অসমৰ সাৰ পায়গৈ বাংলাদেশ-ম্যানমাৰ

অসমৰ সাৰ পায়গৈ বাংলাদেশ-ম্যানমাৰ

Published on

ৰাজ্যৰ লাখ লাখ খেতিয়কে কৃষিকৰ্মৰ বাবে প্ৰয়োজনীয় সাৰ বিচাৰি হাহাকাৰ কৰিব লগা হয়। অথচ এই কৃষকসকলৰ নামত আৱন্টিত সাৰ গৈ পাই গৈ বাংলাদেশ, ম্যানমাৰ বা আন চুবুৰীয়া ৰাজ্য। অসমৰ খেতিয়কক সাৰৰ পৰা বঞ্চিত কৰি দীৰ্ঘদিন ধৰি সাৰৰ এখন ক’লাবজাৰ গঢ়লৈ উঠিছে যদিও কৃষি বিভাগ বা ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়টো ৰহস্যজনক কাৰণত আওকাণ কৰি আহিছে।

চুপাৰী, কয়লা ছিণ্ডিকেটৰ দৰেই সাৰৰ এই ছিণ্ডিকেটৰ জৰিয়তে বছৰি অসমত কেইবা হাজাৰ কোটিটকীয়া ৰমৰমীয়া ব্যৱসায় চলি আছে। চৰকাৰী বিষয়া, বিভাগৰ সন্মুখতেই আৰু এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰোক্ষ আৰু প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি অহা এই ছিণ্ডিকেটৰ উৎখাত নোহোৱালৈকে ৰাজ্যৰ কৃষকসকলে প্ৰয়োজনীয় সাৰ লাভ কৰাতো অসম্ভৱ হৈ পৰিব।

ৰাজসাহাৰ্যযুক্ত এই সাৰ কম মূল্যত কৃষকৰ বাবে আৱণ্টন কৰা হয় যদিও সেই সাৰ গৈ পায় গৈ বিদেশী ৰাষ্ট্ৰৰ কৃষকৰ ওচৰ। শেহতীয়াকৈ মৰিগাঁও আৰক্ষীয়ে জাগীৰোডত এখন সাৰভৰ্তি ট্ৰাক জব্দ কৰিছিল। ট্ৰাকখনৰ নম্বৰ আছিল এন এল -০২-কিউ- ৮০০৯। ট্ৰাকখনত আছিল ১৩.০৫ মেট্ৰিক টন ইউৰিয়া সাৰ।

লক্ষ্যণীয় যে ভূ-জীৱন চিটি কম্পোজ নামৰ জৈৱিক সাৰ কঢ়িওৱা বুলি ভুৱা চালান প্ৰস্তুতেৰে এই ইউৰিয়া সাৰখিনি মেঘালয়ৰ শ্বিলংলৈ নি থকা হৈছিল। মেঘালয়ৰ পৰা এনেদৰে সাৰ বাংলাদেশ আৰু ম্যানমাৰলৈ চোৰাং সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

এই সাৰখিনি এনেদৰে সৰবৰাহ কৰিবলৈ বৰা ফাৰ্টিলেইজাৰ ষ্ট’ৰৰ নামত ভুৱা চালান প্ৰস্তুত কৰা হৈছিল। ধিং ৰোডৰ হনুমান মন্দিৰৰ সমীপত থকা এই সাৰ যোগান প্ৰতিষ্ঠানটোৱে ইনভইচ নম্বৰ ৬৬৭ আৰু ই ৱেই বিল নম্বৰ ৮৬১৪২৯৯৮১২৩৫যোগে সাৰখিনি সৰবৰাহ কৰাৰ বাবে চেষ্টা কৰিছিল।

চালানত সেয়া জৈৱিক সাৰ হিচাপে দেখুওৱা হৈছিল যদিও এয়া আছিল প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনাৰ অধীনত কৃষকৰ বাবে কম দামত আৱণ্টন কৰা ইউৰিয়া সাৰ। ৰাজসাহাৰ্যযুক্ত এই সাৰ অতি কম নিৰিখত কৃষকক যোগান ধৰিব লাগে।

