মৃদুল কুমাৰ সন্দিকৈ
সাংস্কৃতিক চেতনা এটা জাতিৰ বাবে অতিকৈ প্ৰয়োজনীয়। ই জাতিটোৰ অন্তঃজগতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰে। বিহু হ'ল অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতীতৰ পৰাই অসমত বিহু উদযাপন কৰি অহা হৈছে।
অসমক যদি বিশ্বই কিহৰ বাবে জানে বুলি সুধা যায় তেনেহ'লে সেই উত্তৰত কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু ৰঙালী বিহুৰ নামেই মনলৈ আহিব। অসমীয়া মানুহৰ মুখ্য় সাংস্কৃতিক পৰিচয় বিহু।
এদিন মানুহে পথাৰত, গছৰ তলত বিহু গাইছিল। ঘৰে ঘৰে হুঁচৰি জুৰিছিল। তাৰ পাছত সময়ৰ সৈতে বিহুৰ স্বৰূপো সলনি হৈ বিহু গৈ মঞ্চ পাইছিল। আমাৰ জাতীয় চেতনাৰ উদ্দিপনৰ অন্যতম বাহক হৈ পৰা বিহুৱে অসমীয়া জাতি সত্বাক গঢ়ি তোলাৰ অৱকাশ সদায় থাকিব।
বিহুক লৈ বহু গৱেষণা হৈছে। মংগোলীয় সকলে মূলতঃ বিহু উৎসৱ আৰম্ভণি কৰিছিল আৰু ই বসন্তকালীন এক কৃষি ভিত্তিক উৎসৱ। উজনি অসমৰ শদিয়াৰ ফালে চুতীয়াসকলৰ এখন ৰাজ্য আছিল।
আহোমসকল অহাৰ আগৰ পৰাই চুতীয়াসকলে ৰাজত্ব কৰা সেই ৰাজ্যতে বিহুৰ আৰম্ভণি বুলি ক'ব পাৰি। তাৰ পাছত আহোমসকল আহি বিহুক নতুন ৰূপ দি মানুহৰ মাজলৈ উলিয়াই লৈ গ'ল।
আহোমসকলৰ শাসনকালতে বিহুৱে বিস্তৃতি লাভ কৰিছিল। আহোমৰজাৰ পৃষ্ঠপোষকতাতে অনুষ্ঠিত হৈছিল বিহু। অৱশ্যে ইয়াক লৈ ভিন্নজনৰ ভিন্ন মত। জয়ধ্বজ সিংহৰ ৰাজত্ব কালত মিৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল।
তেওঁৰলগত অহা ইতিহাসবিদ ছিহাবুদ্দিন তালিছে অসমক লৈ যিটো টোকা লিখিছিল তাত স্বৰ্গদেউসকলৰ বিহুৰ প্ৰীতিৰ কথা উল্লেখ আছে। আহোম ৰাজত্ব কালতেই পথাৰ আৰু গছৰ তলৰ পৰা বিহু আহি ৰংঘৰ পাইছিল।
স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুক জাতীয় উৎসৱৰ ময্যাদা দিছিল। অৱশ্যে এই বিহু উজনি অসমতেই ৰৈ গৈছিল। ব্ৰিটছ লেখক উইলিয়াম ৰবিনছনে বিহুক অসমৰ প্ৰধান উৎসৱ হিচাপে উল্লেখ কৰি গৈছিল তেওঁৰ লেখাত।
সেই কথা উল্লেখ আছে তেওঁ লেখা 'এ ডেছক্ৰেটিভ একাউণ্ট অফ আছাম গ্ৰন্থত'। ব্ৰিটিছ শাসনকালত বিহুলৈ নামি আহিছিল অমাৱস্যা। সামাজিত অস্থিৰতাই বিহুক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল।
