হায় বিধি হায় হায়, ঢুলীয়াৰ বিননি শুনোতা নাই...

হায় বিধি হায় হায়, ঢুলীয়াৰ বিননি শুনোতা নাই...

Published on

ভাস্কৰ শৰ্মা

বৃহত্তৰ অসমীয়া কলা-সংস্কৃতিৰ অন্য এক কলা ঢুলীয়া। ঢুলীয়া সংস্কৃতি অসমৰ আপুৰুগীয়া সম্পদ। নামনি অসমত বিশেষকৈ ইয়াৰ সমাদাৰ আছে। বিভিন্ন পূজা-পাৰ্বনত ঢুলীয়া এক অপৰিহাৰ্য অংগ।

ঢোল-তাল আৰু নৃত্যৰ সমাহাৰেৰে এক অপূৰ্ব কলা ঢুলীয়া। য’ত দেখুওৱা হয় দুঃসাহসিক ক্ৰীড়াও। বিশেষকৈ মনসা পূজা নাইবা তেনে শক্তিপূজাত ঢুলীয়া নিত্যান্তই প্ৰয়োজনীয় উপাদান। কিন্তু আজিৰ এই সময়ত ঢুলীয়াৰ শিল্পীসকল কান্ধত ঢোল আৰু হাতত তাল লৈ মহানগৰীৰ ৰাজপথত অনাই-বনাই ঘূৰি থকা দেখা গ’ল।

আজি বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাই শুভাৰম্ভ কৰে অনাগত পূজাসমূহৰ। দূৰ্গা পূজা, লক্ষ্মী পূজা, জগদ্ধাত্ৰী পূজা, ৰাস পূজাকে ধৰি শাওন মাহৰ নগাপঞ্চমী পূজালৈকে পূজা আৰু পূজা।

এই পূজাসমূহত বিশেষকৈ নামনি অসমৰ পূজা মণ্ডপসমূহত ওজাপালি, নাগাৰা নামৰ সমান্তৰালকৈ ঢুলীয়াৰো আছে এক সুকীয়া আসন। প্ৰতিখন পূজাতে ঢুলীয়াৰ ঢোল, তাল, নৃত্য আৰু দুঃসাহসিক ক্ৰীড়াই অনন্য মাদকতা প্ৰদান কৰে।

পূৰ্বৰ পৰাই চলি আহিছে এই পৰম্পৰা। আয়োজকসকলৰ আমন্ত্ৰণত নিৰ্দিষ্ট পূজা মণ্ডপত আহি উপস্থিত হয় তেঁওলোক। ৫ৰ পৰা ১২জনপৰ্যন্ত লোক থাকে এটা দলত।

ৰঙীণ বস্ত্ৰৰে মেৰিওৱা ডাঙৰ ডাঙৰ ঢোল, ৫ পোৱা ওজনৰ তাল, পিন্ধনত নানা ৰঙী বস্ত্ৰ আৰু দুই-তিনিগৰাকী দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত লোক লগতে দুগৰাকী নৃত্য শিল্পীৰে গঠন কৰা হয় এটা দল। বিশেষকৈ সন্ধিয়াৰ আৰতি আৰু পুৱা গুৰু বন্দনাৰ পাছতে ঢুলীয়াৰ প্ৰদৰ্শন কৰা হয়। অৱশ্যে উদ্যোক্তাসকলৰ অনুৰোধত দুপৰীয়াৰ সময়তো তেঁওলোকে ঢুলীয়া প্ৰদৰ্শন কৰে।

ওজাপালিয়েই হওক নাইবা ঢুলীয়া অথবা নাগাৰা নামেই হওক, ইয়াৰ যদি কোনো এটা উপাদান পূজাখনত নাথাকে তেন্তে সম্পূৰ্ণ হৈ নুঠে। গতিকে আয়োজকসকলে সৰুকৈ দল এটা আমন্ত্ৰণ কৰি হ’লেও প্ৰতিটো কৃষ্টিয়েই সন্নিৱিষ্ট কৰে।

