দুগৰাকী গৃহিণী। এগৰাকীয়ে কৈ গৈছে জীৱনৰ কাহিনী। সৰল ৰেখা নহয় জীৱন; ঘাট-প্ৰতিঘাটৰ সমষ্টি। সুখ বিচাৰি জীৱনত কেৱল পালে দুখ। সকলো হেৰুৱায়ো কিবা এটা পোৱাৰ আশাত শেষ মুহূৰ্তলৈকে আশাবাদী এগৰাকী নাৰী।
আনগৰাকী গৃহিণীয়ে সেই নাৰীৰ জীৱনৰ বাস্তৱ কথাবোৰ দেখি ধৰি ৰাখিব নোৱাৰিলে চকুপানী। যেতিয়া নিজৰ দুখৰ কাহিনী কৈ গৈছিল খামিডাঠ মহিলাগৰাকীয়ে সেই কাহিনীৰ সৈতেই যেন মিলে আজিৰ পৃথিৱী। সুখৰ আধাৰ কি? সন্তানেইতো সকলো !
খামিডাঠ মহিলাগৰাকীৰ মানুহজন বৰ আপোনভোলা। অন্যায় দুৰ্নীতি তেওঁ বুজি নাপায়। ভাল পায় পৃথিৱীখন, নিজৰ সময়বোৰ আৰু ল'ৰা ছোৱালী তিনিটাক। মহিলাগৰাকীয়ে সেই কথা বুজে। অৰ্ধাঙ্গিনী হিচাপে সেয়ে যিকোনো প্ৰকাৰে মানুহজনক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে।
কলেজত পঢ়াৰ সময়ত তেওঁ আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ভাল গান গাইছিল, ইচ্ছা কৰা হ'লে গ্লেমাৰ জগতখনত প্ৰতিষ্ঠা হ'ব পৰাকৈ তেওঁৰ সকলো আছিল। দৰমহাৰ টকা কেইটাৰে টানি-টুনি চলি থকা এখন সংসাৰ। ডাঙৰটো ল'ৰা বেকাৰ।
একপ্ৰকাৰৰ মাক-দেউতাকৰ অবাধ্য। নীতিত চলা দেউতাকে ডাঙৰ মইনা বুলি মাতে। দেউতাকৰ ওচৰত টকাৰ বাবে হাত পাতোতে মাকে বহু সময়ত পৰিস্থিতি চম্ভালিবলগীয়া হয়। সৰু ল'ৰাই ইঞ্জিনীয়াৰিঙত আসন পাওঁতে দেউতাকৰ কিমান যে আনন্দ !
মোনাখন মাছ-মাংসৰে ভৰাই আনিছিল। বাটত যাকে পাইছিল তাকেই সেই সু-খবৰ দিছিল। কিমান যে কল্পনা ল'ৰাক লৈ মানুহজনৰ ! পুতেক ইঞ্জিনীয়াৰ হ'ব, তেওঁ ইঞ্জিনীয়াৰৰ দেউতাক হ'ব। লগে লগে ৰাতিৰ সাজ পৰিয়ালটোৱে সেই সুখৰ মুহূৰ্তত খাব।
সেই আশাও মানুহজনৰ সেইদিনা পূৰণ হোৱা নাছিল। ডাঙৰ পুত্ৰ ওলাই গৈছিল ঘৰৰ পৰা কাকো একো নোকোৱাকৈ। সৰু পুত্ৰই সেই ভাল খবৰৰ বাবে লগৰবোৰৰ কাষলৈ গ'ল। বাহিৰত বন্ধুৰ সৈতে খাই আহিল একমাত্ৰ জীয়েকে।
একেলগে খাম খাম বুলি ৰৈ থকা মানুহজনৰ বুকুখন সেইদিনা ভাগিছিল বৰ বেয়া ধৰণে। তথাপিও তেওঁ সহজভাৱেই লৈছিল সকলো। সময় পাৰ হৈ গৈছিল। সময়ে বহু নতুন কাহিনী এই সংসাৰখনৰ সৈতে সংযোগ ঘটাইছিল।
ডাঙৰ পুত্ৰ ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে মিলি মাক-দেউতাকৰ হকা বাধা নুশুনি ঘৰ এৰি গুছি গৈছিল। এনে অসাধু এজন ড্ৰাগছ ব্যৱসায়ীৰ পুত্ৰৰ সৈতেই কন্যাই বিলাসী জীৱনৰ আশাত বিবাহ পাশত আৱদ্ধ হৈছিল। সৰু পুত্ৰই ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম শেষ কৰি এটা কোম্পানীত চাকৰি পাইছিল।
