সত্ৰীয়া সংস্কৃতিৰ আধ্যাত্মিক চেতনাৰে পৰিপুষ্ট লক্ষীকান্ত মহন্ত দেৱৰ পৰিচয় কেৱল এটা নহয়। শ্ৰী শ্ৰী উজনিয়াৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকী ৰাজ্যৰ এজন বিশিষ্ট উদ্যোগী। কেনেকৈ তেওঁ শিৱসাগৰতে ফুটবল প্ৰস্তুত কৰিছিল সেই কাহিনী মানুহৰ মুখে মুখে। এনে এগৰাকী স্থিতপ্ৰজ্ঞৰ এখন অভিনন্দন গ্ৰন্থৰ প্ৰয়োজন কিমান সেয়াও উপলব্ধি কৰিছিল শিৱসাগৰ জিলা সাহিত্য সভাই।
সেই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ সহযোগ কৰিছিল শিৱসাগৰ জিলা সত্ৰ মহাসভা, শিৱসাগৰৰ যুৱ দৌল আৰু শ্ৰীশ্ৰী শংকৰদেৱ সমাজে। সেই উদ্দেশ্যে গঠন কৰা সম্পাদনা সমিতিৰ উপদেষ্টা আছিল ড০ নাহেন্দ্ৰ পাডুন, ড০ নীৰুপমা মহন্ত, নীলমণি মহন্তৰ দৰে বিজ্ঞ আৰু পুৰোধা লোকসকলক।
এই অভিনন্দন গ্ৰন্থৰ সম্পাদকৰ দৰে গধূৰ দায়িত্ব কান্ধ পাতি লৈছিল ড০ অৰুণদ্ধতি মহন্তই। কাৰ্তিক চন্দ্ৰ দত্ত আছিল সেই সম্পাদনা সমিতিৰ উপদেষ্টা। সহযোগী সম্পাদক ড০ প্ৰশান্ত কুমাৰ চুতীয়া, বিমান শেনচোৱা বৰুৱা, ড০ জীৱন কলিতাৰ উপৰিও সমন্বয়ক হিচাপে সন্তোষ দত্ত, সম্পাদনা সমিতিৰ সদস্য হিচাপে মনোজ কুমাৰ গগৈ, নিৰঞ্জন মহন্ত, ৰঞ্জন মহন্ত, দীপান্বিতা বৰা আৰু দেৱজিৎ মহন্তই এই দায়িত্ব অতি সূচাৰুৰূপে পালন কৰাত প্ৰকাশ পালে এখন অমূল্য অভিনন্দন গ্ৰন্থ- 'অনুকৰ্শন অভিদৰ্শন'।
৫৫০ পৃষ্ঠাৰো অধিক এই বৃহৎ আকাৰৰ গ্ৰন্থখনত কেৱল লক্ষীকান্ত মহন্তৰ গুণানুকীৰ্তনতেই সীমাবদ্ধ থকা নাই। সম্পাদকীয়ত ড০ অৰুণদ্ধতি মহন্তই কম কথাত অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ চুই গৈছে। কেনে ধৰণে ইয়াৰ প্ৰস্তুতি চলোৱা হৈছিল সেই বিষয়ে উল্লেখ কৰি লক্ষীকান্ত মহন্তৰ জীৱন পথৰ বৰ্ণাঢ্য ক্ৰমণিকা নতুন প্ৰজন্মৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাক উল্লেখ কৰিছে।
ড০ মহন্তৰ মতে এই প্ৰচেষ্টা বৰ্তমান প্ৰজন্মৰ সন্মুখত লক্ষীকান্ত মহন্তৰ দৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ব্যক্তিত্বৰ বীক্ষণৰ নিস্বাৰ্থ প্ৰচেষ্টা। আৰম্ভণিতেই শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই বৰ্ণনা কৰিছে এই মহৎ প্ৰয়াসৰ শুভাৰম্ভণি কেনেদৰে কৰা হৈছে।
গ্ৰন্থখনৰ বিষয়সমূহৰ ক্ৰমবিন্যাশো অতি মন কৰিবলগীয়া। 'পৰিণহন' শীৰ্ষক ক্ৰমবিন্যাশত ইমান শ্বাহৰ কাজিৰঙাৰ প্ৰকৃতিৰ কবিতাৰে ইয়াৰ শুভাৰম্ভ কৰা হৈছে। যিটো কবিতা শ্বাহে লক্ষীকান্ত মহন্তৰ হাতত উৎসৰ্গা কৰিছে।
