২ কোটি ৬০ লাখ ৰেচন কাৰ্ডৰ, ৩৭ লাখ ২০ হাজাৰ অৰুণোদয়ৰ হিতাধিকাৰী...

২ কোটি ৬০ লাখ ৰেচন কাৰ্ডৰ, ৩৭ লাখ ২০ হাজাৰ অৰুণোদয়ৰ হিতাধিকাৰী...
Published on
Updated on

কিছুমান কথা শুনিলে শুনি থাকিবলৈ মন যায়। সেই কথাবোৰ শুনিয়েই কল্পনাৰ সাগৰত ডুব গৈ বৰ তৃপ্তি লভিব পাৰি। এই ধৰক অসম দেশৰ পাঁচখন শীৰ্ষ উন্নত ৰাজ্যৰ এখন হ’ব। অসমৰ দৰিদ্ৰ জনতাৰ অৰ্থনৈতিক অৱস্থা উন্নত হ’ব, নিবনুৱাই সংস্থাপন পাব, বাট-পথ উন্নত হ’ব, সংস্থাপন বিচাৰি প্ৰবজন কৰা আমাৰ ল’ৰা-ছোৱালীয়ে অসমতেই সংস্থাপন লাভ কৰিব ইত্যাদি।

বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰাকৈ এনে সপোন দেখুৱাই জনতাক এখন কল্পনাপ্ৰসূত জগতত বিচৰণ কৰি ৰাখিব পৰাটোও কোনো এজন ৰাজনৈতিক নেতাৰ বাবে কম দক্ষতাৰ বিষয় নহয়। তেওঁৰ এনে দক্ষতাক স্বীকাৰ কৰিবই লাগিব।

মহানগৰীৰ লগতে বিভিন্ন জিলাৰ পথৰ ওপৰত নিৰ্মাণ হোৱা উৰণীয়া সেতু, বিভিন্ন চৰকাৰী অনুষ্ঠানৰ নামত নিৰ্মাণ হোৱা সু-উচ্চ অট্টালিকা আদিৰে আমাক উন্নয়নৰ এখন আভুৱা ভৰা ছবি দিনে, নিশাই দেখুৱাই ৰাখিবলৈ সক্ষম হৈছে শাসকীয় চৰকাৰে। এয়াও নিশ্চয়কৈ তেওঁলোকৰ এক সফলতা।  

নৱ নিৰ্মিত উৰণীয়া সেতুৰ ওপৰেদি জনতাই যেতিয়া কোনো বাহনত উঠি তীব্ৰ বেগেৰে উৰি যায় তেতিয়া কোনোবা ৰাজনৈতিক নেতাই কোৱা উন্নয়নৰ ''অশ্বমেধ যাত্ৰাৰ স্তব্ধহীন গতি''ক অনুভৱ কৰিবলৈ বাধ্য কৰায়। নৱনিৰ্মিত অট্টালিকাবোৰ দেখিলে এনে লাগে যেন এই ৰাজ্যত স্বাস্থ্য, শিক্ষা আদি সাংবিধানিক অধিকাৰ ইৰ্ষণীয়ভাৱে লাভ কৰিছে জনতাই।

কিন্তু তাৰ মাজতো এই নেতাসকলেই গৌৰৱবোধেৰে ৰাজহুৱাকৈ এনে কিছুমান কথা কয়, এনে কিছুমান পৰিসংখ্যা দাঙি ধৰে যে, গোটেই কথাবোৰ আমাক নতুনকৈ ভাবিবলৈ বাধ্য কৰায়। কেন্দ্ৰ আৰু ৰাজ্যত এখনেই চৰকাৰ থকাৰ পিছতো কেন্দ্ৰীয় সংস্থায়েই যেতিয়া ৰাজ্য চৰকাৰৰ মুৰব্বীয়ে কোৱা কথাৰ সম্পূৰ্ণ বিপৰীত এক তথ্যহে উন্মোচিত কৰে তেতিয়া চূড়ান্ত মিথ্যাৰ আশ্ৰয় লোৱা চৰকাৰৰ মুৰব্বীক পৃথকে ক’বলৈ একো বাকী নাথাকে।

নিজ চৰকাৰেই উদঙাই দিয়া বাস্তৱক যদি তেওঁলোকে নিজেই উপলব্ধি নকৰে তেন্তে তেওঁলোকক হাতৰ আঙুলিত ধৰি বুজাই দিব পৰাকৈ সৰ্বসাধাৰণো শক্তিহীন। অসম চৰকাৰে আজি ৰাজ্যত বহু চৰ্চিত অৰুণোদয়-৩.০ আঁচনিখনৰ শুভাৰম্ভ কৰিলে। এই আঁচনিখনেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চূড়ান্ত সফলতাৰ এক নিদৰ্শন।

