সন্মুখত নিৰ্বাচনঃ আছে টেক্সৰ ৰেহাইৰ কথা, নাই নিবনুৱাৰ সংস্থাপনৰ প্ৰসংগ...

সন্মুখত নিৰ্বাচনঃ আছে টেক্সৰ ৰেহাইৰ কথা, নাই নিবনুৱাৰ সংস্থাপনৰ প্ৰসংগ...

author-image
Asomiya Pratidin
New Update
সন্মুখত নিৰ্বাচনঃ আছে টেক্সৰ ৰেহাইৰ কথা, নাই নিবনুৱাৰ সংস্থাপনৰ প্ৰসংগ...

সন্মুখত নিৰ্বাচনঃ আছে টেক্সৰ ৰেহাইৰ কথা, নাই নিবনুৱাৰ সংস্থাপনৰ প্ৰসংগ...

তুষাৰ প্ৰতিম

সন্মুখত নিৰ্বাচন। উত্তৰ পূৰ্বাঞ্চলত তিনি ৰাজ্যত চলি আছে নিৰ্বাচনী প্ৰচাৰ। বছৰটোৰ শেষলৈ আছে আন ২ খন ৰাজ্যৰো বিধানসভাৰ নিৰ্বাচন। ২০২৪ ত আকৌ দাশেৰ সাধাৰণ নিৰ্বাচন।

এনে পৰিস্থিতিত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটে বিশেষ তাতপৰ্য বহন কৰিছে। ১ ফেব্ৰুৱাৰী ২০২৩, বুধবাৰে নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে বাজেট।

এয়া আছিল বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ পঞ্চমখন বাজেট। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণ বাজেট আছিল এইখন। অমৃত কালৰ প্ৰথমখন বাজেট বুলি উল্লেখ কৰি নিৰ্মলা সীতাৰমণে এই বাজেটেই দেশৰ আগন্তুক ২৫ বছৰৰ বিকাশৰ আধাৰ বুলিও কয়।  

আজিৰ বাজেটে কি দিলে

আয়কৰত ৰেহাই

নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা এই বাজেটে অৱশ্যে কৰ পৰিশোধ কৰা সকলো শ্ৰেণীৰ নাগৰিকক এক সকাহ দিব বুলি ধাৰণা কৰা হৈছিল। বিশেকৈ আয়কৰ দায়বদ্ধতাৰ আওতালৈ অহা মধ্যবিত্ত শ্ৰেণীৰ বেতনভোগী লোকসকলৰ প্ৰত্যাশা যথেষ্ট বৃদ্ধি পাইছে।

নিৰ্বাচনৰ পূৰ্বে দাখিল হোৱা এই বাজেটৰ পূৰ্বে উচ্চ উপাৰ্জন গোটৰ কৰদাতাসকলেও কৰ শ্লেবৰ পৰিৱৰ্তনৰ আশা কৰিছিল। উল্লেখ্য যে ভাৰতৰ ১৩৬ কোটি জনসংখ্যাৰ ভিতৰত মাত্ৰ ৪ কোটি লোকেহে আয়কৰ দাখিল কৰে।

ভাৰতত পৰোক্ষ কৰ চৰকাৰৰ বাবে ৰাজহৰ এটা মুখ্য উৎস। চৰকাৰে জি এছ টি আৰু কিছু কৰ, কাতলৰ জৰিয়তে প্ৰতিজন উপভোক্তাৰ পৰা পৰোক্ষ কৰ সংগ্ৰহ কৰে।

সেয়েহে, আয়কৰ দাতাসকলে বিশ্বাস কৰি আহিছে তেওঁলোকৰ ওপৰত কৰৰ বোজা দুগুণ। কিয়নো তেওঁলোকে উপাৰ্জনৰ পৰা প্ৰত্যক্ষ কৰ পৰিশোধ কৰাৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয়ৰ জৰিয়তেও কৰ পৰিশোধ কৰি আহিছে।

মন কৰিবলগীয়া যে পূৰ্বে বছৰি ৫ লাখ টকালৈ উপাৰ্জন কৰা লোকসকলে আয়কৰ পৰিশোধ কৰিব নালাগিছিল। কিন্তু এইবাৰ বাজেটে এই সীমা ৭ লাখলৈ বৃদ্ধি কৰিলে। যিয়ে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক বহু সকাহ প্ৰদান কৰিছে। অৰ্থাত এতিয়াৰে পৰা ৭ লাখ টকাৰ তলত উপাৰ্জন কৰা সকলে পৰিশোধ কৰিব নালাগে আয়কৰ।

