কোনে বুজাব নুবুজা জনক? ইচ্ছা কৰিয়েই যদি কোনোবাই এনে আচৰণ কৰি যায় তেন্তে কাৰ শক্তি আছে ইয়াক বাধা দিয়াৰ? এইসকল এনেকুৱাই বুলি বিষয়বোৰ সামৰি তেওঁলোকক অৱজ্ঞা আৰু বিচাৰ-বুদ্ধিৰ উত্তৰণ ঘটক বুলি প্ৰাৰ্থনা কৰিব পাৰি মাঁথো।
গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহুত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ সত্ৰাধিকাৰসকলক অপমান কৰা এই শিল্পীজনে প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰে। এনে লাগে তেওঁ সৃষ্টি কৰা প্ৰত্যেকটো বিতৰ্ক ইচ্ছাকৃত।
সত্ৰ আৰু সত্ৰাধিকাৰ সন্দৰ্ভত মানুহ ভেদে ধ্যান ধাৰণা পৃথক হ'ব পাৰে। সত্ৰাধিকাৰসকলক প্ৰভু ইশ্বৰ সম্বোধন কৰাৰ বিৰোধিতাৰ যুক্তি থাকিব পাৰে। সেই বুলি সত্ৰাধিকাৰসকলক উদ্দেশ্যি ঘেন্টা শব্দৰ প্ৰয়োগ চূড়ান্ত অসভ্যালিৰ বহিঃপ্ৰকাশ।
পূৰ্বতেও তেওঁ আন বহুজনৰ ক্ষেত্ৰত এই শব্দৰ অপপ্ৰয়োগ কৰাৰ উদাহৰণ আছে। সেই অহমিকাবোধৰ বলি হোৱাসকলৰ ভিতৰত পৰেশ বৰুৱাও আছিল। মঞ্চত উঠি নিজকেই শুদ্ধ সত্য বুলি ভবা এনে শিল্পীৰ মুখৰ ভাষাবোৰেই যেন সুকীয়া। কোনোবাই সেয়া হজম কৰি লয়, আন কোনোবাই ইয়াৰ বিৰোধিতা কৰে।
সত্ৰসমূহ অসমৰ বৈষ্ণৱ পৰম্পৰাৰ বাহক। সেই সত্ৰসমূহক আধ্যাত্মিকভাৱে নেতৃত্ব দিয়া এচাম সত্ৰাধিকাৰ স্খলিত ঘটনা প্ৰবাহে মানুহক ক্ষোভিত কৰে। এনে সত্ৰাধিকাৰো আছে তেওঁ নামত সত্ৰাধিকাৰ হ'লেও কামত ঠিকাদাৰ।
ক্ষমতাশালী পক্ষত থাকি দালালগিৰীত নমা সেই শ্ৰেণীৰ সত্ৰাধিকাৰক প্ৰভু ইশ্বৰ বোলাৰ প্ৰৱণতাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিব লাগিব। সত্ৰৰ নামত সংগঠন খুলি সেই সংগঠনৰ বিষয়-ববীয়াৰ হৈ সত্ৰাধিকাৰ হৈ থকা লোকো আছে যি গনৰোষ বা গন পিটনৰ বলি হৈছে।
তেওঁলোকক এতিয়া কেনেকৈনো প্ৰভু- ইশ্বৰৰ শাৰীত থ'ব পাৰি? বগা ভাত দেখিলে কাউৰী পৰাৰ দৰে অনুদানৰ আশাত শংকৰী পৰম্পৰাক বিসৰ্জন দিয়া সত্ৰাধিকাৰসকলক কেনেকৈ মানৱতা আৰু ধৰ্মীয় দৃষ্টিৰে এই আসনত ৰখাব পাৰি।
নমামী ব্ৰহ্মপুত্ৰত অংশ ল'বলৈ অহা সত্ৰাধিকাৰসকলৰ বিবেক দংশন কেতিয়াও নহ'ল। ৰাম মন্দিৰলৈ দৌৰা সত্ৰাধিকাৰসকল কেনেকৈ বৈষ্ণৱবাদৰ প্ৰৱক্তা হ'ব পাৰে? এইবোৰ কথাও আছে। কিন্তু সেই বুলি তেওঁলোকক ৰাজহুৱা অপমান কৰাৰ অধিকাৰ এই অল্পমতি শিল্পীক কোনোৱে দিয়া নাই।
স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা পিতাম্বৰ দেৱ গোস্বামীৰ সংস্কাৰবাদী মন, মানৱতাবাদী ধ্যানে অসমৰ সমাজ ব্যৱস্থালৈ পৰিবৰ্তন আনিছিল। তেওঁ কেৱল এজন সত্ৰাধিকাৰেই নহয়, সমাজ সংস্কাৰক আছিল। বহুতৰ মতে তেওঁ আছিল আধুনিক কালৰ শংকৰদেৱ!
