ADRE ক নকৰিব APSC...

ADRE ক নকৰিব APSC...
ADRE ক নকৰিব APSC...
Published on
Updated on

ৰাজ্যত এতিয়া চলি আছে বানোৎসৱ। এই বানোৎসৱৰ পৰা অসমৰ ৰাইজে কেতিয়া পৰিত্ৰাণ পাব তাৰ কোনো নিশ্চিয়তা নাই। ঠায়ে ঠায়ে এতিয়া প্ৰথমজাক বানত ৰাইজ ডুবিছে যদিও কেইবাখনো জিলাত দ্বিতীয় আৰু তৃতীয় বানৰ গ্ৰাসত পৰিছে নৈপৰীয়া।

এনে পৰিস্থিতিৰ মাজতো বানপীড়িত ৰাইজক লৈ ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়কৰ চুপতি, উপহাস শেষ হোৱা নাই। আজিৰ তাৰিখত ৰাজ্যৰ মুঠ ২৬ খন জিলাত অব্যাহত আছে বানপানীৰ তাণ্ডৱ।

এনে অৱস্থাত সৰ্বসাধাৰণে বান পৰিস্থিতিত পৰি পশু, পক্ষীৰে সহৱস্থান কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা হঠাৎ ADRE প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। ড০ শৰ্মাই সোমবাৰে নিশা ফেচবুক লাইভৰ জৰিয়তে হঠাৎ ঘোষণা কৰি কয় যে, ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষা অক্টোবৰ মাহত আৰু চতুৰ্থবৰ্গৰ পদৰ পৰীক্ষা ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

ইয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ শৰ্মাই তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পদ্ধতি সম্পৰ্কে কৰা ঘোষণাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ আৰ্হিৰে অনুষ্ঠিত কৰিব এইবাৰৰ ADRE পৰীক্ষা।

২৭ অক্টোবৰ ২০২৩ ত অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক বিজ্ঞাপন প্ৰকাশ কৰি মুঠ ৫০০০ টা চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছত ৩০ অক্টোবৰ, ২০২৩ ত পুনৰ আয়োগে আন এক বিজ্ঞাপনৰ জৰিয়তে ৭৬০০ তৃতীয় বৰ্গৰ পদ পূৰণৰ বিষয়ে উল্লেখ কৰিছিল।

চতুৰ্থ বৰ্গৰ পদসমূহৰ ভিতৰত ১০৬০ টা পদ আছিল দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে। ১৯৯০ টা পদ আছিল দশম শ্ৰেণী উত্তীৰ্ণৰ লগতে আই টি আইৰ বিভিন্ন ট্ৰেড চাৰ্টিফিকেট অধিকাৰীসকলৰ বাবে। ১৯৫০ টা পদ আছিল অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে।

তৃতীয় বৰ্গৰ ৭৬০০ পদৰ ভিতৰত কেটেগৰী-১ ৰ বাবে নিৰ্ধাৰিত ৪০৫৫ টা পদৰ বাবে যোগ্যতা নিৰ্ধাৰণ কৰা হৈছিল স্নাতক ডিগ্ৰীৰ উপৰিও পদ অনুসৰি ছয় মাহৰ কম্পিউটাৰ ডিপ্লমা, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ষ্টেনগ্ৰাফী চাৰ্টিফিকেট আৰু লাইব্ৰেৰী চাইন্সত স্নাতক ডিগ্ৰীৰ লগতে ছয় মাহৰ কম্পিউটাৰ ডিপ্লমা।

তৃতীয় বৰ্গৰ কেটেগৰী-২ৰ বাবে নিৰ্ধাৰিত ৩১২৭ টা পদৰ বাবে চাকৰি প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছিল এইছ এছ এল চি আৰু ইয়াৰ সমপৰ্যায়ৰ। লগতে কাৰিকৰী পদৰ বাবে যোগ্যতা নিৰ্ধাৰণ কৰা হৈছিল বিজ্ঞান বিষয়ত এইছ এছ এল চি উত্তীৰ্ণ।

কেটেগৰী-৩ ৰ বাবে নিৰ্ধাৰিত আছিল ৪১৮ টা পদ। ইয়াৰ বাবে চাকৰি প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছিল এইছ এছ এল চি আৰু সমপৰ্যায়ৰ শিক্ষাগত অৰ্হতাৰ লগতে বৈধ এল এম ভি চালকৰ অনুজ্ঞাপত্ৰ।

এই পদসমূহৰ বাবে প্ৰকাশিত বিজ্ঞাপনত চাকৰি প্ৰাৰ্থীৰ যোগ্যতাৰ উপৰিও বয়সৰ নূন্যতম আৰু উচ্চতম সীমা, প্ৰয়োজনীয় নথি-পত্ৰ আদিৰ বিষয়ে উল্লেখ কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়েও উল্লেখ কৰা আছিল।

