তুষাৰ প্ৰতীম
দেশত এতিয়া উৎসৱৰ বতৰ। নৱৰাত্ৰিৰ পাছৰে পৰা শাৰদীয় দুৰ্গোৎসৱক লৈ সকলো ব্যস্ত। ষষ্ঠীৰ বেদীত আজি দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা আৰম্ভ কৰিছে। দেশৰ সকলো চহৰতে দেৱী দুৰ্গাৰ চৰণত শৰণ ল’বলৈ সকলো সাজু হৈছে।
ভাৰতৰ সকলোতে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ এনে বন্দনা আৰম্ভ হৈছে। ভাৰতৰ সমান্তৰালকৈ বাংলাদেশতো আয়োজন কৰা হৈছে দেৱী দুৰ্গা পূজা। বহু ভাৰতীয় লোকে বাংলাদেশৰ দুৰ্গা পূজা চাবলৈ দেশলৈ যাত্ৰা কৰিছে।
কিন্তু আপুনি জানেনে চুবুৰীয়া পাকিস্তানতো এই সময়ত শক্তিৰ আৰাধনা চলিছে।দেৱী দুৰ্গাৰ ৫১ শক্তিপীঠৰ ভিৰত পাকিস্তানত আছে হিংগলাজ মন্দিৰ। এই মন্দিৰতো পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ লেছবেলা গুহাট আছে। য’ত হিন্দু, মুছলমান সকলোৱে মূৰ দোৱাই সেৱা কৰে।
হিংগলাজ মন্দিৰত উপস্থিত হোৱাটো অমৰনাথ যাত্ৰাতকৈও কঠিন। মন্দিৰলৈ যোৱাৰ পথত ১০০০ ফুট ওখ পাহাৰ, দূৰদূৰণিলৈ ব্যাপি থকা মৰুভূমি, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ ঘন জংঘল আৰু ৩০০ ফুট উচ্চতাৰ মৃত আগ্নেয়গিৰীও অতিক্ৰম কৰিব লাগে। ইয়াৰোপৰি পদে-পদে আছে ডকাইত, সন্ত্ৰাসবাদীৰ ভাবুকি।
পাকিস্তান হিন্দু সেৱাৰ সভাপতি সঞ্জেশ ধনজাৰ মতে এই পথত নিৰাপত্তাৰ বাবে কোনো ব্যৱস্থা নাই। পাকিস্তান প্ৰশাসনে কোনো নিৰাপত্তাৰ ব্যৱস্থা এই পথত কৰা নাই। সেয়েহে দৰ্শনাৰ্থীসকলে ৩০/৪০ জনীয়া গোটত বিভক্ত হৈ হিংগলাজ মাতাৰ মন্দিৰ দৰ্শন কৰিবলৈ যায়।
ব্যক্তিগতভাৱে অকলে গৈ এই মন্দিৰ দৰ্শন কৰাটো নিষিদ্ধ। যাত্ৰা পথত মুঠ ৪ টা স্থানত জিৰণি লৈ যাত্ৰীসকলে ৫৫ কিলোমিটাৰ অতিক্ৰম কৰি হিংলাজত উপস্থিত হয়। ২০০৭ চনৰ পূৰ্বে যেতিয়া চীনে ইয়াত পথ নিৰ্মাণ কৰা নাছিল তেতিয়া দৰ্শনাৰ্থীয়ে ২০০ কিলোমিটাৰ পদব্ৰজে গৈ এই মন্দিৰত উপস্থিত হ'বলগীয়া হৈছিল। য'ত ২ ৰ পৰা ৩ মাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন হৈছিল।
প্ৰচলিত নিয়ম অনুসৰি হিংগলাজ মন্দিৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থীসকলে প্ৰথমে দুটা প্ৰতিজ্ঞা কৰিব লাগে। মাতাৰ দৰ্শন কৰি ঘূৰি নহালৈকে দৰ্শনাৰ্থীয়ে সন্যাস গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে গোটেই যাত্ৰা পথত এগৰাকী দৰ্শনাৰ্থীয়ে যি পৰিস্থিতিতেই নহওক তেওঁৰ সহযাত্ৰীক সুৰাহীৰ পানী দিব নোৱাৰিব।