তাৰ পাছতেই আমাৰ সমাজ জীৱনৰ ৰূপান্তৰৰ খনিকৰ শংকৰদেৱ শীৰ্ষক ড০ নগেন শইকীয়াৰ এটা উচ্চ মানৰ লেখা। এই লেখাত গুৰুজনাৰ আদৰ্শ আৰু সাম্প্ৰতিক সময়ৰ ভক্তিবাদৰ প্ৰসংগক আধুনিক ধ্যান ধাৰণাৰে ব্যাখ্যা কৰা হৈছে।
ড০ শইকীয়াই লিখিছে- ''চণ্ডালো হৰিণাম লৱে মাত্ৰ।/কৰিৱে উচিত যজ্ঞৰ পাত্ৰ।।'' চণ্ডালে যদি ঐকান্তিকভাৱে হৰিণাম লৈছে তেনে চণ্ডালকো যজ্ঞ কৰা ব্ৰাহ্মণৰ সমান স্থান দিব লাগে। ইয়াতকৈ ডাঙৰ বৈপ্লৱিক ঘোষণা ১৬ শতিকাত কিয় আজিও কোনেও কৰিব পৰা নাই। (উৎসঃ অনুকৰ্শন অভিদৰ্শন, পৃষ্ঠা-৮)
এটা অতি উচ্চ মানৰ লেখা এই অভিনন্দন গ্ৰন্থৰ জৰিয়তে পাঠকে পঢ়িবলৈ পাব। য'ত সমাজৰ তৃণমূল পৰ্যায়লৈকে এক সাংস্কৃতিক নৱ জাগৰণে আমাক কেনেকৈ ধুৱাই পেলালে সেই কথা উল্লেখ কৰিছে। ড০ বসন্ত কুমাৰ গোস্বামীৰ 'শ্ৰীকৃষ্ণ তত্ব' এই অভিনন্দন গ্ৰন্থৰ অন্যতম এক উল্লেখনীয় লেখা। ইয়াত শ্ৰীকৃষ্ণ কেন্দ্ৰিক ব্যাখ্যাৰে পৰমাত্মাৰ সন্ধান কৰা হৈছে।
এনেকৈয়ে নাৰায়ণ চন্দ্ৰ গোস্বামীৰ 'আৰ্যজাতি কায়স্থ', কিশোৰী মোহন দাসৰ 'ভগৱানৰ প্ৰতি ভকতৰ ইচ্ছা শক্তি আহ্বান বা প্ৰত্যাহ্বানেই পাল নাম', ভাস্কৰ জ্যোতি মহন্তৰ 'নেওৰা তলীৰ সুখ' লেখা কেইটা প্ৰথমটো ক্ৰমবিন্যাশত স্থান দিয়া হৈছে।
পৰ্যাক্ৰমে সেই আধ্যাত্মিকতাবাদৰ পৰা 'জীৱন্ধৰী'ৰ জৰিয়তে লক্ষীকান্ত মহন্তৰ জীৱনত প্ৰৱেশ কৰিছে স্বয়ং লক্ষীকান্ত মহন্ত আৰু আন তিনিজন লিখকে। নিজৰ কথা লক্ষীকান্ত মহন্তই লিখিছে- 'আমাৰ জীৱনৰ গতিপথত'। ইয়াৰ উপৰিও ড০ অনিল শইকিয়া, প্ৰকাশ মহন্ত, হৰেন্দ্ৰ নাথ মহন্তই আলোকপাত কৰিছে এই মহান ব্যক্তিত্বক।
পুনৰ 'বিদ্যা বিন্ধিয়া'ৰ জৰিয়তে মধ্যযুগৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ লৈকে আন শৈক্ষিক বিষয় তুলি ধৰা হৈছে এই অধ্যায়ত। কিয়নো লক্ষীকান্ত মহন্ত নিজেই এজন শিক্ষক আছিল। সেয়েহে শিক্ষাক গুৰুত্ব দি এগৰাকী ছাত্ৰীৰ দৃষ্টিৰেও লক্ষীকান্ত মহন্তক শিক্ষকৰূপত অৱলোকন কৰাৰ সুবিধা পূৰ্ণমাত্ৰাই গ্ৰহণ কৰিছে সম্পাদক অৰুণদ্ধতি মহন্তই। এয়াই হয়তো সম্পাদনাৰ কৃৰ্তি আৰু এগৰাকী অধ্যয়নশীল লেখিকা, প্ৰাক্তন অধ্যাপিকাৰ অভিজ্ঞতাৰ সঠিক প্ৰয়োগ।
উদ্যোগীও আছিল তেওঁ। উদ্যোগখণ্ডৰ কথা আছে এই অভিনন্দন গ্ৰন্থৰ 'উদ্যোগ উদ্ভাসন'ত। প্ৰতিজন লেখকেই অতি নিষ্ঠাৰে এই লেখাবোৰ প্ৰস্তুত কৰিছে। লেখাৰ বিষয় হয়তো সম্পাদক তথা সম্পাদনা সমিতিয়ে সঠিকভাৱে নিৰ্বাচন কৰি সঠিক লোকক সেই দায়িত্ব দিয়াৰ বাবেই এই কাম সম্ভৱ হৈ উঠিছে।
