আৰু আছে বহু অশোক শৰ্মা !

আৰু আছে বহু অশোক শৰ্মা !
Published on
Updated on

অশোক শৰ্মা দাগী ! বিজেপি এৰি কংগ্ৰেছী হোৱা শৰ্মা ভূ-মাফিয়া ! একালৰ নলবাৰী বিজেপিৰ সতীৰ্থ নেতাৰ এই অভিযোগ। ক’ত, কিমান মাটি, কেনেকৈ তেঁও বেদখল কৰিছিল, কোটি কোটি দি তেঁও ক্ৰয় কৰিছিল সেই কাহিনী আৰু অভিযোগ সাংবাদিকক মুকলিকৈ ক’লে তেঁওৰ গৃহ জিলাৰ বিজেপিয়ে।

কংগ্ৰেছত যোগদান কৰাৰ দিনাই বিজেপিয়ে অশোক শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগ আমি সঁচা বুলিয়েই গণ্য কৰি ল’লো। স্কীল বয়ৰ পৰা বিধায়ক আৰু ভূ-মাফিয়া হোৱা এই কাহিনী লক্ষ্যণীয়ভাৱে তেঁও বিজেপি এৰাৰ দিনাই ফাদিল কৰা কাৰ্যক কাকতলীয় বুলি ধৰিলো।

অসন্তুষ্টি লৈও বিজেপিত থকা সময়ত অশোক শৰ্মাৰ দুৰ্নীতি আৰু মাফিয়াগিৰি ফাদিল কৰিবলৈ সাহস নকৰাসকলৰ ৰাজনৈতিক সততাক লৈ প্ৰশ্ন কৰিব পাৰি যদিও সেই প্ৰশ্নও নকৰিলো। অশোক শৰ্মাৰ দৰে বিজেপিত আৰু তেঁওলোকে কোৱাৰ দৰেই কিমান নেতা-মন্ত্ৰী আছে ? সেই হিচাব আৰু এনে ভূ-মাফিয়াৰ তালিকা নিশ্চয় তেঁওলোকৰ হাতত আছে।

নলবাৰী জিলাতে জানো এতিয়া তেঁওলোকৰ মধ্যমণি হৈ থকা আৰু দুই হাতে সম্পত্তিৰ পাহাৰ গঢ়া বিজেপি নেতা নাই নে ? কিবা কাৰণত সেইসকলে গেৰুৱা বসন এৰি আন কোনো ৰাজনৈতিক দললৈ গ’লে এইদৰে হিচাপ দাখিল কৰিব পৰাকৈ সেই তালিকাও তেঁওলোকে নিশ্চয় প্ৰস্তুত কৰি ৰাখিছে !

বিজেপিত তেঁওলোকে আখ্যা দিয়া ভূ-মাফিয়া কেৱল এজনেই নাই। খবৰ লওঁকচোন মহানগৰীত ঐতিহ্যপূৰ্ণ বিল পুতি ঘৰলৈ চমু পদূলি নিৰ্মাণ কৰা লোকো ওলাব। মাটি দেখিলেই ব্যৱসায়িক স্বাৰ্থ পূৰণৰ হেতু নামে-বেনামে মাটি কিনা দেৱীও তেঁওলোকৰ সন্মুখতে বিৰাজমান হ’ব।

কেৱল অশোক শৰ্মাই কিয় ? সমাজৰ হিতৰ কথা ভবা, অন্যায়-অবিচাৰৰ বিৰুদ্ধে মাত মতা এইসকল বিজেপি নেতাই আনসকলৰ কথাও কোৱাৰ সাহস কৰক। ৰবৰ বাগান খুলি চৰকাৰী মাটি দখল কৰা ক্ষমতাশালীজনৰ মুখা খুলিবলৈ প্ৰয়াস কৰিলেহে তেঁওলোকৰ সাহসৰ প্ৰমাণ পোৱা যাব।

হাতী অহা-যোৱা কৰাৰ বাটত শ শ বিঘা মাটি কোনে কিনিছে ? চাহ বাগানবোৰ পানী দৰত কাৰ হাতত তুলি দিয়া হৈছে ? সেইসকল এতিয়া ক্ষমতাশালী বাবেই তেঁওলোকৰ নাম মুখত নুফুটে নেকি ?

