ভাস্কৰ শৰ্মা
সংস্কৃতত দুৰ্গাৰ অৰ্থ হৈছে যাৰ ওচৰলৈ যোৱাটো দুঃসাধ্য। ভাৰতীয় সভ্যতা-সংস্কৃতিত অতীজৰে পৰা দুষ্টক দমন আৰু সন্তক পালনৰ নিদৰ্শন দাঙি ধৰি অহা হৈছে। এই প্ৰক্ৰিয়াৰ মাজেৰেই সৃষ্টি হয় সাহিত্য,চলচ্চিত্ৰ অথবা বিবিধ লেখা।
নাৰী সমাজৰ দৃষ্টিকোণ। যত্ৰ নৰ্মাস্তু পূজ্যতে ৰমন্তে তত্ৰ দেৱতাঃ। যত্ৰৈতাস্তু ন পূজ্যতে সৰ্বাস্তত্ৰাফলা ক্ৰিয়া।। শ্লোক ফাঁকিৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে, য'ত নাৰীসকলক শ্ৰদ্ধা-সন্মান কৰা হয়,তাতেই দেৱতাসকলে বিচৰণ কৰে। য'ত নাৰীসকলক সন্মান কৰা নহয়, তাত সকলো কৰ্মই নিষ্ফল হয়।
ভাৰতীয় সংস্কৃতিত নাৰীসকলক এক সুকীয়া স্থান দি অহা হৈছে। য'ত নাৰীক মাতৃ জ্ঞান কৰা হয়। ভাৰতীয় সভ্যতাত নাৰীৰ এক সুকীয়া আসন আছে। পৰম্পৰা অনুসাৰে এই ধাৰা আজিও চলি আছে। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত নাৰী অপদস্থ হোৱাটোৱো নতুন কথা নহয়।
দুৰ্গাক সৃষ্টি কৰা হৈছিল মহিষাসুৰ বধ কৰিবলৈ। দেৱ-দেৱীসকলে ইটো-সিটো অস্ত্ৰ-শস্ত্ৰৰে সুজ্জিত কৰি তুলিছিল দেৱী দুৰ্গাক। দুৰ্গা সন্দৰ্ভত বিভিন্ন আধ্যাত্মিক তথ্য সমৃদ্ধ লেখা পোৱা যায়। সেয়া বাৰু পিচে-পৰে বহলাই লিখাৰ বাবে চেষ্টা কৰা হ'ব।
দুষ্টক নিধন কৰিবলৈ অৱতাৰ লোৱা দুৰ্গাই মহিষাসুৰক বধ কৰিলে ঠিকেই। কিন্তু ইয়াৰ পিছত সমাজত জন্ম হ'ল হাজাৰ হাজাৰ মহিষাসুৰৰূপী দানৱৰ। এই মূলুকতে নিৰ্যাতিত হয় নাৰী। ধৰ্ষণ-হত্যা আদিৰ দৰে পাশৱিক কাণ্ডৰ বলি হয় নাৰী।
নাৰীকলৈ সৃষ্টি হয় জনমত-সজাগতা। কাগজে-পত্ৰই সঘনাই প্ৰকাশ হয় বিভিন্ন লেখা। তথাপি নিৰ্মূল হোৱা নাই এইধৰণৰ ঘটনা। প্ৰায়েই বাতৰিৰ শিৰোণাম দখল কৰে এইধৰণৰ ঘটনাই।
একবিংশ শতিকাতো পদূলিমুখলৈ ওলাবলৈ ভয়-শংকা কৰে একাংশ নাৰী। কিমান সুৰক্ষিত তেওঁলোক। অসুৰৰ মুখতো আখৈ ফুটা দি ফুটে ষষ্ঠী,সপ্তমী,অষ্টমী কিম্বা নৱমী-দশমী। ফুল-নৈবদ্য শৰাইলৈ আগবাঢ়ে দেৱী শ্ৰীচৰণলৈ বুলি।
এবাৰলৈয়ো মনলৈ সদ্বভাৱৰ উদয় নহয়নে এওলোকৰ ? সচ ভাল নহ'লে ভাল বীজৰ আশা কৰাটো বৃথা। অৱশ্যে পৰিৱেশ-পাৰিপাৰ্শ্বিকতায়ো মানুহক লৈ যায় অমানুহৰ শাৰীলৈ। লোভ-ক্ৰোধ-ক্ষমতাৰ লালসাতো সংঘটিত হয় অনুৰূপ ঘটনাৰ। ৰিপুই মানুহক দানৱ সজায়। যাৰ বাবে সংঘটিত হয় অকল্পনীয় ঘটনা-পৰিঘটনা।
এই শৰততে দেৱী দুৰ্গাই মচি নিয়ক অসূয়া-অপ্ৰীতি। সিঁচি দিয়ক শুভ বুদ্ধিৰ বীজ। দুষ্ট যাওক নিপাত। উন্মেষ হওক শান্তি আৰু সম্প্ৰীতিৰ। সাধু-সন্তই বিৰাজ কৰক এই ধৰাত।
Also Read: ফ্লাই অভাৰখন ভাগিল !