ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...

ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...
ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...
Published on
Updated on

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও মাজত বহুসময় বাকী। লোকসভা নিৰ্বাচনত ৫ জনকৈ বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ ফলত এতিয়া ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত হৈ আছে। এই ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈহে ৰাজ্যৰ ৰাজনীতৈক দলসমূহৰ মাজত প্ৰস্তুতি তীব্ৰতৰ হ’ব লাগিছিল যদিও সেই প্ৰস্তুতিৰ পৰৱৰ্তে এতিয়া আন এক পৰিবেশহে বিৰাজ কৰিছে।

বান পৰিস্থিতিৰ মাজতে হঠাৎ ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৯ জনকৈ বৰ্তমানৰ আৰু প্ৰাক্তন বিধায়কে দল ত্যাগ কৰাৰ খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। স্বাভাবিকতে এই তালিকাত প্ৰথমেই নাম আহিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ।

দীৰ্ঘদিন ধৰি দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অহা শৰ্মাই দল ত্যাগ কৰাৰ খবৰ যদিও ৰাজনৈতিক ধুমুহা সৃষ্টি কৰিব পৰা খবৰ নহয় তথাপিও অশোক শৰ্মাক কেন্দ্ৰ কৰি যিবোৰ চৰ্চা হৈছে, তেওঁৰ উপৰিও আন আন নেতাৰ দল ত্যাগৰ খবৰ ওলাইছে সেই খবৰে যে বিজেপিৰ বৰঘৰ জোকাৰিছে সেয়া নিশ্চিত হৈছে।

এই জোকাৰণিৰ ফলতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এক দীঘলীয়া বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকৰ পাছতেই ভৱেশ কলিতাই বাজপেয়ীৰ আদৰ্শৰ কথা উল্লেখ কৰি কোনো বিধায়কে দল ত্যাগ নকৰে বুলিও ঘোষণা কৰিছে।

লগতে তেওঁ এই কথাও কৈছে কোনোবা দলৰ পৰা গলেও দলৰ কোনো ক্ষতি নহয়। বৰঞ্চ বিজপিলৈ আহিবলৈ সাজু হৈ আছে নতুন নতুন মুখৰ এক দীঘলীয়া তালিকা। দলত কোনো বিসম্বাদ নাই বুলিও তেওঁ স্পষ্ট কৰিছে। অতি সাধাৰণভাবে লৈছে যুধিষ্ঠীৰ গগৈ আৰু ভৱেন মহনৰ পদত্যাগৰ বিষয়টেও।

কিন্তু ভৱেশ কলিতাই এইদৰে বিষয়টোক সহজ কৰিব বিচাৰিলেও প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কে দল ত্যাগৰ বিষয়টোৱে যে তেওঁলোকক চিন্তিত কৰিছে সেয়া মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকেই স্পষ্ট কৰিছে। কিয়নো দল ত্যাগ কৰিব উলোৱা বিজেপিৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কৰ যি তালিকাত যিসকলৰ নাম আছে সেই নামসমূহ সাধাৰণ নহয়।

ইফালে লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত হিন্দুত্ববাদী চিন্তাৰে পৰিপুষ্ট একাংশ ৰাজনৈতিন নেতা বিজেপিত গুৰুত্বহীন হোৱাত তেওঁলোকে জনসংঘক পুনৰ্জ্জীৱিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে জিলাই জিলাই একাংশ নেতাই জনসংঘ, অসম নামেৰে ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি অব্যাহত ৰখাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

খবৰ অনুসৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনতে এই দলটোৱে আত্মপ্ৰকাশ কৰিব। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবেও ভূমিস্থ হ’বলগীয়া এই দলটোৱে প্ৰস্তুতি চলাই আছে। স্বাভাৱিকতে এই খবৰ বিজেপিৰ শিবিৰৰ বাবে যথেষ্ট ক্ষতিকাৰক।

