ভাস্কৰ শৰ্মা
"মোৰ গান হওক/ বহু আস্থাহীনতাৰ বিপৰীতে/ এক গভীৰ আস্থাৰ গান। মোৰ গান হওক/ কল্পনা-বিলাসৰ বিপৰীতে/ এক সত্য প্ৰশস্তিৰ ধ্যান...।।"
তেওঁৰ গীতৰ এটা এটা শব্দই হাজাৰটা কথা কৈ যায়। তেওঁৰ গীতে-তেওঁৰ মাতে চুই যাই খাটি খোৱাজনৰ পৰা ৰাজ অট্টালিকাত ভোগ-বিলাস আমোদ-প্ৰমোদত ব্যস্ত থকাজনলৈকে। তেওঁৰ গীতে ভবাই তোলে সমাজৰ প্ৰতিগৰাকীক।
সমাজৰ যিকোনো স্তৰকে প্ৰভাৱান্বিত কৰে তেওঁৰ গীত-মাতে। বিশ্বৰ মানচিত্ৰত বৰ অসমক প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ কৰিছিল অহোপুৰুষাৰ্থ। বিদেশতো দেখে ব্ৰহ্মপুত্ৰৰ সপোন। জাতিৰ প্ৰতি,মাটিৰ প্ৰতি আছিল অপৰিসীম মৰম আৰু শ্ৰদ্ধা।
অতিপাত মৰম,অতিপাত অভিমানতো সৃষ্টি হয় গীত। আৱেগৰ সুৰ ঢালি সেয়ে হয়তো তেওঁ গায় 'মোৰ মৰমে মৰম বিচাৰি যায়...।।' নাইবা কৰুণ ৰস ঢালি তেওঁ নিগৰাই আনে 'মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম...।।'
তেওঁ কোৱাৰ দৰেই জীৱনৰ মায়া এৰি গুচি গ'ল। আজি তেওঁ নাই,আছে মাথোঁ তেওঁৰ গীত-তেওঁৰ সৃষ্টিৰাজি। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনাই অসম আৰু অসমবাসীক অভিভাৱকহীন কৰি তেওঁ গুচি গৈছিল অজান মূলুকলৈ।
আজি অসমবাসীয়ে পাৰ কৰিলে ভূপেন হাজৰিকাবিহীন ১২ টা বছৰ। সলনি হ'ল অসমৰ প্ৰেক্ষাপট,সলনি হ'ল জীৱন যাত্ৰা। কিন্তু সলনি হোৱা নাই ভূপেন দাৰ গীতৰ প্ৰাসংগিকতা।
ৰাজনীতি,সমাজনীতি,সাহিত্য,বৌদ্ধিকজগত অথবা শিক্ষা সকলো ক্ষেত্ৰতে তেওঁৰ গীত-মাতৰ উপস্থিতি সদায়েই প্ৰাসংগিক। 'আহ আহ ওলাই আহ সজাগ জনতা...' বুলি কোৱাৰ লগে লগে কোনেনো ওলাই নহাকৈ থাকিব পাৰে !
'জিলিকাব লুইতৰে পাৰ,এন্ধাৰৰ ভেটা ভাগি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ...' বুলি শুনাৰ লগে লগে কোনগৰাকী শিক্ষাৰ্থীৰ মূৰ দ' খাই নোযোৱাকৈ থাকিব পাৰে ! 'আমি অসমীয়া নহঁও দুখীয়া,বুলি সান্তনা লভিলে নহ'ব...' বুলি শুনা কোনগৰাকী অসমীয়াই শুই-বহি কটাব পাৰিব ?
