সাধাৰণতে ভাৰতত ৰাজনৈতিক নেতা, উদ্যোগপতি আদিতকৈ বলিউডৰ জনপ্ৰিয় তাৰকাক লৈ মানুহৰ মনত উৎসুকতা অধিক হয়। ডাঙৰ পৰ্দাত দেখা এই তাৰকাসকলৰ জীৱন ধাৰণ, তেওঁলোকৰ সাজসজ্জা, পৰিধান কৰা অলংকাৰ, তেওঁলোকে ব্যৱহাৰ কৰা বিলাসী বাহন আদিয়ে সাধাৰণ জনতাক মোহাচ্চন্ন কৰে।
তেওঁলোকৰ এনে জনপ্ৰিয়তা আৰু বিলাসীতাৰ প্ৰতি আকৃষ্ট হৈয়ে অভিনয়ৰ অ, আ, ক, খ, নজনা কিছুমানেও অভিনয়ৰ জৰিয়তে এনে এটা বিলাসী জীৱনৰ গৰাকী হোৱাৰ সপোন দেখে। এনে সপোন লৈয়ে কিমান জনে মায়া নগৰীত দিন, ৰাতি একাকাৰ কৰিছে তাৰ কোনো হিচাপ নাই।
কোনোবাই এই বিলাসীতাৰ পাছত দৌৰি যদি সকলো হেৰুৱাইছে আন কোনোবাই আকৌ এয়া তেওঁলোকৰ বাবে মৰুভূমিৰ মৰিচিকা বুলি মানি লৈ আন কৰ্মত নিজকে ব্যস্ত ৰাখিছে। তাৰ মাজতে আকৌ একাংশই সহজ ধনৰ আশাত, বিলাসী জীৱন এটাৰ গৰাকী হোৱাৰ মায়াত বক্ৰ পথত ভৰি দিছে।
বলিউডী তাৰকা জনপ্ৰিয়তা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰতি আজিও মানুহৰ আকৰ্ষণ হ্ৰাস পোৱা নাই। তেওঁলোকৰ এই জীৱন ধাৰণৰ খবৰ দিয়াৰ বাবেই আছে বহু এণ্টাৰটেইনমেণ্ট চেনেল, ৱেবচাইট, আলোচনী আদি। এনেবোৰ মাধ্যমত সঘনে বলিউডী চেলিব্ৰেটিৰ বিভিন্ন কথা প্ৰকাশ পাই থাকে।
অতি শেহতীয়াকৈ Cafemutual নামৰ এটা ৱেব চাইটত প্ৰকাশ পাইছে Hurun India Rich List নামেৰে এখন তালিকা। এই তালিকাখনত দেশৰ বিভিন্ন ক্ষেত্ৰৰ ধনী ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে।
এই তালিকাত বলিউডৰ যি শীৰ্ষ ৫ গৰাকী ধনী ব্যক্তিয়ে স্থানত লাভ কৰিছে তেওঁলোক ক্ৰমে শ্বাহৰুখ খান, জুহী চাউলা, ঋত্বিক ৰোশণ, অমিতাভ বচ্চন, আৰু কৰণ জোহাৰ।
এই ৱেবচাইটৰ তথ্য অনুসৰিয়েই ভাৰতৰ আটাইতকৈ ধনী তাৰকা হৈছে বলিউড বাদশ্বাহ হিচাপে পৰিচিত শ্বাহৰুখ খান। শ্বাহৰুখ খানৰ বৰ্তমান মুঠ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৭,৩০০ কোটি টকা। শ্বাহৰুখ খানে ছবিত অভিনয় কৰাৰ উপৰিও, বিজ্ঞাপনো কৰে।
তেওঁৰ আছে Red Chillies Entertainment নামৰ এটা কোম্পানী। ইয়াৰোপৰি শ্বাহৰুখ খানৰ আছে আন কেতবোৰ ব্যৱসায়। আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছৰ গৰাকীও শ্বাহৰুখ খান।
