ৱাশ্বিং মেছিন...

ৱাশ্বিং মেছিন...
Published on
Updated on

আজিকালি ঘৰত ৱাশ্বিং মেছিন নথকা লোক প্ৰায় নাই বুলিবই পাৰি। ঘৰত প্ৰয়োজনীয় এক সামগ্ৰীত পৰিণত হ'ল এই ৱাশ্বিং মেছিনটো। এতিয়া ৱাশ্বিং মেছিন মানুহৰ বাবে বিলাস নহয়।

এটা সময় আছিল ৱাশ্বিং মেছিন আছিল বিলাস আৰু আভিজাত্যৰ প্ৰতীক। কাৰোবাৰ ঘৰত ৱাশ্বিং মেছিন আছে মানে সেয়া ডাঙৰ কথা। ৱাশ্বিং মেছিন অহা পূৰ্বেই মানুহে কাপোৰ ধুইছিল।

গাঁৱত নদী বা পুখুৰীৰ পাৰত কাপোৰ ধুবলৈ যোৱাতো মহিলাসকলৰ বাবে নৈম্যত্তিক কাৰ্য আছিল। ঘৰত নাদৰ পাৰত বা দমকলৰ কাষত মহিলাসকলে প্ৰায়েই কাপোৰ ধুইছিল।

সেইবোৰ দৃশ্য এতিয়া কৰবাতহে কেতিয়াবা দেখিবলৈ পোৱা যায়। কাঠৰ টুকুৰাত থুকুচি থুকুচি কাপোৰ ধোৱাৰ শব্দৰো এক তাল আছিল। সেই শব্দ শুনিলে ওচৰ চুবুৰীয়াই গম পাইছিল কাষৰ ঘৰত গৃহিনীগৰাকীয়ে কাপোৰ ধুইছে।

ডাঙৰ কাপোৰ অৰ্থাৎ এৰী চাদৰ বা তেনে ধৰণৰ কাপোৰবোৰ ঘৰতে প্ৰস্তুত কৰা কলখাৰত সিজাই ধোৱাতো অসমীয়া গ্ৰাম্য সমাজৰ এক পৰম্পৰা আছিল। সেইবোৰ পৰম্পৰা অতীত হ'ল।

ৱাশ্বিং মেছিনত মানুহে কাপোৰ ধুবলৈ ল'লে। কলখাৰ ধালাই চাবোনৰ স্থান ল'লে ডিটাৰজেন্টে। বজাৰত বিভিন্ন প্ৰকাৰৰ ডিটাৰজেন্ট, কাপোৰ ধুৱা চাবোন উপলব্ধ হ'ল। ৱাশ্বিং মেছিনবোৰৰো তথ্য-প্ৰযুক্তি উন্নত হৈ গৈ থাকিল।

আমেৰিকাত মানুহে কাপোৰ ধুই মুকলি স্থানত বা ঘৰৰ চাদৰ ওপৰত মেলা অভ্যাস নাই। ৱাশ্বিং মেছিনতে কাপোৰবোৰ ১০০ শতাংশ শুকুৱাই দিয়া হয়। সেই ৱাশ্বিং মেছিন আৰু ডিটাৰজেন্টৰ বিজ্ঞাপন দিবলৈ কোম্পানীবোৰে গ্ৰাহকক আকৰ্ষিত কৰিব পৰা বহু টেগ লাইন সৃষ্টি কৰিলে।

নিৰমা নামৰ ডিটাৰজেন্ট বিধৰ সাধাৰণ যেন লগা টেগ লাইনটো সৰু-ডাঙৰ সকলোৰে মুখে-মুখে। ৱাশ্বিং পাউদাৰ নিৰমা- এই শাৰী কেইটা টেলিভিছনৰ পৰ্দাত দেখি দেখি মানুহৰ মনত ৰৈ গ'ল।

সেই ৱাশ্বিং মেছিনেই এতিয়া ৰাজনীতিটো চৰ্চা লাভ কৰিছে। শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ বিৰোধী কংগ্ৰেছে ব্যৱহাৰ কৰিছে এটা ৱাশ্বিং মেছিনৰ ছবি। অৱশ্যে এই মেছিনত কাপোৰ ধোৱা নহয়। ধোৱা হয় ভ্ৰষ্টাচাৰী নেতাক।

