তুষাৰ প্ৰতিম
বকুলৰ গোন্ধ নোলোৱাকৈ, বকুল ফুলৰ মালা নগথাঁকৈ মানুহজন অৱশেষত গ'লগৈ। এবুকু অভিমান বুকুত বান্ধি নিজকে মানুহৰ মাজৰ পৰা, সমাজৰ মাজৰ পৰা আঁতৰাই ঘৰৰ কোঠালিৰ মাজতে আৱদ্ধ কৰি ৰাখিছিল তেওঁ।
মহানগৰীৰ মাজমজিয়াত থকা পুৰণিকলীয়া সৰু ঘৰটোৰ, সৰু কোঠালিৰটোৰ পৰা মন গ'লে কষ্ট কৰি বাহিৰলৈ আহিছিল। চৌহদতে থকা শেৱালি,বকুল, খৰিকাজাই কেইজোপাত আশ্ৰয় লোৱা চৰাইৰ কাকলি শুনিবলৈ হেনো ওলাই আহিছিল তেওঁ। তাৰ পাছত আকৌ সোমাই গৈছিল তেওঁৰ সেই সৰু কোঠালিটোলৈ। শুনিছিল ৰবীন্দ্ৰ সংগীত।
মাজে মাজে দুই এজনে সামাজিক মাধ্যমত তেওঁৰ কথা পাতে, তেওঁৰ খবৰ দিয়ে। কিন্তু শাৰীৰিকভাৱে তেওঁ অন্তিমবাৰৰ বাবে কেতিয়া, ক'ত, কোন অনুষ্ঠানত উপস্থিত আছিল কি কৈছিল সেয়া জোৰ দিয়াৰ পাছতো এই মুহূৰ্তত মনত পেলাব পৰা নাই।
মাজতে সংবাদ মাধ্যমতে দেখিছিলো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ এটা দলে 'কল্প-লোক'ত গৈ তেওঁক সম্বৰ্ধনা জনাইছিল। সম্ভৱতঃ এবছৰৰ আগৰ কথা আছিল সেয়া।
তাৰ পাছৰ পৰা বীৰন্দ্ৰনাথ দত্ত ছাৰৰ খবৰ তেনেকৈ পোৱা মনত নপৰে। ধুতি ,পাঞ্জাবী পিন্ধি কান্ধত এটা কাপোৰৰ মোনা ওলমাই বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কেতিয়া কৰিছিল সেয়া মনত নপৰিলেও কেইটামান বছৰৰ আগলৈকে তেওঁক তেনেকৈ দেখা মনত পৰে।
যদিও এগৰাকী শিক্ষক হিচাপেহে তেওঁ নিজকে চিনাকী দি ভাল পাইছিল তথাপিও ছাৰৰ কথা ওলালেই তেওঁৰ গানৰ কথাহে প্ৰথমে মনলৈ আহে। তেওঁৰ গানৰ বিষয় আছিল সাংঘাটিক ছিৰিয়াছ অথচ ইমান ৰোমাণ্টিক !
স্কুলত পঢ়ি থকাৰ সময়ৰে পৰা গানৰ সুৰ কৰিবলৈ আৰম্ভ কৰা বীৰন্দ্ৰনাথ দত্তছাৰে অসমীয়া গানক লৈ চলাইছিল যথেষ্ট সম্পৰীক্ষা। তেওঁ গানৰ সুৰত আছিল অসমীয়া জাতিৰ বিভিন্ন উপ-জাতি, জনগোষ্ঠীয় লোকনাট্য, লোকগীতৰ প্ৰভাৱ। বিয়া নাম, বিহু নামৰ সংমিশ্ৰণেৰে তেওঁ তৈয়াৰ কৰিছিল একো একোটা নিভাঁজ অসমীয়া গীত। বৰগীতো আছিল তেওঁৰ বিভিন্ন গীতৰ সুৰৰ আধাৰ।
তেওঁ সুৰ কৰা গানত এখন চিত্ৰ, এটা কাহিনী সজীৱ হৈ পৰিছিল। গানৰ একোটা সুৰ কৰাৰ ক্ষেত্ৰত তেওঁ কিমান সংবেদনশীল আছিল সেই কথা 'জিলিৰ মাতে' গানটোৰ পৰা অনুভৱ কৰিব পাৰি।
তেওঁ এই গানটোৰ সুৰ কিয় সেইধৰণে কৰিলে বুলি গীতিকাৰ নৱকান্ত বৰুৱাই প্ৰশ্ন কৰাত কৈছিল এইদৰে- ''আমিতো কোলাহলত থাকোঁ, অৰণ্যৰ লগত সম্পৰ্ক নোহোৱা হৈ গৈছে। কিন্তু কেতিয়াবা সেই জিলিৰ মাতটোৱে যেন মনত পেলাই দিয়ে। এখন অৰণ্য আছে ক’ৰবাত। আৰু সেইটোৱেই বোধহয় আমি চহৰত থকাবিলাকৰ চেতনা এটা জগাই ৰাখে।''
গানটোৰ প্ৰসংগত তেওঁ পুনৰ কৈছে- ''শেষৰখিনিত আছে, ‘অৰণ্যৰ এটি কোণত আমাৰ পঁজা, পানীপোতাত দুলি আছে পখীৰ সজা’। তেতিয়া দেখিলোঁ যে এইটো হ’ব আমাৰেই কোনোবা জনজাতীয় গোষ্ঠী। তেওঁলোকৰ এতিয়াও অৰণ্যৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হোৱা নাই। ‘অৰণ্যৰে এটি কোণত আমাৰ পঁজা, পানীপোতাত দুলি আছে পখীৰ সঁজা’, সেই পখী মুক্ত বিহংগ নহয়। সমাজৰ ভিতৰৰ বস্তু। কিন্তু তেওঁলোকৰ সেইটো বিচ্ছিন্ন হোৱা নাই। মই সুৰটো আনিলোঁ বড়ো সুৰ, বড়ো সুৰ আনিছোঁ আৰু সেইটো চিফুঙৰ নিচিনাকে বজাই পৰিৱেশটো সৃষ্টি কৰা হৈছে। এইধৰণেই চিন্তাবিলাক আহিলে কামত লগাবৰ চেষ্টা কৰা হয়। কেতিয়াবা নিজে সন্তুষ্ট হওঁ, কেতিয়াবা নহওঁ।'' (জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰনাথ দত্তৰ সৈতে কথোপকথন – উৎপল দত্ত)