এয়া আমি কোৱা কথা নহয়, চৰকাৰে নিজেই কোৱা কথা। ৩৭ লাখ ২০ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা এই আঁচনিখন আজি ৰাজ্যবাসীৰ বাবে ''সমৰ্পণ'' কৰিবলৈ পোৱা বিষয়টোক বিৰল ''সৌভাগ্য'' বুলি উল্লেখ কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে।

এই একেটা অনুষ্ঠানতে খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ জন লোকক ৰেচন কাৰ্ডো নতুনকৈ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যত ৰেচন কাৰ্ড লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা ২ কোটি ৬০ লাখৰ ঘৰ স্পৰ্শ কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই তথ্য দাঙি ধৰিছে।

৩ কোটি ১২ লাখ জনসংখ্যাৰ অসমত আজি ২ কোটি ৬০ লাখ লোকেই ৰেচন কাৰ্ডৰ গৰাকী। এই সংখ্যা অতি গৌৰৱেৰে ঘোষণা কৰিছে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে, যিয়ে অসমক দেশৰ শীৰ্ষ পাঁচখন উন্নত ৰাজ্যৰ এখন কৰাৰ সপোন দেখিছে। হিতাধিকাৰীৰে অভিলেখ সৃষ্টি কৰা এই চৰকাৰ এয়া চূড়ান্ত স্ববিৰোধী স্থিতি নহয়নে?

উন্নয়নৰ অশ্বমেধ যজ্ঞৰ কথা কোৱা, দৰিদ্ৰ জনতাৰ স্বঘোষিত ত্ৰাণকৰ্তা স্বৰূপ ৰাজনৈতিক নেতাসকলৰ স্ববিৰোধী এনে ভাষ্যৰ উদাহৰণৰ কোনো সীমা সংখ্যা নাই। মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰাৰ সময়তে এই চৰকাৰে দৰিদ্ৰ জনতাক অৰুণোদয়ৰ নামত দিছিল ৮৩০ টকা।

এই ৮৩০ টকা ক’ত, কেনেকৈ খৰচ কৰিবলৈ দিছিল তাৰো এক হিচাপ আজি মুখ্যমন্ত্ৰীয়ে দিছে। এই ৮৩০ টকাৰে হেনো ৪০০ টকা মেডিচিন, ৪ কেজি ডালিৰ বাবে ২০০ টকা, ৪ কেজি চেনীৰ বাবে ৮০ টকা, ১৫০ টকা ফল-মূল আৰু শাক-পাচলিৰ ক্ৰয়ৰ বাবে দিছিল।  

ডালি আৰু চেনীৰ বাবে চৰকাৰে দিয়া এই ২০০ আৰু ৮০ টকা আছিল হেনো ৫০ শতাংশ ৰাজ সাহায্য। অৰ্থাৎ যিসকল দৰিদ্ৰ পৰিয়ালে অৰুণোদয়ৰ ধন লাভ কৰিছে তেওঁলোকে ডালি আৰু চেনী ক্ৰয়ত ৫০ শতাংশ ৰাজ্য সাহায্য লাভ কৰিছে।

মুখ্যমন্ত্ৰীয়ে ৮৫০ টকা ব্যয়ৰ বাবে দিয়া এই তালিকাই দৰিদ্ৰ জনতাক চূড়ান্ত অপমান কৰা নাইনে? ১৫০ টকাত এট দৰিদ্ৰ পৰিয়ালে এমাহৰ বাবে কি শাক-পাচলি ক্ৰয় কৰিব? এমাহৰ বাবে ১৫০ টকাৰ পৰাই শাক-পাচলি ক্ৰয় কৰাৰ উপৰিও আকৌ ফল-মূলো ক্ৰয় কৰিব! মেডিচিনৰ বাবে খৰচ কৰিব ৪০০ টকা।

এয়া সম্ভৱ নে? যিসময়ত ৰাজ্যৰ একাংশ মহিলাই ৰাজনৈতিক ক্ষমতাৰ জখলতা বগাই দেশৰ শীৰ্ষ মহিলা উদ্যোগপতিৰ আসনত উপনীত হ’বলৈ সক্ষম হৈছে, সেই সময়ত দৰিদ্ৰ মহিলাৰ প্ৰতি এই হিচাপেৰে ৮৩০ টকা এমাহৰ বাবে দি গৌৰৱবোধ কৰা এই চৰকাৰক কি বুলি ক’ব?  