ঢুলীয়াসকলে মূলতঃ আখ্যানসমূহৰ ওপৰি পুৰাণ আদিৰ পৰাও কাহিনী লৈ তেঁওলোকে নৃত্য প্ৰদৰ্শন কৰে। তাৰোপৰি হাস্যৰস সৃষ্টি কৰিবলৈ বিভিন্ন কৌতুক, খুহুতীয়া কথা আদিৰে দৰ্শকক হাস্যৰস দিয়ে।

লোকক হঁহুৱাই ভাল পালেও কিন্তু ঢুলীয়াসকলৰ আৰ্থিক অৱস্থা একেবাৰেই তথৈবচ। কোনোমতেহে চলি থাকে তেঁওলোকৰ জীৱন পৰিক্ৰমা। ঢুলীয়াৰ শিল্পীসকলে বৰ বেছি মাননি নাপায়।

আজিকালি কোনো আয়োজকে সমিতিয়ে আমন্ত্ৰণ কৰিলেও খুব বেছি ৫/৬ হাজাৰ টকাহে দিয়ে। ১২জনীয়া দল এটাৰ বাবে এয়া মুঠেও পৰ্যপ্ত নহয়। গাড়ী ভাড়া, খোৱা-লোৱা আছেই। গাইপতি কিমান টকাকৈ পৰিল আপুনিয়েই হিচাপ কৰি চাওক !

পৰিয়াল এটা চলিব পাৰে নে এনেকৈ ? কোনোপধ্যেই নোৱাৰে। দিনৰ পৰা ৰাতিলৈ জাৰ-জহ কাটি কৰি নাচ-বাগ কৰি লোকক হঁহুওৱা ঢুলীয়াৰ শিল্পীসকলৰ এই অৱস্থা।

পৰিতাপৰ কথা এই যে আজি বিশ্বকৰ্মা পূজাৰ দিনটোত গুৱাহাটী মহানগৰীৰ অতি ব্যস্ত এলেকা চানমাৰি, অনুৰাধা, শিলপুখুৰী আদিৰ বিভিন্ন মণ্ডপে মণ্ডপে কান্ধত ঢোললৈ অনাই-বনাই ঘূৰি ফুৰিছে ঢুলীয়াৰ শিল্পীসকল। দুটা দলক বাটতে লগ পাই সুধিলো- ক’ত আছে আজিৰ অনুষ্ঠান ? তেঁওলোকে ক’লে- তেনেকৈ ক’তো নাই। ঘৰৰ পৰা আহিছো ওলাই, পূজাই পূজাই ঘূৰিছো, কোনোবাই মাতে নেকি ! নাই। কোনোও নামাতিলে।

চকুৰে পানী টুকি এজনে ক’লে- ডাঙাৰ-ডাঙাৰ বাকাচকেইটাত গান-বাজনা লগে থৈছি...। বুজিবলৈ আৰু বাকী নাথাকিল- ডাঙৰ ডাঙৰ বাকচকেইটা আন একো নহয়, সেয়া উচ্চস্তৰত বজোৱা ডি জে বক্স।

বেজাৰ মনে তেঁওলোকে গতি কৰিলে গন্তব্য স্থানলৈ। কাৰ্যতঃ বিফল মনে ঘৰমুৱা হ’ল তেঁওলোক। ভক্তক হঁহুৱাবলৈ গালে-মুখে সানি আহিছিল ৰঙ। কিন্তু মনৰ বেজাৰত শোকে-তাপে মুহূৰ্ততে সেই ৰঙত ক’লাবৰণে চানি ধৰিলে। মনতে ভবিলো- হায় খাটিখোৱা শিল্পীৰ দুৰৱস্থা...     

হায় বিধি হায় হায়, ঢুলীয়াৰ বিননি শুনোতা নাই...
আঁৰতচোন আৰু বহু মানুহ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in