দেশজুৰি কংগ্ৰেছে প্ৰচাৰ চলোৱা এই বিজ্ঞাপনত লিখা হৈছে দুটা শাৰী- ''হে মিত্ৰ, ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লম, মিছলীয়া পাৰ্টীত এজন এজনকৈ যোগদান কৰাই ল'ম''।

এটা ৱাশ্বিং মেছিনৰ ছবি দি সাংকেতিকভাৱে ৱাশ্বিং মেছিনটোৰ ভিতৰৰ পৰা এজন নেতাই কান্ধত এখন এটা ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন থকা মাফলা লৈ ওলাই আহিছে। বুজাব বিচৰা হৈছে সেই ভ্ৰষ্টাচাৰী নেতাজনে সেই ৰাজনৈতিক দলটোত যোগদান কৰাৰ পাছত তেওঁৰ সকলো ভ্ৰষ্টাচাৰ আৰু অনিয়ম শেষ হৈ গৈছে।

কাপোৰৰ দৰে নেতাক ধুই চাফা কৰিব পৰা এই ৱাশ্বিং মেছিনটোৰ নাম কি সেয়া সকলোৱে জানে। ৰাষ্ট্ৰীয় কাকততো তথ্যসহ তেনে এখন প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। য'ত দাবী কৰা হৈছে ২৫ জনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক এই ৱাশ্বিং মেছিনে ধুই নিকা কৰিছে।

তেওঁলোকৰ পাছত ইডি, চিবিআই আদি তদন্তকাৰী সংস্থা লাগিছিল। বিৰোধী দলত থকাৰ সূত্ৰে এই ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ তদন্ত তীব্ৰতৰ কৰিবলৈ উদ্যোগ লৈছিল। কিন্তু তেওঁলোক আহি ৱাশ্বিং মেছিন সদৃশ ৰাজনৈতিক দলটোত যোগদান কৰাৰ পাছতেই সেই তদন্তৰ যৱনিকা পৰিছিল।

এয়া সাধাৰণ কথা নহয়। ৱাশ্বিং মেছিনৰ এই ৰাজনীতিয়ে মানুহৰ মাজতো ব্যপক চৰ্চা লাভ কৰিছে। অসমতো এনে ৱাশ্বিং মেছিনত সোমাই নিজকে ৰক্ষা কৰা বহু নেতা আছে। তেওঁলোকৰ মুখবোৰ আমাৰ চিনাকী।

গণতন্ত্ৰত এই ৱাশ্বিং মেছিনৰ ৰাজনীতিত একাংশ নেতাৰ ৰক্ষা কবচ হৈ পৰিছে। কিন্তু এই ধৰণৰ ৰাজনৈতিক নিকাকৰণ পূৰ্বতে নাছিল। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শাসনকালত তেওঁ সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধেই ভ্ৰষ্টাচাৰৰ অভিযোগ উঠিছিল। তেওঁলোকক তেনে ৱাশ্বিং মেছিনত ভৰাই নিকা কৰাৰ সলনি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।

তাৰ অন্যতম উদাহৰণ আছিল- টু জি স্পেকটাম কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰা কেন্দ্ৰীয় মন্ত্ৰী এ ৰাজা । সেই ৰাজনৈতিক সততা সামান্য পৰিমাণে হ'লেও সৌ সিদিনালৈকে আছিল।

কিন্তু এতিয়া এনে ৰাজনৈতিক পৰিৱেশ নাই। ইচ্ছা কৰিলেই নেতাই এই ৰাজৈনিতক ৱাশ্বিং মেছিনত মূৰ গুজি দিব পাৰে। কিমান সুবিধা কৰি দিছে ভ্ৰষ্টাচাৰী নেতাৰ বাবে এই ৱাশ্বিং মেছিনবোৰে।

ৰাজনৈতিক ৱাশ্বিং মেছিন চলি আছে , হয়তো চলি থাকিব। দুৰ্নীতিগ্ৰস্ত নেতাৰ চাফাকৰণে কোনো ৰাজনৈতিক দলে নিজৰ শক্তি বৃদ্ধি কৰি গৈ আছে গৈ থাকিব। সাধাৰণ ভোটাৰ বা জনতাই এই ধৰণৰ ৰাজনীতিত ৱাশ্বিং মেছিনৰ মায়া দেখি আছে, দেখি থাকিব।

ৱাশ্বিং মেছিন...
৫ টা প্ৰশ্ন কৰাঃ লাখ টকাৰ দাঁতা ভূপেন বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in