গান নহয়, এতিয়া আৰু একোৱেই শুনা নাপায় তেঁও !

গান নহয়, এতিয়া আৰু একোৱেই শুনা নাপায় তেঁও !
Published on
Updated on

ভাস্কৰ শৰ্মা

প্ৰায় ৩টা দশকজুৰি তেঁওৰ গীতে লহৰ তুলিছিল প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত। আবেগভৰা কণ্ঠৰে নিগৰি অহা প্ৰতিটো জনপ্ৰিয় গীতে চুই গৈছিল শ্ৰোতাৰ মন-প্ৰাণ।

ৰেক’ৰ্ডাৰৰ সময়ছোৱাৰ পৰা কেছেটৰ যুগ পাৰহৈ একেবাৰে চিডিৰ সময়ছোৱালৈকে তেঁও এগৰাকী ব্যস্ত নেপথ্য কণ্ঠশিল্পী। ৯০ দশকত তেঁওৰ গীতে অন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল।

৯০ দশকৰ সেই সোণালী সময়ছোৱাত কুমাৰ চানু আৰু উদিত নাৰয়ণৰ সৈতে দ্বৈত গীতত কণ্ঠ নিগৰাই খলকনি তুলিছিল বলিউদত। মায়ানগৰী মুম্বাইত গিজগিজাই থকা বহু শিল্পীক চেৰ পেলাই একপ্ৰকাৰ একছত্ৰী সম্ৰাজ্ঞী হৈ পৰিছিল তেঁও।

হাজাৰ ব্যস্ততাৰ মাজতো এইগৰাকী সুকণ্ঠী গায়িকাই ভাৰতৰ আন আন আঞ্চলিক ভাষাৰ গীততো কণ্ঠদান কৰি শ্ৰোতাক ধন্য কৰিছিল। প্ৰায় ২৫টা উপভাষা তথা আঞ্চলিক ভাষাত কণ্ঠদান কৰিছে তেঁও।

অসমীয়া, বঙালী, গুজৰাটী, মালায়লম, মাৰাঠী, উড়িয়া, পাঞ্জাৱী আদি ভাষাত গীত গাই সেইসমূহ ৰাজ্যৰ শ্ৰোতা-দৰ্শকৰ মনত আজিও সুকীয়া স্থান দখল কৰি আছে তেঁও। কোনে পাহৰিব পাৰিব সেই চিৰসেউজ গীতবোৰ। ৰেডিঅ’ত ৰিণি ৰিণি ভাঁহি অহা প্ৰতিটো গীতে ৰোমাঞ্চিত কৰি তুলিছিল বহুতক।

মাত্ৰ ৬বছৰ বয়সতে ধ্ৰুপদী সংগীতৰ শিক্ষা লৈ কলকাতাৰ অনাতাঁৰ কেন্দ্ৰত ভজন পৰিৱেশন কৰিছিল তেঁও। তেতিয়াই হয়তো সংগীতজ্ঞসকলে তেঁওৰ প্ৰতিভাৰ উমান পাইছিল। আৰু সেইবাবেই মাত্ৰ ১৪বছৰ বয়সতে তেঁওক চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পীৰূপে গীত গোৱাৰ সুযোগ দিছিল।

নেপথ্য কণ্ঠশিল্পী হিচাপে ‘প্যায় কি ঝংকাৰত’ গীত গোৱাৰ পাছত আৰু ৰৈ থাকিব লগা নহ’ল। সমগ্ৰ ভাৰতৰ আকাশে-বতাহে ভাহি উঠিছিল তেঁওৰ গীত। সময়ৰ সোঁতত গাই গ’ল ইটোৰ পাছত সিটো গীত। যিটো গীতত কণ্ঠ দিছে সেইটো গীতে প্ৰাণ পাই উঠিছে, আদৰি লৈছে শ্ৰোতা জনতাই।

‘তেজাব’ ছবিৰ ‘এক দ তিন…’ শীৰ্ষক গীতে তেঁওক আৰু অধিক জনপ্ৰিয় কৰি তুলিছিল। সেয়া আছিল ১৯৮৮ চনৰ কথা আৰু তেতিয়াৰ পৰাই তেঁও অত্যন্ত ব্যস্ত হৈ পৰে সংগীতৰ মায়াজালত। গীতটিৰ বাবে তেঁওক ফিল্ম ফেয়াৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

বৰ্তমানলৈকে তেঁও এজেহাৰতকৈও অধিক ছবিত কণ্ঠদান কৰিছে। তাৰোপৰি প্ৰায় ২০হাজাৰৰো অধিক গীত গাইছে। বিভিন্ন টেলিভিশ্বন চেনেলৰ ৰেয়েলিটি শ্ব’বোৰতো তেঁও বিচাৰকৰ আসন অলংকৃত কৰিছে।

শ্ৰোতাক গীত শুনাই জীৱনৰ ৫৮টা বসন্ত পাৰ কৰা এইগৰাকী চিৰসেউজ শিল্পী হৈছে অলকা য়াগনিক। অলকা য়াগনিকে এতিয়া আৰু নুশুনে নিজৰ কিন্বা আনৰ গীত ! গীত বুলিয়েই নহয় আপুনি মই কোৱা কথাও শুনা নাপায়।

অলকা য়াগনিকে হেৰুৱাইছে শ্ৰৱণ শক্তি ! এই কথা কন্ঠশিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে।

এটা বিশেষ পোষ্টৰ দ্বাৰা তেঁও কৈছে যে, তেওঁ নৰ্মেল যি শ্ৰৱণশক্তি সেয়া হেৰুৱাই পেলাইছে। যোৱা সোমবাৰে এৰোপ্লেনৰ পৰা নমাৰ পাছতে হঠাতে তেওঁ একো নুশুনা হৈ যায়।

অৱশেষত চিকিৎসকে জনায় যে, তেওঁ শ্ৰৱণশক্তি হেৰুৱাই পেলাইছে। অত্যধিক হেডফোন ব্যৱহাৰ কৰাৰ ফলতেই এই অনাকাঙ্খিত ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। কন্ঠশিল্পীগৰাকীয়ে এই ঘটনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সকলোকে হেডফোন অত্যাধিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

সি যি কি নহঁওক এনে এগৰাকী চিৰসেউজ শিল্পীৰ এনে খবৰে সকলোকে ব্যথিত কৰিছে। যাৰ গীত শুনি পাৰ হৈছে বহুতৰ শৈশৱ, কৈশোৰ-যৌৱন। তেনে এগৰাকী আদৰৰ শিল্পীৰ এনে অনাকাঙ্খিত ঘটনাই সকলোৰে মনত বেজাৰ দিছে।

শ্ৰোতাৰ আশা- সোনকালে এই বিপদৰ পৰা মুক্ত হ’ব আদৰৰ শিল্পী অলকা য়াগনিক। পাৰ হ’ব এই সময় !

গান নহয়, এতিয়া আৰু একোৱেই শুনা নাপায় তেঁও !
অলিম্পিকলৈ অসমৰ গীতিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in