অৰুণ দাস

তেওঁৰ গানবোৰ এনেকুৱাই। গানবোৰত আছিল দৰদ ভৰা অতীতৰ গোপন স্মৃতি। গানবোৰে কৈ গৈছিল যেন তেওঁৰে দুখৰ কথা

author-image
Asomiya Pratidin
New Update
অৰুণ দাস

-মৃদুল কুমাৰ সন্দিকৈ

এতিয়াও তেওঁৰ সেই গানবোৰ বহুতৰে প্ৰিয়ৰো প্ৰিয়। ‘তুমি জানো জানা সোণ কিমান মৰম তোমালৈ সাঁচিছিলো গোপনে গোপনে’-  তেওঁৰে এটা জনপ্ৰিয় গীত। নব্বৈৰ দশকত তেওঁৰ এইবোৰ জনপ্ৰিয় গান এবাৰলৈ হ’লেও গুণ গুণাই নোপোৱা কম সংখ্যকহে লোকহে আছিল।

তেওঁৰ গানবোৰ এনেকুৱাই। গানবোৰত আছিল দৰদ ভৰা অতীতৰ গোপন স্মৃতি। গানবোৰে কৈ গৈছিল যেন তেওঁৰে দুখৰ কথা। অপ্ৰাপ্তিৰ বেদনাত ছটফটাই ফুৰা সেই সৃষ্টিত লুকাই আছিল তেওঁৰে যেন অকথিত কাহিনী।

হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল। অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’  আছিল তেওঁ। তেওঁৰ কণ্ঠতেই সুকীয়া ধাৰাত ৰোমাণ্টিক বিৰহ বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল।

‘ভাৱিছা নেকি আঁতৰাই ৰাখি মোক পাহৰিব পাৰিবা তুমি’, ‘নালাগে মৰম, নকৰিবা তুমি, নক’বা ভুলতে… ভালপাও বুলি’- এই গীতবোৰৰ মাজেৰেই তেওঁ বহুতৰ বুকুত হেন্দোলনি তুলিছিল। আজিও সেই গানবোৰ তেতিয়াৰ দৰেই চিৰসেউজ হৈ আছে। ‘আঁতৰি আঁতৰি নাযাবা’, ‘মনৰ যাতনা তুমি নুবুজা’,  ‘অকলে অকলে মই কিমান কান্দিম’,  ‘ক’ত লুকাই ফুৰিছা’ -এই গীতবোৰ শুনিলেই এক মিঠা শিহৰণ বৈ যায় দেহৰ মাজেৰে।

কেৱল অসমীয়া শ্ৰোতাৰ বাবেই সেই গান প্ৰিয় নাছিল। অসমীয়া ভাষা নুবুজা লোকেও তেওঁৰ সেই গান শুনি থৰ হৈ ৰৈছিল। অৰ্থ বুজি নাপালেও গীতৰ সুৰ আৰু সংগীতে বহু কথা বুজাই দিছিল। তেনে এজন অনা অসমীয়া লোকৰে তেওঁৰ সন্দৰ্ভত মন্তব্য আছিল এয়া- “Okole okole moi kiman kandim….a song which I dint get the meaning…a song which I overheard on the way to REC silchar somewhere in the year 1987/88 from Kathmandu….the depth of the vocal and the way it was sung…touched my heart..I still can sing it but honestly i don’t know what it actually says….I’m still hunting for the albums of this great singer. where can I get them..anybody could you please extend helping hand in tracing them?”

দীনেশ শ্ৰেষ্ঠা নামৰ লোকজনে ১৯৮৭-৮৮ চনৰ কথা সুঁৱৰি লিখিছিল এইদৰে। তেওঁৰ গান যিয়ে শুনে, ৰৈ যায় সেই গান শুনোতাৰ বুকুত। গীতৰ কথাবোৰ পাকঘূৰণি খাই থাকে মনত, হৃদয়ত। এয়াই তেওঁৰ গানৰ শক্তি। গীটাৰৰ তাঁৰত তেওঁ হাতৰ দীঘল আঙুলি পৰশ লাগিলে সুৰে সাৰ পাইছিল। তেওঁৰ কণ্ঠ আছিল অসমৰ ‘ৰকষ্টাৰ’।

এয়াই আছিল তেওঁৰ জনপ্ৰিয়তা। তেওঁৰ গানেৰে বিচাৰিব পাৰি জীৱনৰ অতীত। তেওঁ আছিল অতি সাধাৰণ, সাধাৰণ হৈয়ে থাকি গ’ল আজীৱন। খেয়ালি মনৰ,  জীৱনৰ প্ৰতি কোনো দ্বায়বদ্ধতা নথকা এজন সাধাৰণভাৱে থকা অসাধাৰণ।

এগ্ৰিকালছাৰত পঢ়ি থাকোতেই তেওঁ সুৰৰ পৃথিৱীত বুৰ গৈছিল। কৃষি বিশ্ববিদ্যালয়ৰ অডিটৰিয়ামটো তেতিয়াই নিৰ্মাণ কৰা হৈছিলহে মাত্ৰ। ৰাজ্যপালে উদ্বোধন কৰাৰ আগদিনাই তেওঁ গান গাই উন্মোচন কৰিছিল সেইটো। অৱশ্যে সেয়া আছিল অনানুষ্ঠানিক।

