পেইছে পে' কিউ মৰতে হৌ...

পেইছে পে' কিউ মৰতে হৌ...

New Update
পেইছে পে' কিউ মৰতে হৌ...

পেইছে পে' কিউ মৰতে হৌ...

ডিবি ষ্টক ব্ৰকিংৰ হাজাৰ কোটি টকাৰ আত্মসাৎৰ কাহিনী পোহৰলৈ অহাৰ পাছত অনুৰূপ ধৰণেই বিভিন্ন জনৰ পৰা ধন সংগ্ৰহেৰে একেখন জাল মেলা আন এজন যুৱকৰ কাহিনীও পোহৰলৈ আহিছিল। ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰি বছৰত দুগুণ লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে দীপাংকৰ বৰ্মনে যিধৰণে ধন সংগ্ৰহ কৰিছিল ঠিক অনুৰূপ প্ৰতিশ্ৰুতিৰেই বিশাল ফুকন নামৰ যুৱকজনে ব্যক্তিগত একাউণ্টৰ জৰিয়তে উজনি অসমত কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে।

দীপাংকৰ বৰ্মনৰ সৈতে বিশাল ফুকনৰ এই ধন সংগ্ৰহৰ নামত সংঘটিত কৰা কেলেংকাৰী বৰ বিশেষ পাৰ্থক্য নাই। দীপাংকৰে বিভিন্ন এজেণ্টৰ জৰিয়তে সংগ্ৰহ কৰিছিল ধন। অধিবক্তা, বেংকৰ বিষয়া, কাৰ্যালয়, কৰ্মচাৰী আদিৰ জৰিয়তে এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছিল।

কোনো লোকে তেওঁৰ ডি বি ষ্টক ব্ৰকিঙত বিনিয়োগ কৰিবলৈ ধন আনি দিলে তেনে এজেণ্টক দিছিল ২০ শতাংশ কমিছন। প্ৰায় ৪ হাজাৰ কোটি টকা সংগ্ৰহ কৰা দীপাংকৰে নতুন নতুনকৈ সংগ্ৰহ কৰা ধনৰ পৰা এটা পৰ্যায়লৈকে লোকসকলক প্ৰতিশ্ৰুতি অনুসৰি লাভাংশ দি আছিল যদিও অৱশেষত তেওঁ সেই ধন দিব পৰা নাছিল।

বিলাসীতাৰ বাবে বহু ধন ব্যয় কৰা দীপাংকৰে বজাৰত সংগ্ৰহ কৰা ধনৰ মুষ্টিমেয় অংশ ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ সলনি সম্পত্তি ক্ৰয় আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ত বিনিয়োগ কৰিছিল নিজাকৈ। চতুৰ দীপাংকৰে এঞ্জেল বুকিঙৰ প্লেটফৰ্মত ছাব ব্ৰকাৰৰ পঞ্জিয়নো কৰাই লৈছিল।

দীপাংকৰে ষ্টক মাৰ্কেটত ২৮০ জন ক্লায়েণ্টৰ নামত একাউণ্ট খুলিছিল যদিও তাৰে ৪৪ টা একাউণ্টহে এক্টিভ হৈ আছিল। সেই একাউণ্টত জমা থকা মুঠ ধনৰ পৰিমাণ মাত্ৰ ৮২ লাখ টকা। এনে পৰিপ্ৰেক্ষিতত দুমাহৰ আগলৈকে গ্ৰাহকৰ আস্থাভাজন হৈ থকা দীপাংকৰে প্ৰতিশ্ৰুতি অনুসৰি ধন ঘূৰাই দিব নোৱাৰি আত্মগোপন কৰিবলগীয়া হৈছিল।

তাৰ পাছতেই পোহৰলৈ আহিল ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত দীপাংকৰে সংঘটিত কৰা এই কেলেংকাৰীৰ কথা। অনুসন্ধানত অহা বিভিন্ন তথ্য অনুসৰি দীপাংকৰৰ বিভিন্ন বেংকত প্ৰায় ১৪ টা একাউণ্ট আছিল যদিও তেওঁৰ সেই একাউণ্টবোৰত নাই পৰ্যাপ্ত ধন।