সেইসকলক প্ৰভু-ইশ্বৰ বুলিছিল মানুহে। তেওঁলোক কোনোৱে নিজকে প্ৰভু-ইশ্বৰ বুলি সম্বোধন কৰিবলৈ কাকোৱেই খাতনি ধৰা নাছিল। আনকি অলপতে মৃত্যু হোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে কেতিয়াও এই সম্বোধনৰ আশা কৰা নাছিল।
তেওঁৰ মতে প্ৰভু এজনেই। শংকৰদেৱক গুৰু বুলি ধৰি ভাগৱতখনক নিৰাকাৰ প্ৰভু বুলি বিশ্বাস কৰাত বিশ্বাসী আছিল এইগৰাকী সত্ৰাধিকাৰ। একেদৰেই গুণ আৰু মহিমাৰে গহনচন্দ্ৰ গোস্বামীয়ে এক সুকীয়া আসন অধিকাৰ কৰিছিল। নাৰায়ন চন্দ্ৰ গোস্বামীৰ পাণ্ডিত্য আৰু আধ্যাত্মিক নেতৃত্ব দিব পৰা এজন সফল সত্ৰাধিকাৰ আছিল।
এইসকল সত্ৰাধিকাৰৰ বিপৰীতে জ্যেষ্ঠ ভাতৃৰ সৈতে কাজিয়া কৰি নিজাকৈ নতুন সত্ৰ স্থাপন কৰা লোকো আছে। সেই সত্ৰৰ সত্ৰাধিকাৰৰ হৈ চৰকাৰী অনুদান হাত পাতি লোৱা সকলৰ উদ্দেশ্য কি বুজাই কব নালাগে।
নামৰ আগত শ্ৰী শ্ৰী লিখি নিজকেই আৰোধ্য ভগৱান বা প্ৰভুৰ সৈতে তুলনা কৰিলেই তেওঁ সেই শাৰীত নুঠে। এইবোৰ কথা উত্থাপন কৰাতো প্ৰয়োজন। সেয়া সঠিকভাৱে সঠিক ৰূপত, সঠিক মঞ্চত কাৰো মনত আঘাত নিদিয়াকৈ উত্থাপন কৰিব লাগিব।
কিন্তু এইসকলে নিজকে ছ'চিয়েলিষ্ট বুলি কলেও তেনে দৃষ্টিৰে এনে কথা বা এনে বিষয়বোৰ তুলি ধৰা নাই। তেওঁলোক এতিয়া না শিল্পী হৈ আছে, না গায়ক হৈ থাকিব পাৰিছে। শেহতীয়া কৰ্ম কাণ্ড দেখিলে তেওঁলোক এতিয়া গায়কতকৈ বিতৰ্ককাৰীৰ শাৰীৰ অৱনমিত হৈছে।
ভাল অনুষ্ঠান পৰিৱেশন কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ পাছত এইবোৰ সমালোচনাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সম্ভৱত এনেবোৰ আচৰণ কৰি যায়। তাতোকৈ ডাঙৰ এক সত্য যে তেওঁলোকে মেডিয়া হান্টিং কৰিব খোজে।
কোনোবা অনুষ্ঠানলৈ যোৱাৰ পথত তেওঁলোকৰ মাজত হেনো আলোচনা হয় অনুষ্ঠান থকা ঠাইত কি মন্তব্য কৰিব। তেওঁৰ লগত থকাসকলে তেওঁক তেনে কিছু পাতলীয়া বিষয় বা মন্তব্যৰ কথা কয়, আৰু তেওঁ মঞ্চত উঠি যাত্ৰাৰ পথত পাতি অহা কথাখিনিকেই এনেদৰে কৈ দিয়ে যে সেয়াই চৰ্চাৰ বিষয় হৈ পৰে।
কিছুদিনৰ পূৰ্বে বেলতলাৰ বিহুতলীত ভূপেন হাজৰিকা সন্দৰ্ভত মন্তব্য় প্ৰদান কৰি আছিল চামেলি মেমচাবৰ বাৰ্কেল চাহাব খ্যাত বিশিষ্ট শিল্পী জৰ্জ বেকাৰে। সুধাকণ্ঠৰ বিষয়ে কথাখিনি কৈ থাকোতে একাংশলোকৰ অন্য মনস্কতা আৰু হুলস্থুলৰ বাবে তেওঁ কবলৈ বাধ্য হৈছিল- অকনমান ধৈৰ্য ধৰিব দেই। আমি এজন গুণী শিল্পীৰ কথা কৈ আছো। শুনিবলৈ কাণ থাকিব লাগে আৰু মগজ থাকিব লাগে।
জাতিটোৰ বাবে এয়া দুৰ্ভাগ্যজনক। আমাৰ জাতীয় চৰিত্ৰৰ উত্তৰণ এতিয়া এচাম শিল্পীৰ এনে কৰ্মকাণ্ড আৰু তেওঁলোকৰ অনুষ্ঠানৰ চূড়ান্ত বিশৃংখলতাই যেন ফুটাই তুলিছে।
ড০ ভূপেন হাজৰিকাৰ আশে-পাশে এনে কিছুলোক আছিল যিসকলে ভূপেন হাজৰিকাক তুলি ধৰিছিল। তেওঁ অপূৰ্ণতাখিনিক পূৰ্ণতাৰ ৰূপ দিছিল। কিন্তু আজি এই বিতৰ্কিত শিল্পীসকলৰ আশে-পাশে এনে কিছু লোক আছে তেওঁলোকৰ এটায়েই গুণ আছে সেয়া হ'ল- ভালদৰে বটলত ৰঙীন পানীয় ভৰাই দিব পাৰে বা এই শিল্পীজনৰ স্খলিত যাত্ৰাৰ অনুঘটক হৈ হয় হয় বুলি অন্ধভাৱে চিঞৰিব জানে।
তেওঁৰ আশে-পাশে থকা সেইসকলে তেওঁক উত্তৰণৰ সুবিধাই নিদিলে। মাজুলীত গৈ সত্ৰাধিকাৰক গালি পাৰি বিতৰ্কৰ ধুমুহাৰ সৃষ্টিৰে তেওঁ আৰু তেওঁৰ সংগীসকল ধন্য হ'ল। সেই ছ'চিয়েলিষ্ট বুলি কোৱা জনে মাজুলীত কিমান দুৰ্নীতি গৈছে, মাজুলীৰ চিকাৎসালয়ত যে ডাক্তৰ নাই, ফেৰীত লাইফ জেকেটৰ অভাৱ এইবোৰ কথা ক'বলৈ চিন্তাৰ পৰিধিয়েই নাই।
তেওঁলোকৰ সদায় ছফ্ট টাৰ্গেট থাকে প্ৰাসংগিক বিষয় এটাক তুচ্ছ্য-তাচ্চিল্যৰে তুলি ধৰি পৰম সন্তুষ্টি লভে। তেওঁলোক এনেদৰেই ধ্বংসমুখী যাত্ৰাৰ পথিক হৈছে। কৈ লাভ নাই। সেই যাত্ৰা চকুৰ সন্মুখতে চলি আছে। এই অৰ্ধপতনৰ যাত্ৰাৰ সাক্ষী হৈ চাই থকাৰ বাদে আমাৰ কৰিব লগানো কি থাকিব পাৰে।
Also Read: ৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