পঢ়ি অহা কৃষি বিশ্ববিদ্যালয়ৰ এল’মিনি মিটৰ কথা ওলাইছিল এদিন। তেওঁ কৈছিল- তোমাৰ খবৰ কোনোবাই ৰাখেনে ? মোক সকলোৱেই পাহৰিলে। মোৰ কিন্তু ইচ্ছা আছে আকৌ এদিন এগ্ৰিকালছাৰ ইউনিভাৰ্ছিটীলৈ যাম। প্ৰাণ ভৰাই সেই অডিটৰিয়ামত গান গাম। তোমালোকে নাজানা সেই দিনবোৰৰ কথা। কি আৱেগ আৰু প্ৰাশ্চুৰ্যতাৰে ভৰা আমাৰ দিন আছিল সেইবোৰ।

তেওঁৰ কথাত দুখ,  গানত দুখ,  বাস্তৱতো বিষাদে ভৰা এক জীৱন। জীৱন সংগ্ৰামৰ কথা তেওঁক সোধা হোৱা নাছিল সেইদিনা। কিজানি অভিমানি মানুহজনে ক’ৰবাত দুখ পায়। তেওঁ নিজেই কৈ গৈছিল কিছু কথা। প্ৰায় চাৰি বছৰৰ আগৰ স্মৃতি এয়া।

৯০ দশকত তেওঁ গান গাবলৈ যোৱা অভিজ্ঞতাৰ কথাও কৈছিল। মানুহবোৰে এবাৰ তেওঁক চুই চাব খুজিছিল। ডেকা ল’ৰাবোৰে তেওঁৰ গানৰ পংক্তিৰে প্ৰেয়সীলৈ চিঠি লিখিছিল। অহ! কি ভাষা আছিল তেওঁৰ সেই গীতবোৰৰ। বুকুৰ বিষাদ,  ক্ষোভ, বিচ্ছেদ আৰু প্ৰেমৰ সংমিশ্ৰনত জী পাই উঠিছিল প্ৰতিটো শব্দ।

যৌৱনক তেওঁ শব্দৰ মাজত বন্দী কৰিব পাৰিছিল। বিষাদক তেওঁ শব্দৰ ডেউকা পিন্ধাই সুৰৰ মাজত উৰাই দিব জানিছিল। এজন সঁচা শিল্পীৰ কাহিনী। এজন শিল্পীৰ জীৱন সংগ্ৰাম চলি আছিল তেনেকৈয়ে । মনৰ ভিতৰত তেওঁ তেতিয়াও লৈ ফুৰিছিল প্ৰচণ্ড দুখ। কথা পাতিলেই বুজিব পাৰি সেই দুখৰ ভাষা।

এয়াই আছিল তেওঁৰ জীৱন। সকলো থাকিও আজি একো নাই। একো নথাকা বুলি ভাবিলেও সকলো আছে বুলি ভাৱে তেওঁ। সেই চিৰসেউজ গীতবোৰে তেওঁক জীয়াই ৰাখিছে, জীয়াই ৰাখিব সদায়। পাহৰিব খুজিলেও তেওঁক পাহৰিব নোৱাৰি তেতিয়াও।

সেইদিনা হঠাৎ লগ পোৱা সেই ব্যক্তিগৰাকী আছিল অসমৰ সংগীত জগতৰ এক ভোঁটা তৰা। নাম- অৰুণ দাস। ‘তুমি জানো জানা সোণ’, ‘ভাবিছা নেকি আঁতৰাই ৰাখি’ আদি অলেখ গীতৰ স্ৰষ্টা। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা এতিয়া অতিকৈ বেয়া।

তেওঁৰ গীতবোৰ আজিও আগৰ দৰেই জনপ্ৰিয়। নাই কেৱল তেওঁৰহে আদৰ। ভিৰৰ মাজত তেওঁ হেৰাই গ’ল। কিন্তু থাকি গ’ল দৰদ ভৰা প্ৰেমৰ আপদাৰে গোৱা সেই চিনাকি গীতবোৰ।

তেতিয়া সুৰমটৰীয়াৰ এটা ভাৰাঘৰত আছিল তেওঁ। তাৰ পাছত সলনি হৈছিল ঠিকনা। তেতিয়াৰ তেওঁৰ আক্ষেপ আৰু কৰুণ দৃষ্টিত প্ৰতিফলিত হৈছিল জীৱন সংগ্ৰামৰ কঠোৰ সময়।

বিধ্বস্ত হৈ পৰা মানুহজনৰ জীৱন সংগ্ৰামৰ অন্ত নপৰিল। অৰুণ দাস নামৰ জনপ্ৰিয় গায়কজন কৰবাত হেৰাই গ’ল। থাকি গ’ল এজন অচিনাকী মানুহ। বেমাৰত প্ৰায় শয্যাশয়ী মানুহজনৰ কাষত আকৌ থিয় হ’ল তেওঁক ভালপোৱা কিছু অনুৰাগী। গীত গাবলৈ মঞ্চলৈ নহয়, উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...

Also Read: অমৃত কাল !

GOVT OF ASSAM artist singer arun das