'ডাবাং'-'অসুৰ'ৰ ভিৰত হেৰাই যোৱা খবৰ...

'ডাবাং'-'অসুৰ'ৰ ভিৰত হেৰাই যোৱা খবৰ...
'ডাবাং'-'অসুৰ'ৰ ভিৰত হেৰাই যোৱা খবৰ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

নেতা হৈ থাকিও তেওঁলোকৰ আমনি লাগে। হঠাৎ নেতা হৈ পৰে অভিনেতা। মুখত ভাল লগা সংলাপ। বাস্তৱত নহ'লেও ৰূপালী পৰ্দাৰ বাবে হয় আৰক্ষী বিষয়া। তাকো এছ পি, আৰক্ষী অধীক্ষক !

নেতাৰ এই নাটকীয় ৰূপে সংবাদ মাধ্যমত, ছচিয়েল মিডিয়াত বৰ গুৰুত্ব পায়। ভাইৰেল হৈ পৰে বিধায়ক বৰাৰ আৰক্ষীৰ ৰূপ। অভিনেতাৰূপী নেতা বা বিধায়কে তেওঁৰ অভিনয় জীৱনৰ সন্দৰ্ভত সংবাদ মেলেই পাতি দিয়ে।

ক'ত, কি চিনেমাত অভিনয় কৰিছিল তাৰ হিচাপ দাখিল কৰে। কোনখন চিনেমা ফ্লপ হ'ল তাৰো তালিকা দিয়ে। শিখ সম্প্ৰদায়ৰ আৰক্ষী বিষয়া কিয় হ'বলগীয়া হ'ল তাৰ কাৰণো কয়। জননেতাৰ, বিধায়কৰ এয়াও এক ব্যস্ততা।

সাংবাদিকৰো অনুসন্ধিৎসুতাৰ অন্ত নহয়। নেতাই যেতিয়া এখন চিনেমা নিজেই বনাম বুলি ঘোষণা কৰে এচাম সাংবাদিক, একাংশ সংবাদ মাধ্যমৰ বাবে সেয়াও হৈ পৰে ডাঙৰ খবৰ। কাৰণ এইবোৰ 'নিউজ'ৰে এতিয়া 'ভিউজ' বেছি। আমাৰ বিধায়ক 'ডাবাং' হৈ পৰা খবৰ বোৰৰহে আদৰ অধিক।

কেতিয়াবা তেওঁ কয়, নিজৰ নিউজ চেনেল খোলাৰ সপোনৰ কথা, আন কেতিয়াবা বিলাহী ছচৰ পৰামৰ্শ দি হৈ পৰে তেওঁ হঠাৎ এজন 'চেফ'। এনেকৈয়ে তেওঁলোক চৰ্চাত থাকে। কামৰ সলনি যে কথাৰেও এতিয়া কাম চলাই দিব পাৰি সেই কথা তেওঁলোকে ভালদৰে উপলব্ধি কৰে।

কেৱল এয়াই নে ! আমাৰ নেতা বিধায়কৰ প্ৰতিভাৰ অন্ত নাই। কোনো কোনো বিধায়কৰ ৰূপ আৰু জ্যোতিয়ে আমাৰ চকু চমকাই তোলে। ছাট মাৰি ধৰে। তেওঁলোকৰ বেশ, ভুষা অসুৰ সদৃশ হ'লেও ৰাইজে বৰ বেছি চিন্তা নকৰে।

কিয়নো ব্যক্তিগত জীৱনত তেওঁলোকৰ অসুৰ হাঁহিয়ে আমাক আমোদ দিয়ে। এনেকৈয়ে তেওঁলোকে খ্যাতি বুটলে। গুৰুজনাৰ অনুপম সৃষ্ট ভাওনাৰ ভাৱৰীয়া হৈ ভাও দিওঁতে তেওঁলোকে পাহৰি নাযায় ৰাজনীতিৰ জীৱনতো যে এজন দক্ষ ভাৱৰীয়া।

অম্বাসুৰ- ভাওনাৰ ভাও লোৱা অসুৰৰ নাম। ইমান ধুনীয়া বচন তেওঁলোকৰ মুখত। শুনিলে শুনি থাকিব মন যায়। খোজ কাটলতো অসুৰৰ বৰ্হিপ্ৰকাশ। বাস্তৱৰ আচল স্বৰূপ লুকুৱাই নাৰাখি এনেদৰেই যদি তেওঁলোক থাকিল হয় মানুহৰ বাবে তেওঁলোকক চিনি পাবলৈ কেতিয়াও কঠিন নহ'ল হয়।

ৰাজনীতি এতিয়া অভিনয়। কিছুমানে সঁচা অভিনয় কৰে মঞ্চত, কেমেৰাৰ সন্মুখত। আন কিছুমানে অভিনয় কৰে মানুহৰ মাজত। মুঠতে দৰ্শক আমি, টাৰ্গেত সাধাৰণ লোক।

বৰমূৰীয়াসকলৰ অভিনয় আমি দেখি থাকো। কিন্তু অভিনয় বুলিব নোৱাৰো। তাত থাকে সুন্দৰ উপস্থাপন, অলিখিত চিত্ৰনাট্য আৰু তেওঁলোকৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰে আহৰণ কৰা ৰাজনৈতিক অভিনয়ৰ দক্ষতা।

