মৃদুল কুমাৰ সন্দিকৈ
জীৱন আমাৰ বন্তি গচি দেহৰ মাজে জ্বলে/সেই বন্তি নুমাই যাব শলিতা নহ'লে হৰি ঐ, ঐ শলিতা নহ'লে- এনে অনেক দেহ বিচাৰ আৰু টোকাৰী গীতৰ সাধক গৰাকী জীৱন শলিতা নুমাই গ'ল ২৬ জুলাই, ২০২৩ ত।
প্ৰায় ৮ মাহৰ অসুস্থতাৰ অন্তত হেঙেৰাবাৰীৰ কাঞ্চন নগৰত থকা বাসগৃহত পুৱা প্ৰায় ৭ বাজি ১০ মিনিটত মহাপ্ৰস্থান ঘটিল উমাকান্ত বৈৰাগীৰ। আধ্যাত্মিকতাৰ মাজেৰে চৈতন্য জীৱনক তুলি ধৰি মানৱ প্ৰেমৰ নিজৰা বোৱাই যোৱা উমাকান্ত বৈৰাগী আছিল লোক সংগীতৰ আজীৱন সাধক।
তেওঁৰ কণ্ঠৰ মাদকতাই টোকাৰী আৰু দেহ বিচাৰ গীত সমূহক অনন্য মাত্ৰা প্ৰদান কৰিছিল। তেওঁৰ দেহৰ ভংগীমাই সেই গীতসমূহৰ সজীৱতাক মানুহৰ মাজলৈ অন্য ৰূপত লৈ গৈছিল।
তেওঁৰ পৰিশিলীত উপস্থাপন ৰীতিয়ে আধ্যাত্মিক চেতনাক মানুহৰ মনত এনেদৰে জাগ্ৰত কৰি তুলিছিল যে সেই গীতবোৰক হৃদয়ংগম কৰিবলৈ এক পৰিৱেশ ৰচনা কৰিছিল। ১৯৪২ চনৰ ৫ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খোৱাঙৰ চাউলকৰা গাঁৱত জন্ম হৈছিল এইগৰাকী শিল্পী।
সৰুৰে পৰাই এই লোক সংগীতৰ সাধনাকে তেওঁ জীৱনৰ ব্ৰত ৰূপে লৈছিল। ঘোৰাৰ নোম আৰু নাৰিকলৰ খোলাৰে তৈয়াৰ কৰা বীণ হাতত লৈয়ে জীৱন আৰু সংসাৰৰ সত্বাত গীতৰ মাজেৰে তুলি ধৰিছিল। তেওঁৰ পিতৃও আছিল এনে সংগীতৰে সাধক।
সেই সাধনাক সৰোগত কৰি অসমৰ লোক সংগীত ক্ৰমে দেহ বিচাৰ, টোকাৰী গীত, গায়ন-বায়ন, দিহা নাম, নাম প্ৰসংগ, আৰু আন আধ্য়াত্মিক চৰ্চাতেই ওৰে জীৱন তেওঁ উৎসর্গিত কৰিলে।
শৈশৱৰ পৰা টোকাৰী গীতৰ চৰ্চাৰ পৰা এইগৰাকী মহান লোক সংগীতৰ সাধকে ১৯৬৯ চনতেই ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰত নিয়মীয়া কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। পুৱাৰ সময়ত আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰত সম্প্ৰচাৰিত তেওঁৰ কণ্ঠৰ দেহ বিচাৰ আৰু টোকাৰী গীত শুনিয়েই বহুতেই দিনটো আৰম্ভ কৰিছিল।
কেইবা সহস্ৰাধিক টোকাৰী গীত পৰিৱেশনেৰে এই কলাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উমাকান্ত বৈৰাগীৰ অৱদান কোনোৱে নুই কৰিব নোৱাৰে। ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আৰু আন ব্যক্তিগত খণ্ডৰ চেটেলাইট চেনেলৰ জৰিয়তে উমাকান্ত বৈৰাগীয়ে মানুহৰ মাজলৈ লৈ গৈছিল হেৰাই যাব ধৰা এই লোক সংগীতক।
দুখনকৈ দিহা নামৰ পুথি সংকলন কৰা উমাকান্ত বৈৰাগীয়ে অসমৰ প্ৰথমটো টোকাৰী গীতৰ কেছেট ১৯৮৫ চনতেই প্ৰস্তুত কৰিছিল। সুৰেশ ফুকনৰ প্ৰযোজনাত তেখেতে পৰিচালনা আৰু কণ্ঠদান কৰা এই কেছেটটোৰ নাম আছিল বৃন্দাবন।
ইয়াৰোপৰি ১৯৮৮ চনত কলকাতাত তেখেতৰ পৰিচালনা আৰু কণ্ঠত মুক্তি লাভ কৰিছিল টোকাৰী গীতৰ কেছেট মথুৰা। ১৯৮৯ চনত পৰম গুৰু আৰু অমিয়া মাধুৰী নামৰ আন দুটা কেছেটে মুকলি লাভ কৰিছিল।
