ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়...

ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়...

author-image
Asomiya Pratidin
New Update
ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়...

ভাস্কৰ শৰ্মা

“যত্ৰ নৰ্মাস্তু পূজ্যতে ৰমন্তে তত্ৰ দেৱতাঃ। যত্ৰৈতাস্তু ন পূজ্যতে সৰ্বাস্তত্ৰাফলা ক্ৰিয়া।। শ্লোক ফাঁকিৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে, য'ত নাৰীসকলক শ্ৰদ্ধা-সন্মান কৰা হয়, তাতেই দেৱতাসকলে বিচৰণ কৰে। য'ত নাৰীসকলক সন্মান কৰা নহয়, তাত সকলো কৰ্মই নিষ্ফল।“

অপশক্তি বিনাশ কৰি মৰ্ত্যত শান্তি প্ৰতিষ্ঠাৰ বাবে ধৰালৈ নামি আহিছে দুৰ্গতিনাশিনী মা দুৰ্গা। অসুৰ বিনাশ কৰি ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়েৰে মৰ্ত্যত স্থাপন কৰিব শান্তিৰ বেদী।

আজি মহাষষ্ঠী। ষষ্ঠীৰ বেদীত স্থাপন হ’ব দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি। ই এক পৱিত্ৰ ক্ষণ। ই মাহেন্দ্ৰ ক্ষণ। সংস্কৃতত দুৰ্গাৰ অৰ্থ হৈছে যাৰ ওচৰলৈ যোৱাটো দুঃসাধ্য। ভাৰতীয় সভ্যতা-সংস্কৃতিত অতীজৰে পৰা দুষ্টক দমন আৰু সন্তক পালনৰ নিদৰ্শন দাঙি ধৰি অহা হৈছে। এই প্ৰক্ৰিয়াৰ মাজেৰেই সৃষ্টি হয় সাহিত্য, চলচ্চিত্ৰ অথবা বিবিধ লেখা।

নাৰী সমাজৰ দৃষ্টিকোণ। ভাৰতীয় সংস্কৃতিত নাৰীসকলক এক সুকীয়া স্থান দি অহা হৈছে। য'ত নাৰীক মাতৃ জ্ঞান কৰা হয়। এই মূলুকৰ সভ্যতাত নাৰীৰ এক সুকীয়া স্থান আছে। পৰম্পৰা অনুসাৰে এই ধাৰা আজিও চলি আছে। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত নাৰী অপদস্থ হোৱাটো নতুন কথা নহয়।

দুৰ্গাক সৃষ্টি কৰা হৈছিল মহিষাসুৰ বধ কৰিবলৈ। দেৱ-দেৱীসকলে ইটো-সিটো অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত কৰি তুলিছিল দেৱী দুৰ্গাক। দুষ্টক নিধন কৰিবলৈ অৱতাৰ লোৱা দুৰ্গাই মহিষাসুৰক বধ কৰিলে ঠিকেই। কিন্তু ইয়াৰ পিছত সমাজত জন্ম হ'ল হাজাৰ হাজাৰ মহিষাসুৰৰূপী দানৱৰ। এই মূলুকতে নিৰ্যাতিত হৈ আহিছে নাৰী। ধৰ্ষণ-হত্যা আদিৰ দৰে পাশৱিক কাণ্ডৰ বলি হয় নাৰী।

অথচ অতীতৰ পৰাই ভাৰতীয় সভ্যতা- সংস্কৃতিত নাৰী শক্তিৰ অন্যতম নিদৰ্শন দেৱী দূৰ্গাক কৰি আহিছে পূজা- অৰ্চনা। ভকতিৰ অৰ্ঘ্যৰে চৰণ ধুৱাই আহিছে দেৱী দূৰ্গাৰ। ভাৰতীয় সভ্যতাই সদায়ে নাৰীক এক সুকীয়া স্থান আৰু মৰ্যাদা দি আহিছে। কিয়নো নাৰী সৃষ্টি, নাৰী শক্তি, নাৰী শান্তি। কোনো কোনো ক্ষেত্ৰত নাৰীয়ে সুপ্ত সাহসক কৰি আহিছে জাগ্ৰত। নাৰীসকল কেৱল সহনশীলেই নহয়, সমান্তৰালকৈ দয়াশীলো।

