লাভলীনা, হিমা, ৰিয়ানৰ পাছত কোন?

লাভলীনা, হিমা, ৰিয়ানৰ পাছত কোন?
লাভলীনা, হিমা, ৰিয়ানৰ পাছত কোন?
Published on
Updated on

এই কেইদিন চৰ্চাত কেৱল খেলৰ খবৰ। এফালে টি-২০ বিশ্বকাপ আনফালে ইউৰো কাপ। সমান্তৰালকৈ আকৌ চলি আছে কোপা আমেৰিকা। টি-২০ বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি ফাইনেলৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আকৌ ঘৰৰ মাটিত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বহু কেইটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

ছেফালী বাৰ্মাৰ দ্ৰুততম দ্বিশতক, স্মৃতি মান্ধানাৰ শতকৰ সহায়ত টেষ্টৰ প্ৰথম দিনটোতে ভাৰতে ৫০০ ৰো অধিক ৰাণ কৰাৰ সমান্তাৰলৈকে প্ৰথম ইনিংছত ৬০৩ ৰাণ কৰিবলৈ সক্ষম হৈছে। এই দুই ক্ৰিকেটাৰৰ উপৰিও আন ৩ গৰাকী ক্ৰিকেটাৰে অৰ্ধশতক অৰ্জন কৰিছে।

আজি টি-২০ বিশ্বকাপ অন্ত পৰিব যদিও ইউৰো আৰু কোপা আমেৰিকা ১৫ জুলাইত অন্ত পৰিব। ইয়াৰ ঠিক কেইটামান দিনৰ পিছতে ২৬ জুলাইত পেৰিছত অনুষ্ঠিত হ'ব অলিম্পিক প্ৰতিযোগিতা।

টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰা অসমৰ লাভলীনা বৰগোহাঁই পুনৰ এবাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে শুকুৰবাৰে স্বদেশ এৰিছে। লাভলীনাৰ সৈতে পেৰিছলৈ গৈছে আন এগৰাকী অসম কন্যা প্ৰণামিকা দত্ত।

তিতাবৰৰ জীয়ৰী প্ৰণামিকা এতিয়া দেশৰে এগৰাকী প্ৰতিষ্ঠিত প্ৰশিক্ষক। তেওঁ ৰোহটকত থকা ভাৰতীয় বক্সিঙৰ চেণ্টাৰ অৱ এক্সিলেঞ্চত প্ৰশিক্ষক হিচাপে কৰ্মৰত। প্ৰণামিকা ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰকিক্ষক পেনেলৰো সদস্য।

ভাৰতীয় বক্সিং দলটোৱে শুকুৰবাৰে নতুন দিল্লীৰ পৰা যাত্ৰা কৰিছে জাৰ্মানীলৈ। পেৰিছলৈ যোৱাৰ পূৰ্বে জাৰ্মানীৰ ছাৰব্ৰুকেন চহৰত ২২ জুলাইলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিব ভাৰতীয় বক্সাৰসকলে। ইয়াৰ মাজতে কেইবাখনো বন্ধুত্বমূলক মেচ খেলিবলৈও বক্সাৰসকল ৰিঙত নামিব।

এইবাৰ লাভলীনাই অলিম্পিকত ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিব। টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই এইবাৰ ৭৫ কেজি শাখাৰ বাবে নিজকে সাজু কৰি তুলিছে। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াত লাভলীনাই এই সলনি কৰিবলগীয়া হৈছে।

ওজন সলনি কৰি লাভলীনাই ইতিমধ্যে সফলতাও লাভ কৰিছে। শেহতীয়াকৈ চীনৰ হাংজৌ চহৰত অনুষ্ঠিত হোৱা এছিয়ান গেমছত লাভলীনাই ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে।

এই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰাৰ লগে লগে পেৰিছ অলিম্পিকৰ টিকট লাভ কৰিছিল লাভলীনাই। ফলত তেওঁ হৈ পৰিছিল একেৰাহে দ্বিতীয় বাৰৰবাবে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।

ইয়াৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক অৰ্জন কৰিছে। এই একেখন প্ৰতিযোগিতাতে লাভলীনাই পূৰ্বে দুবাৰকৈ ২০১৮ আৰু ২০১৯ ত ৬৯ কেজি শাখাত ব্ৰঞ্জ পদক লাভ কৰিছিল।

ওজন সলনি কৰি পেৰিছ অলম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাক লৈ অৱশ্যে এতিয়ালৈকে ৰাজ্যত বৰ বেছি চৰ্চা হোৱা নাই। সংবাদ মাধ্যমত এই খবৰে এতিয়ালৈকে গুৰুত্ব লাভ কৰা নাই। সময় বাগৰাৰ লগে লগে হয়তো চৰ্চা তীব্ৰতৰ হ'ব।

লাভলীনাৰ এই সফলতা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে যিদৰে আশাব্যঞ্জক ঠিক সেইদৰেই বহু প্ৰশ্নৰো সৃষ্টি কৰিছে। অলিম্পিকৰ ইতিহাসত এই পৰ্যন্ত অসমৰ মাত্ৰ ৫ গৰাকী খেলুৱৈয়েহে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় ফুটবল দলক নেতৃত্ব প্ৰদান কৰি ডাঃ টালিমেৰণ আও, শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য, আৰ্চাৰ জয়ন্ত তালুকদাৰ, বক্সাৰ শিৱ থাপা আৰু লাভলীনা বৰগোহাঁই। ইয়াৰে দীপাংকাৰ ভট্টাচাৰ্যই দুবাৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

অসমত আজিৰ তাৰিখত অসম অলিম্পিক সন্থা সক্ৰিয় হৈ থকাৰ লগতে অসংখ্য ক্ৰীড়া সন্থা আছে। এই ক্ৰীড়া সন্থাসমূহে অসমৰ ক্ৰীড়া প্ৰতিভা সন্ধান কৰাৰ ক্ষেত্ৰত বা অসম চৰকাৰৰ ক্ৰীড়া বিভাগে কি পদক্ষেপ কৰিছে? কিয় আজিও আমি আশা কৰা ধৰণে খেলুৱৈৰ সন্ধান কৰিব পৰা নাই?