পানী জাহাজেৰে পৰ্যটনৰ ব্যৱসায় কৰিবলৈ কোনে নীতি-নিয়ম ভৰিৰে মোহাৰি মাটি আৱণ্টন লৈছে ? মাটিৰ এই মোহত অন্ধ সকলে ক’ত, কি কৰিছে তাৰ হিচাপ জানো বিজেপিৰ এইসকল কৰ্মকৰ্তাই ৰাখিছে ? প্ৰয়োজনত তেঁওলোকে সেই তথ্যও বিচাৰক।

অশোক শৰ্মাৰ পিছত লগাৰ দৰে আনসকলে আহৰণ কৰা ভূ-সম্পত্তিৰ তথ্যও ৰাজহুৱা কৰক। এই দেৱ-দেৱীসকলৰ মাটি-বাৰীৰ হিচাপ অসমৰ বহু ৰাইজে জানে। সেই খবৰবোৰ তেঁওলোকৰ কাণতো নিশ্চয় পৰে !

অসীমলৈকে বিস্তাৰিত হৈ থকা এনে মাটি- সম্পত্তিয়েই তেঁওলোকৰ নাই। তেঁওলোকৰ হাতৰ ইচাৰাত নাচে লক্ষ্মী। য’তেই ইচ্চা তাতেই কৰিব পাৰে বণিজ। গোলাঘাটত কোনে কৰিছে বিঘাই বিঘাই মাটিত অগৰ গছৰ খেতি ? খবৰতে আমি শুনো সেইবোৰ মাটিৰ কাহিনী।

কলিয়াবৰৰ বৰভূগীয়া মৌজাৰ অন্তৰ্গত দাৰিগাজি গাঁৱত কৃষিভূমি কেনেকৈ ৰাতিৰ ভিতৰতে ঔদ্যোগিক ভূমিলৈ পৰিণত হয় সেই সত্যৰ আঁৰৰ কাহিনী জানিবলৈ মানুহ ইচ্ছুক। মানুহৰ মাজত যদি এইবোৰ মিছা খবৰ বিয়পি আছে তেনে সঁচাবোৰ কি এই সকলেই দেখোন বিচাৰি উলিয়াব পাৰে।

মাটিৰ প্ৰতি মানুহৰ প্ৰীতি সদায় আছে। মাটিৰ প্ৰতি নেতাৰ লোভ এতিয়া বেছি হৈছে। আগতে কেৱল নেতাৰ এনে মোহ হৈছিল। এতিয়া নেতাৰ আত্মীয়সকলৰো মাটিৰ খক বাঢ়িছে। সমাজ সেৱাৰ নামত মাটি দখল কৰা বহু ক্ষমতাশালী লোক এতিয়া অতীত হোৱাৰ উদাহৰণ চকুৰ আগতে বাস্তৱ হৈ ৰৈছে।

সেই একে পথেৰে আন কোনোবা আগবাঢ়িছে। সকলোৰে মংগল বিচৰাসকলৰ সৰ্বমংগল মাটি দখলৰ এক পন্থা আছিল বুলি প্ৰমাণ হৈ গৈছে। লগে-ভাগে মিলি, নামে-বেনামে লিখি মাটি-সম্পত্তিৰ গৰাকী হোৱা সকলে সম্পত্তিৰ পাহাৰ গঢ়ি গৈছে।

কেৱল অশোক শৰ্মাৰ মূৰত কিয় টেকেলি ভাঙিছে ? সেইসকলৰ নাম আৰু অভিযোগ জানিও নজনাৰ ভাও জুৰা সকলে কেতিয়াও এই নামবোৰ মুখত ল’ব নোৱাৰে। তথাপিও তেঁওলোকৰ পৰা জনাৰ ইচ্ছা আছে – অশোক শৰ্মাৰ দৰে এতিয়া বিজেপিত কিমান ভূ-মাফিয়া আছে ?

নিজেই বিভাগীয় মন্ত্ৰী, নিজৰে আছে কনষ্ট্ৰাকচন কোম্পানী। নিজেই বিল্ডিং বনাই, নিজে নিয়ম সাজে। কিমান বিচিত্ৰ এই পৃথিৱী ! পাৰিব জানো মাত মাতিব এইসকলৰ বিৰুদ্ধে ? সেইবোৰ দাঙিব নোৱাৰা শিল। পাৱে পৰি হৰি বুলি আমাৰ দৰে সাধাৰণ মানুহে নমস্কাৰ জনোৱাৰ বাদে কৰিব পাৰো কি ?

বহু নেতা-মন্ত্ৰী পত্নীতকৈ দুখীয়া। নিৱনুৱা পত্নীৰ সম্পত্তি তেঁওতকৈ দীঘলীয়া। আকাশৰ তৰাৰ বাদে যেন সকলোৰো গৰাকী তেঁও। ক’ত পালে তেঁও এই আলাউদ্দিনৰ চাকি ? সেই প্ৰশ্ন কৰিব নোৱাৰে আপুনি। ক’ব পাৰে খুব বেছি – ইমান ধনী আপুনি দেৱী...!

আৰু আছে বহু অশোক শৰ্মা !
কেতিয়াবা ভাৱেনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in