নিষিদ্ধকৰণ নিষিদ্ধ হওঁক

নিষিদ্ধকৰণ নিষিদ্ধ হওঁক

author-image
Asomiya Pratidin
New Update
নিষিদ্ধকৰণ নিষিদ্ধ হওঁক

ভাস্কৰ শৰ্মা

চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলাটো গুণী-জ্ঞানীৰ কাম। আপদ-বিপদত চুবুৰীয়াই দিয়া মাতষাৰেই অমিয়া। তাকে নকৰি যদি হকে-বিহকে গালি-গালাজ অথবা হায়-কাজিয়া কৰি থাকে তেন্তে দুয়ো পক্ষই ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়।

সমিল মিল অথবা এৰা-ধৰাৰ মাজেৰে চলিব জানিলে সুন্দৰ হৈ পৰে জীৱন যাত্ৰা। এই কথাবোৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য।

মিলা-প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীৰ কথা অগ্ৰজসকলে পূৰ্বৰ পৰাই কৈ আহিছে। কেৱল কথাৰে নহয় আৰ্থ-সামাজিক আৰু সাংস্কৃতিকভাৱেও অসমে সদায় সাতভনীসদৃশ জ্ঞান কৰা চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টা অৱ্যাহত ৰাখিছে।

কিয়নো এসময়ত এই ৰাজ্যসমূহ অসমৰেই অংগ আছিল। কিন্তু অসমৰ পৰা ফাটি গ’লেও ঘৰখনৰ পৰা ওলাই যোৱা ছোৱালী অথবা ল’ৰাৰ দৰেই অসমে সদায় এই ৰাজ্যসমূহৰ নেতিবাচক মনোভাব সত্বেও এয়া নিজৰেই ভুলৰ পৰিণতি বুলি গন্য কৰি প্ৰতিমুহূৰ্ততে এই ৰাজ্যসমূহৰ সৈতে আত্মীয়তাৰ সম্পৰ্ক বৰ্তাই ৰাখিছে।

কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে, ৪দশক আগলৈকে অসমৰ অংগ হৈ থকা এই ৰাজ্যসমূহে অসমৰ সদ্ভাৱনাপূৰ্ণ আচৰণত দুৰ্বলতা হিচাপে লৈ ভৌগলিকভাৱে অসমক সংকুচিত কৰাৰ প্ৰচেষ্টাৰ লগতে বহু সময়ত অসমবাসীৰ প্ৰতি শত্ৰুসুলভ আচৰণ কৰি আহিছে। নাগালেণ্ডে অসমৰ বৃহৎ এলেকা ইতিমধ্যে দখল কৰি লোৱাৰ উপৰিও অৰুণাচল, মেঘালয়, মিজোৰাম আদিয়েও অসমৰ ভূমি আগ্ৰাসানৰ ক্ষেত্ৰত নাগালেণ্ডক অনুসৰণ কৰিয়েই এয়া তীব্ৰতৰ কৰি নিছে।

আচৰিত কথা যে বহু সময়ত অসমৰ সৰ্বসাধাৰণ মানুহক আক্ৰমণতে ক্ষান্ত নাথাকি আৰক্ষী আৰু বনৰক্ষীৰ ওপৰতো সশস্ত্ৰ আক্ৰমণ চলোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ আঁওতাত থকা আন্তঃৰাজ্যিক সীমান্তৰ স্থায়ীত্বৰ বিষয়টোত সদায় ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে। আনহাতে অসম চৰকাৰৰ ফালৰ পৰাও সময়ে সময়ে বিভিন্ন ৰাজ্যৰ চৰকাৰৰ লগত আলোচনা কৰিলেও স্থায়ীভাৱে এনে আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।

এনে কাৰণতেই আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অসমীয়া মানুহৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সদায় বিপন্ন হৈছে। অসমীয়া মানুহৰ সহনশীলতা দুৰ্বলতা জ্ঞান কৰি ধৰ্মীয় উচতনি আৰু কৌশলপূৰ্ণ চৰকাৰী পদক্ষেপ এই ৰাজ্য কেইখনে অৱ্যাহত ৰাখিছে।