হিন্দু পৌৰাণিক কাহিনী অনুসৰি পিতৃৰ অপমান সহ্য কৰিব নোৱাৰি সতীয়ে প্ৰাণ ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত মহাদেৱে সতীৰ নিথৰ শৰীৰ কান্ধত লৈ তাণ্ডৱ নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। শিৱক শান্ত কৰিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ ৫১ টা টুকুৰাত বিভিক্ত কৰিছিল।
আৰু এই টুকুৰাবোৰ বিভিন্ন স্থানত পৰিছিলগৈ। সতীৰ দেহৰ ৫১ টা টুকুৰা যিবোৰ স্থানত পৰিছিল সেই স্থানবোৰেই পৰৱৰ্তী সময়ত শক্তিপীঠ হিচাপে জনা গৈছিল। প্ৰবাদ অনুসৰি এতিয়াৰ পাকিস্তানৰ বেলুচিষ্টান প্ৰদেশৰ যি স্থানত হিংগলাজ মন্দিৰ আছে তাতেই সতীৰ কটা মূৰতো পৰিছিলগৈ।
নৱৰাত্ৰিৰ সময়ত এই মন্দিৰত দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ হয়। প্ৰতিদিনে প্ৰায় ১০ ৰ পৰা ২৫ হাজাৰ পৰ্যন্ত দৰ্শনাৰ্থীৰ আগমণ ঘটে এই মন্দিৰলৈ। যাৰ ভিতৰত পাকিস্তানৰ উপৰি ভাৰত, বাংলাদেশ, পাকিস্তান, ইংলেণ্ড আদিৰ দৰ্শনাৰ্থীৰ সংখ্যাই সৰ্বাধিক। বেলুচিস্তানৰ কীৰ্থাৰ পৰ্বতমালাৰ পাদদেশত অৱস্থিত এই মন্দিৰ স্বাধীনতাৰ পূৰ্বে ভাৰতৰেই অংশ আছিল যদিও দেশ বিভাজনৰ ফলত এই পবিত্ৰ মন্দিৰ পাকিস্তানৰ সীমান্তৰ ভিতৰত পৰে।
যদিও পাকিস্তানৰ সীমাৰ ভিতৰত এই মন্দিৰ আছে, হিন্দুৰ আৰাধ্য দেৱীক ইয়াত পূজা অৰ্চনা কৰা হয় তথাপিও এই মন্দিৰত সকলো ধৰ্মৰ লোকৰ আগমণ ঘটে। হিন্দুৰ সমানে সমানে পাকিস্তানৰ ইছলাম ধৰ্মাৱলম্বী লোকেও এই মন্দিৰত মূৰ দোৱাই।
মন্দিৰৰ মুখ্য পুৰোহিতগৰাকীৰ মতে ইয়াত হিন্দু, মুছলমানৰ মাজত কোনো ভেদাভেদ নাই। বহু সময়ত ইয়াত পুৰোহিত আৰু সেৱকসকলৰ মাজত টুপী পিন্ধা লোকক দেখা যায়। বহু মুছলমান লোকে দেৱীৰ আৰধনাৰ সময়ত দৰ্শনাৰ্থীৰ মাজত থিয় দি থকা এই মন্দিৰৰ তেনেই এক চিনাকী দৃশ্য।
অৱশ্যে ইয়াৰো আঁৰত কাৰণ নথকা নহয়। হিন্দুসকলে এই মন্দিৰটোক যিদৰে পবিত্ৰ বুলি গণ্য কৰে ঠিক সেইদৰেই এই মন্দিৰটোক মুছলামনসকলেও পবিত্ৰ বুলি গণ্য কৰে। তেওঁলোকে এই মন্দিৰটোক বিবি নানী পীৰ বা নানী কা হজ বুলিও গণ্য কৰি আহিছে। সেয়ে এই মন্দিৰত মুছলমান লোকসকলৰো অবাধ আহ যাহ।
Also Read: সন্তানহীন দম্পত্তিক 'সন্তান' দিয়া আঁচনি!