‘চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ’

‘চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ’
Published on
Updated on

আকৌ আছে পৰীক্ষা। এটা চাকৰি পোৱাৰ আশাত পুনৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত। ২৯ ছেপ্তেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব লগা তৃতীয় বৰ্গ আৰু ড্ৰাইভাৰৰ চাকৰিৰ পৰীক্ষাৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে নীতি- নিৰ্দেশনা।

ADREৰ পৰীক্ষাক লৈ জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ডেৰ ঘণ্টাৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব পৰীক্ষাৰ্থী। পৰীক্ষাৰ্থীয়ে লগত আনিব লাগিব তেঁওৰ এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰ। পূৰ্বতে পৰীক্ষাৰ্থীক তালাচী চলোৱাকলৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে এইবাৰ স্পষ্ট কৰি দিয়া হৈছে যে মেটেল ডিটেক্টৰ অথবা মেনুৱেলী পৰীক্ষাৰ্থীৰ তালাচী কৰা হ’ব।

তালাচীৰ সুবিধাৰ্থে হাতচুটি পোচাক, চেণ্ডেল পিন্ধি আহিবলৈ পৰীক্ষাৰ্থীক আহ্বান জনোৱা হৈছে। পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ লগত নিব পাৰিব এ টি এম, সামান্য পৰিমাণৰ ধন আৰু পানীৰ বটল। পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে ঘৰলৈ লৈ যাব পাৰিব প্ৰশ্নকাকত।

কিমানৰ চকুত যে সপোন এতিয়া। সাধাৰণ মানুহবোৰে দেখা সেই সপোন আৰু অধিক গাঢ় ৰূপত অণুৰণিত হৈছে এটা কবিতা শুনাৰ পাছত। আজি বহুবোৰ গুৰুত্বপূৰ্ণ খবৰ আছে। মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ হ’ব বুলি কোৱাৰ পাছতে দিল্লীত এখন চিকিৎসালয়ৰ পৰা আটক হৈছিল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা।

অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীৰ সন্দৰ্ভত বিপ্লৱ শৰ্মাৰ কমিটীয়ে দিয়া ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰা সন্দৰ্ভত আছুৰ সৈতে হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ খবৰো আজি এক গুৰুত্বপূৰ্ণ খবৰ আছিল। একেদৰে ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত বিশাল- চুমিক ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ আৰক্ষীয়ে পুনৰ জিম্মাতলৈ জেৰা চলোৱা খবৰো আছিল গুৰুত্বপূৰ্ণ।

দৰঙৰ দৰে দুৰ্ভাগ্যজনক ছাত্ৰৰ মাজত আক্ৰমণৰ ঘটনা যোৰহাটতো সংঘটিত হোৱা খবৰটো সমাজৰ বাবে এক পৰিতাপৰ খবৰ আছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ ‘চৰিত্ৰ পাঠ‘ নামৰ পাঠ্যক্ৰম পুনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অন্তৰ্ভুক্ত কৰাৰ খবৰটোৱে বহুতে ইতিবাচকৰূপে গ্ৰহণ কৰিছে।

পিছে ‘চৰিত্ৰ পাঠ‘ৰ সেই চৰিত্ৰবোধ গঢ়িব পৰাকৈ আজি সামাজিক পৰিৱেশ আমি ধৰি ৰাখিব পাৰিছো নে নাই সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। এইবোৰ খবৰৰ বিপৰীতে কিন্তু আজি এটা কবিতাহে মনটো ভৰাই ৰাখিছে। কিয়নো পুৱা আজি কবিতাৰ কথা পতা হৈছিল।

কবিতাৰ দুৰ্বোধ্যতাকলৈ হোৱা আলোচনাত কঠিন শব্দৰ সমষ্টিয়েই যে কবিতা নহয় সেয়া আলোচনা হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা কবিতা শুনাৰ পাছত এনে লাগিব- এই কবিতাটোৱে যেন আমাৰ বহু সাধাৰণ লোকৰ মনৰ কথা খুলি ক’বলৈ চেষ্টা কৰিছে।

কবিতাটোৰ শিৰোনাম- ‘চাকৰিটো হ’লে ভাল আছিল আপাটোৰ এইবাৰ’। কবিতাটোৰ কবি আৰিফুল ৰহমান। এজন দিন হাজিৰা কৰা পিতৃৰ মনৰ কথা আছে এই কবিতাটোত- “চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ/ কেমান আৰু হাইজ্ৰা কৰিম বেলেগৰ ঘৰে ঘৰে/ চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ/ শৰ্মা মাষ্টাৰৰ ঘৰত কাম কৈৰ্বা যাওতে শুইনলু কথাটো/ আখোপা মানহু লবো বুলে এইবাৰ চাক্ৰিত/ মিনিষ্টাৰৰ লগোত দেখা ৰজনী মহৰিৰ আপাই কৈ গ্যেল/ মস্তো লিডাৰ সি আজিকালি/ হলিও তাক কৈ লাভ নাই/  এম এল এৰ মিটিঙোত মাতাওতে যাবা নইল্লু সিন্নাই/ কামৰ পাই আহাওতে পলাম হ’ল/ মায়াকটুও বেমাৰী কইতো লোৰ্বাই নোৰে/ কেমান আৰু টকা খেদাম ! গহাটীৰ ডাক্তাৰে কৈছি- নমৰাক লেগি ঔখাধ খাবা লাগ্বো বুলে/চাক্ৰিটো হ’লি ভাল আছিল এ আপাটোৰ এইবাৰ/ পঢ়াত বৈয়া নাছিল...”

এনেকৈয়ে এজন দৰিদ্ৰ লোকৰ আশা আৰু সংগ্ৰামৰ কাহিনী কবিয়ে কবিতাটোত বৰ বাস্তৱধৰ্মী ৰূপত তুলি ধৰিছে। দিন হাজিৰা কৰা পিতৃয়ে পুতেকৰ চাকৰিটোক লৈয়ে বৰ আশাত বন্দী হৈ আছে। মাকৰ চিকিৎসা, জীয়েকৰ বিয়া, আৰ্থিক সমস্যাৰ বাবে পুতেকে বি এড কৰিব নোৱাৰৰ কথা অতি সহজ- সৰলভাৱে কবিতাটোত কৈছে।

পৰীক্ষা দিবলৈ যাওতে সৃষ্টি হোৱা বেমেজালি, চাকৰি নেপাই ড্ৰাগছ সৰবৰাহত নমা পুতেকৰ লগৰ বন্ধুজনৰ কথাও উল্লেখ কৰিবলৈ পাহৰা নাই। মুঠতে এখন বাস্তৱ ছবি তুলি ধৰিছে কবিতাটোত।

অন্ধ্ৰপ্ৰদেশলৈ চাকৰি বিচাৰি গৈ মাছৰ কোম্পানীত কাম কৰা কাহিনীও উল্লেখ আছে ইয়াত। বন্ধন বেংকৰ লোন লৈ কৰোণাৰ সময়ত ব্যৱসায় কৰিব নোৱাৰি জুৰুলা হোৱাৰ কথাও তেঁও কৈছে। এই কবিতাটোতেই আছে চকুৰ আগত দেখি থকা হাজাৰটা বাতৰি। যিটো কবিতাৰ শিৰোণাম-  ‘চাকৰিটো হ’লে ভাল আছিল আপাটোৰ এইবাৰ’।

‘চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ’
নৈতিকতাবিহীন শিক্ষাই মানুহ নগঢ়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in