে চি বি আইৰ হাতলৈ হস্তান্তৰ কৰা আন ট্ৰেডিং সংক্ৰান্তীয় গোচৰসমূহ হ’ল- তমাৰহাট থানাৰ গোচৰ নং ০৬৮/২০২৪, মিছামাৰী থানাৰ গোচৰ নং ০০৮৯/২০২৪, দলগাঁও থানাৰ গোচৰ নং ১৮৬/২০২৪, চাৰিদুৱাৰ থানাৰ গোচৰ নং ১৪৬/ ২০২৪, কাজলগাঁও থানাৰ গোচৰ নং ০০৮৭/২০২৪, দলগাঁও থানাৰ গোচৰ নং ০১৮৩/ ২০২৪, হোজাই থানাৰ গোচৰ নং ২৬০/ ২০২৪, গৌৰীপুৰ থানাৰ গোচৰ নং ২৬৮/ ২০২৪, গোলোকগঞ্জ থানাৰ গোচৰ নং ২০১/ ২০২৪, ২০৩/২০২৪, কৰিমগঞ্জ থানাৰ গোচৰ নং ৫৪৩/ ২০২৪, দিশপুৰ থানাৰ গোচৰ নং ৯৩৪/ ২০২৪, ৮৪৯/২০২৪, তেজপুৰ থানাৰ গোচৰ নং ৫২৭/ ২০২৪ আৰু ৰূপহীহাট থানাৰ গোচৰ নং ২৫০/ ২০২৪।

এতিয়াৰে পৰা এই গোচৰসমূহৰ তদন্তৰ দায়িত্ব চি বি আইৰ। চুমি- বিশালকে ধৰি বহুকেইজন কাৰাগাৰত বন্দী। ট্ৰেডিং কেলেংকাৰীয়ে ভয়াৱহভাৱে চুই যোৱা ৰাজ্যত এই খবৰবোৰো লাহে লাহে হ’ব ধৰিছে পুৰণি।

ট্ৰেডিং কেলেংকাৰীৰ গোচৰ, চুমি- বিশালৰ কি খবৰ...
জাতীয় জীৱনৰ মহান খনিকৰ তেওঁ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in