অতি শেহতীয়াকৈ এসময়ত অসমৰ ৰাজধানী থকা মেঘালয়ৰ শ্বিলঙলৈকে এতিয়া অসমৰ পঞ্জীয়নভুক্ত পৰ্যটকৰ বাণিজ্যিক বাহন যাব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল শ্বিলং নহয়, অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনৰ প্ৰৱেশ সমগ্ৰ মেঘালয়ত নিষিদ্ধ কৰি দিয়া হৈছে।

ইয়াৰ আঁৰত আছে মেঘালয় পৰ্যটনৰ লগত জড়িত ৭টাকৈ স্থানীয় সংগঠন আৰু তেঁওলোকৰ এনে কাৰ্যক মৌনভাৱে সমৰ্থন কৰিছে মেঘালয় চৰকাৰ তথা প্ৰশাসনে। এই কথা সকলোৱে জানে উত্তৰ-পূবৰ গে’টৱে গুৱাহাটী হৈয়ে চুবুৰীয়া মেঘালয়, বিশেষকৈ শ্বিলং-চেৰাপুঞ্জীলৈ অহা দেশ-বিদেশৰ অগণন লোকে গুৱাহাটীৰ মাজেৰেই ইয়ালৈ যাত্ৰা কৰে।

এইক্ষেত্ৰত গুৱাহাটীত তেওঁলোকে যাত্ৰাৰ বাবে বাহন ভাড়ালৈ লয়। গুৱাহাটী বিমান বন্দৰ, পল্টন বজাৰ, কামাখ্যা আদি ৰে'লৱে ষ্টেচন, খানাপাৰা, আই এছ বি টি আদিৰ পৰা পৰ্যটকসকলে এই বাহনসমূহ ভাড়ালৈ লয়। ইয়াত অসমৰ বাহনৰ উপৰিও মেঘালয়ৰ বাহনেও যাত্ৰীসকলক ভাড়ালৈ বাহন দিয়ে।

এইদৰেই দীৰ্ঘদিন ধৰি পৰ্যটকে অসমৰ মাজেৰে মেঘালয়লৈ যাত্ৰা কৰি আহিছিল। এই পৰ্যটকসকলৰ পৰা মেঘালয়ে চৰকাৰে এক বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিছিল।

কিন্তু শেহতীয়া এই পৰিস্থিতিয়ে মেঘালয়ৰ ৰাজভঁৰালত পেলাব পৰা ক্ষতিকাৰক প্ৰভাৱৰ কথা চিন্তা নকৰি ৰাজ্যখনৰ বাণিজ্যিক বাহনৰ ব্যৱসায় বৃদ্ধিৰ বাবে অসমৰ পঞ্জীয়নভুক্ত বাহনক নিষিদ্ধ কৰা কাৰ্যই অতি স্বাভাৱিকভাৱে অসমৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰৱেশ নিষিদ্ধ কৰা মেঘালয়ৰ বাণিজ্যিক সংস্থাকেইটাই এই কথা এবাৰলৈও ভাবি চোৱা নাই যে অসমৰ ৰাইজে মেঘালয়ৰ বাণিজ্যিক গোটসমূহৰ ব্যৱসায় অসমত নিষিদ্ধ কৰিবলৈ হ’লে ৰাজ্যখনৰ পৰিস্থিতি অধিক বিপদজনক হ’ব। ইতিমধ্যে মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি অসমৰ পৰ্যটক মেঘালয়ত যথেষ্ট হ্ৰাস পাইছে।

সমান্তৰালকৈ আন আন ৰাজ্যৰ পৰ্যটকেও এই বিষয়ে অৱগত হোৱাত মেঘালয় ভ্ৰমণৰ সময়ত যাতে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সাময়িকভাৱে মেঘালয় ভ্ৰমণ বাতিল কৰিছে। ইয়াৰ প্ৰভাৱ পোনপোটিয়াকৈ পৰিছে মেঘালয় চৰকাৰৰ ৰাজহৰ ভঁৰালত।

