ড’নাল্ড ট্ৰাম্প...

ড’নাল্ড ট্ৰাম্প...
Published on
Updated on

ভাস্কৰ শৰ্মা

ড’নাল্ড ট্ৰাম্প। আকৌ এবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল। ২৭৭ খন আসন লাভ কৰি ট্ৰাম্পে শেষ হাঁহি মাৰিলে। তেওঁৰ নিকটম প্ৰতিদ্বন্দ্বী আছিল কলমা হেৰিছ। হেৰিছে লাভ কৰে ২২৪খন আসন।

ট্ৰাম্প হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি। অৱশ্যে ইয়াৰ আগেও তেঁও ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। সেয়া আছিল ২০১৭ চনৰ কথা। ২০১৭ চনৰ ২০ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ বাসনা পূৰণ হৈছিল ট্ৰাম্পৰ।

পিছে ট্ৰাম্পৰ ৰাজনৈতিক যাত্ৰা সুখৰ নাছিল। ২০২১ চনত তেঁও পৰাস্ত হৈ এৰিবলগীয়া হৈছিল হোৱাইট হাউচৰ মায়া- মোহ। আমেৰিকাৰ শাসনৰ বাঘজৰী গুচি গৈছিল জ’ বাইডেনৰ হাতলৈ।

পৰাস্ত হৈ হোৱাইট হাউচ এৰিলেও কিন্তু চৰ্চাত থাকিবলৈ এৰা নাছিল ট্ৰাম্প। নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজত সদায়ে এগৰাকী যুঁজাৰু ভূমিকা পালন কৰি আহিছিল নিজৰ জীৱনকলৈ।

বজ্ৰকণ্ঠৰ অধিকাৰী নেতা হিচাপে তেঁও বিশ্ববিদিত। তেঁওৰ বক্তব্যত প্ৰকাশ পোৱা গভীৰ আত্মবিশ্বাসে অনুৰাগীৰ হৃদয় জিনে। কালৈকো কেৰেপ নকৰা এজন বহেমিয়ানৰ দৰে তেঁওৰ ব্যক্তিত্ব। হয়তো এই ব্যক্তিত্বৰ বাবে সময়ে সময়ে বিতৰ্কৰ মাজতো সোমাই পৰিবলগীয়া হয়। তথাপি তেঁওৰ যি জনসমৰ্থন, সেই সমৰ্থনে সকলো বিতৰ্ক ম্নান কৰি দিয়ে।

২০২১ৰ পৰাজয়ৰ শোক বুকুত সামৰি ট্ৰাম্পে কৰি গৈছিল নিজৰ কাম। অপেক্ষা কৰিছিল ২০২৪ৰ নিৰ্বাচনলৈ। আৰু সময় বাগৰি বাগৰি উপনীত হৈছিল ২০২৪ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত। কমলা হেৰিছ আছিল তেঁওৰ মূল প্ৰতিদ্বন্দ্বী। কমলা হেৰিছক পৰাস্ত কৰি ভবা ধৰণে ফল পালে ট্ৰাম্পে।

ট্ৰাম্পৰ প্ৰতি থকা ৰাইজৰ আস্থাই ২০২৪ত পুনৰ হোৱাইট হাউচৰ বাট দেখুৱালে। দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শাসনৰ বাঘজৰী অৰ্পণ কৰিলে ড'নাল্ড ট্ৰামৰ হাতত।

এয়াই নেতাৰ প্ৰতি থকা জনতাৰ অগাধ বিশ্বাস। আৰু বিশ্বাস যেতিয়া নেতাৰ আত্মাৰ পৰা ওলাই বৈ যায় জনতাৰ মাজলৈ, তেতিয়াই বহু বাধা অতিক্ৰম কৰি হ’লেও উপনীত হয় নিজৰ লক্ষ্যত। লক্ষ্য থাকিলে নেহেৰাই দৃষ্টি।

ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে ৫০ শতাংশৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ট্ৰাম্পে পাব বহু সা- সুবিধা। তেঁও লাভ কৰিব লগা সুবিধাৰ কথা জানিলে আচৰিচত নহৈ নোৱাৰিব !

