ভাস্কৰ শৰ্মা
ভোগালী বিহুৰ অন্যতম অংগ ভেলাঘৰ, ভেৰাপুঁজি অথবা মেজি। উৰুকাৰ পিছদিনা অৰ্থাৎ দোমাহীৰ দিনা পুৱাই মাংগলিক কাৰ্যসূচীৰে জ্বলাই দিয়া হয় ভেলাপুঁজি নাইবা ভেলাঘৰ। মেজিৰ জুয়ে অসূয়া-অপ্ৰীতি বিনাশ কৰি সমাজলৈ শান্তি-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক বুলিয়েই দোমাহীৰ দিনা মেজি জ্বলাই পূজা কৰা হয় অগ্নি দেৱতাক।
ভেলাঘৰ অসমীয়াৰ চিনাকি শব্দ। ভেলাঘৰৰ সৈতে অসমীয়াৰ আছে আজন্ম সম্বন্ধ। আধ্যাত্মিক, পৰম্পৰা, সভ্যতা, সংস্কৃতি আদি বিভিন্ন কথা নিহিত হৈ থাকে ভেলাপুঁজিৰ সৈতে। ভেলাঘৰ বা মেজি মূলতঃ নৰা, খেৰ, বাঁহ, কলৰ শুকান পাত আদিৰে নিৰ্মাণ কৰা হয়। মুঠৰ ওপৰত ভেলাঘৰেই হওক নাইবা ভেলাপুঁজি বা মেজিয়েই হওক সকলোৰে উপাদান হ'ল নৰা, খেৰ, বাঁহ আদি থলুৱা সামগ্ৰী।
ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বহু কথা অন্তৰ্নিহিত হৈ থাকে। আজিকালি ভেলাঘৰ নিৰ্মাণত প্ৰকাশ পাই কলাত্মক চিন্তা। ভেলাঘৰৰ জড়িয়তেই শিশুসকল চিনাকি হয় চহা জীৱন পৰিক্ৰমাৰ সৈতে।
কাঁচিৰে নৰা কটা, চেমনীয়াৰ সৈতে বাঁহ, খেৰ, নৰা আদি আনিবলৈ যোৱা এনেবোৰ বিভিন্ন কামত প্ৰকাশ পাই ভাতৃত্ববোধৰ প্ৰতীক। অসমৰ থলুৱা চহা জীৱন পৰিক্ৰমাৰ বিভিন্ন দিশৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে তেওঁলোক।
অৱশ্যে আজিকালি বিভিন্ন শৈলীৰে ভেলাঘৰ নিৰ্মাণ কৰা হয়। ভেলাঘৰ নাইবা মেজিৰ নিৰ্দিষ্ট আকাৰ আছে। মূল মেজিটো জ্বলাবলৈ ৰাখি অন্য আৰ্হিৰেও নিৰ্মাণ কৰা হয় ভেলাঘৰ।
আজিকালি দেশ-বিদেশৰ বিভিন্ন কীৰ্তিস্তম্ভ, স্মৃতি বিজড়িত ঘৰ, চন্দ্ৰযান, মঠ-মন্দিৰৰ আৰ্হি ইত্যাদি বিভিন্ন শৈলীৰে ভেলাঘৰ উপস্থাপন কৰা হয়। এনেবোৰ দিশত নিৰ্মাণকাৰীসকলৰ কলাত্মক চিন্তাৰ প্ৰতিভাৰ উমান পোৱা যায়। অতি সূক্ষ্ম সূক্ষ্ম দৃষ্টিভংগীৰে শিল্পীসকলে বিভিন্ন আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰে।
এইক্ষেত্ৰত অৱশ্যে একাংশই আক্ষেপ প্ৰকাশ কৰাও দেখা যায়। মঠ-মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি সেই নিৰ্দিষ্ট ভেলাঘৰটো জ্বলাই দিয়া কাৰ্যক গ্ৰহণযোগ্য নহয় বুলিও এচামে ক'ব বিচাৰে। তেওঁলোকৰ মতে, এইসমূহ জ্বলাই দিলে সেই নিৰ্দিষ্ট মন্দিৰটোক বা কীৰ্তিস্তম্ভক অসন্মান কৰা হয়।
অৱশ্যে একাংশই এনেবোৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰসমূহ চিধাই জ্বলাই নিদি পিচত ভাঙি জ্বলাই দিয়ে। এইক্ষেত্ৰত অৱশ্যে কাৰো ক'বলগীয়া নাই। সকলোৰে ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ দেখা যায়। ভেলাঘৰৰ স্বকীয়তা ৰাখি কোনো কোনো অঞ্চলত এনেবোৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণে প্ৰত্যক্ষদৰ্শীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। অৱশ্যে এই কৃষিভিত্তিক উৎসৱ এতিয়া কৃষকৰ পৰা ক্ৰমান্বয়ে আঁতৰি যোৱাৰ উপক্ৰম হৈছে। পূৰ্বে বিহুক আদৰিছিল প্ৰকৃতিয়ে। এতিয়া বিহু আহে বহুজাতিক প্ৰতিষ্ঠানৰ বিজ্ঞাপনেৰে। তিনিওটা বিহুৰে নিজস্বঃ স্বকীয়তা আছে যদিও কঙালী,ভোগালীকো ৰঙালী লৈ ৰূপান্তৰ কৰাত নামি পৰিছে এচাম।
আজি কিছুবছৰৰ পৰা টেলিভিশ্বন চেনেলসমূহে ভোগালী বিহুত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। ইয়াকে লৈ বিতৰ্কও স্বাভাৱিকতে হৈছে। এনে অনুষ্ঠান কিমান সমীচিন সেয়া সচেতন ৰাইজে বিচাৰ কৰিব।
আমাৰ ক'ব লগা হ'ল কেৱল ভোগালীয়েই নহয় ৰঙালী আৰু কঙালীৰ ক্ষেত্ৰতো অটুট থাকক পূৰ্বৰ স্বকীয়তা। সময়ৰ সৈতে সংস্কৃতি লৈ পৰিৱৰ্তন আহে। এই পৰিৱৰ্তন যাতে বিজতৰীয়া নহয়,সেয়াহে মূল কথা।
পূৰ্বে এখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ উৰুকাৰ দিনা লগে-ভাগে মাছ-মঙহে উদৰপূৰাই খোৱাৰ নিয়ম আছিল। কিছুবছৰ পূৰ্বৰ পৰা মানুহে এনেদৰে ৰাজহুৱা কৈ ভোগালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকি নিজাকৈ উদযাপনৰ মাজতে সীমাবদ্ধ হৈ পৰিছে।
কিন্তু শেহতীয়াকৈ ভোগালী বিহুক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানে বা কোনো কীৰ্তিস্তম্ভৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰৰ বাবে হওক,ৰাইজে আকৌ একেলগে এসাঁজ খোৱাৰ নিয়ম আৰম্ভ কৰিছে। সামাজিক বান্ধোন কটকটীয়া কৰাৰ ক্ষেত্ৰত ই নিশ্চয় যোগাত্মক প্ৰভাৱ পেলাব।
Also Read: হাত নালাগে, লাগে হাতী !