সেই অনুসৰিয়েই চতুৰ্গ বৰ্গৰ পদৰ বাবে চাকৰি প্ৰাৰ্থীসকলৰ মাজত প্ৰথমে লিখিত পৰীক্ষা আৰু তাৰ পিছত ইণ্টাৰভিউৰ ব্যৱস্থা কৰা হৈছিল। সেইদৰে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষাৰ উপৰিও কম্পিউটাৰ ডিপ্লমা, ষ্টেনগ্ৰাফাৰ, চালকৰ অনুজ্ঞাপত্ৰ বিচৰা পদসমূহৰ বাবে এই বিষয়ত স্কিল টেষ্টো অনুষ্ঠিত হ'ব বুলি কোৱা হৈছিল।

পূৰ্বে এই দুয়োটা পৰীক্ষা অনুষ্ঠিত হৈছিল বহু বিকল্পী প্ৰশ্নৰ আধাৰত। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে ইয়াৰ পূৰ্বে অনুষ্ঠিত কৰা তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ এইধৰণেই বহু বিকল্পী প্ৰশ্নৰ আধাৰত অনুষ্ঠিত কৰি আহিছিল।

২০২৩ ৰ নৱেম্বৰত প্ৰকাশিত বিজ্ঞাপনতো পৰীক্ষাৰ আৰ্হি সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাছিল। যিহেতু পূৰ্বেৰ পৰা এই পদ্ধতিৰেই পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আহিছে সেয়ে সেইধৰণেই চাকৰিপ্ৰাৰ্থীসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ ফেচবুক লাইভ যোগে এইবাৰ পৰীক্ষা অসম লোকসেৱা আয়োগৰ আৰ্হিত প্ৰথমে প্ৰীলিমছ অৰ্থাৎ প্ৰাৰম্ভিক তাৰ পিছত মেইনছ অৰ্থাৎ মূল পৰীক্ষা আৰু তাৰ পাছত পাৰ্ছনেল ইণ্টাৰভিউৰ জৰিয়তে অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিলে। এই ঘোষণাই এতিয়া সৰ্বত্ৰে সমালোচিত হৈছে।

মুখ্যমন্ত্ৰীৰ ঘোষণাত এটা কথা স্পষ্ট হৈছে যে পৰীক্ষালৈ মাজত মাত্ৰ ২ টা মাহ। এই দুটা মাহত এতিয়া পৰীক্ষাৰ্থীসকলে পুনৰ নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। তাৰ বাবে প্ৰয়োজন হ’ব পাঠ্যক্ৰম। কিন্তু এতিয়ালৈকে এপিএছচি আৰ্হিৰ প্ৰশ্ন কাকতৰ কোনো পাঠ্যক্ৰম ঘোষণা কৰা নাই।

মূল পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব, কি কি বিষয় থাকিব, প্ৰশ্নসমূহৰ উত্তৰ কিমান শব্দৰ ভিতৰত লিখিব লাগিব আদি কোনো কথাই এতিয়ালৈকে স্পষ্ট নহয়। এনে ফলশ্ৰুতিত চাকৰি প্ৰাৰ্থীসকলে কিদৰে প্ৰস্তুতি চলাব সেয়াও এক ডাঙৰ প্ৰশ্ন।

তৃতীয় আৰু চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে কোনসকল যুৱক, যুৱতীয়ে আৱেদন কৰে সেই বিষয়টোও হয়তো মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে। এনে এক জটিল ব্যৱস্থাৰে তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰি লোৱাটো বহুতৰ বাবে এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিব।

চতুৰ্থ বৰ্গৰ এটা চাকৰিৰ বাবে অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ যুৱক-যুৱতীৰ বাবে এনে জটিল ব্যৱস্থাৰ কিবা প্ৰয়োজন আছিলনে? তৃতীয় বৰ্গৰ যিসমূহ পদ সেই পদসমূহত অসম লোক সেৱা আয়োগৰ আৰ্হি অনুসৰণ কৰাৰো প্ৰয়োজনীয়তা কিয় আহি পৰিল?

পূৰ্বে এই পদৰ নিযুক্তিৰ ক্ষেত্ৰত কি ব্যৱস্থা অনুসৰণ কৰা হৈছিল? সেই ব্যৱস্থাৰে চাকৰি লাভ কৰাসকলে দক্ষতাৰে দায়িত্ব পালন কৰিব পৰা নাই নেকি? হঠাৎ এই ব্যৱস্থা কিয়?

ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতি আছিল প্ৰতিবছৰে এক লাখকৈ নিযুক্তি। কিন্তু চৰকাৰ গঠনৰ পিছত কেৱল এক লাখ নিযুক্তিতে উলমি থাকিল ড০ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন।টানি আজুৰি নিযুক্তিৰ সংখ্যা ১ লাখ কৰিবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই ওলাই পৰিছে কিদৰে ইতিমধ্যে ঠিকাভিত্তিত নিযুক্তৰ চাকৰি নিয়মীয়া কৰি অথবা আন প্ৰকাৰে সংখ্যাৰ খেল খেলি আছে।

বহুতেই এতিয়া ক’বলৈ আৰম্ভ কৰিছে, যদিহে এ পি এছ চিৰ আৰ্হিৰে পৰীক্ষা উত্তীৰ্ণ হৈ তৃতীয় বৰ্গৰ চাকৰি ল’ব লাগে তেন্তে আমি তৃতীয় বৰ্গৰ চাকৰিৰ পৰিৱৰ্তে এ পি এছ চিৰ চাকৰিৰ বাবেই প্ৰস্তুতি চলালো হয়। তেওঁলোকৰ এই যুক্তিও অশুদ্ধ নহয়।

ধনৰ অভাৱত অথবা স্নাতক, স্নাতকোত্তৰ উত্তীৰ্ণৰ পিছত বিভিন্ন দায়িত্ব কান্ধত আহি পৰা বাবেই বহুতে অধ্যয়ন এৰি কেৱল সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। কোনোমতে কিবা এটা কৰি জীৱন চলাই থকাসকলৰ শেষ আশা অসম চৰকাৰৰ যিকোনো এটা বিভাগৰ তৃতীয় বৰ্গৰ এটা চাকৰি।

এইসকলে সেই মতেই সময়, সুযোগ মিলাই কামৰ মাজতে চাকৰিৰ প্ৰস্তুতি চলাই থাকে। এইসকলৰ বাবে এই নতুন আৰ্হি এতিয়া এক নতুন প্ৰত্যাহ্বান হৈ নুঠিবনে? এ পি এছ চিৰ পৰীক্ষাৰ কাকত, পদ্ধতি সম্পৰ্কে পূৰ্বেৰ পৰা আছে এক ধ্যান, ধাৰণা।

কেতিয়া বিজ্ঞাপন প্ৰকাশ পাব, প্ৰীলিমছ, মেইনছ আদি পৰীক্ষা অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত এখন একাডেমীক কেলেণ্ডাৰ থাকে। সেই মতেই চাকৰি প্ৰাৰ্থীসকলে প্ৰস্তুতি চলায়।

চতুৰ্থ, তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলেও পূৰ্বৰ পৰীক্ষাসমূহকে অনুসৰণ কৰে। এনে ক্ষেত্ৰত যদিহে পৰীক্ষাৰ পদ্ধতি পৰিৱৰ্তন কৰিবলৈ আছিলেই তেন্তে বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়তে এই কথা ৰাজহুৱা নকৰিলে কিয়?

কিয় এক দীঘলীয়া সময়ৰ অন্তত কেৱল এটা ফেচবুক লাইভত আহি গোটেই পৰীক্ষা পদ্ধতি সলনি কৰাৰ বিষয়ে উল্লেখ কৰিলে? তাকো পৰীক্ষালৈ মাজত মাত্ৰ ২ মাহ থকা অৱস্থাত!

বহুতেই এতিয়া ক'বলৈ আৰম্ভ কৰিছে বৰ্ধিত নিবনুৱা সমস্যাৰ সমান্তৰালকৈ চৰকাৰে পদ মুকলি কৰিবলৈ সক্ষম হোৱা নাই। নতুন পদ সৃষ্টিৰ পৰিবৰ্তে পূৰ্বেৰ খালী পদসমূহ যেনেতেনে পূৰণ কৰাতহে চৰকাৰে গুৰুত্ব দিছে।

এনে পৰিস্থিতিত এতিয়া চৰকাৰে পদসমূহ পূৰণত জটিলতাৰ সৃষ্টি কৰি নিবনুৱাসকলক বঞ্চিত কৰাৰ পৰিকল্পিত ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছে। যদি সেয়াও সত্য তেন্তে এয়া নিবনুৱাসকলৰ প্ৰতি চৰম অন্যায় নহয় নে?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কথাবোৰ নতুনকৈ বিবেচনা কৰা উচিত। এটা মাত্ৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ আশাত বছৰ বছৰ ধৰি প্ৰস্তুতি চলাই অহা সেইসকল দৰিদ্ৰ, নিবনুৱাৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে এবাৰ চিন্তা কৰা উচিত।

ব্যৱস্থা এটাৰ পৰিবৰ্তন কৰাটো ডাঙৰ কথা নহয়। কিন্তু সেই ব্যৱস্থাক কিদৰে পৰিবৰ্তন কৰিছে, সেই পৰিবৰ্তনে কেনেধেৰণৰ সুযোগ, সুবিধাৰ সৃষ্টি কৰিব অথবা কি কি নতুন সমস্যাৰ সৃষ্টি কৰিব তাৰো সঠিক বিবেচনা কৰা উচিত। যি হয়তো এ ডি আৰ ইৰ ক্ষেত্ৰত কৰা হোৱা নাই।

ADRE ক নকৰিব APSC...
টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in