তুষাৰ প্ৰতিম
উকি এটা মাৰি এডাল দীঘল সাপৰ দৰে ৰে’লখন নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে। বাৰে বাৰে আমাৰ দৃষ্টি খিৰিকীৰ বাহিৰত। দৃষ্টিয়ে যিমানলৈকে ধৰা দিছে সিমানলৈকে বিশাল পথাৰ, বননিসমূহত এখন বগা চাদৰৰ দৰে বিয়পি আছে কুঁৱলিৰ আচ্ছাদন। ঘঁড়ীত তেতিয়া প্ৰায় ৩:৩০ বাজিছে। মাজত মাত্ৰ ১০ মিনিট।
কাৰ্যালয়ৰ ৩ সতীৰ্থ বন্দনা শইকীয়া, পল্লৱী শইকীয়া, ৰাহুল হাজৰিকা আৰু দুই ভাতৃ অম্লান আৰু অৰ্চিতৰ সৈতে আমাৰ ছজনীয়া দলটোৰ লক্ষ্যস্থান ‘ৰামৰাজ্য’। সৰযূৰ পাৰৰ অযোধ্যা নগৰী। উকি মাৰি মাৰি ৰে’লখন যিমানেই অযোধ্যা ৰে’ল ষ্টেচনৰ কাষ পাচি গৈছে সিমানেই আমাৰ মনত ভাঁহি আহিছে সৰযূৰ কথা; ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্নৰ কথা।
অযোধ্যাৰ প্ৰতি এক আকৰ্ষণ আছে। ভাৰতীয় সভ্যতা, সংস্কৃতিৰ অভিন্ন অংগ অযোধ্যা। এই অযোধ্যাতেই লালিত পালিত হৈছিল মৰ্যাদা পুৰুষুত্তম ৰাম আৰু তেওঁৰ তিনিও ভাতৃ। এই অযোধ্যাতে আছে ভাতৃ প্ৰেম, পত্নী প্ৰেম, ত্যাগ, সু-শাসনৰ আধাৰ। আছে কূটনীতি, বিচ্ছেদ, বিৰহ-বেদনাৰ অনেক দস্তাবেজ।
ত্ৰেতা যুগৰ সেই অযোধ্যাখন এতিয়া আছেনে? অযোধ্যা নগৰীত, সৰযূৰ পাৰত উপলব্ধি কৰিব পাৰিম নে সেই আৰাধ্য শক্তিক? এনেবোৰ চিন্তাই মনত দোলা দি থাকোতেই লাহে লাহে গতি ধীৰ কৰি ৰৈ গ’ল আমাৰ ৰে’লখন। পিঠিত বেগটো তুলি নামি ভৰি থলো অযোধ্যা নগৰীত।
এতিয়াও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই অযোধ্যাৰ এই ৰে’ল ষ্টেচন। অথচ দৈনিক হাজাৰ হাজাৰ ৰাম ভক্ত এই ৰে’ল ষ্টেচন ব্যৱহাৰ কৰি আহিছে। স্বাভাৱিকতেই ৰে’ল ষ্টেচনৰ বিভিন্ন স্থানত তেতিয়া শুই আছে বান্দৰ সেনা। কাষেদি পাৰ হৈ গৈছে ৰাম ভক্তসকল। তালৈ নাই সিহঁতৰ কোনো ভ্ৰুক্ষেপ।
কিছু সময় ষ্টেচনৰ বাহিৰতে অপেক্ষা কৰি আমি আগবাঢ়িলো পূৰ্বেই ঠিক কৰি থোৱা ‘’হোম ষ্টে’’লৈ। ষ্টেচনৰ পৰা ১.৫ কিলোমিটাৰ আঁতৰত। ৰাম মন্দিৰৰ পৰা ১ কিলোমিটাৰ দূৰত।
‘’হোম ষ্টে’’ত আমি প্ৰাতঃকৰ্ম, স্নান আদি কৰি সাজু হ’লো ৰাম মন্দিৰলৈ যাবলৈ। সাজু হৈয়ে বাহিৰলৈ আহি ভালকৈ চালো চাৰিওফালৰ পৰিবেশ। চাৰিওফালে এমহলীয়া, দুমহলীয়া বগা ৰঙৰ অট্টালিকা। দেখিলেই অনুমান কৰিব পাৰি নতুনকৈ নিৰ্মাণ কৰা হৈছে এইবোৰ।
পাছত জানিব পাৰিলো এয়া হেনো উত্তৰ প্ৰদেশ চৰকাৰে নিৰ্মাণ কৰিছে। চৰকাৰৰ পৰা ক্ৰয় কৰিছে বিভিন্ন লোকে। তেওঁলোকে এইসমূহ ‘’হোম ষ্টে’’ হিচাপে ব্যৱহাৰ কৰিছে।
ৰাম মন্দিৰলৈ যোৱাৰ পথত আমি দেখিলো কিদৰে অযোধ্যা নগৰীক নতুনকৈ নিৰ্মাণ কৰা হৈছে। ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই, অথচ মন্দিৰৰ সন্মুখত গঢ়লৈ উঠিছে বিশাল ব্যৱসায়ীক সাম্ৰাজ্য।
