থানাতো সুৰক্ষিত নহয় কিশোৰী ! আৰক্ষী আৰু অপৰাধীৰ মাজত পাৰ্থক্য থাকিল কি?

থানাতো সুৰক্ষিত নহয় কিশোৰী ! আৰক্ষী আৰু অপৰাধীৰ মাজত পাৰ্থক্য থাকিল কি?

author-image
Asomiya Pratidin
New Update
থানাতো সুৰক্ষিত নহয় কিশোৰী ! আৰক্ষী আৰু অপৰাধীৰ মাজত পাৰ্থক্য থাকিল কি?

থানাতো সুৰক্ষিত নহয় কিশোৰী ! আৰক্ষী আৰু অপৰাধীৰ মাজত পাৰ্থক্য থাকিল কি?

তুষাৰ প্ৰতিম

''জন হিত জন সেৱাৰ্থে''- এয়াই অসম আৰক্ষীৰ মূল মন্ত্ৰ। কিন্তু প্ৰকৃততে অসম আৰক্ষীয়ে কিমান 'জন হিত আৰু জন সেৱাৰ্থে' নিজকে সমৰ্পিত কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

এটাৰ পাছত আন এটাকৈ ধাৰাবাহিক ভাৱে সংঘটিত হোৱা কিছু কৰ্মকাণ্ডই অসম আৰক্ষীক ৰাইজৰ কাঠগড়াত তুলিছে। অপৰাধ নিয়ন্ত্ৰণৰ নামত ভুৱা এনকাউণ্টাৰ, উত্তৰ প্ৰদেশৰ পৰা আমদানি কৰা বুলড'জাৰ নীতি, অপৰাধিৰে মতিৰালিৰ দৰে ঘটনাই ইতিমধ্যে অসম আৰক্ষীক ৰাইজৰ পৰা বহু আঁতৰাই নিছে।

ভুৱা এনকাউণ্টাৰ আৰু জোনমণি ৰাভা কাণ্ডৰ পাছতেই অসম আৰক্ষী ব্যাপক হাৰত সমালোচিত হৈছে। কিন্তু তাৰ পৰাও যেন শিক্ষা নল'লে অসম আৰক্ষীয়ে। অভিযোগ উত্থাপন কৰাৰ দৰেই যদি সত্য, তেন্তে শেহতীয়াকৈ নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাই সকলো সীমা অতিক্ৰম কৰিলে।

কিয়নো এয়া কোনো সাধাৰণ অভিযোগ নহয়। এই অভিযোগে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টছ কালাৰ্ছ লাভ কৰা অসম আৰক্ষীৰ ইতিহাসতেই এক ক'লা অধ্যায়ৰ সূচনা কৰিব।

২১ জুনৰ কথা আছিল সেয়া। সেই দিনা নলবাৰী আৰক্ষীয়ে পলাই যোৱা এহাল যুৱক-যুৱতীক কৰায়ত্ত কৰি ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিছিল। সেই নিশা ঘগ্ৰাপাৰ আৰক্ষী থানাতেই আছিল দুয়ো যুৱক-যুৱতী।

নিশা এই আৰক্ষী থানাখনৰে এজন আৰক্ষী বিষয়াই যুৱতীগৰাকীক অশ্লীল ইংগিত দিয়াৰ লগতে নগ্ন কৰি মোবাইলেৰে ফটো তোলে। সাধাৰণ পোছাকত অহা সেই আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰা এই কাণ্ডৰ বিষয়ে একেখন আৰক্ষী থানাৰ লিজা টায়ে নামৰ বিষয়াগৰাকীও হেনো অৱগত।

কিশোৰীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ সৈতে সংঘটিত কৰা এই কাণ্ডৰ পাছত মুখ নুখুলিবলৈও ভাবুকি দিছিল। একেই ভূমিকা আছিল শিশু কল্যাণ সমিতিৰ। সমিতিয়েও কিশোৰীগাৰকীক মুখ বন্ধ কৰিবলৈ ধমক দিছিল।

এই সন্দৰ্ভত ২৬ তাৰিখে নলবাৰী থানাত ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এজাহাৰাত উল্লেখ কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে নলবাৰী আৰক্ষীয়েও সেই এজাহাৰ ভিত্তিত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।

বুধবাৰে এই ঘটনা পোহৰলৈ অহাত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিলে। জি পি সিঙৰ নিৰ্দেশৰ পাছতে অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে POCSO আইনৰ আধাৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

তদন্তৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক। গগৈয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক সোধা-পোছা চলাইছে। জি পি সিঙে টুইট কৰি আৰক্ষী থানাৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি তদন্ত চলোৱাৰ কথাও উল্লেখ কৰিছিল।