পবিত্ৰ বৰঠাকুৰে লক্ষীকান্ত মহন্তৰ ক্ৰীড়া বাণিজ্যিক ক্ষেত্ৰলৈ অৱদানৰ কথা, যতীন দত্তই লক্ষীকান্ত মহন্তৰই ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ কথা, ড০ কৃষ্ণকান্ত সন্দিকৈয়ে অসমত আধুনিক উদ্যোগৰ আৰম্ভণিৰ বিকাশৰ কথা লিখিছে এই অভিনন্দন গ্ৰন্থত।
সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তৰ এক প্ৰজ্ঞাৰ যাত্ৰাপথ। ড০ প্ৰদীপ জ্যোতি মহন্তৰ কলমত সেই প্ৰজ্ঞাৰ যাত্ৰাপথৰ বৰ্ণনা আছে। প্ৰভাত চন্দ্ৰ মহন্ত, লীলাকান্ত মহন্ত, ভৱ গোস্বামী, কুসুম কুমাৰ মহন্ত আৰু নিৰঞ্জন মহন্তৰ কলমেৰে নিগৰা লেখাৰে সজোৱা হৈছে 'সত্ৰ সংবিধা'।
'নাট্য নাৰাচী'ত অংকীয়া ভাওনাৰ গতিপ্ৰভাৰ কথা লিখিছে কৰবী ডেকা হাজৰিকাই। আহোম ৰাজত্বৰ পৃষ্ঠপোষকতাত নাট্য অভিনয়ৰ পৰম্পৰা আৰু কুৰি শতিকালৈকে শিৱসাগৰত নাট্য চৰ্চাৰ অৱলোকন কৰিছে ড০ প্ৰাশান্ত কুমাৰ চুতীয়াই। কেইবাখনো অংকীয়া নাট লিখিছিল লক্ষীকান্ত মহন্তই।
সেয়েহে এই অধ্যায়ৰ এটা লেখাৰ শীৰ্ষ 'লক্ষীকান্ত মহন্ত ৰচিত অংকীয়া শৈলীৰ নাট'। ড০ জয়কৃষ্ণ মহন্তই সেই সন্দৰ্ভত আলোচনা কৰিছে এই লেখাত। তেওঁৰ ৯ খন নাটৰ প্ৰতিখনতেই অংকীয়া শৈলীৰ ব্ৰজাৱলী সংলাপ, গীত, শ্লোক, সূত্ৰ বা কথাসূত্ৰ আৰু ভটিমাৰ সুন্দৰ প্ৰয়োগৰ কথা আলোচনা কৰা হৈছে এই লেখাত।
ইয়াৰ লগতে 'সাহিত্যানুশীলন', সংস্কৃতি সমায়ন, সমাজ সমাজ্ঞা, যাপক যশস্বমান আদি শিতানসমূহত লক্ষীকান্ত মহন্তৰ সাংস্কৃতিক জীৱন চৰ্যাৰ আলোকপাত কৰিছে ড০ পবিত্ৰপ্ৰাণ গোস্বামী, নীৰুপমা মহন্ত, ধৰ্মেশ্বৰ মহন্ত, মুৰুলীকান্ত মহন্ত আদিয়ে।
লক্ষীকান্ত মহন্তৰ সাহিত্য চৰ্চাৰ সন্দৰ্ভত দুটা লেখা লিখিছে ক্ৰমে বীৰেন বৰুৱা আৰু খগেন্দ্ৰ নাথ ভূঞাই। ড০ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামীয়ে বৰ্তমানৰ সমাজ ব্যৱস্থাত সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে পৰ্যালোচনা কৰিছে।
ড০ অকন চন্দ্ৰ শইকীয়াই প্ৰাচীন অসমৰ সমাজ আৰু সংস্কৃতিৰ চমু অৱলোকন কৰিছে। সেই বিষয়ত মধ্যযুগৰ আহোম শাসনকালৰ অসমীয়া সমাজ আৰু কেইটামান উল্লেখনীয় দিশ তুলি ধৰিছে ড০ মঞ্জুমণি গগৈ ধৰে। অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত ৫৯ সংখ্যক অধিৱেশনৰ কোষাধ্যক্ষ আছিল লক্ষীকান্ত মহন্ত। সেই সময়ৰ তেওঁৰ কামকাজ এক লেখাত কাৰ্তিক চন্দ্ৰ দত্তই বৰ্ণনা কৰিছে।