আনহাতে ৯ ৰ পৰা ১২ লাখ টকালৈকে বছৰি উপাৰ্জন কৰাসকলে ভৰিব লাগিব ১৫ শতাংশ আয়কৰ। বছৰি ১২ ৰ পৰা ১৫ লাখ টকালৈ উপাৰ্জন কৰাসকলে ভৰিব লাগিব ২০ শতাংশ আয়কৰ।

আনহাতে ১৫ লাখৰ অধিক উপাৰ্জন কৰাসকলে ভৰিব লাগিব ৩০ শতাংশ আয়কৰ। উল্লেখ্য যে পূৰ্বতে আয়কৰ ৰেহাইৰ সীমা আছিল ৫ লাখ।

কৃষি ক্ষেত্ৰলৈ কি আহিল বাজেটৰ পৰা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা আজিৰ বাজেটে পৰৱৰ্তী ৩ বছৰৰ বাবে ১ কোটি কৃষকক জৈৱিক কৃষিত সহায় কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। ইয়াৰ বাবে ইয়াৰ বাবে ১০ হাজাৰ জৈৱ ইনপুট সম্পদ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব।

যুৱসকলৰ কৃষি আৰম্ভণিৰ প্ৰচাৰৰ বাবে কৃষি পুঁজি স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচী সমবায় আৰু সমৃদ্ধি, কৃষকসকলৰ বাবে পৰিচালিত হ'ব। ইয়াৰ জৰিয়তে, ৬৩ হাজাৰ কৃষক সমাজক কম্পিউটাৰাইজ কৰা হ'ব।

পশুপালন, মীন পালনৰ ক্ষেত্ৰত ঋণৰ পৰিমাণো বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ বাবে ৬ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। কৃষি ক্ৰেডিট কাৰ্ড ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

কৃষিৰ বাবে এক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ এক মুক্ত উৎস, মুক্ত মানদণ্ড আৰু আন্তঃকাৰ্যকৰী ৰাজহুৱা মঞ্চ হিচাপে নিৰ্মাণ কৰা হ'ব । যিয়ে শস্য পৰিকল্পনাৰ বাবে কৃষক কেন্দ্ৰিক সমাধান বিকশিত কৰাত সহায় কৰিব । পূৰ্বৰ বাজেটত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ বাবে মুঠ আৱণ্টন আছিল ১.৩২ লাখ কোটি টকা ।

থলুৱা শিপিনী আৰু শিল্পকলাৰ সৈতে জড়িত সকললৈ পেকেজ

২০২৩-২৪ বৰ্ষৰ বাজেটত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান (পিএম-বিকাশ) যোজনাৰ অধীনত দেশৰ থলুৱা শিপিনী আৰু শিল্পকৰ্মৰ লগত জড়িত মহিলাসকললৈ এক বিশেষ পেকেজ ঘোষণা কৰা হৈছে।

দেশৰ গ্ৰাম্য অঞ্চলৰ বহুতো মহিলাক এতিয়ালৈকে ডিএই-এনইউএলএমৰ অধীনত ৮১ লাখতকৈও অধিক আত্ম সহায়ক গোটত একত্ৰিতকৰণ হৈছে ৷ এই আঁচনিৰ অধীনত মহিলাসকলৰ থলুৱা ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ পৰা সকলো ধৰণৰ সমৰ্থন লাভ কৰিব৷

বিশ্বকৰ্মা আচঁনিয়ে মহিলাসকলক তেওঁলোকৰ ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধিৰ বাবে বিত্তীয় সমৰ্থন, দক্ষতা প্ৰশিক্ষণ, আধুনিক দক্ষ ব্যৱস্থাৰ জ্ঞান, শাখা প্ৰচাৰ, গোলকীয় আৰু স্থানীয় বজাৰৰ সৈতে সম্পৰ্ক, ডিজিটেল পৰিশোধ আৰু সামাজিক সুৰক্ষা লাভ কৰাত সহায় কৰিব । ইয়াৰ ফলত অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকল উপকৃত হ'ব ।

ইয়াৰোপৰি এই আঁচনিৰ অধীনত আমি এই আত্ম সহায়ক গোটবোৰক বৃহৎ উদ্যোগ গঠন কৰিবলৈ অৰ্থনৈতিক সৱলীকৰণ প্ৰদান কৰা হ’ব ৷ প্ৰতিটো আত্মসহায়ক গোটতে হাজাৰ হাজাৰ সদস্য আছে ৷ ইয়াৰ সদস্যসকলক পেছাদাৰীভাৱে নিৰীক্ষণ কৰা হ’ব ৷

