- জয়দীপ নাৰায়ণ দেব
অসমৰ প্ৰখ্যাত সাহিত্যিক কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস "অসীমত যাৰ হেৰাল সীমা"ত উল্লেখ কৰা হৈছিল ১৩শ বছৰীয়া পুৰণি কমল নগৰৰ কাহিনী । সেই ১৩শ বছৰীয়া পৰিক্ৰমাৰ অন্তত স্মৃতি হিচাপে ৰৈছিল কেৱল সহস্ৰাধিক পদুমৰ এটা পুখুৰী । য'ৰ পৰাই আৰম্ভ হৈছিল কমল নগৰৰ কাহিনী । এই কাহিনী কল্পনা হ'লেও ১২২৮ খ্ৰীষ্টাব্দত মং মাওৰ পৰা অহা ৰাজকুৱৰ চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাহিনী কিন্তু কল্পনা নহয় । আহোম সাম্ৰাজ্যৰ পৰিক্ৰমাৰ চিহ্ন হিচাপে আজিও সগৌৰৱেৰে থিয় হৈ আছে ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল আৰু বহু স্মৃতিচিহ্ন । এই সকলোৰে মাজত শিৱসাগৰ জিলাতেই জবলাটিং আৰু চুহুংমুং গাওঁৰ মাজত আছে এজোপা প্ৰায় ৫৯০ বছৰীয়া পুৰণি গছ । এই গছজোপা হৈছে বাখৰ বেঙেনা গছ । গুল্ম প্ৰজাতিৰ গছজোপাৰ উচ্চতা প্ৰায় ৩০ ফুট ।
জনশ্ৰুতিয়ে গছজোপা সম্পৰ্কে বিভিন্ন কাহিনী ক'লেও গছজোপা বৰাহী আৰু চুতীয়া ৰাজ্যৰ বন্ধুত্বৰ চিন ৰূপে বিশ্বাস কৰা হয় সমগ্ৰ ৰাজ্যতেই ।
এই গছজোপাৰ অন্তৰালৰ কাহিনী অনুসৰি, এচামে কয় বৰাহী ৰজা মহানানিক্যলৈ এই গছজোপাৰ পুলিটো এজন চীনা সম্ৰাটে উপঢৌকন হিচাপে পঠিয়াই দিছিল আৰু তেওঁ নিজ ৰাজ্যৰ সীমাত পুলিটো ৰূপন কৰিছিল। আনহাতে আন একাংশৰ মতে এই বাখৰ বেঙেনা বৃক্ষ আহোম ৰজা চুহুংমুং দিহিঙীয়া ৰজা (১৪৯৭ চনত) ৰাজপাতত বহিছিল আৰু ৰাজপাতত বহিয়েই প্ৰথম তেওঁ দিহিং নদীৰ দাতিত চৰগুৱাত ৰাজধানী পাতিছিল। সেই চৰগুৱাত কিছুবছৰ থকাৰ পাছত বানপানীৰ প্ৰকোপত থাউকিব নোৱাৰি দিচাংৰ পাৰত বকতাত ৰাজধানী পাতে।
চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত ওচৰতে থকা চুতীয়া সকলৰ লগত যুদ্ধ হয় সেই সময়ত চুতীয়া ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়া সকলে যুদ্ধত পৰাজিত হৈ মিত্ৰতা কৰি আহোম ৰজালৈ সাত নাওঁ সোণ, সাত নাওঁ ৰূপ আৰু নানান মণি-মুকুতা অৰ্পণ কৰে। মিত্ৰতা স্থাপনৰ চিন স্বৰূপে এই অদ্ভুত বৃক্ষ ৰোপণ কৰে। তেওঁলোকৰ বিশ্বাস যে চুতীয়া জাতি পৃথিৱীত যিদিনালৈকে থাকিব সেইদিনালৈকে এই গছজোপাওঁ থাকিব। এই গছজোপাৰ পূবে জবলাটিং গাঁও, পশ্চিমে শলঙনি, উত্তৰে চেতিয়া গাঁও আৰু দক্ষিণে দিহিঙ্গীয়া গাঁও অৱস্থিত। গছজোপা প্ৰায় ৩০ ফুট ওখ । একেটা গুৰিৰ পৰাই প্ৰায় ২-৩ ফুট বেৰৰ সাতডাল গা-গছ ফেৰেঙনি মেলি ওলোৱা বাখৰ বেঙেনা জোপাই সামগ্ৰিকভাৱে ৫০ বৰ্গমিটাৰ এলেকা আৱৰি আছে।