তেঁওলোকৰ বুকুৰ মণিকোঠত থাকে অপৰিসীম সাহস, মায়া-মোহে আৱৰা আছুতীয়া কোঠা। অন্তৰৰ নিভৃতকোণৰ ত্যাগৰ ক্ষমতাও অপৰিসীম।

তথাপিও এই কলুষিত সমাজৰ এচাম দানৱৰূপী মানৱৰ হাতত নিৰ্যাতিত হ’ব লগা হয় নাৰী। সমাজৰ সুখ- দুখৰ শিলাময় খুন্দাত কেতিয়াবা নাৰী লাঞ্চিত অথবা বঞ্চিত হ’বলগীয়া হয়। ঈশ্বৰৰ অপূৰ্ব সৃষ্টিতো কেতিয়াবা কোনো অপশক্তিয়ে এই সৃষ্টিত আঘাত হানে। একেদৰে আমাৰ এই সমাজতো লম্পট, জিঘাংসু প্ৰকৃতিৰ মানৱৰূপী অমানৱে নাৰীক অসন্মান কৰে।

ঘূণে ধৰা এই সমাজৰে একাংশ লোকে নাৰীক নিদিয়ে মান অথবা সন্মান। পাহৰি যায় তেঁওলোকো ঈশ্বৰৰে এটা ৰূপ। কামনাৰ বলি হয় কত যে দেৱীসদৃশ নাৰী।

আধুনিক বিশ্বৰ এই শতিকাতো পদূলিমুখলৈ ওলাবলৈ ভয়-শংকা কৰে একাংশ নাৰীয়ে। কিমান সুৰক্ষিত তেওঁলোক ? অসুৰৰূপী মানৱৰো মুখত আখৈ ফুটা দি ফুটে- ষষ্ঠী, সপ্তমী, অষ্টমী কিম্বা নৱমী-দশমী। ফুল-নৈবদ্য শৰাইলৈ আগবাঢ়ে দেৱী শ্ৰীচৰণলৈ বুলি। এবাৰলৈয়ো মনলৈ সদ্বভাবৰ উদয় নহয়নে এওলোকৰ ? সঁচ ভাল নহ'লে ভাল বীজৰ আশা কৰাটো বৃথা। অৱশ্যে পৰিৱেশ-পাৰিপাৰ্শ্বিকতায়ো মানুহক লৈ যায় অমানুহৰ শাৰীলৈ। লোভ-ক্ৰোধ-ক্ষমতাৰ লালসাতো সংঘটিত হয় অনাকাঙ্খিত ঘটনাৰ।

ৰিপুৱে মানুহক দানৱ সজায়। যাৰ বাবে সংঘটিত হয় অকল্পনীয় ঘটনা-পৰিঘটনাৰ। শেষত এটাই আশা- এই শৰততে দেৱী দুৰ্গাই মচি নিয়ক অসূয়া-অপ্ৰীতি। সিঁচি দিয়ক শুভ বুদ্ধিৰ বীজ। দুষ্ট যাওক নিপাত। উন্মেষ হওক শান্তি আৰু সম্প্ৰীতি। সাধু-সন্তই বিৰাজ কৰক এই ধৰাত। দেৱী দূৰ্গাৰ আশিষ- নিৰ্মালী সকলোৰে দেহত পৰক আৰু এখন সুস্থ সমাজৰ সেনানী হওক। তেহে এই সমাজত সুৰক্ষিত হ’ব নাৰী, সুন্দৰ সমাজক বলিব শান্তিৰ এচাতি নিৰ্মল বা...।

Also Read: ৰান্ধি, বাঢ়ি দিলেও খাব নাজানে কংগ্ৰেছে !

দুৰ্গা