বিশেষকৈ বিজেপিত যিসকল দলীয় কৰ্মী অসন্তুষ্টিৰ মাজত আছে, বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছত চামিল হ’বলৈ আদৰ্শ আৰু বিবেকে নকয়, সেইসকলে এতিয়া একেই আদৰ্শৰে ভূমিস্থ হ’বলগীয়া এই দলটোক বিকল্প হিচাপে ল’ব পাৰে। সেয়ে এয়া বিজেপিৰ বাবে কোনো কাৰণতে আশাৰ খবৰ হ’ব নোৱাৰে।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ পাছতে এই কথাও স্পষ্ট হৈছে যে, ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত অসম কংগ্ৰেছৰ মূল সেনাপতি হ’ব গৌৰৱ গগৈ। যোৰহাটৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা গৌৰৱ গগৈৰ বাকপটুতা আৰু সামাজিক, ৰাজনৈতিক আচৰণে তৰুণ প্ৰজন্মৰ উপৰিও বহু অভিজ্ঞ ৰাজনৈতিক নেতাকো আকৃষ্ট কৰিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তৰ পৰা যথেষ্ট বৃদ্ধি পাইছে তেওঁৰ জনপ্ৰিয়তা।

ইতিমধ্যে দূৰদৰ্শীতাৰ পৰিচয় দিয়া এইগৰাকী নেতাই যে ২০২৬ ৰ প্ৰস্তুতিৰ অংশ হিচাপে বিজেপি, অগপত খহনীয়া সৃষ্টি নকৰিব তাত কোনো সন্দেহ নাই। লোকসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছৰে পৰা গৌৰৱৰ সৈতে বহু নেতাই ঘনিষ্ঠ সম্পৰ্ক অব্যাহত ৰাখিছে। বিশেষকৈ উজনি অসমক লৈ সৃষ্টি হৈছে বিশেষ ৰণকৌশল।

শুনিবলৈ যিমানেই বেয়া নহওক কিয় ৰাজ্যৰ ৰাজনীতিত উজনি, নামনিৰ অংক পূৰ্বৰে পৰাই আছে। এই উজনি, নামনি কেন্দ্ৰীক ৰাজনীতিয়েই নিৰ্ভৰ কৰে চৰকাৰৰ বহু কথা। উজনিত যদিও ২০২১ ত পূৰ্বতকৈ বিজেপিয়ে এক শক্তিশালী ৰূপ ধাৰণ কৰিছিল সেই শক্তি যেন লাহে লাহে হ্ৰাস পাইছে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক দীৰ্ঘদিন ধৰি গুৰুত্বহীন কৰাৰ বাবে আটাইকেইটা জনগোষ্ঠীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আহোমসকলৰ দখলত থকা সমষ্টি কেইটাও ইতিমধ্যে যথেষ্ট সালসলনি হৈছে। ফলত আহোমসকলে তেওঁলোকক ৰাজনৈতিকভাৱে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলিও মুকলি অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে।

উজনিৰ তিনিচুকীয়া জিলাত শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ আৰু তিনিচুকীয়া বিধানসভা সমষ্টি অপৰিৱৰ্তিত হৈ আছে যদিও বহু সালসলনি কৰি নতুনকৈ গঠন কৰা হৈছে মাকুম বিধানসভা সমষ্টি। ডিব্ৰুগড় জিলাত লাহোৱাল সমষ্টি চাবুৱাৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে। নতুনকৈ গঠন কৰা হৈছে খোৱাং বিধানসভা সমষ্টি।

শিৱসাগৰ জিলাত আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টি বিলুপ্ত হৈছে। জিলাখনত এতিয়া আছে  ডিমৌ, শিৱসাগৰ আৰু নাজিৰা সমষ্টি। এইদৰেই সমষ্টিৰ বিলুপ্তি আৰু পুনৰ গঠনে উজনি অসমৰ ৰাজনৈতিক পৰিবেশ সলনি কৰিছে। আহোম জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা লোৱা উজনিত এইবাৰ আহোমসকলৰ সেই ক্ষমতা নাথাকিব।

স্বাভাৱিকতে আহোম জনগোষ্ঠীয় লোকসকল সেয়ে অসন্তুষ্ট হৈছে। এনে পৰিস্থিতিত আহোম সম্প্ৰদায়ৰ নেতা গৌৰৱ গগৈৰ উত্থানে উজনিৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলাব। এই কথা পূৰ্বানুমান কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই আন এগৰাকী আহোম জনগোষ্ঠীয় নেতা পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কৰিলে যদিও পবিত্ৰ মাৰ্ঘেৰিটাই সেই জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই।