গছজোপাৰ ডালবোৰ লিকতা আৰু গুটিবোৰ সৰু আৰু বেঙেনা আকাৰৰ। জেঠ আহাৰ মাহত গুটিবোৰ লাগে আৰু পকিলে সেউজীয়া পাতৰ আঁৰত গুটিবোৰ বাখৰৰ দৰেই জিলিকি থাকে।আহোম যুগৰ কাণত পিন্ধা এবিধ অলংকাৰ বাখৰ কটোৱা কেৰুৰ লগত গুটিটোৰ মিল থকাৰ বাবেই গছজোপাৰ নাম বাখৰ বেঙেনা হল বুলিও কোৱা হয়। গছজোপাৰ পাতবোৰ আন গছৰ দৰেই খৰালি কালত সৰি লঠঙা হৈ যায়। গছজোপাক লৈ বহুলোকে বহু পৰীক্ষা চলাই আহিছে যদিও গছজোপাৰ বংশ বৃদ্ধিৰ বাবে কোনো পৰীক্ষাই আজিলৈকে সক্ষম হৈ উঠা নাই।বৈজ্ঞানিক সকলে গছজোপাক "ৰুবিয়েচিক"(Rubiaceac) প্ৰজাতিৰ বুলি চিহ্নিত কৰিছে। বহুলোকে কব খোজে যে, চীন দেশৰ হুৱাংহু উপত্যকাত হোৱা এবিধ গছৰ সৈতে এই গছজোপাৰ অলপ মিল আছে। গছজোপাৰ বৈজ্ঞানিক নাম হ'ল "Catunaregum Uliginosa"।
গছজোপা গুল্মজাতীয় যদিও অসমৰ জলবায়ুৰ প্ৰভাৱত ইয়াৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। লক্ষ্ণৌৰ বীৰবল ছাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানিয়ে ২০১৪ চনত চলোৱা এক পৰীক্ষাত গছজোপাৰ বয়স প্ৰকাশ পাইছিল। ১৯৯৬ চনত গছজোপাক বিশ্ব পৰ্য্যটন স্থলী ৰূপে গঢ়ি তুলিবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছিল আৰু গছজোপা বৰ্তমান তেওঁলোকেই চোৱা চিতা কৰে। বৰ্তমান সময়ত বাখৰ বেঙেনাৰ নামত ডাক টিকটো প্ৰকাশিত হৈছে।
দুৰ্ভাগ্যবশত: প্ৰায় ৬০০ বছৰ পুৰণি হ'লেও কিন্তু ভাৰতৰ আটাইতকৈ পুণি বৃক্ষসমূহৰ ভিতৰত নাই বাখৰ বেঙেনাৰ নাম । এই তালিকাৰ প্ৰথমতেই আছে এলাহবাদত শ্বাইক টাকি নামৰ চুফী গৰাকীয়ে ৰোপন কৰা বাওবাব বৃক্ষ যি প্ৰায় ৮০০ বছৰ পুৰণি । আনহাতে, বৈজ্ঞানিকভাৱে এই জীৱিত বৃক্ষসমূহৰ তালিকাত আছে আচাৰ্য জগদীশ চন্দ্ৰ বসু উদ্ভিদ উদ্যানৰ আহঁত গছজোপা যি প্ৰায় ২৫০ বছৰ পুৰণি ।
কিন্তু দুয়োখন তালিকাতেই নাই বাখৰ বেঙেনাৰ নাম । হয়তো গুল্ম প্ৰজাতিৰ হোৱাৰ বাবেই বৃক্ষৰ তালিকাত স্থান নাপালে গছজোপাই । কিন্তু ৬০০ বছৰীয়া ঐতিহ্যৰ সাক্ষী এইজোপা বৃক্ষই আনুষ্ঠানিকভাৱে তালিকাত স্থান নাপালেও কোনোদিনেই হ্ৰাস নহয় ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাস ।