কৃষি বিনে নাই গতি

কৃষি বিনে নাই গতি

author-image
Asomiya Pratidin
New Update
কৃষি বিনে নাই গতি

ভাস্কৰ শৰ্মা

সকলো দিৱসৰ দৰে কৃষকৰ বাবেও আছে এটা বিশেষ দিন। এই দিন কাৰ, কিমান মনত থাকে সেয়া নাজানো। কৃষক দিৱসৰ প্ৰাসংগিকতাৰ অনুভৱ কোনোবাই কৰিব পাৰে নে নোৱাৰে সেয়াও এক ধূসৰ ছবি।

কাৰণ আমাৰ মনত 'কৃষক' বুলি ক'লে মনলৈ ভাহি আহে- কান্ধত নাঙল,হাতত এচাৰি আৰু সন্মুখত থকা এহাল বলধৰ ছবি। যিয়ে দুবেলা-দুমুঠি অন্নৰ বাবে কঠোৰৰ পৰা কঠোৰতম সংগ্ৰাম কৰে। বিৰামহীনভাৱে কৰিব জানে মাথোঁ শ্ৰম।

কি ৰ'দ, কি বৰষুণ; সকলো পাৰ হৈ যায় এগৰাকী কৃষকৰ মূৰৰ ওপৰেৰে। বিৰতি মানেই যেন সকলো পণ্ড হৈ যাব। প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা ক্ষমতাৰ কথা ভাবিব পৰাটো এগৰাকী কৃষকৰ বাবে পাহাৰত কাছ কণী বিচৰাসদৃশ। স্বাভাৱিকতে 'কৃষক' বুলি ক'লে এয়াই পোনতে অহা ধাৰণা।

আজি কৃষক দিৱস। ২৩ ডিচেম্বৰৰ দিনটো প্ৰতিবছৰে কৃষকসকলৰ সন্মানৰ্থে এই দিৱস পালন কৰা হয়। ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী আছিল চৌধুৰী চৰণ সিং। উত্তৰ প্ৰদেশৰ এটা কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ।

ক্ষমতাৰ দিশৰ পৰা চালে তেওঁ মাত্ৰ ৭ মাহ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। কিন্তু এই কম সময়তে তেওঁ কৃষকসকলৰ সন্মানৰ্থে দি গ'ল বিশেষ দিন। এই সময়ছোৱাত চৰণ সিঙে জমিদাৰী বিলুপ্তি আইন সংসদৰ মজিয়াত আনিছিল। ৰূপায়ণ কৰিছিল বহু কৃষি উন্নয়নমূলক আঁচনি।

কৃষকসকলৰ সমস্যা সমাধানৰ বাবেও বহু সময়ত মাত মাতিছিল। এইগৰাকী দূৰদৰ্শী চিন্তা নায়ক তথা কৃষকৰ বন্ধুসদৃশ চৰণ সিঙৰ জন্মদিনটো ২০০১ চনৰ পৰাই 'কৃষক দিৱস' হিচাপে পালন কৰি আহিছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেজীয়ে।

ভাৰত মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ ওপৰত অধিকাংশ ভিত্তি কৰিয়েই নিৰ্মাণ হয় দেশৰ অৰ্থনীতিৰ ভেটি। ধান, ঘেঁহু, মৰাপাট, চাহ, সৰিয়হ, কুঁহিয়াৰ,পাচলি আদি ভাৰতৰ উৰ্বৰা ভূমিত উৎপন্ন হোৱা প্ৰধান খেতি। এনেবোৰ শস্য দেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ উপৰি দেশৰ বাহিৰলৈও যায়।

প্ৰায়বিধ খেতিৰ পৰা উৎপন্ন কৰা হয় একাধিক খাদ্য সামগ্ৰী। যেনে- ধানৰ পৰা চাউল, চিৰা, আখৈ ইত্যাদি। একেদৰে ঘেঁহুৰ পৰা আটা-ময়দা আদি। ইয়াৰ পৰা লাভ কৰা ৰাজহেৰে দেশৰ অৰ্থনীতিৰ ভেটি সুদৃঢ় হয়।

আনহাতে, কৃষি আৰু কৃষককলৈ সৌ তাহানিতে ড০ ভূপেন হাজৰিকাই কৈছিল গীতৰ মাজেৰে বহু কথা। "অ' মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই...মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ-যুগৰ...।" খেতিয়কলৈ নিৰ্মাণ হৈছে চিনেমা-নাটক অথবা সাহিত্য।

সমাজ ব্যৱস্থাতো কৃষক আৰু কৃষিকেই আগস্থান দিয়া হয়। ব'হাগ বিহু, মাঘ বিহু, আলি আই-লৃগাং ইত্যাদি উৎসৱৰ লক্ষ্য আৰু উদ্দেশ্য কৃষিয়েই। তৎসত্বেও কৃষকৰ নুগুচে দুৰ্দশা। যাৰ বাবে কৃষিকৰ্ম এৰি চৰকাৰী অথবা বহুজাতিক কোম্পানীৰ সাধাৰণ চাকৰি এটা বিচাৰি ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে।

একাংশৰ মতে, কৃষি হোনো লাভজনক বৃত্তি নহয়। পিতৃ-মাতৃয়েও সন্তানক খেতিয়ক হোৱাটো পচণ্ড নকৰে। অৱশ্যে কৃষিক্ষেত্ৰত বিভিন্ন আসোঁৱাহৰ বাবে এনে এটা পৰিৱেশৰ সূচনা হৈছে। যাৰ বাবে এইধৰণে ভবাৰ অৱকাশ এটা আহি পৰিছে।