পাশ্চাত্য সংস্কৃতিৰ প্ৰৱেশ, কলিকতাৰ পৰা অধ্যয়ন কৰি অহা একাংশ অসমীয়া শিক্ষিত যুৱকৰ বিহুৰ প্ৰতি বিৰাগে বিহুক বিজতৰীয়া আখ্যা দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁলোকৰ বাবে বিহু মানেই অশ্লীলতাৰ পয়োভৰ, যৌনতাৰ সমাহাৰ।
আনকি অৰুণোদয়, অসম বান্ধৱ কাকততেই বিহুৰ বিৰোধিতা চলিছিল। অসম বান্ধৱ কাকতত আমাৰ প্ৰতিষ্ঠিত বুৰঞ্জীবিদেই বিহু নহয়, দুৰ্গা পূজাহে জাতীয় উৎসৱ হ'ব লাগে বুলি আৰ্জি দিছিল।
১৮২৯ চনতেই হলিৰাম ঢেকিয়াল ফুকনে বিহুক তুলাধূনা দি, বিহুক জাতীয় জীৱনৰ পৰা বিদায় দিয়াৰ চেষ্টা চলাইছিল। ১৮৮৯ চনত প্ৰথমখন ইংৰাজী অভিধান প্ৰণেতা বুধিনন্দ্ৰ নাথ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন কাকতত বিহুক নটৰিয়াছ আখ্যা দি ইংৰাজীতেই প্ৰৱন্ধ লিখি দিলে।
নেচনেল গাৰ্ডিয়ান কাকতত লিখা সেই প্ৰৱন্ধৰ শীৰ্ষ আছিল 'দ্যা আছামিজ বিহু'। তেওঁ লগতে ব্ৰিটিছ চৰকাৰলৈ আহ্বান জনালে বিহুক নিষিদ্ধ কৰিব লাগে। কিন্তু অসমীয়াৰ মনত সদায়েই বিহুৰ প্ৰতি থকা টান এইচাম লোকৰ ষড়যন্ত্ৰই শেষ কৰিব নোৱাৰিলে।
সেই সময়ৰ আন এক উল্লেখযোগ্য ঘটনা আছিল গুৱাহাটীত গৰ্ডন চাহাবৰ আগত নগাওঁৱৰ আনন্দ দাস, হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টিটিঙা হাজৰিকা আৰু তেওঁৰ ভনিয়েক চেনী গাভৰুৱে বিহু প্ৰদৰ্শন কৰিছিল। বিহু চাই গৰ্ডন চাহাবে বুজি পাইছিল তাত অশ্লীলতা নাই। আছে অসমীয়া কৃষি আৰু চৰ্যা জীৱনৰ কলাত্মক পৰিৱেশন।
অৱশ্যে সেই সময়ত বলিনাৰায়ণ বৰা, লক্ষীনাথ বেজবৰুৱা, ৰজনী কান্ত বৰদলৈ, পদ্মনাথ গোহাঁঞি বৰুৱাই বিহুৰ পক্ষত অৱস্থান লৈছিল। জ্যোতি প্ৰসাদ আগৰৱালা, হেমাংগ বিশ্বাসৰ দৰে বিহুৰ মৰ্যাদা বুজিছিল।
হেমাংগ বিশ্বাসে কৈয়ে পেলাইছিল, যি নাই বিহু গীতত সেয়া নাই অসমত। বিহু গীতবোৰত পৰ্বত, পাহাৰ, চৰাই-চিৰিকটি, পুৰুষ, নাৰী, নৈ, বিল, পথাৰ-সমাৰ, অসমীয়া জীৱন, আমাৰ সামাজিক ব্যৱস্থা সকলোৱেই আছে।
ভাৰত স্বাধীন হ'ল। বিহু গৈ মঞ্চত উঠিল। ১৯৩৪ চনত গোলাঘাটৰ বেটিয়নী অঞ্চলত মঞ্চসাজি বিহু পৰিৱেশন কৰা হয়। ১৯৫২ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত লতাশিল খেলপথাৰত বিহু সন্মিলনৰ আয়োজন চলিল।