সেই ইউৰিয়া সাৰকে নগাঁৱৰ বৰা ফাৰ্টিলেইজাৰ ষ্ট’ৰে মেঘালয়ৰ কে ডি এন্টাৰপ্ৰাইজৰ নামত প্ৰেৰণ কৰা দেখুওৱা হৈছে চালানত। এই প্ৰতিষ্ঠানটোৰ মেঘালয়ৰ ঠিকনা- বৰা বাজাৰ শ্বিলং ষ্টেট খাছিহিল, মেঘালয় – ৭৯৩০০২। ১০ জুলাই ২০২৪ৰ আবেলি ৪-০০ বজাত এই ভুৱা চালান প্ৰস্তুত কৰা হৈছিল য’ত সামগ্ৰী বিৱৰণত লিখা হৈছিল- এইচ এছ এণ্ড কোড- ৩১০১০০৯৯, প্ৰডাক্ট নেম- ভূ জীৱন চিটি কম্পোজ (৫০ কে জি), ইয়াৰ মুঠ পৰিমাণ ১৫ মেট্ৰিক টন।

দীৰ্ঘদিন ধৰি এইধৰণে ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায় ৰাজ্যত অৱ্যাহত আছে। উল্লেখযোগ্য যে ট্ৰাকখনত উদ্ধাৰ হোৱা ইউৰিয়া সাৰৰ এটা পেকেটৰ প্ৰকৃত বজাৰ মূল্য ১৫৩৪.২৪ টকা। ইয়াক চৰকাৰী ৰাজসাহাৰ্য ১২৬৭.৭ টকাত প্ৰদান কৰাত এনে একোটা সাৰৰ পেকেট কৃষকে ২৬৬.৫০ টকাত লাভ কৰিব লাগে।

এই সুযোগ গ্ৰহণ কৰিয়েই এই সাৰৰ ছিণ্ডিকেটত জড়িত সকলে কম মূ্ল্যৰ এই ৰাজসাহাৰ্যৰ সাৰ চোৰাং বজাৰত উচ্চহাৰত বিক্ৰী কৰি কোটি কোটি টকা মুনাফা ঘটি আহিছে। উল্লেখযোগ্য যে বিশেষকৈ ইউৰিয়াৰ এনে চোৰাং বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে সাৰ বিতৰণ আৰু বিপণনৰ ক্ষেত্ৰত বিশেষ এছ অ’ পিও ঘোষণা কৰিছিল।

সেই এছ অ’ পি অনুসৰি কোনো খুচুৰা বিক্ৰেতাই ইউৰিয়া সাৰ নিৰ্ধাৰিত জিলাখনৰ বাহিৰত বিক্ৰী বা পৰিবহণ কৰিব নোৱাৰিব। চৰকাৰৰ এনে এছ অ’ পি আৰু কঠোৰ নীতিক ভৰিৰে মোহাৰি ইউৰিয়াৰ এই চোৰাং বজাৰ কেনেদৰে চলি আছে সেই প্ৰমাণ জাগীৰোডত আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ পৰাই পোৱা গ’ল।

উল্লেখযোগ্য যে ৰাজ্যত প্ৰতিবছৰে ৫.১৬লাখ মেট্ৰিক টন সাৰৰ প্ৰয়োজন হয়। সেই সাৰৰ বজাৰ মূল্য ৮শৰো অধিক কোটি টকা হ’ব। প্ৰয়োজনীয় সাৰৰ ভিতৰত অধিকাংশ ইউৰিয়া। এই সাৰবোৰ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ পৰা পূৰ্বতে পাইকাৰী বিক্ৰেতাক পোনপোটীয়াকৈ যোগান ধৰা হৈছিল যদিও দুবছৰৰ পূৰ্বে বিভিন্ন অভিযোগৰ ভিত্তিত ৰাজ্যৰ কৃষি বিভাগে সাৰৰ বিপণন নীতি সলনি কৰিছিল।