তৃণমূল পৰ্যায়ত কাম কৰাৰ অভিজ্ঞতা নথকা পবিত্ৰ মাৰ্ঘেৰিটাই স্বজনগোষ্ঠীয় উপাধি নিজৰ নামৰ সৈতে নিলিখাক লৈয়ো আহোমসকলৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াহে পৰিলক্ষিত হৈছে। ইফালে লুৰীণজ্যোতি গগৈ, অখিল গগৈৰেও গৌৰৱ গগৈৰ ৰাজনৈতিক অংক স্পষ্ট হৈছে। এই তিনি গগৈৰ ৰাজনীতিয়ে ২০২৬ ৰ নিৰ্বাচনৰ অংক উজনিত ২০২১ ৰ তুলনাত বহু সালসলনি কৰিব।

ইফালে ২০২৪ ৰ লোকসভা নিৰ্বাচনত এই কথাও স্পষ্ট হৈছে যে, এ আই ইউ ডি এফক মুছলমান লোকসকলে নস্যাৎ কৰিছে। এই নিৰ্বাচনত মুছলমানসকলে চকু বন্ধ কৰি কংগ্ৰেছক ভোট দিছে। এ আই ইউ ডি এফে বিজেপিৰে গোপনে ৰক্ষা কৰি অহা সম্পৰ্ক এতিয়া আৰু গোপন হৈ থকা নাই। সকলো স্পষ্ট হৈছে।

সেয়ে মুছলমানসকলে এ আই ইউ ডি এফৰ পৰিবৰ্তে কংগ্ৰেছক আকোৱালি লৈছে। অহা বিধানসভা নিৰ্বাচনত মুছলমানৰ প্ৰভাৱ থকা ২৫ টাৰো অধিক বিধানসভা সমষ্টিয়ে এতিয়া নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছে।

এনে পৰিস্থিতিত ৰাজনীতিৰ পাকৈত খেলুৱৈসকলে এতিয়াৰে পৰা আৰম্ভ কৰিছে ২০২৬ ৰ পৰিকল্পনা আৰু প্ৰস্তুতি। ইফালে কেইবাজনো বৰ্তমানৰ আৰু প্ৰাক্তন বিধায়কে হেৰুৱাইছে সমষ্টি। কেইবাজনো প্ৰাক্তন বিধায়কে বিজেপিত দেখিছে ভৱিষ্যৎ অন্ধকাৰ।

বিজেপিৰ মিত্ৰদল এজিপিৰো কেইবাজনো প্ৰাক্তন বিধায়কে সমষ্টি হেৰুৱাই ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে এতিয়া কংগ্ৰেছলৈ ঢাপলি মৰাৰ মন মেলিছে। কংগ্ৰেছৰ পৰা বহু নেতাই ইতিমধ্যে বিজেপি গমন কৰাত কেইবাটাও সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতাৰ অভাব স্পষ্ট হৈ আছে। এনে পৰিস্থিতিত দললৈ শক্তিশালী নেতাক আনিবলৈ বাধ্য কংগ্ৰেছ।

সেয়ে এতিয়া বিজেপি, এজিপিৰ প্ৰাক্তন বিধায়ক, সমষ্টিহীন বিধায়ক, অসন্তুষ্ট একাংশ নেতাক দললৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে। এই প্ৰচেষ্টালৈ সম্পূৰ্ণ সহাৰি দিছে চৰ্চিত একাংশ নেতাই। চৰ্চাত থকা এই নেতাসকলৰ বৰ্তমানৰ ৰাজনৈতিক অৱস্থায়ো বহু কথা স্পষ্ট কৰে।

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ উপৰিও দল এৰিবলৈ সাজু হৈছে ৰাজেন গোহাঁই। বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁৰ গুৰুত্ব এতিয়া বিজেপিত নাই।

চৰ্চাত আছে বিজেপিৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। শইকীয়াই দল নেৰো বুলি কিছুদিন আগতে মুকলিকৈ কৈছিল যদিও শেহতীয়াকৈ তেওঁৰ ৰাজনৈতিক স্থিতি আৰু ভূমিকাই বহু কথাই স্পষ্ট কৰিছে। এইগৰাকী নেতাক যে ২০২৬ ত দলে টিকট দিব তাতো বহুতৰে সন্দেহ হয়।

