ভাস্কৰ শৰ্মা
এটা চাকৰি লাগে। এটা চাকৰি পোৱাৰ হাবিয়াস বহুতৰে থাকে। চাকৰিটো হ’লে নাইকিয়া হ’ব ঘৰখনৰ অভাৱ- অভিযোগবোৰ। এই ভাবত বিভোৰ হৈ পুহি ৰাখে চাকৰি লাভৰ এটি আশা। এইক্ষেত্ৰত কোনোবা সফল হয়, আৰু আন কাৰোবাৰ আশা আশা হৈয়েই ৰয়।
আজিকালি ঘৰ এখন চলিবলৈ মাহেকত ভালেখিনি টকাৰ প্ৰয়োজন হয়। খোৱা- বোৱা, পিন্ধা- উৰাৰ উপৰিও আনুসংগিক কাৰণৰ বাবে ভালেখিনি টকাৰ প্ৰয়োজন হয়। ইফালে দিনক –দিনে বয়- বস্তুৰ জুই- ছাঁই দাম বাঢ়ি গৈয়েই আছে। মুঠৰ ওপৰত সমস্যাৰ ওপৰত সমস্যা।
সাধাৰণ কাম- বন কৰি অথবা দিন হাজিৰা কৰি সেই অভাৱ- অভিযোগৰ সৈতে যুঁজাৰ বাবে কাৰো সম্বল নাথাকে। টনা- আঁজোৰাকৈ যেনে- তেনে ঘৰখন চলাই নিয়ে যদিও প্ৰতিদিনে সন্মুখীন হ’ব লগা হয় নানা সমস্যাৰ। ঘৰখনৰ উপাৰ্জন কৰা লোকজনে যদি এই আব্দাৰ সমূহ পূৰাব নোৱাৰে তেন্তে তেঁও হৈ পৰে কাপুৰুষ। আজিৰ প্ৰেক্ষাপটৰ ব্যৱহাৰিক অৰ্থত ই এখন জীয়া ছবি।
পৰিয়াল আৰু ঘৰখন চলাবলৈ অন্ততঃ ন্যূনতম আৰ্থিক সম্বলৰ প্ৰয়োজন। সকলো বস্তু উপভোগ কৰিব নোৱাৰিলেও কিছুমান উপভোগৰ পৰা বঞ্চিত হ’ব লাগিলে তেন্তে ই বৰ যন্ত্ৰণাদায়ক হৈ পৰে। সেয়ে চৰকাৰী চাকৰি এটা বিচাৰি বহু লোকে হাবাথুৰি খায়।
কাইলৈ ৰাজ্য চৰকাৰে পুনৰ অনুষ্ঠিত কৰিব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। তৃতীয় বৰ্গ আৰু চালকৰ পৰীক্ষাৰ বাবে অনুষ্ঠিত হ’ব এই নিযুক্তি পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব লগা এই পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা সাজু কৰি তোলা হৈছে।
২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সহায়ক হোৱাকৈ উত্তৰ -পূব সীমান্ত ৰে'লৱে ৬ খন বিশেষ ৰে'ল পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২৮ ছেপ্টেম্বৰৰ নিশা ৮-১০ বজাত আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ চলিব এখন বিশেষ ৰে’ল।
এই ৰে'লখন ২৯ ছেপ্টেম্বৰৰ পুৱা ৪-০০ বজাত কামাখ্যা ষ্টেচনত আহি উপস্থিত হ'ব। এই একেখন ৰে'ল আকৌ ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩-০০ বজাত আলিপুৰদুৱাৰ অভিমুখে ওভতনি যাত্ৰা আৰম্ভ কৰিব।
ইফালে এই পৰীক্ষাকলৈ জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। অনৈতিক উপায় অৱলম্বন কৰিলে পৰীক্ষাৰ্থী তথা পৰীক্ষকে ভৰিব লাগিব জৰিমণা। নিৰ্দেশনা অনুসৰি কাৰাদণ্ডপৰ্যন্ত হ’ব পাৰে। সকলো দিশতে তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে।
পৰীক্ষাত নকল কৰা কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীয়ে ৩মাহ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ উপৰি ন্যূনতম ১লাখ টকা জৰিমনা বিহা হ’ব। তাৰোপৰি জৰিমনা আদায় দিব নোৱাৰিলে ৯মাহ কাৰাদণ্ড। আনহাতে কুচক্ৰ আৰু নকল কৰিলে পৰীক্ষাৰ্থীক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে একেবাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে কোনো কাৰণতে আপোচ নকৰে। গতিকে এনেবোৰ দিশৰ বাবে এই পৰীক্ষাকলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে।
সমান্তৰালকৈ এই পৰীক্ষাৰ বাবে বহু পৰীক্ষাৰ্থীয়ে নিজক সাজু কৰি তুলিছে। নিষ্ঠা, অধ্যাৱসায়, একাগ্ৰতাক চাবিকাঠি হিচাপে লৈ অৱতীৰ্ণ হ’ব পৰীক্ষাত। সকলোৰে এটাই আশা- যেনেকৈ নহওক চৰকাৰী চকাৰি এটা যোগাৰ কৰিব লাগে।
এই শ্ৰেণীৰ পৰীক্ষাৰ্থীও আছে যে কোনোৱে দিনৰ দিনটো অফিচত কাম কৰি সন্ধিয়া চকু ফুৰাইছে সমল কিতাপ-পত্ৰত। কোনোবাই অভাৱ- অনাটন কাটি কৰি হ’লেও যোগাৰ কৰিছে চাকৰিৰ বাবে প্ৰয়োজনীয় কিতাপ-কাগজ। সময় পালেই এবাৰ চকু ফুৰাইছে বিভিন্ন কিতাপত।
ইয়াৰ উপৰি বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ- ছাত্ৰীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। কাৰোবাৰ বাবে চাকৰি এটা চখ যদিও আন কাৰোবাৰ বাবে চাকৰি এটা আশা- আকাংখা তথা অনাগত ভৱিষ্যতৰ আশাৰ চাকি।
এই পৰীক্ষাৰ লগত কেৱল পৰীক্ষাৰ্থীয়ে জড়িত নহয়, আঁৰত থাকে মাক- দেউতাকৰ বহু অব্যক্ত বাসনা। সন্তানে চাকৰি পাব, ঘৰখনৰ সমস্যা দূৰ হ’ব। চকৰিটো পালেই এইবাৰ ইটো কৰিম, সিটো কৰিম কত কি যে আশা- আকাঙ্খা ! সপোনৰ পৃথিৱীত যেন বাস্তৱৰ নাচোন...
Also Read: মানুহৰ মাজত 'মানুহ' নোহোৱা হ'ল!