কৃষিজীৱি মানুহেই বিহুক ধৰি ৰাখিলে, জীয়াই ৰাখিলে। মাজে মাজে বিহুক বিকৃতকৰণৰ অভিযোগ উঠে। বিহু মানেই কেৱল লাখ টকা ব্যয় কৰি অনুষ্ঠিত কৰা বিহু সন্মিলন হৈ পৰিল।
সুধাকণ্ঠ ভূপেন হাজৰিকায়ো বিহুক মানুহৰ মাজলৈ লৈ গ'ল। বিহুৰ জৰিয়তেই হেমাংগ বিশ্বাস আৰু মঘাই ওজাই শান্তিবাহিনী গঠন কৰি মানুহৰ মাজত শান্তি বিলালে। নতুন প্ৰজন্মই বিশুদ্ধ ৰূপত বিহুক পৰিৱেশন কৰাৰ বিৰল সুযোগ ১৪ এপ্ৰিল, ২০২৩ ত লাভ কৰিলে।
হয় ইয়াত চৰকাৰী পৃষ্ঠপোষকতা আছে। অভিলেখ গঢ়াৰ লক্ষ্য আছে। সেয়া ৰজাঘৰীয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা। বিশ্ব অভিলেখ গঢ়ি বিহুৰ নাম গীনিজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱাতকৈ আমাৰ বাবে আন এক প্ৰাপ্তি আছে এই আয়োজনত।
সেয়া হ'ল বিভিন্ন স্থানত কৰ্মাশালা পাতি বিহুক অনুশীলনৰ বাবে, চৰ্চাৰ বাবে দিয়া এক পৰিৱেশে বিহুক আকৌ অধিক গণমুখী কৰি তুলিলে। সেই পৰিৱেশ এনে আয়োজন নচলা হ'লে ঘূৰি নাহিল হেঁতেন!
১১ হাজাৰৰো অধিক নাচনী, ঢোলীয়াই বিহু মাৰিব, অভিলেখ গঢ়িব, ৰাজভঁৰালৰ কোটি কোটি টকা খৰছ হ'ব। ইয়াক লৈ ক্ৰিয়া, প্ৰতিক্ৰিয়া চলিছে, চলিবই। যদি আন্তৰিকতাৰে এই আয়োজনক বিশ্লেষণ কৰা হয় তেনেহ'লে সেইবোৰ খুতি-নাটিৰ মাজতো ৰঙালীৰ বতৰত এই বিহু নাচ, গীত চৰ্চাৰ বাবে চৰকাৰে লোৱা উদ্যোগো কিন্তু দলিয়াই পেলাব লগা নহয়।
আমিও বিচাৰো বিহুক লৈ কেতিয়াও ৰাজনীতি হ'ব নালাগে। বিহু ৰাজনীতিৰ উৰ্ধত। ই আমাৰ জাতীয় পৰিচয়। একতাৰ দোলেৰে বান্ধে বিহুৱে আমাক। বিহুৰ প্ৰতি কাৰ আগ্ৰহ, আকৰ্ষণ নাথাকে?
কেৱল বিৰোধিতা কৰিব লাগে বুলিয়েই জানো সকলোতে বিৰোধিতা কৰা উচিত? বহুবোৰ কথা চৰকাৰে বিচাৰ বিবেচনা কৰিব লাগে। এনে আয়োজনৰ অন্তৰালত প্ৰদৰ্শনধৰ্মিতাৰ বিপৰীতে জাতীয় জীৱনৰ মূল উৎসৱটোৰ প্ৰতি দায়ৱদ্ধতা থকাটো প্ৰয়োজন।
বিহু কংগ্ৰেছ, বিজেপি কাৰোৰে নহয়। বিহু আমাৰ, বিহু অসমীয়াৰ। সংগঠিত ৰূপত বিহুক তুলি ধৰাৰ এই প্ৰয়াসো ৰাজনীতিৰ পৰা আঁতৰত থকা উচিত।
Also Read: 'নিগনি হত্যা'ৰ বাবে ৰুজু হ'ল গোচৰ, দাখিল কৰিলে ৩০ পৃষ্ঠাৰ অভিযোগ নামা...