আমাৰ বাবে খৰি ফলা খৰিকটীয়াজন...

আমাৰ বাবে খৰি ফলা খৰিকটীয়াজন...

author-image
Asomiya Pratidin
New Update
আমাৰ বাবে খৰি ফলা খৰিকটীয়াজন...

আমাৰ বাবে খৰি ফলা খৰিকটীয়াজন...

মৃদুল কুমাৰ সন্দিকৈ

কঠোৰ পৰিশ্ৰম কৰে মানুহজনে। দিনৰ দিনটো কেৱল কুঠাৰ চলায়। প্ৰকাণ্ড গছৰ টুকুৰাবোৰ একান্ত মনেৰে মানুহজনে ফালি গৈছিল। মাজত পানী খাবৰ বাবে কিছু সময় বিশ্ৰাম লৈছিল তেওঁ।

বহু মানুহ তালৈ আহে আৰু তাৰপৰা উভতে। প্ৰতিজন মানুহৰে জীৱনৰ শেষ ঠিকনা তেনেকুৱা এটুকুৰা ঠাইয়ে হয়। বগা কাপোৰৰ তলত চাঙিত উঠাই প্ৰিয়জনক শেষ বিদায় জনাই জুইৰ মাজত নশ্বৰ শৰীৰ তুলি দিয়ে। কোনোৱে নুসুধে এইদৰে অন্তোষ্টিক্ৰিয়া কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীবোৰ ক'ৰ পৰা যোগাৰ হয়।

শোক আৰু আৱেগে খুন্দা মাৰি ধৰা এই পৰিৱেশত সেইবোৰ কথা সুধিবলৈ কাৰনো বাৰু আজৰি থাকে। পানীৰ বটলটো থৈ মানুহজন কাঠৰ কুণ্ডা এটাৰ ওপৰতেই কিছু সময় বিশ্ৰাম লৈছিল।

নাম তেওঁৰ বিজয় ডেকা। আচল ঘৰ নলবাৰীত। খৰি ফলাই তেওঁৰ পেচা। ১৫-২০ বছৰ ধৰি খৰি ফালিয়েই পৰিয়াল পোহপাল দি আছে। পত্নী আৰু এটা সন্তানৰ সৈতে তেওঁৰ এখন সৰু সংসাৰ।

নৱগ্ৰহ শ্মশানৰ এটা চুকত খৰি ফালি থকা মানুহজনৰ সৈতে আত্মীয়তাৰে দুষাৰ কথা পাতোতেই কৈ গৈছিল তেওঁ নিজৰ এইবোৰ কথা। শ্মশানত খৰিয়েই ফালে তেওঁ। কেতিয়াবা যদি নৱগ্ৰহত আন দিনা ভুতনাথ বা বশিষ্ঠত খৰি ফালে গৈ তেওঁ।

এটা দিনত ৬-৭ কুইন্টল খৰি তেওঁ ফালে। দৈনিক ৫০০ টকা হাজিৰা পাই মানুহজনে। খৰি জমা হ'লেই মাতি দিয়ে তেওঁক। এইবাৰ অৱশ্যে নৱগ্ৰহ শ্মশানত থকা গছবোৰৰ প্ৰকাণ্ড ডালবোৰ কাটি তেওঁক খৰি ফালিবলৈ শ্মশান কৰ্তৃপক্ষই দায়িত্ব দিছে। হাজিৰাত নহয়, ঠিকাত লৈছে সেই খৰি ফলা কাম।

১০,০০০ টকাত সেই খৰিখিনি ফালোতেই তেওঁক ১০-১২ দিন সময়ৰ প্ৰয়োজন হ'ব। এটা নিৰ্দিষ্ট আকাৰত খৰিবোৰ ফালিব লাগে। যিকোনো মানুহে শ্মশানত চিতাৰ বাবে ব্যৱহাৰ কৰা খৰিবোৰ ফালিব নাজানে।

বহাৰ পৰা উঠি মানুহজনে আন এটা গছৰ টুকুৰা ফালিবলৈ সাজু কৰি ল'লে। সেই খৰিবোৰ হেনো শ্মশান কৰ্তৃপক্ষই দৰিদ্ৰলোকক বিনামূল্য দিয়ে। কাৰোবাৰ ঘৰত গছ কাটিলে জনা জনে গছ আৰু ডালবোৰ শ্মশানক দি দিয়ে। সেইবোৰো তেওঁ ফালিবহি লাগে।

এদিনত ৬-৭ কুইন্টলকৈ কিমান খৰি তেওঁ ফালিলে তাৰ হিচাপ ৰখা নাই। সেই খৰিৰে কিমান মানুহৰ চিতাৰ সাজিলে তাৰো হিচাপ কোনোৱে ৰখা নাই। খৰি ফলাটো অতি কষ্টকৰ কাম। বয়স তেওঁৰ ৬০ হও হও। আৰু কিমান দিনলৈ খৰি ফালিব পাৰিব সেই কথাও তেওঁ ভৱা নাই।

খৰি ফলাটো তেওঁৰ বাবে এক সেৱা হৈ পৰিছে। সেয়েহে দেহে টনালৈকে তেওঁ খৰি ফালি যাম বুলি ভাবিছে। মানুহজনৰ এই ত্যাগ আৰু সেৱা আন বহু কামতকৈও কোনো গুণে কম নহয়।

কোনোৱে খালি তেওঁক নাজানে, নুসুধে তেওঁৰ খবৰ। শ্মশানৰ এটা চুকত ৰৈ তেওঁ ফালি থাকে কেৱল খৰি। এই মানুহজন নোহোৱা হৈ গ'লে হয়তো অনুভৱ হ'ব তেওঁৰ অভাৱ। মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত, ব্যস্ততাপূৰ্ণ সময়ৰ ভিৰত বিজয় ডেকাৰ দৰেই বহুলোক আছে যিসকলে মানবীয়ৰ এক ডাঙৰ দায়িত্ব কাৰোবাৰ অগোচৰেই পালন কৰি গৈছে।

খৰি ফলাৰ বাবদ তেওঁ পাৰশ্ৰামিক পাই প্ৰতিদিনে ৫০০ টকা। কিন্তু সেই টকাৰ সৈতে শ্মশানত তেওঁৰ পৰিশ্ৰম পূৰ্ণ সেৱাৰ জানো তুলনা হয়। এজনলোকক জ্বলাবলৈ চাৰিৰ পৰা পাঁচ কুইন্টল খৰি প্ৰয়োজন হয়। তেওঁ এজন খৰিকটীয়াই নহয়, খৰি ফলাক জীৱনৰ ব্ৰত ৰূপে লৈ মৃত্যুৰ শীতল কোলাত শুই পৰা ক'ত লোকৰ বাবে কৰিছে তেওঁ উপকাৰ। এইবোৰৰ কেৱল স্বীকৃতি নাই, স্বীকৃতি নিদিয়ে কোনোৱে। কিয়নো তেওঁ যে এজন সাধাৰণ খৰিকটীয়া।

Also Read: দিল্লী কুশলে থাকক....

life