ষ্টেট বেংক অফ ইণ্ডিয়াত দীপাংকৰৰ দুটা একাউণ্ট আছিল। সেই দুটা একাউণ্টত তেওঁৰ জমা আছে মাত্ৰ ১৭ লাখ টকা। আনহাতে এক্সিছ বেংকত থকা এটা একাউণ্টত দীপাংকৰৰ আছে মাত্ৰ ৩ লাখ টকা। তেনে পৰিস্থিতিত দীপাংকৰৰ ওচৰত বিনিয়োগ কৰা লোকসকলে সেই ধন ঘূৰাই পোৱাতো কোনো পধ্যেই অসম্ভৱ হৈ পৰিছে।

বিশাল ফুকন নামৰ যুৱকজনে নটাৰী যোগে বিভিন্নজনৰ সৈতে চুক্তি কৰি ব্যক্তিগত একাউণ্টত ধন সংগ্ৰহ কৰে। সেই ধন তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ কথা সেই চুক্তিত উল্লেখ কৰি থৈছে। চুক্তিত আৰু উল্লেখ থকা মতে ৬০ টা কৰ্ম দিনৰ বাবে তেওঁ নূন্যতম ৩০ শতাংশ লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিনিয়োগকাৰীক।

এইবোৰ তথ্য বিশাল ফুকন আৰু ধন বিনিয়োগকাৰীৰ মাজত হোৱা নটাৰীত লিখিত তথ্য। লগতে এই চুক্তিত বিশাল ফুকনে উল্লেখ কৰি থৈছে যে কোনো লোকে তেওঁলোকৰ দুজনৰ মাজত হোৱা চুক্তিৰ গোপনীয়তা উলংঘন কৰিলে সেই বিনিয়োগকাৰীক লাভাংশ দিয়া নহ'ব।

এতিয়ালৈকে বিশাল ফুকনে বিনিয়োগকাৰীক মূলধন নহয়, লাভাংশৰহে কিছু অংশ ঘূৰাই দি আহিছে। তেওঁ মাছৰ তেলেৰেই মাছ ভাজি তাৰ এটা অংশ নিজাকৈ চাৰিটা কোম্পানী খুলি বিনিয়োগ কৰাৰ লগতে বিলাসী জীৱন এটা কটাইছে। এই খবৰ প্ৰকাশ কৰাৰ পাছত নিজৰ সামাজিক মাধ্যমত ২২ বছৰীয়া বিশাল ফুকনে উল্লেখ কৰিছে যে, তেওঁ ডিমেট একাউণ্টৰ জৰিয়তে ২০২০ চনৰ পৰা শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি আহিছে।

এই ধনৰ বাবে তেওঁ আয়কৰ প্ৰদান কৰা আৰু দুজন লোকৰ মাজত বিশ্বাসযোগ্যতাৰ ভিত্তিত ধন বিনিয়োগ কৰাৰ কথা উল্লেখ কৰিছে। এয়া অপৰাধ নহয় বুলি বিশাল ফুকনে দাবী কৰিছে। কিন্তু ছেবি আৰু আৰ বি আইৰ গাইডলাইন অনুসৰি কোনো লোকে এনেদৰে ধন সংগ্ৰহ কৰিব নোৱাৰে।

আনহাতে ৬০ টা কৰ্মদিনত ৩০ শতাংশ লাভাংশ দিয়াৰ গেৰাণ্টি দিয়াটোৱেই এটা অৰ্থনৈতিক অপৰাধ। বিভিন্ন সময়ত ছেবিয়ে এই সন্দৰ্ভত সজাগ আৰু সতৰ্ক কৰি বিভিন্ন গাইডলাইন প্ৰকাশ কৰি আহিছে। মিউছুৱেল ফাণ্ডৰ ক্ষেত্ৰত ছেবিয়ে মিউছুৱেল ফাণ্ড ৰেগুলেছন ১৯৯৬ ৰ আধাৰত এক সংশোধিত জাননী ইতিমধ্যে প্ৰকাশ কৰিছে।

যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF2/CIR/P/2020/175 dated September 17, 2020। আনহাতে প'ৰ্টফ'লিয় মেনেজাৰ ৰেগুলেছন ২০২০ৰ জাননী নম্বৰ SEBI/HO/IMD/DF1/CIR/P/2019/169 dated December 13, 2019 প্ৰকাশ কৰিছিল অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ডছৰ ক্ষেত্ৰত। কালেক্টিভ ইনভেষ্টমেণ্টছ স্কিম ৰেগুলেছন ১৯৯৯ ৰ অধীনত ছেবিয়ে প্ৰকাশ কৰা আন এখন জাননীও গুৰুত্বপূৰ্ণ। যিখন জাননীৰ নম্বৰ SEBI/HO/IMD/DF6/CIR/P/2020/24 dated February 5, 2020।

এতিয়া প্ৰশ্ন হয়, বিশাল ফুকন নামৰ এজন ব্যক্তিয়ে তেওঁ স্বীকাৰ কৰা অনুসৰি বিভিন্নজন লোকৰ পৰা ব্যক্তিগত বেংক একাউণ্টত কোন নীতি অনুসৰি এইদৰে ধন বিনিয়োগৰ বাবে ল'ব পাৰে? বিশাল ফুকনে নিজেই স্বীকাৰ কৰি ল'লে তেওঁ এনেদৰে ধন সংগ্ৰহ কৰি আছে। যিটো কথা তেওঁ স্পষ্টিকৰণত আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে। এয়াই এক ডাঙৰ অপৰাধ।

কোনোবাই এনেকৈ ধন সংগ্ৰহ কৰিবলৈ হ'লে যি নীতি, নিয়মৰ প্ৰয়োজন সেই নিয়ম উলংঘা কৰি গৈছে বিশাল ফুকনে। সংগ্ৰহ কৰা ধনেৰে বিশাল ফুকনে কিছু ধন শ্বেয়াৰ মাৰ্কেটত হয়তো বিনিয়োগ কৰিছে। কিন্তু সেই বিনিয়োগৰ জৰিয়তে গ্ৰাহকক তেওঁ কিমান দিনলৈ এই লাভাংশ দি থাকিব পাৰিব সেয়া সময়ে ক'ব।

ৰ'জভেলী, সাৰদা, ইউনিপে' আদি ছিটফাণ্ডৰ কেলেংকাৰীৰ পাছত এতিয়া শ্বেয়াৰ ষ্টকৰ নামত এক বিশাল কেলেংকাৰী সমগ্ৰ দেশজুৰি হৈছে। এনেকৈয়ে বিভিন্নজনৰ পৰা কালেক্টিভ ইনভেষ্টমেণ্ট স্কিমত ধন সংগ্ৰহ কৰিবলৈ এটা প্ৰাইভেট লিমিটেড কোম্পানী গঠন কৰিব লাগিব। ডিমেট একাউণ্টৰ জৰিয়তে কোনো লোকে শ্বেয়াৰ মাৰ্কেটত নিজা ধনহে বিনিয়োগ কৰিব পাৰে।

বিশালে নিজেই কোৱা মতে (তথ্য মজুত আছে) অতি কমেও ২০০ জনৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছে। অৱশ্যে আমাৰ অনুসন্ধানৰ মতে সেই সংখ্যা ইয়াতকৈ অধিক। তেনেস্থলত বিশালে কেনেদৰে ক'ব পাৰে তেওঁ ভুল কৰা নাই? কোনো লোকে বিশালৰ জৰিয়তে ধন বিনিয়োগ কৰি বৰ্তমান সেই ধনৰ মোহত অন্ধ হৈ থাকিলেও ভৱিষ্যতে এইখন জালত পৰি যে বহুলোক দিশহাৰা নহ'ব তাৰ কোনো নিশ্চয়তা নাই।

ডিবিৰ দৰেই বিশালে চাৰিটা কোম্পানীৰ জৰিয়তে কিছুধন আন ক্ষেত্ৰত বিনিয়োগ কৰিছে। তাৰ ভিতৰত এটা কোম্পানী হ'ল ক্ৰিছেলিয়া ফাৰ্মাচিউটিকেল কোম্পানী। ৰেজিষ্টাৰ অফ কোম্পানীজ, শ্বিলঙৰ পৰা পোৱা তথ্য অনুসৰি এই কোম্পানীটোৰ ক'ৰ্পৰেট আইডেনটিফিকেছন নম্বৰ CIN/LLPIN/FCRN-U46497AS2024TC026047।