কিয়নো প্ৰাপ্য বিচাৰি কৃষকে কৰিব লগা হয় আন্দোলন। মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আদি কৃষিক্ষেত্ৰত আগবঢ়া ৰাজ্যৰ কৃষকৰ দুৰ্দশা অতি বেদনাদায়ক। এইসমূহ ৰাজ্যৰ কৃষকে প্ৰায়েই আন্দোলন কৰি লাঠিৰ কোব পৰ্যন্ত খাব লগা পৰিস্থিতি হৈছিল। অসমৰ কৃষকৰ ক্ষেত্ৰতো একেই।

অতি পৰিতাপৰ কথা যে, কৃষি প্ৰধান দেশখনতে কৃষকে আত্মহত্যা কৰা দৰে ঘটনা সংঘটিত হৈছে। ২০২১ চনলৈ ঘূৰি গ'লে দেখা যায় কৃষিকৰ্মৰে জড়িত ১০ সহস্ৰাধিক লোকে আত্মহত্যাৰ পথ বাচি ল'ব লগা হৈছিল। অৱশ্যে অসমৰ ক্ষেত্ৰত এনে দুৰ্ভাগ্যজনক ঘটনাই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰা নাই। অন্নদাতাৰ প্ৰতি এনে পৰিস্থিতি হোৱাটো কোনেও নিবিচাৰে। যিয়ে দিন-ৰাতি কষ্ট কৰি নিজৰ লগতে আনকো খুৱাবলৈ কৰে অহোপুৰুষাৰ্থ !

সম্প্ৰতি কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে বিভিন্ন উন্নয়নমুখী আঁচনি হাতত লৈছে। ভালেকেইখন আঁচনি ইতিমধ্যে ৰূপায়ণো কৰিছে। ধানকে ধৰি বিভিন্ন শস্যৰ ক্ষেত্ৰতো চৰকাৰে নিৰ্দিষ্ট নিৰিখ নিৰ্ধাৰণ কৰি দিছে। মধ্যভোগীয়ে যাতে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত অন্তৰায় হৈ থিয় দিব নোৱাৰে তাৰ বাবেও লৈছে পদক্ষেপ।

কিন্তু পৰিতাপৰ কথা এই আঁচনিসমূহে এতিয়াও সাধাৰণ কৃষকক স্পৰ্শ কৰিব পৰা নাই। বিজ্ঞাপনত দেখুওৱাৰ দৰে নহয় বাস্তৱিক পৰিৱেশ। কৃষি অবিহনে সকলো অসাৰ। চৰকাৰৰ ৰং-বিৰঙি বিজ্ঞাপনত চহা খেতিয়কে দেখিছে ধিমিক-ধামাক আশাৰ কিৰণ।

প্ৰতিবাৰেই সপোন দেখে এন্ধাৰে আৱৰা জীৱনত পোহৰ আহিব। কৃষি কৰ্মৰে জীৱন স্বচ্ছল হ'ব। কৃষকৰ এই সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰে জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, কৃষকৰ আৰ্থিক সকাহ,উপযুক্ত বজাৰ আদিৰ ব্যৱস্থা সঠিকভাৱে কৰি দিবই লাগিব।

কৃষিক অৰ্থনীতিৰ ভেঁটি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰী পৃষ্ঠপোষকতাৰ অতি জৰুৰী। কেৱল শ্লোগান আওঁৰাই খেতিয়কৰ হৃদয় জয় কৰাৰ চেষ্টাৰ পৰিৱৰ্তে এক সঠিক আৰু পৰিকল্পিত ৰোডমেপ তৈয়াৰ কৰিব লাগিব। তেহে অন্নদাতাৰ মলিয়ন মুখত বিৰিঙিব সন্তুষ্টিৰ এমোকোৰা হাঁহি।

পুঁজিপতি ব্যৱসায়ীয়েই নহয়, কৃষকেও বিলাসী গাড়ী চলাব পৰা এক পৰিৱেশ গঢ়িব পাৰিব লাগিব। কৃষকৰ ঘৰো হ'ব লাগিব অট্টালিকাসদৃশ। তেতিয়াহে নতুন প্ৰজন্মও চৰকাৰী অথবা বহুজাতিক প্ৰতিষ্ঠানৰ চাকৰিৰ পিছত নদৌৰি চন পৰি থকা মাটিৰ কৰ্ষণ কৰি কৃষি-কৰ্মত নিয়োজিত হ'ব। অন্যথা এতিয়াৰ দৰেই হায়দৰাবাদ অথবা বেংগালুৰুৰ প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰত সুৰক্ষা কৰ্মীৰ চাকৰিত মকৰল হ'ব অথবা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী লৈ চৰকাৰী চাকৰিৰ পিছত দৌৰি সময়ৰ অপব্যয় কৰিব।

এতিয়া সিদ্ধান্ত চৰকাৰৰ। নতুন প্ৰজন্মক কিদৰে গঢ়িব বিচাৰে? চৰকাৰৰ সদিচ্ছা থাকিলে, এক পৰিৱেশ তৈয়াৰ কৰিব পাৰিলে ছিকিউৰিটি অথবা চৰকাৰী চাকৰি পিছত নদৌৰি আমাৰ তৰুণ প্ৰজন্ময়ো আওঁৰাব সেই বিখ্যাত উক্তি- "জয় জোৱান,জয় কিষাণ।"

Also Read: পৰেশ বৰুৱালৈ প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্ন...

Krishak Diwash