ব্যক্তিগত জীৱনত লক্ষীকান্ত মহন্তই কেনে প্ৰভাৱ পেলাইছে ড০ পদ্মপানী, ৰোহিত চন্দ্ৰ মহন্ত, নীলমণি মহন্ত, প্ৰেম গগৈ,হেম বৰুৱা মুকুল গোস্বামী, দীপজ্যোতি গোস্বামী, দিলীপ চলিহা, জাহ্নৱী খাউণ্ড, মৃণাল মহন্ত, দিপালী চলিহা, উপেন গগৈ আদিয়ে।
সেউজপুৰৰ চুবুৰীয়া লক্ষীকান্ত মহন্ত। সেই চুবুৰীয়া জনৰ কথা নাহেন্দ্ৰ পাদুনৰ এক লেখাত সুন্দৰভাৱে ফুটি উঠিছে। তেওঁৰ সান্নিধ্য আৰু তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাৰ বৰ্ণনা আৰু সোণাৰাম বৰুৱা, ড০ পঞ্চানন বৰঠাকুৰ, জয়শ্ৰী চলিহা, হোমেশ্বৰ কলিতা, হৰেণ ৰাজখোৱা, ড০ জীৱন কৃষ্ণ গোস্বামী, সুৰেশ শইকীয়া, দিপালী ভট্টাচাৰ্য বৰুৱা, কৰুণা চেতিয়া খাটনিয়াৰ, উজ্জ্বল কুমাৰ ঠাকুৰ, খলিলুৰ ৰহমান হাজৰিকা, মনোজ কুমাৰ গগৈ আদিৰ লেখাত।
পৰিয়ালবৰ্গয়ো তেওঁৰ বিষয়ে এই অভিনন্দন গ্ৰন্থত বহুকেইটা লেখা লিখিছে। দেৱজিৎ মহন্তই দেউতাকৰ বিষয়ে লিখা লেখাটোত পুত্ৰ দৃষ্টিৰে পিতৃৰ ব্যক্তিত্ব ফুটি উঠিছে। চুটি লেখাটোত পুত্ৰই লিখিছে- দেটিয়ে কেৱল দোকানখন ব্যৱসায় হিচাপে লোৱা নাছিল। অশেষ কষ্টৰ বিনিময়ত তেওঁ ইণ্ডাষ্ট্ৰিয়েল আৰ্টখন প্ৰতিষ্ঠা কৰিছিল। সদায় আছিল তেওঁ এক ক্ষুদ্ৰ মনৰ আৰু সঠিক মনৰ, সঠিক চিন্তাৰ মানুহ।
'পুত্ৰবধূকাৰ ভাষাৰে' শীৰ্ষক লেখাত এটা কবিতাৰে বোৱাৰী মালা মহন্তই লক্ষীকান্ত মহন্তৰ সুগুণৰ ব্যক্তিত্বই তেওঁক কেনেদৰে প্ৰভাম্বিত কৰিছে সেই কথাও উল্লেখ কৰিছে। অন্তিমভাগত লক্ষীকান্ত মহন্তৰ বংশানুক্ৰম লেখকৰ পৰিচিতি এটা লক্ষীকান্ত মহন্তৰ এটা সাক্ষাৎকাৰ, কিছু আলোকচিত্ৰ আৰু বিভিন্ন দল, সংগঠনে তেওঁক জনোৱা সম্বৰ্ধনা পত্ৰসমূহ সংলগ্ন কৰা হৈছে।
সকলো ফালৰ পৰাই সুন্দৰ এই অভিনন্দন গ্ৰন্থখনত সম্পাদনা সমিতি আৰু সম্পাদকে সৰ্বাংগ সুন্দৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। তাৰ মাজতে আলোকচিত্ৰসমূহৰ শিৰোনাম দিওঁতে পঞ্চমখন ফটোত অসমীয়াৰ মাজতে ইংৰাজীতে সেই আলোকচিত্ৰৰ বিষয়ে উল্লেখ কৰিলে। সেয়া অৱশ্যে কিছু দৃষ্টিকটূ হৈ ৰ'ল। অন্যথা এয়া কেৱল এখন অভিনন্দন গ্ৰন্থই হৈ থকা নাই। 'অনুকৰ্শন অভিদৰ্শন' এখন তত্বগধূৰ আধ্যাত্মিক, বাস্তৱ আৰু সমাজমুখী চেতনাৰে সমৃদ্ধ উচ্চ মানৰ গ্ৰন্থ হৈ পৰিছে।
Also Read: ক্ষমতাশালী মানুহজনে শুনক ৰাৱণ বধৰ কাহিনী...