ৰে'লৱেৰ মূলধন ব্যয় আঢ়ৈ লাখ কোটিলৈ বৃদ্ধি

আজিৰ বাজেটত ভাৰতীয় ৰে'লৱেৰ বাবেও কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। বিত্ত মন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত ঘোষণা কৰে যে, ৰে'লৱেৰ বাবে ২.৪০ লাখ কোটি টকাৰ মূলধন ব্যয় প্ৰদান কৰা হৈছে । যিটো ২০১৩-১৪ বিত্তীয় বৰ্ষত কৰা ব্যয়ৰ প্ৰায় ৯-গুণ বেছি ।

তেওঁ কয় যে কয়লা, সাৰ আৰু খাদ্য শস্য খণ্ডৰ বাবে ১০০ টা গুৰুত্বপূৰ্ণ পৰিবহণ আন্তঃগাঁথনি প্ৰকল্প চিনাক্ত কৰা হৈছে আৰু ব্যক্তিগত উৎসৰ পৰা ১৫,০০০ কোটি টকাসহ ৭৫,০০০ কোটি টকাৰ বিনিয়োগৰ সৈতে অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰা হ'ব।

আনহাতে, যাত্ৰীৰ প্ৰত্যাশা বৃদ্ধিৰ বাবে ৰে'লৱেই ৰাজধানী, শতাব্দী, দূৰন্ত, হামচফৰ আৰু তেজসৰ দৰে মুখ্য ৰে'লৰ ১ হাজাৰৰো অধিক ডবা পুনৰ সজ্জিত কৰাৰ পৰিকল্পনা কৰিছে । এই ডবাবোৰৰ ভিতৰভাগ আধুনিক ৰূপত সজাই তোলা হয়। যাতে যাত্ৰীসকলে অতি আৰামেৰে যাতায়ত কৰিব পাৰে। পৰ্যটকসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰে'লৱেই আৰু ১০০ টা ভিষ্টাডম ডবা নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে ।

বাজেটত চৰকাৰে ৩৫ খন হাইড্ৰ'জেন ইন্ধনচালিত ৰে'ল, ৪ হাজাৰ ৫০০ নতুনকৈ ডিজাইন কৰা অটোমোবাইল কেৰিয়াৰ ডবা, ৫০০০ এল এইচ বি ডবা আৰু ৫৮,০০০ ৱাগন নিৰ্মাণৰ প্ৰস্তাৱ দিছে । উল্লেখ্য, ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৰে'লৱেক ১.৪ লাখ কোটি টকা আৱণ্টন দিয়া হৈছিল ।

যাৰ ভিতৰত মূলধন ব্যয়ৰ বাবে ১.৩৭ লাখ কোটি টকা আৰু ৰাজহ ব্যয়ৰ বাবে ৩,২৬৭ লাখ কোটি টকা ধাৰ্য কৰা হৈছিল।

এইবোৰ সামগ্ৰীৰ বাঢ়িল দাম

বাজেটত চিগাৰেটৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক ১৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে। যাৰ বাবে এতিয়াৰে পৰা চিগাৰেট ব্যয়বহুল হ’ব। বিগত ২ বছৰ ধৰি চিগাৰেটৰ শুল্কত কোনো পৰিৱৰ্তন হোৱা নাছিল। ইয়াৰ উপৰিও, সোণ, ৰূপ আৰু প্লেটিনামেৰে নিৰ্মিত আমদানি কৃত গহনা ব্যয়বহুল হৈ পৰিছে।

সাধাৰণ বাজেটত কি কি সামগ্ৰী ব্যয়বহুল হৈ পৰিছে সেই বিষয়ে জানক


বাজেটত চিগাৰেটৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক (এনচিচিডি) ১৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে এতিয়াৰে পৰা চিগাৰেট ব্যয়বহুল হ’ব। বিগত ২ বছৰ ধৰি চিগাৰেটৰ শুল্কত কোনো পৰিৱৰ্তন হোৱা নাছিল। ইয়াৰ উপৰিও, সোণ, ৰূপ আৰু প্লেটিনামেৰে নিৰ্মিত আমদানি কৃত গহনা ব্যয়বহুল হৈ পৰিছে। দাম বৃদ্ধি হোৱা সামগ্ৰীৰ বোৰৰ ভিতৰত আছে আমদানি কৰা ৰূপৰ সামগ্ৰী, বিদেশী পাকঘৰৰ চিমনি, এক্স-ৰে মেচিন, প্লেটিনাম, চিগাৰেট, সুৰা, ছাতি, সোণ আৰু হীৰা।

