সফলতাৰ নাথাকে চমু পথ...

সফলতাৰ নাথাকে চমু পথ...
Published on
Updated on

ভাস্কৰ শৰ্মা

মানুহৰ লোভ, মোহ আৰু সফলতাৰ বাবে বিচৰা চমু পথ আদি কাৰ্যই মানুহক মনুষ্যত্বৰ পৰা অৱনমিত কৰে। স্খলিত হয় মানুহৰ আচৰণ তথা চৰিত্ৰ। অৱনমিত হয় মানুহে জন্মেসূত্ৰে অৰ্জা ব্যক্তিত্বৰ।

উচ্চাকাঙ্খা আৰু পলকতে পাব বিচৰাৰ হাবিয়াসে মানুহক ক্ৰমান্বয়ে লৈ গৈ আছে এখন জটিল পৃথিৱীৰ মাজলৈ। যাৰ ফলত হেৰাই গৈছে মানুহৰ ধৈৰ্য আৰু সহ্য গুণ। ক্ষণিক সময়ৰ ভিতৰতে পাব বিচাৰে- ক্ষমতা-অৰ্থ কিম্বা প্ৰাচুৰ্য্য।

অৰ্থ মোহে অন্ধ কৰিছে একাংশ লোকক। পৰিয়াল-পৰিজনৰ আশীৰ্বাদত লাভ কৰা অমূল্য সময়খিনিতো গৰল ঢালি বঞ্চিত হৈছে বহু মধুৰ ক্ষণৰ পৰা।

কেৱল লাগে টকা আৰু টকা। অৰ্থ বিচাৰি পাহৰি গৈছে জীৱনৰ অৰ্থ। ক্ষণিক সুখৰ বাবে পাহৰি গৈছে মূল্যবোধ কি অথবা প্ৰাপ্তিৰ অৰ্থ। তেঁওলোকৰ মনত এবাৰলৈও নাহে যে প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ পাছৰ পৰ্যায়ত কি হ’ব।

উৰণীয়া মনক বান্ধি ৰাখিব নোৱাৰাৰ বাবেই আজি তেঁওলোকে দখল কৰিছে বাতৰিৰ শিৰোণাম। মন গ’লেই প্ৰমোদ ভ্ৰমণৰ বাবে ডুবাই, বেংকক আদিলৈ উৰা মৰা, মন গ’লেই ইখনৰ পাছত সিখন বিলাসী গাড়ী ক্ৰয় কৰা, বিলাসী ফ্লেটৰ মেহগনি পালেঙত সুখনিদ্ৰা বিচৰা ইত্যাদি ইত্যাদি।

সহজে ঐশ্বৰ্য-বিভূতিৰগৰাকী হ’ব খোজাসকলে নুবুজে যে- মন যোৱা প্ৰতিটো বস্তু যে হাতৰমুঠিত পাব নেৱাৰি অথবা পাব বিচৰাটো যে ভুল। এইবোৰ কথাও তেঁওলোকৰ মনত নধৰে বুলি বোধ হয় !

সময়ৰ কাটা কাৰোৰে অধীনত নুঘূৰে। ভাল সময় আৰু বেয়া সময় সকলোৰে বাবে আহে। অপেক্ষা মাথোঁ নিৰ্দিষ্ট ক্ষণ আৰু সময়লৈ। কাৰণ নিজে কৰা কৰ্মফলৰ পৰিণাম ভুগে যদিও ন্যূনতমো নথকা লাজৰ বাবে বীৰদৰ্পে মুকলি আকাশৰ তলত চলা-ফুৰা কৰে এঁওলোক। অৱশ্যে পিছলৈ কিছুসংখ্যকে আত্মগ্লানিত ভুগে যদিও পৰৱৰ্তী সময়লৈ নাথাকে আত্মশুদ্ধিৰ সময়।

সম্প্ৰতি চৰ্চাত থকা এটি বিষয় হৈছে- অনলাইন ট্ৰেডিং। এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ ভালেকেইগৰাকী লোকে গ্ৰাহকক অধিক ধন লাভৰ লোভ দেখুৱাই সৰকাইছে কোটি কোটি টকা। এই কাণ্ডৰে জড়িত থকাৰ অভিযোগত নাম সাঙোৰ খাইছে ডিব্ৰুগড়ৰ বিশাল ফুকন, স্বপ্ননীল দাস, ডি বি ষ্টক ব্ৰকিঙৰ দিপাংকৰ বৰ্মনসহ তেঁওৰ প্ৰেয়সী।

এওঁলোকে ট্ৰেডিঙৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাই একাংশ লোকক বহুদিনৰ পৰাই প্ৰৱঞ্চনা কৰি আহিছে। এঁওলোকৰ কথাত বাট বুলি উজুটি খাইছে বহুসংখ্যক লোক।

বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱকজনে নটাৰীৰ জৰিয়তে চুক্তি কৰি ৬০ টা কৰ্মদিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল বিনিয়োগকাৰীৰ পৰা। বিশালহঁতে পেলোৱা প্ৰৱঞ্চনাৰ জালত ভৰি দি এতিয়া আৰক্ষীৰ কাষ চাপিছে বহু প্ৰৱঞ্চিত লোকসকল।

উল্লেখ্য যে কিছুদিন পূৰ্বে এঁওলোকৰ কৰ্মকাণ্ড পোহৰলৈ আহিছিল সংবাদ মাধ্যমৰ জৰিয়তে। তেঁওলোকে কৰা কৰ্মকাণ্ডৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে সংবাদ মাধ্যমসমূহত। ৰাজ্যজুৰি চৰ্চা চলিছিল এওঁলোকৰ জীৱনশৈলী আৰু কৰ্মকাণ্ডকলৈ।

কিন্তু এই কৰ্মকাণ্ড কিমান দিনলৈ চলিব, এশ গৰু মাৰিলে যে বাঘৰো মৰণ হয় সেই কথা হয়তো তেঁওলোকে পাহৰিয়েই গৈছিল !

সোমবাৰৰ নিশা আৰক্ষীয়ে চলালে অভিযান। এই অভিযানত ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্টৰ পৰা বিশাল ফুকন আৰু তেঁওৰ এজন সহযোগীক আটক কৰিলে আৰক্ষীয়ে।

ঘৰতো আৰক্ষীয়ে চলালে অভিযান। এই অভিযানত বিশাল ফুকনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে আৰৱৰ মুদ্ৰাসহ ৬টা আইফোন মোবাইল হেণ্ডচেট। জানিব পৰা মতে ছীল কৰিছে বিশাল ফুকনৰ আটাইকেইটা বেংক একাউণ্ট।

উক্ত দিনাই একেই অভিযোগত মাজনিশা দিশপুৰ আৰক্ষীয়ে অভিযান চলাই বেলতলাৰ এটা বিলাসী ফ্লেটৰ পৰা আটক কৰে স্বপ্ননীল দাসৰ নামৰ প্ৰৱঞ্চকটোক। তাৰোপৰি ধৃত স্বপ্ননীলৰ দুখন বিলাসী বাহনো জব্দ কৰে আৰক্ষীয়ে।

এইগৰাকী স্বপ্ননীলে গুৱাহাটীত 'ট্ৰেডিং ফ্ৰম এ লিভিং' নামৰ এটা প্ৰতিষ্ঠানৰ গঢ় দিছিল। ৰাজ্যৰ বহু জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত ইউটিউবাৰৰ জৰিয়তে প্ৰায়ে তেওঁ এই প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰিছিল। তাৰোপৰি কিদৰে কম সময়ৰ ভিতৰতে অধিক ধন ঘটিব পাৰি তাৰ এখন জাল মেলিছিল।

এনে জালত ভৰি দিয়েই বহুতেই সাঁচতীয়া ধন হেৰুৱাইছে। স্বপ্ননীল দাসে গঢ় দিয়া তেওঁৰ এই প্ৰতিষ্ঠানতে বহু যুৱক-যুৱতীক ট্ৰেডিঙৰো শিক্ষা দিছিল। কিন্তু স্বপ্ননীল দাসৰ এই প্ৰতিষ্ঠানখনো ভুৱা বুলি জানিব পৰা গৈছে।

এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা প্ৰৱঞ্চক বিশাল ফুকনে এগৰাকী নৃত্যশিল্পীৰ বিয়াৰ অনুষ্ঠানত ব্যয় কৰিছিল কোটি কোটি টকা। উদয়পুৰত অনুষ্ঠিত হৈছিল সেইখন ডেষ্টিনেশ্যন ৱেডিং। সেইগৰাকী ৰীলছৰ অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীৰ সন্ধানতো অভিযান অৱ্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ ডিব্ৰুগড়ৰ বাসভৱনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা আইফোন।

সাম্প্ৰতিক সময়ত বিশাল, স্বপ্ননীলহঁত একো একোটা উদাৰণহে। ইতিমধ্যে এইধৰণৰ প্ৰৱঞ্চনাৰে বহু লোক জড়িত থকা বুলি জানিব পৰা গৈছে। হয়তো শীঘ্ৰেই পোহৰলৈ আহিব আৰু বহু তথ্য।

মুঠৰ ওপৰত অৰ্থ মোহে এতিয়া এচামক এন্ধৰ জগত এখনৰ দিশে লৈ গৈ আছে। ক্ষণিকৰ বাবে বিচৰা জনপ্ৰিয়তা, ধন আৰু প্ৰাচুৰ্যৰ প্ৰতি লালসা থকা সকলোৱে এদিন আত্মগ্লানিত যে দগ্ধ হ’ব ই ধূৰূপ...!  

সফলতাৰ নাথাকে চমু পথ...
মাজুলীতো কিনি থলো মাটি এডোখৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in