মন্দিৰৰ সন্মুখত বিভিন্ন সামগ্ৰী হাতত লৈ বিক্ৰেতাৰ ভিৰ। সৰু সৰু ল’ৰা, ছোৱালী বোৰে কপালত ফোঁট আঁকি দি একোজন ভক্তৰ পৰা সংগ্ৰহ কৰিছে ২০ ৰ পৰা ৫০ টকা পৰ্যন্ত। ৰাম মন্দিৰ দৰ্শন আৰু অসম্পূৰ্ণ ৰাম মন্দিৰৰ বিষয়ে আমি ইতিমধ্যে এখন প্ৰতিবেদনত উল্লেখ কৰিছো।
ৰাম মন্দিৰ দৰ্শনৰ পাছত কিছু সময় জিৰণি লৈ বিয়লি ওলাই গ’লো সৰযূৰ পাৰলৈ। সৰযূৰ পাৰটোও নিৰ্মাণ কৰিছে নতুনকৈ। পশ্চিম আকাশত তেতিয়া বেলি ডুবিবলৈ ধৰিছে।
হেঙুলীয়া হৈ পৰা আকাশখনৰ দিশে ইখনৰ পাছত সিখনকৈ নাওসমূহ আগবাঢ়িছে। এক অপৰূপ, অনন্য সৌন্দৰ্য সেয়া। নদীৰ সিপাৰে কি আছে সেয়া মনিব নোৱাৰিলো।
নদীৰ পাৰৰ মানুহৰ ঘৰবোৰৰ সন্মুখ ভাগ ভঙা। এটা পুৰণি ঘৰৰ ফটো এখন তুলিবলৈ আগবাঢ়ি গৈ এজনক সুধিলো- ‘’ঘৰবোৰৰ সন্মুখভাগ কিয় ভঙা?’’ এজন জ্যেষ্ঠই ক’লে চৰকাৰে ভাঙিছে। পথ বহল কৰি নতুনকৈ নিৰ্মাণ কৰিছে। পথ বহল হ’ল, ভঙা ঘৰবোৰ পুনৰ নিৰ্মাণ নহ’ল।
নৈৰ পাৰত কিছু সময় পাৰ কৰি আমি সোমাই গ’লো অযোধ্যা নগৰীলৈ। অযোধ্যাৰ সেই পুৰণি মন্দিৰ সদৃশ ঘৰবোৰৰ সন্মুখত এখন বিশাল উদ্যান। মাজেৰে বৈ গৈছে এখন সৰু কৃত্ৰিম নৈ। নৈখনক সৰযুৰ সৈতে সংযোগ কৰিছে। ধুনীয়াকৈ সজাইছে উদ্যানখন।
মানুহবোৰে তাৰ পাৰতে বহি সৌন্দৰ্য উপভোগ কৰিছে। কোনোবাই যদি তাতে নেমু দিয়া ৰঙা চাহ একাপ হাতত লৈছে আন কোনোবাই আকৌ আন কোনো খাদ্য বস্তু হাতত তুলি লৈছে।
হাতত ডিএছএলআৰ লৈ পিয়াপি দি ফুৰা ল’ৰা কেইজনমানে মানুহবোৰক তাত ধুনীয়া ধুনীয়া ফটো তুলি দিছে। কোনোবাই একোখন ফটোৰ বাবদ ১০ টকা লৈছে যদি কোনোবাই আকৌ সুযোগ বুজি ২০ টকাও লৈছে।
বাৰনাসীত গংগাৰ পাৰত প্ৰতি সন্ধ্যা যিদৰে গংগা আঁৰতি হয় ঠিক সেইদৰেই সৰযূৰো আঁৰতি হয় প্ৰতি সন্ধ্যা। প্ৰায় ৬-৩০ বজাত আমি সৰযূৰ আঁৰতি চাবলৈ গ’লো। কিছু সময় অপেক্ষাৰ পাছত ৫ জন ব্ৰাহ্মণে বিভিন্ন ধৰণে সৰযূৰ আঁৰতি কৰিলে।
কেইজনমান ধনাধ্য লোকে শকত ধনৰ বিনিময়ত ব্ৰাহ্মণ কেইজনৰ লগতে সৰযূৰ আঁৰতি কৰাৰ সুযোগ পালে। বাকীসকলে চালে। প্ৰায় আধা ঘণ্টা ধৰি চলা এই আঁৰতিৰ অন্তত জ্বলি থকা চাকিৰ তাপ ল’বলৈ মানুহৰ মাজত লাগিল হেঁচা-ঠেলা।
এজন ব্ৰাহ্মণে গোলাপৰ পাহি এমুঠি হাতত লৈ এহাতে দক্ষিণাৰ বিনিময়ত ভক্তৰ মাজত সেইবোৰ বিতৰণ কৰিছে। যিসকলে দক্ষিণা দিছে তেওঁলোকে পাইছে, বাকীসকলে উদাস মনেৰে সেই ঠাই এৰিছে।
