তুষাৰ প্ৰতিম
কাইলৈ ঘোষণা হ’ব ঝাৰখণ্ড, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ উপৰিও অসমসহ একাধিক ৰাজ্যৰ বিধানসভা আৰু লোকসভাৰ উপ-নিৰ্বাচনৰ ফলাফল। তাৰ পূৰ্বে যোৱা ২০ নৱেম্বৰৰ বিয়লি প্ৰকাশ পোৱা এক্সিট পোলে বহু কথাই স্পষ্ট কৰিছে।
অৱশ্যে এক্সিট পোল বহু সময়ত ভুল বুলিও প্ৰমাণিত হৈছে। চলিত বছৰতে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ লগতে কেইবাখনো ৰাজ্যৰ এক্সিট পোল ভুল হৈছে। তথাপিও এই কথা স্পষ্ট হৈছে মহাৰাষ্ট্ৰত শাসকীয় ‘’মহাজুটি’’ আৰু বিৰোধী ‘’মহাবিকাশ আঘড়ী’’ৰ মাজত আৰু ঝাৰখণ্ডতো এন ডি এ আৰু INDIA ৰ মাজত তীব্ৰ যুঁজ হ’ব।
অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ ফলাফলক লৈয়ো ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। বিশেষকৈ সংঘৰ্ষ জৰ্জৰিত চামগুৰি আৰু বিহালী বিধানসভাক লৈ চৰ্চাৰ এতিয়াও অন্ত পৰা নাই।
এই দুয়োটা সমষ্টিৰ ফলাফলৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিব। এটা সমষ্টিৰ ফলাফলে যদি কোনোবা নেতাক ৰাজনৈতিক ভাৱে অপ্ৰতিৰোধ্য কৰি তোলাৰ সুযোগ সৃষ্টি কৰিব আন এটা সমষ্টিত আকৌ হয়তো ৰাজনৈতিক পৰিবেশ, পৰিস্থিতিয়েই সলনি হৈ পৰিব। কোনোবা প্ৰভাৱশালী নেতাৰ অনিচ্ছা স্বত্বেও হয়তো কোনোবা যুৱ নেতা হৈ পৰিব পাৰে অসম বিধানসভাৰ সদস্য।
বিহালী বিধানসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব সেয়া এতিয়াই কৈ দিয়া সম্ভৱ নহয় যদিও এই কথা আগতীয়াকৈ ক’ব পাৰি যে এই সমষ্টিৰ ফলাফলৰ ওপৰত বহুতৰে ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিছে। সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীগৰাকীতকৈ অধিক চিন্তিত হয়তো কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকা।
দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ, দিল্লীত থকা প্ৰভাৱৰ জৰিয়তে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সদস্য পদ নোলোৱাকৈয়ে জয়ন্ত বৰাক এই সমষ্টিৰ টিকট দিয়াইছিল। গৌৰৱ গগৈৰ এনে স্থিতিৰ বাবেই ৰাজ্যত ভাঙি তছনছ হ’ল ঐক্যবদ্ধ বিৰোধী। মিত্ৰ দলক কথা দিও কথা ৰাখিব নোৱাৰাৰ বাবে ভূপেন বৰা হৈ পৰিল অসহায়।
গৌৰৱ গগৈৰ এনে প্ৰভাৱ দেখিয়েই আগদিনালৈকে ভূপেন বৰাৰ কাষত থকা নেতাও পাছদিনা পালগৈ বিহালী। অথচ এই নেতাই ফেচবুকত নাম উল্লেখ নকৰাকৈ দিল্লীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা নেতাক দিছিল সকিয়নি।
জয়ন্ত বৰা জয়ী হ’লে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰে যে এটা গতি পাব তেনে নহয়। তেওঁৰ জয়, পৰাজয়ৰ ওপৰতে নিৰ্ভৰ হৈ আছে গৌৰৱ গগৈৰো ৰাজনৈতিক ভৱিষ্যতৰ বহু কথা। গগৈয়ে ভবাৰ দৰেই যদি জয়ন্ত বৰাক জয়ী কৰাই আনিব পাৰে তেন্তে অসম প্ৰদেশ কংগ্ৰেছত তেওঁৰ উত্থানত আৰু কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে; সেয়া স্পষ্ট।
সেইদৰেই ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ দায়িত্ব দিছিল তেওঁৰ অতি ঘনিষ্ঠ বিধায়ক পীযুষ হাজৰীকাক। লোকসভা নিৰ্বাচনতো পীযুষ হাজৰীকাক দিয়া হৈছিল যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী দায়িত্ব।
যোৰহাটত ব্যৰ্থ হোৱা পীযুষ হাজৰীকাৰ বাবে বিহালী দ্বিতীয় সুযোগ। বিহালীত আচলতে মূল যুঁজখন চলিছে গৌৰৱ গগৈ আৰু পীযুষ হাজৰীকাৰ মাজতহে। গৌৰৱ গগৈৰ দৰেই বিহালীতে থাকি পীযুষ হাজৰীকাই মাৰাথন প্ৰচাৰ চলালে। তেওঁৰ নেতৃত্বত আন কেইবাজনো মন্ত্ৰী, বিধায়কে নিৰ্বাচনী দিন কেইটাতে বিহালীতে ঘৰ পাতিলে।
বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ চৰ্চাতকৈ এইসকল নেতাৰ বিষয়েহে অধিক চৰ্চা হ’ল। যদিহে বিহালীৰ পৰা দিগন্ত ঘাটোৱাৰক জয়ী কৰাই আনিব পাৰে তেন্তে পীযুষ হাজৰীকাৰ ৰাজনৈতিক প্ৰভাৱ যে আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।