দলৰ বিৰুদ্ধে, ন-বিজেপি নেতাৰ বিৰুদ্ধে কথা কোৱাৰ বাবেই একালৰ ৰাজ্যিক বিজেপিৰ শক্তাশালী নেতা শিলাদিত্য দেৱ টিকট বঞ্চিত হৈছিল। মৃণাল শইকীয়াৰ সৈতে যে তেনে নহ’ব সেই নিশ্চয়তা আজিৰ তাৰিখত কোনেও দিব নোৱাৰে। সেয়ে এইগৰাকী নেতাই ২০২৬ ৰ পূৰ্বে দলীয় স্থিতি সলনি কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব।

চৰ্চাত আছে শদিয়াৰ বিজেপি বিধায়ক বলীন চেতিয়া। হিমন্ত বিশ্ব শৰ্মাৰ পাছে পাছে কংগ্ৰেছলৈ অহা বলীন চেতিয়া যদিও বিজেপিত আছে তেওঁৰ গুৰুত্ব বহু হ্ৰাস পালে। তেওঁৰ সৈতে বিজেপিলৈ অহা সতীৰ্থসকলৰ কোনোবা যদি মন্ত্ৰী হ’ল আন কোনোবা আকৌ দলৰ শীৰ্ষ পদবীত থাকি শক্তিশালী হৈ পৰিল। পিছে বলীন চেতিয়াৰ নাম ৰাজ্যৰ ৰাজনীতিৰ পৰা প্ৰায় আঁতৰি যোৱাৰ দৰে হ’ল। ইতিমধ্যে শদিয়া বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাই গল ত্যাগ আৰম্ভ কৰিছেই।

এইকেইজন বিজেপি বিধায়কৰ উপৰিও ডিগবৈৰ বিধায়ক সুৰেন ফুকনে দল ত্যাগ কৰিব বুলি ওলোৱা খবৰ নস্যাৎ কৰিছে। পিছে এইগৰাকী বিধায়কৰ এই কথাত কিমান জোৰ আছে সেয়া সময়েহে ক’ব। বিজেপিৰ এই কেইজন বিধায়কৰ উপৰিও দল এৰিবলৈ সাজু হৈছে বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া। এইগৰাকী নেতাৰ এতিয়া বিজেপিত গুৰুত্ব প্ৰায় শূন্য।

অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, উৎপল দত্তও দল এৰিবলৈ সাজু হৈছে। এই দুই প্ৰাক্তন বিধায়কে ইতিমধ্যে সমষ্টি হেৰুৱাইছে। এই চৰ্চালৈ আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰৰো নাম। মহন্ত তনয় শ্যামন্ত কাশ্যপৰ বাবেও নাই সমষ্টি। বঢ়মপুৰ সমষ্টি আছে বিজেপিৰ দখলত। বঢ়মপুৰৰ কাষৰে নগাওঁ সদৰ সমষ্টিও আছে বিজেপিৰেই দখলত। সেয়ে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আন দললৈ যোৱাৰ বাহিৰে বিকল্প নাই শ্যামন্তৰ।

এনে প্ৰেক্ষাপটত আগন্তুক সময়ত যে ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ যথেষ্ট সলনি হ'ব সেয়া প্ৰায় নিশ্চিত। অসম কংগ্ৰেছত থকা বিজেপি নেতৃত্বৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি অহা নেতাসকলকো ইতিমধ্যে চিনাক্ত হৈছে। কংগ্ৰেছত থাকি বিজেপিৰ হৈ কামকৰা নেতাসকলক দল এৰিবৈল ইতিমধ্যে মুকলি আহ্বান কৰিছিল গৌৰৱ গগৈয়ে।

সেয়ে এতিয়া যি চৰ্চা হৈছে এই চৰ্চাক ভৱেশ কলিতাই গুৰুত্বহীন কৰিব বিচাৰিলেও তেওঁলোকে দেখুওৱা ততপৰতাই বহু কথা প্ৰমাণ কৰিছে। কলিতাই কোনো বিধায়কে দল ত্যাগ নকৰে বুলি দাবী কৰিলেও সময় বাগৰাৰ লগে লগে যে ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ উজনি, নামনি সকলো প্ৰান্ততে হ'বলৈ আৰম্ভ কৰিব সেয়াও নিশ্চিত।

ৰাজ্যৰ ৰাজনীতিত আৰম্ভ নতুন খেলাঃ ২০২৬ ৰ অংকত ব্যস্ত নেতা...
অসমৰ সাৰ পায়গৈ বাংলাদেশ-ম্যানমাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in