অৱশ্যে এতিয়া সেই ৮৩০ টকা ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰে হেনো ২৫০ টকা বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ দিয়া হৈছে। দৰিদ্ৰ জনতাৰ প্ৰতি শাসকীয় চৰকাৰে এইদৰেই দয়া কৰি ক্ষমতা আহৰণৰ বাট মুকলি কৰিছে।

ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল লাভ কৰি খেতি কৰিবলৈ এৰা, চৰকাৰী এনে সুবিধাৰ বাবে কাম কৰিবলৈ এৰা, সংস্থাপনহীনতাই চূড়ান্ত পৰ্যায়ত উপনীত হোৱা এখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে দিয়া হিচাপ মতেই ব্যয় কৰি যদি দৰিদ্ৰ লোকসকল চলিছে বুলিও ধৰি লওঁ, তেন্তে এই কথাও সত্য বুলি ভাবিব নোৱাৰিনে অসমৰ এই দৰিদ্ৰ লোকসকল চূড়ান্ত পৰ্যায়ত পুষ্টিহীনতাত ভূগিছে?  

চৰকাৰে বিনামূলীয়া চাউল দিছে, ২০০ টকা ডালি কিনিবলৈ দিছে, ১৫০ টকা ফল-মূল, শাক-পাচলিৰ বাবে দিছে। তেওঁলোকে মিঠাতেল, মাছ, মাংস, কণী বা আন পুষ্টিকৰ খাদ্যৰ যোগাৰ ক’ৰ পৰা কৰিছে? ১২০০ টকালৈ দাম উঠা ৰন্ধন গেছো নিশ্চয় ৰান্ধনী ঘৰত ঠাই পূৰ কৰাৰ বাহিৰে একো কৰিব পৰা অৱস্থাত নাই।

কৰ্ম সংস্কৃতিহীন, সংস্থাপনহীন, কৰ্ম বিমুখ হৈ পৰা ৰাজ্যবাসীৰ বাবে অৰুণোদয় আঁচনি এক উপহাস নহয়নে? আজি যিসময়ত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ নতুন হিতাধিতকাৰীৰ সংখ্যাই অভিলেখ গঢ়াৰ কথা গৌৰৱেৰে কৈ আছিল, সেই সময়তেই দেশজুৰি চৰ্চিত হৈ আছিল প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ এক পৰিসংখ্যা।

এই পৰিসংখ্যাত অসমৰ অৰ্থনীতিৰ লজ্জাজনক অৱনতিৰ দিশটো উন্মোচিত হৈছে। দেশৰ পাঁচখন শীৰ্ষ উন্নত ৰাজ্যৰ এখন হিচাপে অসমক গঢ়ি তোলাৰ নিৰন্তৰ বচন আওঁৰাই অহা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই ক্ষেত্ৰত প্ৰকৃত আন্তৰিকতা কিমান সেয়া উদঙাই দিছে এই পৰিসংখ্যাই।

কেৱল হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিয়েই ৰাজ্যখনক দেশৰ শীৰ্ষ পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ দিবাস্বপ্নত বিভোৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ এই পৰিসংখ্যাই যে, তলাব পাৰিব তাত অৱশ্যে সন্দেহ ৰৈ যায়।অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ অধ্যক্ষতাত গঠিত এই অৰ্থনৈতিক পৰিষদৰ প্ৰতিবেদন অনুসৰি দেশৰ ৰাজ্যসমূহৰ জিডিপি অনুসৰি অসমৰ স্থান দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ পৰিবৰ্তে, সৰ্বনিম্ন ৫ খনৰ ভিতৰত হে এখন।

এই তালিকাত অসমৰ স্থান তলৰ পৰা তিনি নম্বৰত। দেশৰ মুঠ জি ডি পিত অসমৰ অৱদান কেৱল ১.৯ শতাংশহ। ‘ৰিলেটিভ ইক'নমিক পাৰফৰমেন্স অব ইণ্ডিয়াৰ ষ্টেটছ ১৯৬০-৬১ টু ২০২৩-২৪' শীর্ষক এই প্রতিবেদনৰ মতে ২০২৩-২৪ বিত্তীয় বর্ষত অসমৰ জনমুৰি আয় ৰাষ্ট্ৰীয় জনমুৰি আয়ৰ ৭৩.৭ শতাংশ।

অথচ আজিৰ পৰা মাত্ৰ কেইটামান দশকৰ পূৰ্বে, ১৯৬০-৬১ চনত অসমৰ জনমুৰি আয় ৰাষ্ট্ৰীয় জনমুৰি আয়ৰো অধিক আছিল। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতকৈয়ো তলত আছে অসম।

২০১০-১১ চনত অসমৰ জনমুৰি আয় ৰাষ্ট্ৰীয় আয়ৰ তুলনাত ৬১.২ শতাংশলৈ হ্রাস পাইছিল। অৱশ্যে ২০২০-২১ বর্ষত এই সংখ্যা ৬৮.৩ শতাংলৈ আৰু চলিত বৰ্ষত এই আয় ৭৩.৭ শতাংশলৈ বৃদ্ধি পাইছে যদিও দেশৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতকৈ বহু কম।

