মন যায়...

মন যায়...
মন যায়...
Published on
Updated on

মন যায় আমাৰো আমাক শ্ৰেষ্ঠ বুলি ক'বলৈ। দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যবোৰৰ তালিকাত অসমৰ নাম দেখিবলৈ আমাৰো মন যায়। মন গ'লেই সকলো সম্ভৱ নহয়। দাবী কৰিলেই সকলো সঁচা হৈ নপৰে। কিন্তু এইটো ঠিক যে, নিজৰ ৰাজ্যখনৰ উন্নতি সকলোৱে কামনা কৰে।

বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা সংস্থাই ৰাজ্যসমূহৰ উন্নয়নৰ মাপ নিৰ্ণায়ক সমীক্ষা প্ৰকাশ কৰে। সেই বেছিভাগ সমীক্ষাতে দেখোন আমাৰ ৰাজ্যখনৰ স্থান তলৰ পৰাহে শীৰ্ষত থাকে। সেইবোৰ দেখি কেনেকৈ বিশ্বাস কৰো আমি শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ দিশে আগবাঢ়িছো !

মন যায় আমাৰ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি আন ৰাজ্যত উন্নত বুলি ক'বলৈ। মন যায় আমাৰ আৰক্ষীক দেখিলে অপৰাধী পলাই বুলি অহংকাৰ কৰিবলৈ। সেয়াতো হোৱা নাই এতিয়া ! চকুৰ সন্মুখতে ঘটি থাকে কিমান নঘটিবলগীয়া অপৰাধ।

আৰক্ষীৰ হাতৰ পৰাই পলাই যায় অপৰাধী। বহু ম'ষ্ট ৱাণ্টেড অপৰাধীৰ সন্ধানে নাপাই আৰক্ষীয়ে। আৰক্ষী প্ৰশাসনৰ নাকৰ সন্মুখতেই ঘটে দুৰ্ভাগ্যজনক ঘটনা। শেহতীয়া উদাহৰণ যোৰাবাট। ট্ৰাক চালকে সামান্য কথাতে আৰক্ষী থানাৰ পৰা কিছু নিলগত মৰিয়াই মাৰিলে এজন সম্ভাৱনাময় যুৱকক।

এইবোৰ এখন উন্নত আৰু আইন শৃংখলা নিয়ন্ত্ৰণত থকা ৰাজ্যত সংঘটিত হয় কেনেকৈ? মুখ্যমন্ত্ৰীয়ে দাবী কৰে অসম আজি উন্নতিৰ পথত। লাখ লাখ হিতাধিকাৰীক বিলোৱা হয় আঁচনিৰ ধন। বিনামূলীয়া চাউল, চাইকেল, স্কুটি আদি কি দিয়া নহয় হিতাধিকাৰীক?

বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবেও আছে আঁচনি। ইখনৰ পাছত সিখন আঁচনিৰে আমি ৰাজ্যবাসীক স্বাৱলম্বী কৰিছো নে পৰনিৰ্ভৰশীল কৰি গঢ়িছো ! অৰুণোদয় আঁচনিয়ে অসমক উন্নত ৰাজ্যৰ শাৰীলৈ নিব পাৰিব বুলি ভবা সকলে পাহৰি গৈছে আমি আগতে কি আছিলো আৰু এতিয়া কি হৈ পৰিছো।

হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে প্ৰতিমাহে। সেই ধন ক'ত চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে সেয়া কাকো খুলি ক'ব নালাগে। ক'ব মন যায় আমি ধনী ৰাজ্য বুলি। এই পৰিস্থিতিত আমি কেনেকৈ কওঁ আমি ধনী?

ঠিকা কৰা ঠিকাদাৰ গৈ পাইছে আদালত। চৰকাৰী কাম কৰিছে, কামৰ বিনিময়ত পোৱা নাই ধন। জবাবদিহী কৰিবলগীয়া হৈছে ন্যায়ালয়ে। সুধিছে চৰকাৰক কিয় দিয়া নাই ধন? ধন নাই বুলি ৰাজকোষৰ উদং অৱস্থাৰ কথা কোৱা চৰকাৰক ন্যায়ালয়ে উভতি ধৰিছে- 'হিতাধিকাৰীক ধন দিবলৈ ক'ৰ পৰা আহে টকা?'

আমাৰো মন যায় দালালবিহীন কাৰ্যালয়বোৰ চাবলৈ। কোনো কাম লৈ যোৱা মানুহবোৰৰ কামবোৰ চৰকাৰী নিয়ম মতে সময় অনুসৰি হোৱাতো সকলোৱে কামনা কৰে। সেয়েহে দালালাৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানবোৰত সাধাৰণ মানুহৰ হাত তালি পৰে।

তাৰ পাছত যদি দিছপুৰৰ বৰ ঘৰতেই দালালে বাহাৰ পাতি থাকে, মন্ত্ৰী, বিষয়াৰ আশীৰ্বাদত দালালে কোটি কোটি টকা ঘটে, তেনে কেনেকৈ ক'ব পাৰো আমি দালালবিহীন হ'ল অসম ! এইবোৰ যেন সকলো চমক। এতিয়াও ঘূৰি ফুৰে চৌদিশে দালাল।

মাটি, সম্পত্তি, ৰাজনীতি একাকাৰ হৈ গৈছে। ক্ষমতাত থকাসকলৰ বাবেহে যেন নিয়ম বনোৱা হৈছে। সেইবোৰ কথা কোনোবাই ক'ব খুজিলে পৰোক্ষ, প্ৰত্যক্ষভাৱে মুখ চেপি ধৰা হৈছে। সেই স্বাধীনতা নথকা ৰাজ্যত কেনেকৈ কওঁ আমি সুখী?