সৰযূৰ আঁৰতি অন্ত পৰাৰ পাছতে আৰম্ভ হ’ল লেজাৰ শ্ব’। পুৰণি সেই মন্দিৰ আৰু মন্দিৰ সদৃশ গৃহবোৰৰ বেৰত ৰামায়ণৰ কাহিনী লেজাৰ লাইটৰ সহায়ত বৰ্ণনা কৰা হৈছে। উদ্যানৰ কৃত্ৰিম বোৱতী নৈখনৰ পাৰতে বহি হাতত ‘’লেমন টি’’ লৈ আমি সেই লেজাৰ শ্ব’ উপভোগ কৰিলো। আস্ মন ভৰি যোৱা এক দৃশ্য।
সেই উদ্যানৰ কিছু আঁৰতে আছে আকৌ লতা মংগেশকাৰৰ নামত উৎসৰ্গিত এটা চক। ৰাজপথৰ মাজত প্ৰকাণ্ড এখন বীণা। লোকে লোকাৰণ্য সেই স্থান। ফটো উঠাই ফটো উঠিছে, ফটো তোলাই ফটো তুলিছে।
তাৰ কাষেৰেই ৰাম মন্দিৰলৈ যোৱা মূল পথটো। ব্যক্তিগত ই-ৰিক্সা আৰু ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰো দীঘল ই-ৰিক্সা তাত উপলব্ধ। যাৰ যত ইচ্ছা গ’লেই হল। সেই পথতেই আছে আকৌ হনুমান মন্দিৰ।
মন্দিৰলৈ সোমাই যোৱা দীঘলীয়া পথত হাজাৰ হাজাৰ মানুহৰ শাৰী। মন্দিৰৰ বিগ্ৰহৰ দুৱাৰ মুখত ভৰি দিব নোৱাৰা অৱস্থা। মন্দিৰৰ আশে-পাশে লাড়ু, আমাৰ বোকাখাটৰ পেৰা সদৃশ কিছু মিঠাই (প্ৰসাদ)ৰ দোকান। সেইবোৰেই তাত উৎসৰ্গিত হয়।
এটা দিন, এটা ৰাতি অযোধ্যা নগৰীত পিটপিটাই আমি সকলো চালো। বহু কথা নতুনকৈ বুজিলো। বহু কথাই শিকিলো। বহু কথাই নতুনকৈ চিন্তাৰ দুৱাৰ মুকলি কৰিলে।
ৰাম মন্দিৰ নিৰ্মাণে অযোধ্যাৰ ট্ৰেভেল, টুৰিজিম আদি ক্ষেত্ৰখনত প্ৰায় ২০ হাজাৰ সংস্থাপনৰ বাট ইতিমধ্যে মুকলি কৰিছে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। এই সংখ্যা আৰু অধিক হোৱাৰে সম্ভাৱনা আছে।
নতুনকৈ নিৰ্মাণ হৈ থকা অযোধ্যা নগৰী এতিয়াও সম্পূৰ্ণ সাজু হৈ উঠা নাই। সম্পূৰ্ণ হোৱা নাই ৰাম মন্দিৰেই। অন্ততঃ প্ৰয়োজন আৰু ৩ ৰ পৰা ৪ বছৰ। তথাপিও দৈনিক গড়ে প্ৰায় ১ লাখ ভক্তৰ আগমণ ঘটে ৰাম মন্দিৰলৈ।
মন্দিৰ আশে-পাশে হোটেল, লজ, হোম ষ্টে আদিৰ নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে। এইসমূহতো বহু সংস্থাপনৰ বাট মুকলি নিশ্চয়কৈ হব। সকলো মিলি ৰাম মন্দিৰ নিৰ্মাণৰ ফলত অযোধ্যাত আগন্তুক সময়ত মুঠ বিভিন্ন ক্ষেত্ৰক সামৰি, প্ৰত্যক্ষ পৰোক্ষভাৱে, স্থায়ী আৰু অস্থায়ী ৰূপত ১ লাখ সংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।
ৰাম মন্দিৰৰ বাবেই বাৰনাসী, প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আদি তীৰ্থ ক্ষেত্ৰতো ভক্তৰ সমাগম বৃদ্ধি হৈছে বুলি স্থানীয় লোকেই আমাৰ আগত ব্যক্ত কৰিছে। কিন্তু তাৰ মাজতো ৰাম ৰাজ্যৰ প্ৰজাৰ দুখ, দুৰ্দশাৰ অন্ত যে পৰা নাই সেয়া কিন্তু ঢাকি ৰাখিব পৰা নাই যোগীৰ চৰকাৰে।
ভাষাৰে নোৱাৰিলেও আধা ভঙা ঘৰবোৰেই বৰ বেয়াকৈ সকলোবোৰ বুজাই দিছে। সেয়ে হয়তো ৰাম মন্দিৰ নিৰ্মাণ কৰিও ফায়জাবাদ সমষ্টিত এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী বৰ বেয়াকৈ পৰাস্ত হৈ গ'ল।