সেই নীতি অনুসৰি সাৰ যোগানৰ বাবে ৰাজ্য চৰকাৰে ন’ডেল এজেন্সি হিচাপে আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং ব’ৰ্ড চমুকৈ এ এছ এ এম বিক দায়িত্ব অৰ্পণ কৰে। ইউৰিয়াৰ এই ক’লাবজাৰ নিয়ন্ত্ৰণৰ বাবে ১,২৭২খন সাৰ যোগানৰ খুচুৰা লাইচেন্স থকা বিক্ৰেতাক আৰু ৩খন পাইকাৰী লাইচেন্স থকা প্ৰতিষ্ঠানক কৃষি বিভাগৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে আই এফ এফ চিও ৰিটেইলাৰ মডেলৰ অধীনত সাৰসমূহ যোগানৰ ব্যৱস্থা কৰাৰ কথা কৈছিল যদিও সেই মডেল আজিও কাৰ্যকৰী নহ’ল। সাৰৰ যোগানৰ ন’ডেল এজেন্সি হিচাপে দায়িত্ব লাভ কৰি এ এছ এ এম বিয়ে ৪৭০খন খুচুৰা সাৰ বিক্ৰীৰ লাইচেন্স ৰাজ্যত দিলে যদিও সাৰ যোগানৰ ব্যৱস্থা স্বচ্ছ হৈ নুঠিল।

উল্লেখযোগ্য যে ৩টা উৎপাদনকাৰী প্ৰতিষ্ঠানে ইউৰিয়া উৎপাদন কৰি অসমৰ কৃষকৰ বাবে এ এছ এ এম বিক যোগান ধৰাৰ নিয়ম। সেই প্ৰতিষ্ঠান কেইটা হ’ল- ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কো-অপাৰেচন লিমিটেড, ইণ্ডিয়ান প’টাছিয়াম লিমিটেড আৰু মেট্ৰিক্স ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড।

এইখিনিতে মনকৰিবলগীয়া কথাটো হ’ল ৰাজ্যত প্ৰতিবছৰে কৃষকৰ বাবে প্ৰয়োজন হয় ৪৫৩৩০ মেট্ৰিক টন ইউৰিয়া। কিন্তু বৰ্তমান এ এছ এ এম বিৰ জৰিয়তে ১৯৩৭০ মেট্ৰিক টন ইউৰিয়াহে খুচুৰা বিক্ৰেতাৰ বাবে বিতৰণ কৰা হয়।

কৃষি বিভাগে এই সমগ্ৰ প্ৰক্ৰিয়াটোক ক্ষেত্ৰভিত্তিক নিৰীক্ষণ কৰাৰ প্ৰয়োজন যদিও তেনে নিৰীক্ষণ দেখাই পোৱা নাযায়। কাগজে-পত্ৰে কঠোৰ নিয়ম প্ৰণয়ন কৰি থলেও সেই নিয়মক ফাঁকি দি অসমৰ সাৰ নি একাংশ অসাধু ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি আহিছে। এই সাৰবোৰ ৰে’লযোগে বা আন পৰিবহণ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানলৈ অনা হয়।

সাৰৰ ৰেক লগা নগাঁৱৰ হয়বৰগাঁও, বৰপেটাৰোড, ৰঙিয়া, বঙাইগাঁও, ডেকাগাঁও, হাৰমটী, লাকুৱা, নৰ্থ লখিমপুৰ, ফৰকাটিং, লাহোৱাল, ফকিৰগ্ৰাম, যোগীঘোপা, চাংচাৰি, জাগীৰোড, হোজাই, ভাংগা আদি স্থানৰ পৰাই ট্ৰাকযোগে এই চক্ৰই ইউৰিয়া সাৰ এনে ভুৱা চালনাৰ জৰিয়তে বিভিন্ন স্থানলৈ পৰিবহণ কৰি নিয়ে।