এখন আৰক্ষী থানাৰ ভিতৰত সংঘটিত হোৱা এয়া সৰু অথবা এৰি চলিব পৰা ঘটনা নহয়। সাধাৰণ জনতাক সুৰক্ষা দিয়াৰ দায়িত্ব আৰক্ষীৰ। অথচ সেই আৰক্ষীৰ বিৰুদ্ধেই উত্থাপিত এই অভিযোগে আৰক্ষীয়ে যে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে সেই কথা প্ৰমাণ কৰিছে।

মাত্ৰ কেইদিনমান পূৰ্বে বিলাসীপাৰা আৰক্ষী থানাত শিশুসহ এগৰাকী মহিলাক ৬ দিন বেআইনী ভাৱে আটক কৰি ৰাখিছিল। যি কাৰ্যৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্তসনা কৰিছিল।

পৰৱৰ্তী সময়ত সেই ঘটনাৰ বাবেই ধুবুৰী জিলাৰ সেই সময়ৰ আৰক্ষী অধীক্ষক অপৰ্না নটৰাজনক দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীলৈ শাস্তিমূলক ভাৱে বদলি কৰিছিল।

অসম আৰক্ষীৰ বিতৰ্কিত কাম-কাজৰ তালিকাখন যথেষ্ট দীঘলীয়া। আন নালাগে কেৱল জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামগ্ৰিক পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলেই বহু কথা স্পষ্ট হয়।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে এটা এটাকৈ পোহৰলৈ আহিছে অসম আৰক্ষী আৰু অপৰাধীৰ মিতিৰালি। সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা নগাওঁ, লখিমপুৰৰ অতিৰিক্ত আৰক্ষীলৈ কিমানৰ নাম সাঙোৰ খাইছিল সেয়া সকলোৰে মনত আছে।

জোনমণি কাণ্ডৰ পাছতে নগাওঁ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত কেইবাজনো এছ আইক হেডকোৱাৰ্টাৰ ক্ল'জ, ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হৈছে।

নকল সোণ বেপাৰীৰ সৈতে মিতিৰালি কৰি লখিমপুৰত নিগাজিকৈ থকাৰ চেষ্টা কৰা আৰক্ষী বিষয়াৰ সকলো কুকৰ্ম এটা এটাকৈ পোহৰলৈ আহিছে। এইবোৰ কথাই সাধাৰণ ৰাইজৰ মন, মগজুক চুই গৈছে।

এটাৰ পাছত এটাকৈ এইদৰে অসম আৰক্ষীৰ বিতৰ্কিত কামকাজে সামগ্ৰীক ভাৱে অসম আৰক্ষীৰ অধিকাংশ বিষয়া, জোৱানৰ বাবে যে নীতি, অনিতি, আইন, সংবিধান একো নোহোৱা কৰিছে সেইটো প্ৰমাণ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰীৰো দায়িত্বত আছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে অসমৰ আৰক্ষী থানাসমূহত নিশা ২ বজাতো মহিলা আহিবলৈ কুণ্ঠাবোধ নকৰিব বুলি ভাষণত কৈছিল।

সেই হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে এতিয়া আৰক্ষীৰ জিম্মাত থকা এগৰাকী কিশোৰীক নগ্ন কৰা বুলি অভিযোগ উঠিছে। এই খবৰ নিশ্চয় তেওঁ লাভ কৰিছে। এতিয়া তেওঁ ক'ব পাৰিবনে নিশা ২ বজাত মহিলাই আৰক্ষী থানালৈ গৈ অভিযোগ দাখিল কৰাৰ কথা?

অসম আৰক্ষী এতিয়া ৰাইজৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। সাধাৰণ জনতাই আৰক্ষীক বিশ্বাসত ল'ব নোৱাৰা এটা পৰিৱেশৰ সূচনা হৈছে। এয়া ৰাজ্যখনৰ বাবেই মংগলজনক নহয়।

এনে পৰিস্থিতিৰ পৰা শীঘ্ৰেই অসমক মুক্ত কৰিবই লাগিব। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই এই বিষয়ত সুনিৰ্দিষ্ট কাৰ্যপন্থা হাতত লওক। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও এইবোৰ বিষয় অনুধৱন কৰক।

অসম আৰক্ষীৰ ভিতৰচৰাত সোমাই থকা এনে বিষয়াবোৰক চিনাক্ত কৰি সংস্কাৰমূলক এক পদক্ষেপ শীঘ্ৰেই লওক। অন্যথা 'জন হিত জন সেৱাৰ্থে' মূল মন্ত্ৰ কেৱল এক শ্লোগানতহে পৰিণত হ'ব। বাকী সকলো হিতে বিপৰীত হে হ'ব।

Also Read: নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...

হিমন্ত বিশ্ব শৰ্মা অসম আৰক্ষী জি পি সিং