আমেৰিকাৰ সাংবিধানিক নিয়ম অনুসৰি ৰাষ্ট্ৰপতি পদটো হৈছে দেশখনৰ সৰ্বোচ্চ মুৰব্বীৰ পদ। স্বাভাৱিকতে আন কেতবোৰ পদৰ অধিকাৰীতকৈ তেঁওৰ দৰমহা সৰ্বাধিক। ভাৰতীয় মুদ্ৰাৰ হিচাপে ট্ৰাম্পে বাৰ্ষিক দৰমহা হিচাপে লাভ কৰিব ৩ কোটি ৩৬ লাখ টকা।

ইয়াৰ উপৰি খা- খৰচৰ বাবে লাভ কৰিব সুকীয়া ভাট্টা। মনোৰঞ্জন আৰু অন্যান্য ভ্ৰমণৰ বাবেও তেঁও লাভ কৰিব আনতকৈ অধিক সুবিধা। মনোৰঞ্জনৰ খৰচৰ বাবে লাভ কৰিব ৮৪ লাখ টকা। আনহাতে ভ্ৰমণৰ বাবে তেঁও লাভ কৰিব ১৬ লাখ টকা।

বছৰি তেঁও ৪২ লাখ টকা লাভ কৰিব অন্যান্য খৰচৰ বাবে। চৰকাৰী খৰচৰ বাহিৰেও অন্যান্য আনুসংগিক খৰচৰ বাবে তেঁও লাভ কৰিব এই ধন। ইমানেই নহয় আমেৰিকাৰ কোষাগাৰৰ পৰা তেঁও বছৰি লাভ কৰিব ৪ কোটি ৭৮ লাখ টকা।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি হোৱাইট হাউচৰ সাজ-সজ্জাৰ বাবে তেঁও লাভ কৰিব ৮৪ লাখ টকা। এই ধন ট্ৰাম্পৰ পছন্দ অনুসৰি হোৱাইট হাউচ দেখনিয়াৰ কৰাৰ ক্ষেত্ৰত খৰচ কৰিব পাৰিব।

অৱশ্যে এয়া তেঁওৰ ব্যক্তিগত কথা। এই চৰকাৰী ধন খৰচ নকৰি, তেঁও দৰমহাৰ টকাৰেও হোৱাইট হাউচৰ সাজ-সজ্জা কৰিব পাৰিব বুলি প্ৰতিবেদনত উল্লেখ আছে।

বিলাসী বাহন, বিলাসী বিমান এইবোৰ আছেই। লিমুজিন, মেৰিন ৱান, এয়াৰ ফৰ্চ ৱান, দ্য বিষ্টৰ দৰে গাড়ী আৰু বিমান সদায়ে সাজু থাকিব ট্ৰাম্পৰ বাবে। এয়া হৈছে তেঁও লাভ কৰিব লগা থুলমূল সা- সুবিধা। ইয়াৰ উপৰি আৰু বহু সুবিধাই ট্ৰাম্পে ভোগ কৰিব পাৰিব !

ড'নাল্ড ট্ৰাম্পৰ জন্ম হৈছিল ১৯৪৬ চনত ১৪ জুনত। নিউয়ৰ্ক চহৰৰ কুইন্সৰ জামাইকা চিকিৎসালয়ত তেঁওৰ জন্ম। পিতৃ আছিল ফ্ৰেড ট্ৰাম্প আৰু মাতৃ মেৰী এনি মেকল'ড।

ট্ৰাম্প তেঁওলোকৰ চতুৰ্থ সন্তান। এয়া হৈছে ট্ৰাম্পৰ চমু পৰিচয়। ৭৮ বছৰীয়া ট্ৰাম্পে সদায়ে এগৰাকী তৰুণৰ দৰেই নিজৰ সজাই- পৰাই ৰাখে। আৰু এই বয়সত তেঁও বিশ্বৰ অন্যতম শক্তিধৰ দেশখনৰ শাসনকৰ্তা...।

ড’নাল্ড ট্ৰাম্প...
গিৰীশ দা আউট !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in