এইবোৰ সামগ্ৰী হ'ল সুলভ

আজিৰ বাজেটে মোবাইল আৰু টিভিৰ দৰে বৈদ্যুতিক সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে। ইলেক্ট্ৰনিক সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত মোবাইল, কেমেৰাৰ লেন্স আৰু বৈদ্যুতিক বাহন সমূহো কম মূল্যত উপলব্ধ হ’ব।

এই সন্দৰ্ভত নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কয় যে, দেশত মোবাইল ফোন কম মূল্যত উপলব্ধ হ’ব। এই সামগ্ৰীৰ উপাদানবোৰৰ ওপৰত আমদানি শুল্ক শিথিল কৰা হ’ব।

ইয়াৰোপৰি এলইডি টিভিৰ মূল্যও সুলভ হ'ব। বৈদ্যুতিক বাহনত ব্যৱহৃত লিথিয়াম-আয়ন বেটাৰিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ ফলত এতিয়া দেশত বৈদ্যুতিক বাহনবোৰো সুলভ হ’ব।

ইয়াৰোপৰি দেশত হ্ৰাস হ'ব চাইকেলৰ মূল্য। বস্ত্ৰ আৰু কৃষিৰ বাহিৰে আন সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ হাৰ ২১ৰ পৰা ১৩ লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

গৰিব কল্যাণ অন্ন যোজনাৰ বাবে ২ লাখ কোটি

আজিৰ বাজেটত উল্লেখ কৰা অনুসৰি ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব। বাজেট দাখিলৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰিছে। তেওঁ কৰোনা মহামাৰীৰ সময়ত চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক খাদ্যশস্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।

Also Read: ৭ লাখ টকালৈ আয়কৰ ৰেহাই...

পৰ্যটন ক্ষেত্ৰক গুৰুত্ব

আজিৰ বাজেটত পৰ্যটনৰ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰতিখন ৰাজ্যত ইউনিটী মল গঠনৰ প্ৰস্তাৱ। MSMEৰ বাবে ৯ হাজাৰ কোটি টকাৰ কৰপাছ ফাণ্ডৰ প্ৰস্তাৱ। মিছন মোডত গঠন হ’ব ৫০টা পৰ্যটন ক্ষেত্ৰ। সীমান্তৰ গাওঁসমূহতো পৰ্যটন কেন্দ্ৰ গঠনৰ লক্ষ্য লৈছে চৰকাৰে।

বাজেটৰ অন্যান্য দিশ সমূহ

নিৰ্মলা সীতাৰমণৰ আজিৰ বাজেটত উপৰোক্ত দিশ সমূহৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰৰ প্ৰস্তাৱ দিয়া হৈছে। যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। 5G এপৰ বাবে ১০০টা লেবৰ প্ৰস্তাৱ দিছে।

পৰিচয় পত্ৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা ডিজি লকাৰৰ তথ্যও হ’ব পৰিচয় পত্ৰ। ই-ক’ৰ্টৰ বাবে ৭,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ২০৭০ৰ ভিতৰত ০ কাৰ্বন নীতিৰ লক্ষ্য। গ্ৰীণ গ্ৰোথৰ বাবে ১৯,৭০০ কোটি টকা ঘোষণা। ০ কাৰ্বন নীতিৰ বাবে ৩৫ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচীৰ বাবেও বাজেটত ধন নিৰ্ধাৰণ। বায়’ গেছ উৎপাদন আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান। লাডাখত নবীকৰণযোগ্য শক্তিৰ ব্যৱস্থাৰ কথা ঘোষণা কৰি বাজেটত ইয়াৰ বাবে ২০,৭০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

৩০ টা স্কীল ইণ্ডিয়া কেন্দ্ৰ গঠনৰ লক্ষ্য। ইয়াৰ জৰিয়তে ৩ বছৰত লক্ষ্যাধিক যুৱকক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য। প্ৰদূষণ সৃষ্টি কাৰীপুৰণি বাহন সলনি কৰাৰো প্ৰস্তাৱ। বেংকিং ৰেগুলেচন এক্ট সংশোধন কৰাৰো প্ৰস্তাৱ লোৱা হৈছে বাজেটত।

ইয়াৰোপৰি মহিলা সন্মান ছেভিং চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ’ব। দুবছৰীয়া হ’ব মহিলা সন্মান ছেভিং চাৰ্টিফিকেট। জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত। ১৫ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধনৰ সীমা।

Also Read: অহ' ছৰি ! তাৰ পাছত এটা মিঠা হাঁহি বিত্তমন্ত্ৰীৰ...

বাজেট ২০২৩ বাজেট