শ্বাহৰুখৰ পিছতে এই তালিকাত দ্বিতীয় স্থানত আছে অভিনেত্ৰী জুহি চাউলা। দীৰ্ঘদিন ধৰি অভিনয়ৰ পৰা আঁতৰি থাকিলেও জুহী চাউলাৰ এতিয়াৰ মুঠ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪,৬০০ কোটি টকা। জুহী চাউলাও শ্বাহৰুখৰ নাইট ৰাইডাৰ্ছ নামৰ ক্ৰিকেট ফ্ৰেঞ্চাইজিটোৰ সহ-স্বত্বাধিকাৰী।
বলিউডৰ ধনী চেলিব্ৰেটিৰ তালিকাত তৃতীয় স্থানত আছে অভিনেতা ঋত্বিক ৰোশণ। ঋত্বিকৰ আছে HRX নামৰ এটা কোম্পানী। তাৰোপৰি ঋত্বিকৰ পিতৃ ৰাকেশ ৰোশণো এগৰাকী অভিনেতা তথা পৰিচালক। আজিৰ তাৰিখত ঋত্বিকৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০০০ কোটি টকা।
এই তালিকাৰ চাৰি নম্বৰ স্থানত আছে বলিউডৰ বিখ্যাত বচ্চন পৰিয়াল। ভাৰতীয় ছবি উদ্যোগৰ বৰ্তমান পিতামহ স্বৰূপ মহা তাৰকা অমিতাভ বচ্চনৰ লগতে তেওঁৰ পত্নী জয়া বচ্চনো এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে ৰাজ্যসভাৰো সাংসদ।
তেওঁৰ পুত্ৰ অভিষেক বচ্চনো এগৰাকী অভিনেতা আৰু অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনো এগৰাকী অভিনেত্ৰী। এই বচ্চন পৰিয়ালৰ মুঠ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আজিৰ তাৰিখত ১,৬০০ কোটি টকা।
ইয়াৰ পিছতে আছে পৰিচালক কৰণ জোহৰৰ নাম। বহু কেইখন হিট ছবিৰ পৰিচালক তথা চেলিব্ৰেটিৰ সন্তানক বলিউডত প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা কৰণ জোহৰৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৪০০ কোটি টকা।
এয়া আছিল বলিউডৰ কথা। এতিয়া আহো অসমৰ কথালৈ। অসমত এগৰাকী অভিনেতা অথবা অভিনেত্ৰীয়ে এখন চিনেমাত অভিনয় কৰিলে কিমান টকা লাভ কৰে? অসমত বছৰি কেইখন চিনেমাই মুক্তি লাভ কৰে অথবা কেইখন চিনেমা ছবি গৃহত হাউচফুল হয়?
বহু দূৰলৈ নগৈ যোৱা ২ টা বছৰৰ অসমীয়া হিট চিনেমা কেইখন আছিল তালৈকে মনত পেলাওকচোন। নাম, তালিকা নিদিলেও সকলোৱে জানে ইয়াৰ উত্তৰ। এনে চিনেমা বা নিৰ্দিষ্ট এটা গানত নৃত্য পৰিচালনা কৰিলে কিমান টকা লাভ কৰে এগৰাকী নৃত্য পৰিচালিকাই? এই কথা সকলোৱে জানে।
তাৰ পাছতো কোনোবা নৃত্য পৰিচালিকাই কোটি কোটি টকা ব্যয় কৰি ডেষ্টিনেচন ৱেডিং পতা, বিদেশৰ বিলাসী হোটেলত নৈশ যাপন কৰা, আৰৱত গৈ কোনোবা অসমীয়া পৰিচালকৰ সৈতে অসমীয়া চিনেমাত চুক্তিবদ্ধ হোৱা কথাবোৰেই বহু ইংগিত দিছিল।