আমি হাত চাপৰি দিও তেওঁলোকৰ বাবে। কৃতিত্ব, সফলতা আৰু অস্তিত্ব জাহিৰ কৰাৰ বাবে এইবোৰ নাটকৰ প্ৰয়োজন এতিয়া সাংবাদিক, কেমেৰাৰ সন্মুখতেই ৰচনা হয় পটভূমি। তাৰ পাছত বচন- ঐ DC...।

এনেকৈ সন্মোহনী মায়াৰে চলি আছে ৰাজনীতি। চলি গৈছে সফলতাৰ ৰেলী। এচাম নেতা অৱশ্যে এতিয়াও আছে। তেওঁলোক কেৱল বাস্তৱমুখী। তেওঁলোকৰ চিন্তা, কাম-কাজ সমাজ আৰু মানুহৰ স্বাৰ্থত। তেওঁলোক নেতা কিন্তু অভিনেতা নহয়।

তেওঁলোকৰ অভিনয়বিহীন কামবোৰ কেমেৰাই ঢুকি নাপায়। ফকাছ নহয় কেমেৰা তেওঁলোকৰ ওপৰত। সেই কথা তেওঁলোকেও জানে। ইয়াৰ প্ৰচাৰ, প্ৰসাৰৰ বাবে তেওঁলোকে কেতিয়াও কাকো অনুৰোধ নকৰে।

নাই তেওঁলোকৰ টি আৰ পি, নাই তেওঁলোকৰ অভিনয় জনা নেতাসকলৰ দৰে গ্লেমাৰ। সাধাৰণ ভাৱেই তেওঁলোক অসাধাৰণ। সেই কথা অৱশ্যে তেওঁলোকেও নুবুজে। দায়িত্ব বুজিয়েই সকলো কৰিব খোজে। কেতিয়াবা হাজাৰৰ মাজত এজনে তেওঁলোকৰ কাম-কাজ বুজি পায়, মূল্যায়ন কৰে।

বৰ বেছি তেওঁলোকৰ বাবে এই বুজি পোৱা লোকসকলে সম্পাদকীয় পৃষ্ঠাত এখন চিঠি লিখিব পাৰে যাৰ শীৰ্ষ হ'ব পাৰে ''হেমেন দাসৰ আদৰ্শনীয় পদক্ষেপ''। ইন্দ্ৰজিৎ ভূঞাৰ দৰে সকলো নহয় যে, এই কামবোৰৰ গভীৰতা প্ৰতিজনেই বুজিব পাৰিব।

অসমৰ প্ৰবীণ ৰাজনীতিবিদ হেমেন দাস এতিয়া ৰাজনীতিত নচলা টকা। সমাজ জীৱনত আজিও কিন্তু তেওঁৰ আছে তৎপৰতা। শোসনহীন, সমৃদ্ধশালী অসমৰ বাবেই তেওঁৰ জীৱন উৎসৰ্গীত আছিল।

আদৰ্শৰ সৈতো আপোচ নকৰা এজন নেতা। সৰভোগ সমষ্টিত তেওঁ প্ৰতিনিধিত্ব কৰিছিল অসম বিধানসভাৰ অন্যতম চিৰস্মৰণীয় বিধায়ক আছিল। তেওঁৰে কথা লিখিছিল ইন্দ্ৰজিৎ দাসে।

এতিয়া তেওঁ প্ৰাক্তন বিধায়ক হিচাপে লাভ কৰে কিছু টকা পেঞ্চন। সেই পেঞ্চনৰ টকাৰে এইবাৰো তেওঁ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক কিতাপ দিলে, সম্বৰ্ধনা জনালে।

বৰনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ গ'ল এই অনুষ্ঠান। ২০১১ চনৰ পৰাই তেওঁ এই কাম কৰি আহিছে। পেঞ্চনৰ টকাৰে নিজৰ দায়িত্ব পালন কৰি গৈছে। ১৪ জন ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰা এই সম্বৰ্ধনা আৰু কিতাপ প্ৰদান কৰা পৰ্ব এতিয়া ১৪৩ জন ছাত্ৰ-ছাত্ৰীলৈ বৃদ্ধি হৈছে।

তেওঁতো অক্লান্ত সংগ্ৰামী। এজন সমাজ হিতৈষী। নৱপ্ৰজন্মৰ প্ৰতি আছে তেওঁৰ আস্থা আৰু বিশ্বাস। সেই আশাতেই তেওঁ বন্দী। সমাজ উত্তৰণৰ প্ৰতি তেওঁ আগ্ৰহী। আন ৰাজনৈতিক নেতাৰ দৰে তেওঁ কৰিব নাজানে বাতৰিৰ শীৰ্ষ হ'ব পৰাকৈ অভিনয় বা আন ব্যৱস্থা।

এনেকৈয়ে হেমেন দাসে পালন কৰি গৈছে দায়িত্ব। কিন্তু এইবোৰ খবৰ হৈ পৰে গৌণ। তথাপিও তেওঁ মৌন। 'ডাবাং', 'অসুৰ' হোৱাৰ খবৰ বোৰেই যে এতিয়া বহুতৰ বাবে মুখ্য।

'ডাবাং'-'অসুৰ'ৰ ভিৰত হেৰাই যোৱা খবৰ...
পাকিস্তানৰ পৰা এছিয়া কাপ কাঢ়ি অনা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে অৰুণাচলৰ ৩ খেলুৱৈক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in