লাভলীনাৰ পিছত কোন? এই প্ৰশ্ন যদি আজি উত্থাপন কৰা হয় তেন্তে ইয়াৰ উত্তৰ কোনোবাই দিব পাৰিবনে? বক্সিং সন্থাৰ বিষয়ববীয়াই যমুনা, অংকুশিতাৰ নাম হয়তো ক'ব।

টকিঅ' অলিম্পিকৰ পূৰ্বৰে পৰা এই দুই প্ৰতিভাৱান খেলুৱৈৰ নাম লৈ আহিছে এইসকল নেতৃত্বই। কিন্তু তেওঁলোক দুয়োৱে সেই পৰ্যায়ৰ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। এই দুই বক্সাৰৰ বিপৰীতে বেলেগ নাম তেওঁলোকৰ মুখত নাই।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ খেলুৱৈৰ নাম সুধিলে বহুতেই ল'ব হিমা দাসৰো নাম। ইতিমধ্যে প্ৰতিভা প্ৰমাণ কৰা হিমাই টকিঅ' অলিম্পিকৰ সপোন দেখিও ব্যৰ্থ হোৱাত ভাবিছিল পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জন কৰিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে হিমা ট্ৰেকৰ পৰাই দূৰত থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ'ল। পুনৰ এইগৰাকী এথলিট ট্ৰেকলৈ ঘূৰি আহিছে যদিও তেওঁৰ গতিত স্থবিৰতা অহাহে পৰিলক্ষিত হৈছে।

সৌ সিদিনা ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে। জিম্বাৱেৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ শৃংখলাৰ বাবে শুভমণ গিলৰ নেতৃত্বত ঘোষিত দলত ৰিয়ানক স্থান দিয়া হৈছে।

এই প্ৰাপ্তিৰ বাবে অসমে কিমান অপেক্ষা কৰিছে, কিমান হুমুনিয়াহ কাঢ়িছে তাৰ কোনো সীমা সংখ্যা নাই। কিন্তু ৰিয়ানৰ পিছত কোন? ৰিয়ানৰ বাহিৰে অসম ক্ৰিকেট সন্থাই সেইদৰে কাক প্ৰজেক্ট কৰিছে?

কেৱল চৰ্চিত কেইগৰাকীমান খেলুৱৈৰ বাহিৰে আজিৰ তাৰিখত লেখতলবীয়া, ভৱিষ্যতৰ তাৰকা বুলি ক'ব পৰাকৈ কোনোবা খেলুৱৈৰ নাম কাৰোবাৰ মনলৈ আহেনে? এই প্ৰশ্নৰ পোনপটীয়াকৈ উত্তৰ দিবলৈ বহুতৰে অসুবিধা হ'ব।

মাজে মধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত দুই, এজন খেলুৱৈ জিলিকি উঠে যদিও তাৰ পাছতেই তেওঁলোক হেৰাই যায়। জুনিয়ৰ পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা বহু খেলুৱৈ অসম আছে যদিও ছিনিয়ৰ পৰ্যায়ত তেনে খেলুৱৈৰ তালিকা যথেষ্ট সীমিত।

শেহতীয়াকৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে প্ৰতিভা সন্ধানৰ বাবে অসম খেল মহাৰণ অনুষ্ঠিত কৰিলে যদিও এই প্ৰতিযোগিতাৰ নামত চলা কুটিল ৰাজনীতি বৰ দৃষ্টিকটুভাবে ধৰা পৰিছে। এই প্ৰতিযোগিতাই কিমান প্ৰতিভাৰ সন্ধান কৰিব তাত সন্দেহ আছে।

ক্ৰীড়া ক্ষেত্ৰৰ খবৰ ৰখাসকলে জানে ৰাজ্যৰ প্ৰতিটো ক্ৰীড়া সন্থাৰ মুৰব্বীৰ পদত বহি আছে একোজনকৈ ৰাজনৈতিক নেতা। অসম অলিম্পিক সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ পদতে বহি আছে মন্ত্ৰী, বিধায়ক তথা ৰাজনৈতিক দলৰ নেতা।

এই নেতাসকলে ক্ৰীড়াৰ উন্নয়নৰ বাবে কি কৰিছে সেই প্ৰশ্ন কিন্তু ৰাইজে কৰিবৰ হ'ল। বছৰত এখন প্ৰতিযোগিতা পাতিয়েই দায়িত্ব সামৰা ক্ৰীড়া সন্থাসমূহ একাংশৰ বাবে হৈ আছে একমাত্ৰ সোণৰ কণী পৰা হাঁহ, জীৱিকাৰ মাধ্যম।

নিজ সন্তানক ভৱিষ্যতে এগৰাকী সফল খেলুৱৈ হিচাপে গঢ় দিয়াৰ সপোন দেখিছে আৰু খেলৰ সৈতে একাত্ম হৈ পৰিছে তেওঁলোকে এই সন্থাসমূহক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক। অন্যথা লাভলীনা, হিমাহঁতক বাদ দি আমাৰ ওচৰত বেলেগ নাম আৰু একো নাথাকিব।

লাভলীনা, হিমা, ৰিয়ানৰ পাছত কোন?
এফালে UAPA গোচৰ আনফালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in