ৰমেন বৰুৱা...

ৰমেন বৰুৱা...
ৰমেন বৰুৱা...
Published on
Updated on

তেওঁ নাই ! তেওঁক ভাল পোৱা মানুহবোৰে সন্ধানহীন মানুহজনৰ এটা ভাল খবৰ পাম বুলিয়েই ৰৈ আছে। সেই আশাৰ মাজতে বহু দুঃচিন্তাই মনবোৰ বেৰি ধৰিছে। স্বল্পভাষী মানুহজনে জীৱনৰ বিয়লি বেলাত যাওঁ বুলি ক'লৈ গুচি যাব পাৰে সেই প্ৰশ্নৰহে উত্তৰ ওলোৱা নাই।

সংগীতেৰে জীৱন সমৃদ্ধ কৰা স্বাভিমানী মানুহজন বৰ জেদী আছিল। মানুহৰ পক্ষত থিয় দি মানুহৰ কথা চিন্তা কৰা মানুহজনে চৰকাৰক মুকলিকৈ ক'ব পাৰিছিল- ''শিল্পীক সাহায্য দিব খুজিছে দিয়ক, সেই তালিকাত মোৰ নাম নথ'ব।''

'কা' আন্দোলনৰ পটভূমিৰ কথা এইবোৰ। তেনে এজন খামিডাঠ মানুহ হঠাৎ দুৰ্বল হৈ পৰিল কিয়? নিসংগতা নে আত্মীয়জনৰ মানসিক নিৰ্যাতনে তেওঁক এই কঠোৰ সিদ্ধান্ত ল'ব পৰাকৈ দুৰ্বল কৰি তুলিলে?

কাৰ ওপৰত আচলতে তেওঁৰ এই আক্ষেপ? যিবোৰ কথা চৰ্চা হৈছে, যালৈ আঙুলি উঠিছে সেই অভিযোগবোৰ মিছা নাছিল নেকি? নিয়মীত এক ৰুটিনৰ মাজেৰে জীৱন পৰিচালিত কৰা মানুহজনৰ বাবে এনে কঠোৰ সিদ্ধান্ত ল'ব পৰাকৈ পৰিস্থিতি সৃষ্টি কৰা জনে এতিয়া হিয়া উজাৰি কান্দিলেও পাব জানো তেওঁক বিচাৰি !

এক আভিজাত পৰিয়ালৰ সন্তান হৈয়ো যেন সংস্কাৰৰ শিক্ষা তেওঁ নাপালে। সুৰা আৰু উশৃংখল আধুনিক জীৱনত তেওঁৰ নিজৰ ঠিকনাকেই হেৰুৱাই পেলালে। তাৰ পাছত সেই একেখন নাটক প্ৰায় প্ৰতি নিশা।

কাষত থকা মানুহবোৰ সেই পৰিবেশৰ সাক্ষী হয়। কোঠাটোৰ ভিতৰৰ পৰা ভাহি অহা অশ্লীল আৰু উশৃংখল উচ্চ বাক্যবোৰে হয়তো তেওঁৰ কাণত এটা প্ৰচণ্ড চৰ হৈ আঘাত কৰিছিল। নিজেই অতি সাধাৰণ জীৱন কটোৱা অসাধাৰণ মানুহজনে হয়তো এইবোৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিলে।

তথাপিও জীয়াৰী স্নেহেৰে তেওঁ সকলোবোৰ পাহৰি আকোৱালি ল'ব খোজা এই আত্মীয়তাই বাৰে বাৰে তেওঁক ভ্ৰুকুটি কৰিছিল। নিয়ন্ত্ৰণহীন হৈ পৰা পৰিবেশৰ পৰা পৰিত্ৰাণ বিচাৰি আনদিনা তেওঁ ওলাই গৈছিল কিছুসময়ৰ বাবে। কিন্তু সেইদিনা তেওঁ সিদ্ধান্ত লৈয়ে পেলাইছিল, এইবোৰৰ মাজলৈ কোনো দিনে ঘূৰি নহাৰ।

এফালে তেওঁক বিচাৰি অভিযান আৰক্ষী আৰু উদ্ধাৰকাৰীৰ আনফালে কি হৈছিল সেইদিনা সেই সন্দৰ্ভত তেওঁৰেই জীয়াৰীক আৰক্ষীৰ সোধ-পোছ। তেওঁৰ ভাতৃয়ে বহু কথা কৈছে আৰু বহু কথা ক'বলৈ অপেক্ষা কৰিছে।

এই পাৰিবাৰিক সংঘাতৰ কাৰণ এক উশৃংখল জীৱন আৰু সম্পত্তিৰ লালসা। মহানগৰীৰ অন্যতম পুৰণি আৰু আভিজাত ঘৰটোত বিলাসী অট্টালিকা সজাৰ পৰিকল্পনাত সন্মতি নাছিল তেওঁৰ আৰু তেওঁৰ ভাতৃৰ।