মন যায় কিন্তু আমাৰ আমাক সুখী বুলি ক'বলৈ। ভুল হ'লে ভুল বুলি আঙুলিয়াই দিব পৰাকৈ এক গণতান্ত্ৰিক পৰিবেশ আৰু অধিকাৰ আমাৰ আছিল। সেই অধিকাৰ কাঢ়ি লৈ যোৱা মানুহবোৰ আজি নীৰৱ দৰ্শক। মন যায় আমাৰ মন্ত্ৰীবোৰক গৈ আমাৰ সমস্যাবোৰৰ কথা ক'বলৈ। হয়তো তেওঁলোকৰ মন যায় মন্ত্ৰী হৈ ৰাজ্যবাসীৰ কথা শুনিবলৈ আৰু সেইবোৰ সমস্যাৰ সমাধান কৰিবলৈ।

ৰাজ্যত এতিয়া কেইজন মন্ত্ৰী আছে? এজন, দুজন নে তিনিজন? দেখাত বহু মন্ত্ৰী আছে। আছে জানো তেওঁলোকৰ হাতত সেই দায়িত্ব? লাগে জানো তেওঁলোকক মন্ত্ৰীৰ দৰে? কনভয় লৈ ৰঙা লাইট লগোৱা গাড়ীত ঘূৰাতেই তেওঁলোকৰ দায়িত্ব শেষ নহয়।

মন যায় আমাৰো কম দামত আৱশ্যকীয় বয়বস্তু ক্ৰয় কৰিবলৈ। সম্ভৱ হয় জানো সেয়া এতিয়া বজাৰত? বজাৰৰ জুয়ে ভালকৈয়ে দহিছে আমাক। প্ৰতিদিনাই বাঢ়ে বস্তুৰ দাম। কমাহে উদাহৰণ নাই। তাৰ পাছত আমি কেনেকৈ কওঁ কুশলে আছে , শান্তিত আছে ৰাজ্যবাসী।

মন যায় আমাৰো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হোৱাৰ কথা স্বীকাৰ কৰিবলৈ। দৰিদ্ৰ পৰিয়ালৰ মেধাৱী সন্তানে চাকৰি পালে সন্তুষ্টি লভিবলৈ। কিন্তু সেয়া যদি কাৰোবাৰ অভিলেখৰ বাবে কৰা হয়, নিযুক্তি পৰীক্ষাৰ নামত সাধাৰণ লোককো পণবন্দী কৰি ৰখা হয় তেনে এই প্ৰক্ৰিয়াটো হৈ পৰে এক শংকাযুক্ত।

মন যায় আমাৰো শংকৰ-আজানৰ দেশত সম্প্ৰীতিৰ বান্ধোনেৰে একেলগে বসবাস কৰিবলৈ। হিন্দু-মুছলমানৰ পৰিচয়ৰ সলনি মানুহৰ পৰিচয়েৰে জীয়াই থাকিবলৈ। কিন্তু য'ত হিন্দু-মুছলমানৰ বিভাজনৰ ৰাজনীতি চলে কেনেকৈ আমি কওঁ এই ৰাজ্য ঠিকেই আছে।

আমি বিচাৰো সঁচাকৈয়ে আমি শ্ৰেষ্ঠ হওঁ। মুখত নহয় কামত। তেওঁলোকে নহয়, আনে কওঁক আমি শ্ৰেষ্ঠ বুলি। আমাৰ মন যায় শ্ৰেষ্ঠত্বৰ তালিকাত আমাৰ ৰাজ্যখনৰ নাম দেখিবলৈ। তাৰ বাবে জানো অৰুণোদয়ৰ দৰে আঁচনিয়েই যথেষ্ট?

হিতাধিকাৰী সৃষ্টিৰে আমাৰ উৎপাদনশীলতাক সংকুচিত কৰি পেলোৱাৰ পাছত কেনেকৈ আমি শ্ৰেষ্ঠত্বৰ দৌৰত দৌৰিম? প্ৰতি মাহতে ধাৰ, ঋণ লৈ চলি থাকিলে কেনেদৰে সৱল হ'ব আমাৰ অৰ্থনীতি? কোনোবা বিৰোধী নেতা বা মন্ত্ৰীৰ সৈতে টুইটাৰ, ফেচবুকত বাকযুদ্ধত নামিলেই অসম শ্ৰেষ্ঠ হৈ নাযায়।

মন যায়...
“অ’ সময়”- আমাৰ বাবে তই নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in