সেই বিলাসীতাৰ আঁৰৰ ৰহস্য এতিয়া উন্মোচিত হৈছে। বিশাল ফুকন নামৰ ডিব্ৰুগড়ৰ যুৱকজনৰ সৈতে মিলি চুমি বৰা নামৰ নৃত্য পৰিচালিকাগৰাকীয়ে লুণ্ঠনৰ যি একা মায়াজাল ৰচনা কৰিছিল সেই মায়াজালত বন্দী হৈ লাখে লাখে টকা তেওঁলোকৰ হাতত গতাই দিছিল বহুজনে। সেই টকাৰেই বিলাসীতা কৰিছিল চুমি, বিশাল আৰু চুমিৰ স্বামী তাৰ্কিকে। তেওঁলোকৰ এই বিলাসী জীৱনৰ সোৱাদ লৈছিল অসমৰ কেইবাজনো গায়ক, গায়িকা, অভিনেতা, অভিনেত্ৰী তথা তেওঁলোকৰ বন্ধু মহলে।
চৰ্চা অনুসৰি চুমি এণ্ড বিশাল কোম্পানীয়ে সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ ২০০০ কোটি টকা। অৰ্থাৎ তেওঁলোকে সম্পত্তিৰ ক্ষেত্ৰত বলিউডৰ বচ্চন পৰিয়াল, প্ৰখ্যাত পৰিচালক কৰণ জোহাৰকো অতিক্ৰম কৰিলে। স্পৰ্শ কৰিলে 'গ্ৰীক গড' খ্যাত ঋত্বিক ৰোশনক।
চুমি এণ্ড বিশাল কোম্পানীয়েই নহয় ৰাজ্যত ভুৱা ট্ৰেডিঙৰ মায়াজাল ৰচনা কৰা এইসকল ভুৱা ট্ৰেডাৰৰ তালিকাৰ শীৰ্ষ স্থানত আছে পলাতক দীপাংকৰ বৰ্মন। দীপাংকৰে ট্ৰেডিঙৰ নামত সংগ্ৰহ কৰিলে ৪০০০ কোটিৰো অধিক টকা।
সেইদৰেই ৰঞ্জিত কাকতি নামৰ আন এজন ভুৱা ট্ৰেডাৰে সংগ্ৰহ কৰিলে হাজাৰ কোটিৰো অধিক টকা। একেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰেপ্তাৰ হোৱা ভুৱা ট্ৰেডাৰসকলে লুণ্ঠন কৰা ধনৰ পৰিমাণ শুনি সকলোৰে চকু কপালত উঠিছে। একো একোজন এনে ভুৱা ট্ৰেডাৰে লুণ্ঠন কৰিছে শ শ কোটি টকা।
এনে লুণ্ঠনৰ ধনেৰেই এইসকলে যাপন কৰিছে বিলাসী জীৱন। ৰাজ্যত হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰা অন্যান্য ভুৱা ট্ৰেডাৰৰ সম্পত্তিৰ তালিকা এতিয়াও পোহৰলৈ অহা নাই যদিও পোহৰলৈ আহিছে চুমি এণ্ড বিশাল কোম্পানীৰ সম্পত্তি আৰু বিলাসী জীৱনৰ এটা এটা অধ্যায়।
সেই অনুসৰি বিশালৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠত আছে ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয়। ইয়াৰ ইণ্টেৰিঅ'ৰ ডিজাইনতে ব্যয় হৈছিল ৮৫ লাখ টকা। পূৰ্বাঞ্জলী এপাৰ্টমেণ্টত আছে ৬৩.২৫ লাখ টকাৰ ফ্লেট।
গুৱাহাটীৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত আছে ১.৫ কোটি টকীয়া ফ্লেট। তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত আছে ৭ কোটি টকীয়া ডুপ্লেক্স ফ্লেট। ডিব্ৰুগড়ত চুমি বৰাৰ বাবে খোলা ডান্স একাডেমীৰ ডিজাইনতে ব্যয় হৈছিল ৩৩ লাখ টকা। এই একাডেমীৰ চাউণ্ড প্ৰুফৰ নামত ব্যয় হৈছিল ১৫ লাখ টকা।
