আঁৰতচোন আৰু বহু মানুহ...

আঁৰতচোন আৰু বহু মানুহ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যত কাৰ শাসন চলিছে? শাসন নে, শাসনৰ নামত প্ৰহসন এয়া? এখন নিৰ্বাচিত চৰকাৰ, শক্তিশালী প্ৰশাসন, আৰক্ষী, চোৰাংচোৱা সকলো থকাৰ পাছতো এইবোৰ কেনেকৈ সম্ভৱ হৈছে। বিৰ্তকৰ বোকাত সকলোচোন লুতুৰি-পুতুৰি হৈ পৰিছে। কোনে, কালৈ অভিযোগৰ আঙুলি তুলিব, তাৰহে এতিয়া প্ৰতিযোগিতা চলিছে!

এটকা-দুটকা নহয়, ১০হাজাৰ কোটিৰো অধিক টকা মহাপ্ৰৱঞ্চনাৰ জাল মেলি কোনোবাই সাধাৰণ মানুহক বুৰ্বক সাজিছে। অথচ সেই গুৰুতৰ অভিযোগ উন্মোচিত হোৱাৰ পাছতো অভিযুক্তৰ প্ৰতি আৰক্ষী, এচাম সাংবাদিক আৰু তথাকথিত প্ৰতিষ্ঠিত লোকৰ দৰদ দেখি মানুহে তবোধ মানিছে।

বিৰ্তকৰ মাজত সোমাই পৰা নাই কোন? সকলোৱে যেন ক্ষমতাৰ অপপ্ৰয়োগৰ প্ৰচেষ্টাত ব্যস্ত। প্ৰতিষ্ঠিত ধনৱন্ত ব্যৱসায়ীয়ে প্ৰত্যক্ষ-পৰোক্ষভাৱে অভিযুক্তক ৰঙা দলিচা পাৰি ৰক্ষণাবেক্ষণ দিয়াত কৃপণালি কৰা নাই। আৰক্ষীকো এই পৰ্যায়লৈকে মেনেজ কৰিলে যে, পলাই থকা অভিযুক্তক আৰক্ষীয়ে আটক বা গ্ৰেপ্তাৰ কৰাৰ পাছতো তেওঁলোকক বিলাসী হোটেললৈ নি অপ্যায়ন আৰু বিশ্ৰামৰ সুবিধা কৰি দিব পাৰিছে।

হট লাইনত থকা জ্যেষ্ঠ সাংবাদিকে দিহা পৰামৰ্শ দি এই গুৰুতৰ অভিযোগত অভিযুক্তসকলক আত্মসমৰ্পণৰ বাবে পট-পৰিৱেশ ৰচনা কৰি দিছে। ডিব্ৰুগড়ৰ ঘনিষ্ঠ ব্যৱসায়ী বন্ধুক সেই দায়িত্ব দি দায়িত্বশীল সাংবাদিকে অদায়িত্বশীল কামৰ দায়িত্ব লোৱাৰ আঁৰত বৃহৎ ধনৰ বিনিয়োগ বুলি চৰ্চা হৈছে।

আনকি, পূৰ্বতে কেতিয়াও নোহোৱা কাণ্ড এইসকলে মিলি সংঘটিত কৰি পেলাইছে। আৰক্ষীয়ে জেৰা কৰাৰ পূৰ্বেই আৰক্ষীৰ জিম্মাতে সাক্ষাতকাৰ প্ৰদানৰ সুযোগ লৈ আবেগৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈও চেষ্টা কৰিছে। ৰাজ্যৰ আৰক্ষী ইমান দুৰ্বল নে? যদি দুৰ্বল আৰু সেই প্ৰভাৱশালী লোকসকলৰ ওচৰত তেওঁলোকৰ অৱস্থা এয়াই হয়, তাৰ বাবে দায়ী ৰাজ্যৰ মুৰব্বী তথা গৃহ বিভাগৰ দায়িত্বত থকা ব্যক্তিসকল দায়ী নহ’ব কিয়?

খোদ মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু একাংশ জ্যেষ্ঠ সাংবাদিকৰ তেনে নেক্সাছক ধিক্কাৰ দিলে। ইয়াৰ তদন্ত হ’ব বুলি ক’লে। আৰক্ষী আৰু সাংবাদিকৰ এই ভূমিকাক লৈ আচৰিত হ’ল। কিন্তু এই কাম যদি সেইসকলে কৰিছে, তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে এতিয়ালৈকে?

চুমি, বিশাল বা আন অনলাইন ট্ৰেডিঙৰ নামত মহালুন্ঠন চলোৱা এই কাণ্ডবোৰে ৰাজ্যৰ প্ৰশাসনৰ ফোপোঁলা স্বৰূপটোকে উদঙাই নিদিলেনে? অনালাইন ট্ৰেডিঙৰ নামত কৰ ধন কলৈ গৈছিল, তাৰো হিচাপ ওলাইছে। কিয় পৰিকল্পিতভাৱে এই গোচৰৰ সু-তদন্ত হোৱা নাই। নে এইবোৰ হোৱাৰ কোনো সম্ভাৱনা নাই!

মানুহে ভাবিছিল- মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ’ব। এনে দাবীও উঠিছে যে, ইনফ্লুৱেন্সাৰ বা ইউটিউবাৰ একাংশই এইবোৰৰ প্ৰচাৰ প্ৰসাৰ কৰাত যি ভূমিকা লৈছে, তাৰো তদন্ত হ’ব লাগে।

ইমান বৃহৎ কেলেংকাৰী এটাৰ ধনৰ উৎসৰ সন্ধান কৰিবলৈ যাৱতীয় পদক্ষেপ লোৱাতো প্ৰয়োজনীয় আছিল। সেই তৎপৰতা কিন্তু ইয়াত দেখা পোৱা হোৱা নাই। আঁৰত থকা বহুলোক আঁৰতেই থাকি সেই প্ৰভাৱ খটাই বহুলোকক ৰক্ষণাবেক্ষণৰ চেষ্টা চলাইছে।

চুমি নামৰ অভিযুক্তগৰাকীয়ে কৈছে- তেওঁ ৭৬লাখ টকীয়া হীৰাৰ আঙুঠিটো হেৰাল। আৰক্ষী বা তদন্তকাৰী বিষয়াই যদি সেই কথাকেই মানি লৈছে, তেনে এয়া তদন্তৰ নামত হৈছে আন এক ভেকোভাওনা।

চুমি-বিশাল কাণ্ডৰে নাম সাঙোৰ খোৱা লোকসকলৰ ভূমিকা সন্দেহজনক। গায়ক-গায়িকা, চিকিৎসক-অধিবক্তা, নায়ক-নায়িকা, ইউটিউবাৰ-সাংবাদিক, ব্যৱসায়ী আদি সকলোৰে প্ৰতি অভিযোগৰ আঙুলি উঠিছে। সেয়ে যেন এতিয়া এই অভিযোগ আৰু কেলেংকাৰীৰ তদন্ত ইমানতে কেনেকৈ ইতি পেলাব পাৰি, তাৰবাবেহে সকলো উঠি-পৰি লাগিছে...

আঁৰতচোন আৰু বহু মানুহ...
আজি পৰীক্ষা আছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in