'ধৰ্ম শিৰোমণি' তেখেতৰ আন এটা টোকাৰী গীতৰ চিডি। টোকাৰী গীতৰ লগতে প্ৰায় খোল, মৃদং সকলো বাদ্য বজাব পৰা, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিটো দিশতেই দখল থকা, ভাওনা নাম প্ৰসংগ আদিত বিশেষ পাৰদৰ্শিতা আছিল উমাকান্ত বৈৰাগীৰ।
দীঘল শুভ্ৰ চুলিতাৰিৰে তেওঁ দেখাতো আছিল এজন বৈৰাগী সদৃশ। ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৌজন্যত গুৰু শিষ্যৰ পৰম্পৰা আঁচনিৰ অধীনত গুৱাহাটীৰ কাহিলীপাৰাত তেখেতে মুকলি কৰিছিল এক প্ৰশিক্ষণ কেন্দ্ৰ।
বহু নতুন প্ৰজন্মক তেওঁ শিষ্যৰূপে গ্ৰহণ কৰি এইবোৰৰ প্ৰচাৰ প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই থৈ গৈছে। দিহা নাম, দেহ বিচাৰ গীত, টোকাৰী গীত আৰু বিহু নামৰ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে তেখেতে পুথি প্ৰণয়নতো গুৰুত্ব দিছিল।
গুৱাহাটীৰ উপৰিও ৰাজ্যৰ বিভিন্ন স্থানত টোকাৰী গীতৰ প্ৰশিক্ষণ দিছিল তেওঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ বাহিৰত অনুষ্ঠান পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল তেওঁ।
১৯৭১ চনত ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰই তেওঁক প্ৰদান কৰিছিল 'বৈৰাগী' উপাধি। ২০০৬ চনত যুৱ তীৰ্থৰ দ্বাৰা সন্মানিত এইগৰাকী শিল্পীক অসম চৰকাৰে এককালীন শিল্পী সাহাৰ্য প্ৰদান কৰিছিল। ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰনালয়ে তেওঁক 'গুৰু' সন্মানেৰে বিভূষিত কৰিছিল।
২০১২ চনত তেওঁক প্ৰদান কৰা হৈছিল শিল্পী পেঞ্চন। ২০১৩ চনত তেওঁ লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। এইগৰাকী শিল্পীৰ গীত ১৯৭৫ চনতেই ৰেডিঅ' মস্কোৰ জৰিয়তে সম্প্ৰচাৰিত হৈছিল। গুৱাহাটীৰ কলাক্ষেত্ৰৰ আৰকাইভত তেখেতৰ ১৪ টা নিৰ্বাচিত গীত আৰু তেখেতে ব্যৱহাৰ কৰা লোকবাদ্য টোকাৰী এখনো সংৰক্ষিত কৰি থোৱা হৈছে।
সদৌ অসম ছাত্ৰ সন্থা, আউনী আটী নাট সমাৰোহ, প্ৰতিমা বৰুৱা পাণ্ডে কলাকৃষ্টি প্ৰতিষ্ঠান, ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি আদি অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক বিভিন্ন সময়ত সম্বৰ্ধনা আৰু এই অৱদানৰ বাবে সন্মান যাচিছিল।
২০২১ চনত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ দ্বাৰা তেখেতক প্ৰদান কৰা হৈছিল ড০ 'ভূপেন হাজৰিকা সংহতি বঁটা'। তেখেতে ৰচনা কৰা গীতৰ সংখ্যা ৭০০ ৰো অধিক হ'ব। ইয়াৰো ৫০০ ৰো অধিক গীত অনাতাৰ আৰু দূৰদৰ্শনৰ যোগে সম্প্ৰচাৰ হৈছিল।
টোকাৰী গীতৰ সম্ৰাট আছিল উমাকান্ত বৈৰাগী। ওৰেটো জীৱন লোক বাদ্য, লোক সংগীতৰ সাধনাৰে অসমত অতি নীৰৱে আধ্যাত্মিক এক পৰিৱেশ ৰচনা কৰি ৮১ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
ৰাজ্যিক মৰ্যদাৰে অন্তোষ্টক্ৰিয়া সম্পন্ন কৰা হয় উমাকান্ত বৈৰাগীৰ। তেখেতৰ মৃত্যুত তেখেতৰ হাতত থকা বীণ খনৰ তাঁৰ চিঙি গ'ল, ভাঙি গ'ল বীণ খন। কিন্তু সেই বীণৰ অমিয়া জোকাৰ ৰৈ গ'ল আমাৰ হৃদয়ত চিৰ দিনৰ বাবে।
Also Read: আমাৰ ছাৰ এনেকুৱা নহয়...