চুমি বৰাক বিশালে জন্ম দিনত দিয়া হীৰাৰ আঙঠি ক্ৰয় কৰিছিল ৭৬ লাখ টকাত। দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ। চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিকৰ কোটি টকীয়া বিয়াৰ খৰচ বহন কৰাৰ উপৰিও বিয়াৰ পিছতে দিছিল ডুবাইৰ ট্ৰিপ।
তাৎপৰ্যপূৰ্ণভাৱে এই ট্ৰিপত যোৱা নাছিল চুমিৰ স্বামী তাৰ্কিক। গৈছিল বিশাল ফুকন আৰু তেওঁলোকৰ অতি ঘনিষ্ঠ তথা ছবি পৰিচালক আদিত্যম শইকীয়া। এই ডুবাইৰ ট্ৰিপৰ সময়ত ছেভেন ষ্টাৰ হোটেল বুৰ্জ আৰৱত তেওঁলোকে কটাইছিল ৩ টা নিশা। প্ৰতি নিশাৰ বাবত তেওঁলোকে দিছিল ১৯ লাখকৈ টকা।
তাৰোপৰি ডুবাইৰ আটলাণ্টিক হোটেলৰ ব্যয় হৈছিল ৫৭ লাখ টকা। ডুবাইৰ ছপিং মলত বজাৰ কৰিছিল ডেৰ কোটি টকাৰ সামগ্ৰী। চুমি বৰা আৰু বিশালৰ এই বিলাসীতাৰ মাজতে আকৌ পৰিয়ালকো যথেষ্ট উপহাৰ দিছিল বিশালে।
বিশালে নিজ মাতৃক উপহাৰ দিছিল ৩৩ লাখ টকাৰ এম জি হেক্টৰ। তাৰ্কিক ক্ৰয় কৰি দিছিল ৪৫ লাখ টকাৰ ফৰ্চুনাৰ বাহন। চুমিৰ ককায়েক, বৌয়েকক খুলি দিছিল ঔষধৰ কোম্পানী। ইমানেই নহয় সময় বাগৰাৰ লগে লগে লাহে লাহে চুমি আৰু বিশালৰ সম্পত্তিৰ পাহাৰৰ তালিকা দীঘল হৈয়ে গৈ আছে।
চুমি আৰু তাৰ্কিকৰ এনে বিলাসীতাই বলিউডী চেলিব্ৰেটিকো অতিক্ৰম কৰিলে। কেইটামান গানত নৃত্য পৰিচালনা কৰাৰ লগতে 'ৰাঘৱ' নামৰ ব্যৱসায়ীকভাৱে বিফল চিনেমাখনত অভিনয় কৰিয়েই বলিউডৰ তাৰকাকো অতিক্ৰম কৰিবলৈ সক্ষম হোৱা চুমি বৰা নামৰ এই যুৱতীগৰাকীৰ লুণ্ঠনৰ এই অধ্যায় এতিয়া চৰ্চাৰ শীৰ্ষত।
এই চৰ্চাই বহুতকে এক শিক্ষা দিব। কিন্তু সমান্তৰালকৈ ডি বি ষ্টক ব্ৰকিঙৰ জৰিয়তে ৪০০০ কোটিৰো অধিক টকা আত্মসাৎ কৰি পলায়ন কৰা দীপাংকৰ এতিয়া ক'ত আছে সেই প্ৰশ্নও উত্থাপিত হৈছে। কিয় দীপাংকৰক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে?
গুৱাহাটীৰ মাজ মজিয়াত বাৰে বাৰে লোকচেন পোৱাৰ পিছতো কিয় চুমি আৰু তাৰ্কিক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে? কিয় গ্ৰেপ্তাৰ হোৱা নাই চুমিৰ ককায়েক আৰু বৌৱেক?
এই ভুৱা ট্ৰেডাৰৰ হাতত কোন কোন, বিধায়ক, মন্ত্ৰী, আৰক্ষী বিষয়া, ব্যৱসায়ী, চিকিৎসক, অভিযন্তা, অভিনেতা, গায়ক, গায়িকাই ধন তুলি দিছিল সেইসকলৰ তালিকাও মানুহে চাবলৈ বিচাৰিছে। তেওঁলোকে এই ধন বৈধ নে অবৈধভাৱে অৰ্জন কৰা সেয়াও জানিব বিচাৰিছে। অসম আৰক্ষীয়ে শীঘ্ৰেই এই সকলো বিষয় সন্দৰ্ভত ৰাইজক অৱগত কৰা দাবী এতিয়া সৰ্বত্ৰে।
Also Read: বিশালৰ ধন, চুমিৰ মন আৰু লোভীৰ সপোন