বিভিন্ন কথা চৰ্চাৰ মাজতেই সামাজিক মাধ্যমত পিতৃক হেৰুৱাৰ পাছত কন্যাই দিয়া সেই পোষ্টবোৰতো উন্মোচিত হৈছে অভিযোগ কৰা ধৰণেই সেই দিনা যে কিবা হৈছিল তাৰ প্ৰতিফলন। দেউতাকক বজাৰ যাবলৈ নিদিয়াটোৱেই মোৰ ভুল হ'ল নেকি বুলি প্ৰশ্ন কৰা ছোৱালীজনীয়ে দেউতাকক কি ব্যৱহাৰ কৰিছিল সেই কথা পৰোক্ষ, প্ৰত্যক্ষভাৱে জনা জনে এয়া এক নিজক ৰক্ষা কৰাৰ কৌশলগত প্ৰশ্ন বুলি এৰাই চলিছে।

তেওঁলোকৰ পিতৃ, কন্যাৰ আত্মীক বান্ধোনত ঘূণে ধৰা আভাস বংশ-পৰিয়ালেও ইতিমধ্যে পাইছিল। ২০১০ চনত তেওঁৰ সহধৰ্মিনীৰ মৃত্যু হৈছিল। তাৰ পাছত কন্যা আৰু পিতৃয়েই এটা পৰিয়াল চম্ভালিছিল।

কন্যা বিবাহপাশত আবদ্ধ হৈছিল যদিও কিছু দিনৰ পূৰ্বে বিবাহ বিচ্ছেদৰ অন্তত পিতৃ গৃহলৈ ঘূৰি আহিছিল। এইবোৰ পাৰিবাৰিক ঘটনা প্ৰবাহেও তেওঁক চিন্তিত কৰি ৰাখিছিল। যদি তেওঁ সন্ধানহীন নহ'ল হেতেন তেনে সেই কথাবোৰ এটা ঘৰৰ ভিতৰৰ কাহিনী হৈ ৰৈ গ'ল হয়।

এতিয়া এক দুঃচিন্তাৰ মাজত মানুহবোৰে উজান বজাৰৰ বিখ্যাত 'বৰুৱা বংশৰ' পুৰণি আভিজাত ঘৰটোত মাজ নিশা কি চলে তাক লৈ মুকলি আলোচনা কৰিছে। তেওঁৰ অবৰ্তমানত তেওঁৰ কন্যাক সান্তনা দিয়াৰ সলনি এইবোৰৰ বাবে তেওঁৰ কন্যাই দায়ী বুলি মানুহে মানি ল'ব পৰা কথাবোৰে মানুহক আচৰিত কৰি তুলিছে।

ইমান যান্ত্ৰিক হৈ গ'লো নে আমি? অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী দিনৰ সোণালী গীতবোৰ সৃষ্টি কৰা মানুহজনক ইমান নিৰ্যাতন চলালে অথচ আমি তেওঁৰ নিৰুদ্দেশ হোৱাৰ পাছত সেইবোৰ কথা পাতিবলগীয়া হৈছে।

সত্যৰ অন্বেষণ হওক জীৱনৰ স্বাৰ্থত। বৰ্ণিকা বৰুৱাক সঁচা কথাবোৰ স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা এক পৰিবেশ সৃষ্টি হওক। জীৱন ইমান সহজ জানোঁ? পিতৃক মান আৰু মৰ্যাদা দিব নোৱাৰা মানুহবোৰে কিমান দিনলৈ এখন ৰঙীন মুখা পিন্ধি ভদ্ৰতাৰ পৰিচয় দি ফুৰিব?

এতিয়া কান্দিলে কি হ'ব? অনুশোচনাৰ জুয়ে তেওঁক পুৰিলেও জানো সন্ধানহীন হোৱা মানুহজন উভতি আহিব? এনে বহু সন্ধানহীন মানুহৰ সন্ধান আজিলৈকে ওলোৱা নাই। জীৱনৰ প্ৰতি বিৰাগ আৰু অনিহাই কেতিয়াবা মানুহক বিচাৰ, বুদ্ধিহীন কৰি তোলে।

তথাপিও এটা ভাল খবৰৰ আশাত বন্দী আমি। ঘূৰি আহিব ৰমেন বৰুৱা। আকৌ সেই ১০০ বছৰ গৰকা বৰুৱা সংসাৰৰ ঐতিহ্যপূৰ্ণ ঘৰটো সমৃদ্ধ হৈ পৰিব। তেওঁক ভালপোৱা অসমৰ অগণন সংগীত প্ৰেমীৰ হৃদয় তেওঁৰ ঘূৰি অহাৰ খবৰে উথলি উঠিব। এতিয়া সেই খবৰৰ প্ৰতীক্ষাত আমি।

ৰমেন বৰুৱা...
বিহাৰক 'কৃপা', অন্ধ্ৰলৈ 'দৃষ্টি'! বাকীবোৰলৈ আশ্বাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in