এনে বহু প্ৰসংগ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ লেখিয়া মাত্ৰ উদাহৰণহে। অনুধাৱন কৰিবলৈ আৰু বহু বাকী। প্ৰতিটো গীত অথবা শব্দ অনুভৱ-অনুধাৱন কৰিবলৈ লাগিব নিষ্ঠা আৰু একাগ্ৰতা।
'পাচলিৰ বাগিচা,মোৰ সৰু বাগিচা...' শুনি যদি কোনো শিশুৱে মাকৰ কোলাত শুৱে, তেন্তে 'বিমূৰ্ত্ত মোৰ নিশাটি...' শুনি কোন চফল ডেকাই প্ৰেয়সীৰ কথা নাভাবি থাকিব পাৰে। এয়াই আছিল তেওঁৰ গীতি সাহিত্যৰ দখল। সুৰৰ মাধুৰ্য্য। কণ্ঠৰ যাদু।
এবাৰ তেওঁৱেই কৈছিল হোনো কাৰোবাক- 'অসম বুলি ক'লে বিশ্বই ৩টা 'B' চিনি পায়। ব্ৰহ্মপুত্ৰ,বিহু আৰু ভূপেন হাজৰিকা।' এয়া তেওঁৰ স্পষ্টবাদীতা। অৱশ্যে কথাষাৰ নুই কৰিব নোৱাৰি।
বিশ্বৰ মানচিত্ৰত অসমক উজলাবলৈ সৌ তাহানিতে তেওঁ কি কৰা নাই। তেওঁ প্ৰথমগৰাকী অসমীয়া,যিয়ে গণসংযোগ বিষয়ত লৈছিল সন্মানীয় ডক্টৰেট ডিগ্ৰী। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ''ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন'' বিষয়ত লাভ কৰিছিল এই সন্মান।
তেওঁ গীত ৰচে কণ্ঠৰূদ্ধ কোনো সুগায়কৰ বাবে। সেয়ে তেওঁৰ কলমৰ পৰা নিগৰি আহে- "শীতৰে সেমেকা ৰাতি/ কণ্ঠৰূদ্ধ কোনো সুগায়কৰ/ প্ৰভাত আনিব পৰা অথচ নোগোৱা এটি অমৰ গীতৰ বাবে/ মই যেন এটি সুধাকণ্ঠ হওঁ...।"
এয়াই কোনো এগৰাকী শিল্পীৰ অন্য এগৰাকী শিল্পীৰ প্ৰতি থকা অসামান্য শ্ৰদ্ধা-মৰম আৰু ভালপোৱা। গীতটি লিখিছিল দিপালি বৰঠাকুৰৰ বাবে। তেওঁৰ গীতে জগাই তোলে অসমীয়া জাতিক।
সেয়ে তেওঁৰ 'আমি অসমীয়া' শীৰ্ষক গীতটোৰ এটি অন্তৰাত লিখিছিল- বিশ্বপ্ৰেম… বিনন্দীয়া বুলি,অনুভৱ কৰা প্ৰতিজন অসমীয়া/ তুমিওটো জানা এটি কথা/ আপোন মাতৃৰ অশ্ৰু নমচিলে/ বিশ্বপ্ৰেম হ’ব বৃথা/ তুমি বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে/ বিশ্বই জানো ভাল পাব/ পৃথিৱীত জনমি সচেতন নহ’লে/ প্ৰাপ্যও থিতাতে হেৰাব/ আমি অসমীয়া নহওঁ দুখীয়া/ বুলি সান্ত্বনা লভিলে নহ’ব…"
উক্ত অন্তৰাফাঁকিৰ মৰ্ম বুজিলে কোনো অসমীয়া অথবা অসমীয়া জাতি নিঃশেষ হৈ যাব নোৱাৰে। যিয়ে নিজৰ শিপা পাহৰি যাব,যিয়ে নিজৰ জাতি-মাটিক পাহৰি অতি আধুনিকতাৰ দোহাই দি আনক বুকুত আশ্ৰয় দিব সিয়েই হ'ব নিঃশেষ। আত্মবিশ্লেষণ নকৰি আনৰ দোষ কিম্বা গুণ খুচৰি থকাতে ব্যস্ত থাকি সিনো কি জাতিৰ হিত সাধিব !
প্ৰতিগৰাকী অসমীয়াৰ সুস্থ চিন্তা,আত্মবিশ্লেষণ,সচেতনতা আদি সন্দৰ্ভত সৌ তাহানিতে চিন্তা কৰাৰ ফচল 'আমি অসমীয়া' গীতটি। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ গীতেৰে উদ্বুদ্ধ হওঁক প্ৰতিগৰাকী অসমীয়া। তেহে সৃষ্টি হ'ব আৰু বহু ন ন সম্ভাৱনাৰ। আহক আজিয়েই পণ লওঁ। এয়াই হ'ব গণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।
Also Read: কংগণাৰ ভগৱান...