৫ মাৰ্চ ২০২৪ ত পঞ্জীয়ন কৰা এই কোম্পানীটোৰ পঞ্জীয়ন নম্বৰ 026047। কোম্পানীটোত আছে তিনিজন সঞ্চালক। তেওঁলোক ক্ৰমে ৰাজীৱ বৰা, বিশাল ফুকন আৰু জীংকি মিলি। ৰাজীৱ বৰা বিশালৰ ঘনিষ্ঠ নৃত্য শিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ। আনহাতে সঞ্চালক জীংকি মিলি ৰাজীৱ বৰাৰ পত্নী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি ফাৰ্ম ডিগ্ৰীলৈ ঔষধৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা ৰাজীৱ বৰাই পূৰ্বতে ঔষধ কোম্পানীত কাম কৰিছিল। এই কোম্পানীটোৰ ঠিকনা দেখুওৱা হৈছে বৈৰাগীমঠ, কছাৰী গাওঁ, ডিব্ৰুগড়। মুঠ ৮ টা ঔষধৰ বিপণনেৰে তেওঁলোকে কোম্পানীটো আৰম্ভ কৰিছে।

অৱশ্যে সেই ঔষধসমূহ নিজাকৈ প্ৰস্তুত কৰা নহয়। লক্ষ্যণীয়ভাৱে কোম্পানীটোৰ অ'ৰ্থৰাইজ কেপিটেল ১৫ লাখ টকা। প্ৰডাকছন হাউছো খোলা বিশাল বৰাই ৱেব ছিৰিজ আৰু নিৰ্মাণতো কোটি টকা বিনিয়োগ কৰিছে।

২২ বছৰীয়া এজন অসমীয়া ল'ৰাৰ এই উত্তৰণ আমাৰ বাবে ঈৰ্ষণীয় নহয়। কিন্তু যি পথেৰে তেওঁ এই ধন আহৰণ কৰিছে সেই পথে তেওঁৰ লগতে বহুজনকে ভৱিষ্যতে বিপদ পেলোৱাতো নিশ্চিত। পৰিয়ালৰ লোকক তেওঁ সহায় কৰে। সেয়া ভাল কথা।

কাৰোবাক ঘৰ, কাৰোবাক দোকান, কাৰোবাৰ বিয়া ধুমধামেৰে পাতি দি বিশালে আত্মীয়ৰ দৃষ্টিত ভাল কাম কৰিছে। কিন্তু তেওঁৰে কিছু আত্মীয়ৰ সৈতে যোগাযোগ কৰাত বিশালৰ এই উত্তৰণ আৰু বিলাসী জীৱনৰ বহু কাহিনী ক'বলৈ কুণ্ঠাবোধ নকৰিলে।

সেই ব্যক্তিগত কথাবোৰ উল্লেখ নকৰাকৈয়ে বিশাল ফুকন নামৰ সম্ভাৱনাময় এই যুৱকজনে আৰম্ভ কৰা এই লুণ্ঠনৰ জালখনৰ ৰহস্য এদিন নহ'লেও এদিন ফাদিল হ'ব। ইতিমধ্যে বিশালৰ এই কথাবোৰ জনাৰ পাছত বহুজন শংকিত হৈ পৰিছে।

লোভোত পৰি বিশাল তাত চুক্তি অনুসৰি ধন বিনিয়োগ কৰি চিন্তিত হৈছে। বিনিয়োগ কৰা ধন কেইটা কোনমতে ঘূৰাই পোৱাৰ সময়লৈ অপেক্ষা কৰিছে। ডিবি ষ্টক ব্ৰকিংৰ দৰেই আন এক কেলেংকাৰী পোহৰলৈ আহিলে উন্মোচন হ'ব প্ৰকৃত সত্য কি। হেৰাফেৰী-২ ছবিখনৰ দৰেই ২১ দিনত পইছা ডাৱলৰ সপোন বিশালে দেখুৱাই আছে বহু লোকক।

Also Read: হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...

বিশাল ফুকন ষ্টক মাৰ্কেট কেলেংকাৰী