ইউৰিয়া পৰিবহণ যিহেতু জিলাৰ বাহিৰলৈ কৰিব নোৱাৰে তাৰ বাবে এই সাৰৰ চোৰাং বেপাৰীসকলে জৈৱিক সাৰ বুলি ভুৱা চালান প্ৰস্তুত কৰি বাংলাদেশ, ম্যানমাৰৰ বজাৰত যোগান ধৰে। জাগীৰোডত জব্দ কৰা ইউৰিয়া সাৰভৰ্তি ট্ৰাকখন যিটো সাৰ যোগান প্ৰতিষ্ঠানৰ পৰা যোগান ধৰা দেখুওৱা হৈছে, সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হৈছে বিহুতি ভূষণ বৰা। সাৰৰ চোৰাং বজাৰ আৰু ছিণ্ডিকেটৰ সৈতে জড়িত এইজন সাৰ ব্যৱসায়ী।

পূৰ্বতে শিক্ষা বিভাগত কৰ্মৰত আছিল বৰা। চাকৰি বাদ দি সাৰৰ পাইকাৰী ব্যৱসায়ত নামিছিল তেঁও। ধিং অভাৰব্ৰীজৰ ওচৰত তেঁও প্ৰথম সাৰ ব্যৱসায়ী প্ৰতিষ্ঠান গঢ়ি তুলিছিল।

পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠান কাৱৈমাৰীলৈ স্থানান্তৰ কৰে। নগাঁৱৰ বিভিন্ন স্থানত আছে তেঁওৰ গুদাম। শেনচোৱা, চামগুৰি, বৰভেটি আৰু ধিং গেটত থকা তেঁওৰ সাৰৰ গুদামৰ পৰাই এই বজাৰ নিয়ন্ত্ৰণ হৈ আহিছে।

কৃষি বিভাগে, আৰক্ষী বিভাগে ৰহস্যজনকভাৱে তেঁওক ঢুকি নাপায়। এদিনো চলা নাই তেঁওৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান। অথচ কৃষকৰ বাবে আৱণ্টিত সাৰৰ চোৰাং ব্যৱসায়ে বহু কৃষকৰ পৰোক্ষভাৱে তেজ শুহি খাইছে বিহুতি ভূষণ বৰাই।

জৈৱিক সাৰ বুলি ভুৱা চালানেৰে ইউৰিয়া সাৰ সৰবৰাহ কৰা তথ্য প্ৰমাণ হৈ যোৱাৰ পাছত এই সাৰৰ ছিণ্ডিকেটৰ আঁৰৰ মানুহবোৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব পাৰিবনে মুখ্যমন্ত্ৰীয়ে ? কৃষকৰ স্বাৰ্থত সাৰৰ এই চোৰাং ব্যৱসায়ীক উৎখাত কৰাৰ সাহস হ’ব নে কৃষি মন্ত্ৰী অতুল বৰাৰ ?

সাৰৰ ছিণ্ডিকেটৰে জড়িত এইসকলে কৃত্ৰিম নাটনি দেখুৱাই বজাৰত কৃষিকৰ্মৰ বতৰত সাৰৰ মূল্য দুগুণ বৃদ্ধি কৰে। আৰক্ষীয়ে তদন্ত কৰিলে, উপযুক্ত স্থানত অভিযান চলালে আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

চুপাৰি, গৰু, কয়লা ছিণ্ডিকেটতকৈ তলে তলে এই সাৰৰ ছিণ্ডিকেটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিন্তু ইয়াৰ বিৰুদ্ধে সাধাৰণ লোকৰ মাজত নাই কোনো প্ৰতিক্ৰিয়া। তাৰ সুবিধা গ্ৰহণ কৰিয়েই ৰাজ্যৰ কৃষকক এই চক্ৰটোৱে পিঠিত ছুৰি মাৰিছে !

অসমৰ সাৰ পায়গৈ বাংলাদেশ-ম্যানমাৰ
ADRE ক নকৰিব APSC...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in