মুখ্যমন্ত্ৰীৰ গুড বুকত তেওঁ আৰু এঢাপ ওপৰলৈ উঠিব। যদিহে পৰাস্ত হয় তেন্তে হাজৰীকাৰ ৰাজনৈতিক ভৱিষ্যত অধিক প্ৰত্যাহ্বানমূলক যে হৈ নপৰিব তাত কোনো সন্দেহ নাই। কিয়নো তেওঁৰে আন এক সতীৰ্থ জয়ন্ত মল্ল বৰুৱাই ধলাই সমষ্টিৰ দায়িত্ব লৈ নিচিন্ত মনে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক জয়ী কৰাই আনিব বুলিয়েই ইংগিত পোৱা গৈছে।
সেইদৰেই আন এটা চৰ্চিত সমষ্টি চামগুৰি। চামগুৰি বিধানসভা সমষ্টি অসমৰ পৰিয়ালতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ এক উদাহৰণ। এসয়মত এই সমষ্টিক ১৯৮১ আৰু ১৯৯১ চনত কংগ্ৰেছ দলৰ হৈ দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল নুৰুল হুছেইনে।
নুৰুল হুছেইনৰে পুত্ৰ ৰকিবুল হুছেইনে ২০০১ চনৰ পৰা ২০২৪ লৈকে দখল কৰি আহিছে সমষ্টিটো। এইবাৰ তেওঁ ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত, সমষ্টিতো নিজৰ হাতৰ পৰা যাতে ওলাই নাযায় তাৰ বাবে পুত্ৰ তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰিছে।
তেওঁৰ বিৰুদ্ধে বিজেপিয়ে প্ৰক্ষেপ কৰিছে যুৱ নেতা তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক। নিৰ্বাচনৰ দিন ঘোষণাৰ ঠিক আগৰে পৰা ভোটগণনাৰ দিনটোলৈকে চামগুৰিত এইবাৰ কেৱল নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ থাকিল।
কংগ্ৰেছে সমষ্টিটোত অতি সহজেই ৰকিবুলৰ তনয় তাঞ্জিল জয়ী হৈ যাব বুলি এক ধাৰণা কৰিছিল যদিও সেয়া কিন্তু নহ’ল। সমষ্টিটোত এই মুহূৰ্তত সহজতেই কোনেও ক’ব নোৱাৰে কোনে শেষ হাঁহি মাৰিব। তাঞ্জিলৰ ৰাজ অভিষেক হ’ব নে মহাপ্ৰতাপী নেতাৰ অনিচ্ছা স্বত্বেও আৰ এছ এছৰ আশীৰ্বাদপুষ্ট দিপ্লুৰঞ্জন শৰ্মাৰ নতুন ইনিংছ আৰম্ভ হ’ব সেয়া কালিলৈ পোহৰলৈ আহিব।
৫ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে যদিও চামগুৰিয়েই তেওঁলোকৰ বাবে আটাইতকৈ সহজবুলি ধাৰণা কৰিছিল এয়া তেওঁলোকৰ ভুল আছিল। বিভিন্ন ৰাজনৈতিক কাৰণত কংগ্ৰেছৰ বাবে দৰাচলতে সহজ হৈ পৰিছিল বঙাইগাওঁ বিধানসভা সমষ্টিহে।
সমষ্টিটোত ফণীভূষম চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সৃষ্টি হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌক বা ৰাজনৈতিক সুযোগক কংগ্ৰেছে ধৰিব পাৰিব লাগিছিল যদিও বিহালী আৰু চামগুৰিত ব্যস্ত থকাৰ বাবেই সেই সুযোগক ধৰিব নোৱাৰিলে। বিহালী, চামগুৰিক দিয়া গুৰুত্বৰ দৰেই যদি বঙাইগাঁৱকো অলপ গুৰুত্ব দিলে হয় তেন্তে কালিলৈ নিৰ্বাচনী ফলাফলত হয়তো অসমৰ ৰাইজে এক বেলেগ দৃশ্য দেখিবলৈ পালে হয়।
ছিদলী বিধানসভা সমষ্টিত যদিও কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে দৰাচলতে সমষ্টিটোত এয়া কংগ্ৰেছৰ তৃণমূলৰ ভেঁটি শক্তিশালী কৰাৰ হে এক প্ৰচেষ্টা। সমষ্টিটোত কাইলৈ ইউ পি পি এল নে বি পি এফৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰে তাৰ ওপৰতো বড়ো ভূমিৰ ৰাজনীতিৰ বহু কথাই নিৰ্ভৰ কৰিছে।
কিয়নো সন্মুখত আছে বি টি চিৰ পৰিষদীয় নিৰ্বাচন। এই নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অঞ্চলটোত যদিও ইউ পি পি এল ক্ষমতাত আছে তথাপিও অভিযোগ অনুসৰি ইয়াত দিছপুৰে প্ৰভাৱ খটুৱাবলৈ আৰম্ভ কৰিছে।
যাৰ বাবে বড়ো জনগোষ্ঠীয় সংগঠনে বড়ো ভূমিৰ ভৱিষ্যতৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক একেখন মঞ্চলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কাইলৈৰ ফলাফলৰ পাছত পৰিষদীয় নিৰ্বাচনৰ ফলাফল কি হ’ব পাৰে তাৰ হয়তো এক আভাস পোৱা যাব। অৱশ্যে দুয়োটা দলৰে যিগৰাকী প্ৰাৰ্থীয়েই জয়ী নহওক কিয় অসম বিধান সভাত বিজেপিৰ ফালেই পাল্লা ভাৰি হ’ব।