কিয়নো ইতিমধ্যে মেঘালয়ৰ বিভিন্ন হোটেলত বুকিং হৈ থকা কোঠাসমূহ গ্ৰাহকে বাতিল কৰিছে। টুৰিষ্ট এজেঞ্চিসমূহৰ সৈতে হোৱা চুক্তি বাতিল হৈছে।

মেঘালয়ৰ প্ৰায়বোৰ হোটেল, লজ, হোম-ষ্টে আদি এতিয়া খালী হৈ পৰেছে। শুকুৰবাৰৰ দিনটোতেমেঘালয়ত ৩০% হোটেল বুকিং বাতিল হৈছিল। শনিবাৰে প্ৰায় খালী হৈ পৰিছে এইসমূহ।

এনে পৰিস্থিতিত মেঘালয়ৰ পৰ্যটনৰ সৈতে জড়িত কেইবাটা সংগঠনে শুকুৰবাৰৰ দিনটোতে ৩০ শতাংশ ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে। সেয়ে তেওঁলোকে এই সমস্যাৰ শীঘ্ৰে সমাধান বিচাৰিছে।

উল্লেখযোগ্য যে এনে পৰিস্থিতিয়ে চুবুৰীয়া ৰাজ্যখনৰ সৈতে অসমৰ সংঘাতৰ জুইকুৰা দাউদাউকৈ জ্বলাব। কিয়নো যদিৰে মেঘালয়ৰ মাজেৰে অসমৰ অংগ বৰাক উপত্যকালৈ যাত্ৰীবাহী বাণিজ্যিক বাহনৰ লগতে অসংখ্য ব্যক্তিগত বাহন দৈনিক অহা-যোৱা কৰে,সেইদৰে পূব অথবা পশ্চিম মেঘালয়ৰ পৰাও বহু বাণিজ্যিক বাহন অসমৰ মাজেৰে আহ-যাহ কৰে।

তদুপৰি সমগ্ৰ অসম সীমান্তত মেঘালয়ৰ বিভিন্ন উদ্যোগ তথা ব্যৱসায়িক প্ৰতিষ্ঠান আছে। সেয়েহে অসমৰ মানুহ জকিলে মেঘালয়ৰ শিক্ষা, বাণিজ্য, পৰ্যটনৰ লগতে অন্যান্য ক্ষেত্ৰতো ভয়ানক বিপৰ্যয়ৰ সৃষ্টি হ’ব। এইক্ষেত্ৰত দুয়োখন চৰকাৰ তাৎক্ষণিকভাৱে সক্ৰিয় হৈ সময় থাকোতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাটো ভাল।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতা শংকৰজ্যোতি বৰুৱাই অসম তথা মেঘালয় চৰকাৰক সেই কথাই সোঁৱৰাই দিছে। কিন্তু উত্তৰ-পূব ছাত্ৰ সন্থা(নেছ’)ৰ অংশীদাৰ মেঘালয়ৰ ছাত্ৰ সংগঠন অথবা উত্তৰ-পূব ছাত্ৰ সন্থাৰ তৰফৰ পৰা পূৰ্বৰ আগ্ৰাসনৰ ক্ষেত্ৰতেই হওক অথবা শেহতীয়া পৰিস্থিতিতেই হওক সদায় নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈ আহিছে।

সেয়া যিয়েই নহওক বাণিজ্যিক বাহনৰ প্ৰৱেশ নিষিদ্ধকৰণকলৈ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি এয়া নিৰাময় কৰাটো অতিকে জৰুৰী হৈ পৰিছে। অন্যথা এই ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহৰ দৰে পৰিস্থিতি সৃষ্টি হ’বলৈ বেছি পৰ নালাগিব।

Also Read: সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতিৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...

assam assam govt aasu meghalaya shillong Chief Minister of Meghalaya Tourist Taxis