ইয়াৰ বিপৰীতে উত্তৰ পূ্ৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য ছিকিমৰ জনমুৰি আয় যথেষ্ট বৃদ্ধি পাইছে। ১৯৮০-৮১ চনত ছিকিমৰ জনমুৰি আয় ৰাষ্ট্ৰীয় পৰ্যায়তকৈ বহু কম আছিল। সেই সময়ত ছিকিমৰ জনমুৰি আয় আছিল ৮৫.৮ শতাংশ। কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত এই ক্ষুদ্ৰ ৰাজ্যখনৰ জনমুৰি আয় ৩১৯.১ শতাংশলৈ বৃদ্ধি পাইছে।

জনমুৰি আয়ৰ দৰেই অসমৰ মুঠ ঘৰুৱা উৎপাদনো অতি পুতৌজনক। দেশৰ মুঠ ঘৰুৱা উৎপাদনত অসমৰ অৱদান মাত্র ১.৯ শতাংশ। পূৰ্বে এই অৱদান আছিল ২.৬ শতাংশ। জিডিপিৰ এনে দুখলগা অৱস্থাই অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ দিশটো উন্মোচিত কৰা নাইনে। জিডিপি হ্ৰাস পোৱা মানেই এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ অৱনতি।

২ কোটি ৬০ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী, ৩৭ লাখ ২০ হাজাৰ অৰুণোদয় হিতাধিকাৰীৰ সৃষ্টি কৰি ৰেকৰ্ড গঢ়া অসম চৰকাৰে ঋণ লোৱাৰ ক্ষেত্ৰতো ৰেকৰ্ডেই গঢ়িছে। আজিৰ তাৰিখত অসমৰ ঋণ ডেৰ লাখ কোটিৰো অধিক।

ৰাজ্য চৰকাৰখনে য’তেই পাইছে তাতেই কৰ আৰোপ কৰিছে। ৰাজহৰ উৎস নোহোৱা হোৱাত ৰাজ্যৰ সৰ্বত্ৰে সুৰা সহজলভ্য কৰি কেইবাটাও প্ৰজন্মক পংগু কৰি তুলিছে। এই ঋণৰ ধনেৰেই চৰকাৰে অৰুণোদয় জাতীয় আঁচনি ৰূপায়ণত ব্যৱহাৰ কৰিছে।চৰকাৰৰ মন্ত্ৰী, বিষয়া আদিৰ বিলাসীতাত মোটা অংকৰ ধন ব্যয় কৰিছে।

এইবোৰ পৰ্যালোচনা কৰি কেগৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে বহনক্ষম সামৰ্থতকৈ অধিক ঋণ লৈছে অসম চৰকাৰে। ঋণ লোৱা এই ধন মূলধন সৃষ্টি আৰু উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ হোৱা নাই। ঋণৰ ধন অনৰ্থক কাম-কাজত, ঋণৰ সুদ আদায় দিয়াতহে ব্যৱহাৰ কৰিছে।

ইমানৰ পিছতো যেতিয়া ৰাজ্যৰ মুৰব্বীগৰাকীয়ে অৰুণোদয় আঁচনিৰ সংখ্যা বৃদ্ধি কৰি, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি গৌৰৱবোধ কৰে, এনে কাৰ্যক চৰকাৰৰ বিৰল প্ৰাপ্তি বুলি উল্লেখ কৰে তাৰ পাছত সমালোচনা কৰিবলৈ একো বাকী নাথাকে।

এই সকলোবোৰ কথা জানি, বুজিও আকৌ সেই একেখন ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ সভাপতি ভূপেন বৰাৰ দৰে নেতাই অৰুণোদয় আঁচনি বাতিল কৰি আন কিবা নামেৰে একেই হিতাধিকাৰী আঁচনি আনি ১২৫০ টকাৰ পৰিবৰ্তে ৩০০০ টকা দিয়াৰ কথা কয় তেন্তে ৰাইজে নিজেই ভাবি চাওঁক এই ৰাজ্যৰ ৰাজনৈতিক নেতাৰ ভণ্ডামি কোনটো পৰ্যায়ৰ।

২ কোটি ৬০ লাখ ৰেচন কাৰ্ডৰ, ৩৭ লাখ ২০ হাজাৰ অৰুণোদয়ৰ হিতাধিকাৰী...
কাৰ দখললৈ জম্মু কাশ্মীৰ? BJP, INDIA ক লাগে ইঞ্জিনীয়াৰৰ সমৰ্থন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in