তাৰ পাছত সকলোৱে নিজেই নিজৰ বাট লৈছিল। সেই বাট সুষম নাছিল। আৰক্ষীৰ এনকাউণ্টাৰত ডাঙৰ পুত্ৰৰ মৃত্যুৰ খবৰে মানুহজনক ভীষণ অস্বস্তিত পেলাইছিল। সমাজত তেওঁ ন্যায়ৰ পথেৰে বুটলা সন্মানকনৰ শেষ ৰক্ষা নহ'ল। তথাপিও দুয়োৱে দুয়োক প্ৰবোধ দিয়ে।
পত্নীক গান গাবলৈ হাৰমনিয়ামখন উলিয়াই দি তেওঁ গান শুনিছিল। সুখৰ সন্ধানত পত্নীয়ে তাহানিতেই গোৱা সেই কবিতা আকৌ শুনিছিল। দুয়োৱে দুয়োৰ কাষৰ পৰা আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কন্যাক স্বামীয়ে ঘৰৰ পৰা খেদি পঠিয়াইছিল।
দুখৰ সেই সময়খিনিত এজন চুবুৰীয়াই তেওঁলোকৰ কাষত বিশ্বস্তৰ দৰে থিয় দিছিল। সৰু পুত্ৰলৈ তেওঁৰ কৰ্মৰত কোম্পানীটোৰ মালিকনীয়ে নিজৰ কন্যাক বিয়া দি মাক, দেউতাকৰ পৰা আঁতৰাই লৈ গৈছিল। এনে এখন বিধ্বস্ত সংসাৰত দুয়ো সুখী হৈয়ো সুখী হ'ব পৰা নাছিল।
মানুহজনে নিজেই অমংগলীয়া বুলি ভাবিছিল। এদিন ডিব্ৰুগড়ত বিয়া আছে বুলি মানুহজন ওলাই গুছি গ'ল ঘৰৰ পৰা। তাৰ পাছত ঘৰৰ সমীপৰ পানীখাইতি ৰে'ল ষ্টেচনলৈ মানুহগৰাকী পুৱা ওলাই যায়। কিয়নো বিয়া খাবলৈ বুলি উলাই যোৱা মানুহজন দুদিনৰ পাছতেই ঘূৰি অহাৰ কথা আছিল।
আহিম বুলি কথা দিও তেওঁ নাহিল। লগত সদাই থাকিম বুলি প্ৰতিশ্ৰুতি দিও তেওঁ নাথাকিল। সেয়েহে কিজানি মানুহজন উভতি আহে ৰে'লেৰে বুলি ভাবি প্ৰতিটো পুৱা হাতত বেগটো লৈ আদহীয়া মহিলাগৰাকী গৈ ৰে'ল ষ্টেচন পাইগৈ।
এয়াই এতিয়া তেওঁৰ ৰুটিন। ঘৰত তেওঁ অকলশৰীয়া। মানুহঘৰৰ সৈতে খুব আত্মীক সম্পৰ্ক থকা চুবুৰীয়া মানুহজনেই ঘৰটো ৰখে, গাখীৰ লয় গাখীৰৱালাৰ পৰা। এইগৰাকী গৃহিণীৰ এই কাহিনীৰ সৈতে আছে আৰু বহু উপ-কাহিনী।
ফ্লেছবেক হৈ ধৰা দিয়ে সোণোৱালী দিনবোৰ। কেতিয়াবা সেই গৃহিণীগৰাকী হৈ পৰে এজনী প্ৰাণচঞ্চল ছোৱালী। তেওঁৰ প্ৰতিটো কথাত সমাজৰ প্ৰতি এক সকিয়নী। সেই কথাবোৰ শুনি এন্ধাৰৰ পৰা কাণত পৰেহি শ শ লোকৰ হাত চাপৰি।
এইগৰাকী গৃহিণী আছিল মঞ্চত। তেওঁ নিজৰ কাহিনী অভিনয় কৰি গৈছিল। আনগৰাকী গৃহিণী আছিল মোৰ কাষত। যাৰ উচুপণি আৰু হুমুনিয়াই একে সময়তে মোক চুই গৈছিল। বহুদিনৰ পাছত এখন ভ্ৰাম্যমাণৰ নাটক চোৱাৰ সুখ এয়া।
আৱাহন থিয়েটাৰৰ 'অৰ্ধাঙ্গিনী' নাটকৰ দৰ্শকৰ হৈ লাভ কৰা অনুভৱ আছিল অনন্য। মঞ্চত থকা গৃহিণীৰ ৰূপত আছিল প্ৰস্তুতি পৰাশৰ। অনন্য অভিনয়েৰে এগৰাকী অৰ্ধাংগিণী ৰূপত হৃদয় জয় কৰা এইগৰাকী অভিনেত্ৰী সঁচাই সাম্প্ৰতিক সময়ৰ অভিনয়ৰ মহাৰাণী !