এয়াই আছিল সুৰকাৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ। 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই’, 'ৰহিমলা ওৰণিৰ মাজেৰে', 'বগলী বগা ফোঁট দি যা' আদি চিৰসেউজ গীতৰ স্ৰষ্টা আছিল তেওঁ। গীতিকাৰ-শিল্পী হিচাবে বীৰেন্দ্ৰনাথ দত্ত ছাৰে এক সুকীয়া ধাৰাৰে অসমীয়া সংগীত জগতক প্ৰদান কৰিছিল নতুন মাত্ৰা ।
কেইবাটাও প্ৰজন্মক আকৃষ্ট কৰা তেওঁৰ সেই গীতবোৰে এটা যুগক প্ৰতিনিধিত্ব কৰি আহিছে। 'মেলি দিলো মন,' 'আহিনক কোনে আনে,' 'সীতা বনবাস,''আকাশ আমাক অকণি আকাশ দিয়া,' 'অ’ ঘনচিৰিকা', ' অ’ ধুন ধুনীয়া মোৰ অকণমানি' আদি গীতবোৰ আজিও ৰেডিঅ' অথবা আন মাধ্যমত বাজি উঠিলে ৰৈ যায় অসমীয়া।
শাৰদীয় উৎসৱৰ বতৰত অসমীয়াই উৎসৱৰ ৰঙত মতলীয়া হৈ থকাৰ সময়তে তেওঁ গুাৱহাটীৰে এখন ব্যক্তিগত হাস্পতালৰ বিচনাত পৰি আছিল। চিকিৎসা চলি আছিল তেওঁক সুস্থ কৰিবলৈ। অথচ এই খবৰ কিমানে পালে?
ছাৰ হেনো হৈ পৰিছিল ৰূঢ়। কিন্তু ছাৰৰ বুকুত কি চলি আছিল কোনে জানে? নিসংগ হৈ পৰিছিল তেওঁ। সেই নিসংগতাই ইমানকৈ দহিছিল যে নিসংগতাই চাগে হৈ পৰিছিল তেওঁৰ সংগী। সেয়ে বৰ বেছি কথা পাতিবলৈ নিবিচাৰিছিল তেওঁ। আছিল হতাশাও !
সেই হতাশাৰ মাজেৰেই ৮৮ বছৰ বয়সত তেওঁ আঁতৰি গ'ল আমাৰ মাজৰ পৰা। ১৯৩৫ চনত জন্মগ্ৰহণ কৰা বীৰেন্দ্ৰ নাথ দত্তই গুৱাহাটীৰ চেনিকুঠীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত বিশ্ব ভাৰতী, শান্তি নিকেতনৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিল ৷
গুৱাহাটীৰ বি বৰুৱা কলেজ, গোৱালপাৰা কলেজ, পাণ্ডু কলেজ আদিত অধ্যাপনা কৰাৰ পিছত আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো তেওঁ অধ্যাপনা কৰিছিল। লোকসংস্কৃতিৰ প্ৰখ্যাত গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ অধীনত তেওঁ ১৯৭৪ চনত লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰি গ্ৰহণ কৰিছিলডক্টৰেট ডিগ্ৰী ৷
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো এসময়ত তেওঁ অধ্যাপক হিচাপে কাম কৰিছিল। ২০০৩-৪ বৰ্ষত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰা বীৰেন্দ্ৰ নাথ দত্তই ২০০৯ চনত লাভ কৰিছিল পদ্মশ্ৰী সন্মান।
স্থিতপ্ৰজ্ঞ এই মানুহজনৰ অনুপস্থিতিয়ে অসমীয়া জাতিৰ বহু ক্ষতি কৰিলে। কংক্ৰিট মহানগৰীত আশ্ৰমৰ দৰে গঢ়ি তোলা 'কল্প-লোক'ত আজি বিভিন্নজনে আহি ভিৰ কৰিছেহি। এইবোৰ দেখি পৰলোকৰ পৰাই চাগে তেওঁ আকৌ আক্ষেপেৰে ক'লে বকুলৰ গোন্ধ নোপোৱা বহুদিন হোৱাৰ কথা।
Also Read: 'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই